Inkscape/C3/Create-a-3-fold-brochure/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নম্সকাৰ দৰ্শক সকল. Create a 3-fold brochure ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:05 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:08 | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। |
| 00:10 | 3-fold ব্রোসৰৰ বাবে সেটিং কৰা। |
| 00:12 | 3-fold ব্রোসৰ ডিজাইন কৰা। |
| 00:15 | আমি লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতাও শিকিম । |
| 00:18 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
| 00:21 | উবুন্টু লিনাক্স 12.04 OS |
| 00:24 | Inkscape সংস্কৰণ 0.48.4 |
| 00:28 | এইটো 3 fold ব্রোসাৰৰ এটা নমুনা। আমি যেতিয়াই এইটো খুলো আমি 3 টা ভাঁজ চাব পাৰো। |
| 00:34 | সেয়ে ইয়াত মোট 6 টা ভাগ আছে। |
| 00:37 | বাহিৰৰ ভাগত আছে 1, 5 আৰু 6. |
| 00:42 | ব্রোসাৰৰ ভিতৰত ভাগ আছে 2, 3 আৰু 4. |
| 00:46 | এতিয়া এই ৰকমে এটা ব্রোসাৰ তৈয়াৰ কৰা শিকিম। |
| 00:51 | Inkscape খুলক। |
| 00:53 | File ত টিপক আৰু Document Properties ত যাওক। |
| 00:56 | প্রথমে কিছু মৌলিক সেটিং কৰক। |
| 00:59 | এইবোৰ পৰিবর্তন কৰক: Default units to mm |
| 01:00 | ডিফল্ট ইউনিটক mm ত। |
| 01:03 | পৃষ্ঠাৰ আকাৰক A4 ত। |
| 01:05 | বিন্যাসকক Landscape ত। |
| 01:07 | কাস্টম সাইজ ইউনিটক mm ত। |
| 01:11 | আমি ক্যানভাসক 3 টা ফোল্ডত ভাগ কৰিম। |
| 01:14 | ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল 297. |
| 01:18 | সেয়ে আমি 297 ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে 99. |
| 01:27 | Document Properties ডায়ালগ বাক্স বন্ধ কৰক। |
| 01:30 | ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। |
| 01:35 | গাইডলাইনত দুইবাৰ টিপক। |
| 01:37 | এটা ডায়লগ বাক্স খোলে। |
| 01:41 | X এৰ মান 99 ত কৰে OK ত টিপক। |
| 01:45 | ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। |
| 01:50 | ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক। |
| 01:53 | ইয়াত X এৰ মান 198 লৈ সলাওক। |
| 01:56 | এতিয়া আমাৰ ক্যানভাস 3 টা সমান বিভাগত বিভক্ত হৈছে। |
| 02:01 | এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়। |
| 02:06 | এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো: |
| 02:08 | এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে |
| 02:11 | আৰু অনয়টো বাহিৰৰ ফালৰ বাবে। |
| 02:13 | File ত যাওক আৰু Save as ত টিপক। |
| 02:16 | আমি Brochure-OUT.svg নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম। |
| 02:22 | আৰু এবাৰ File ত যাওক আৰু Save as ত টিপক। |
| 02:26 | এইবাৰ মই নাম Brochure-IN.svg দিও আৰু Save ত টিপিম। |
| 02:33 | সেয়ে এতিয়া 2 টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে। |
| 02:39 | Brochure-IN.svg দি আৰম্ভ কৰো। |
| 02:43 | আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়। |
| 02:50 | এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম। |
| 02:54 | প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ 2, 3 আৰু 4. |
| 03:00 | Bezier টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক। |
| 03:09 | স্ট্রোক অতৰুৱাওক। |
| 03:14 | এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক। |
| 03:19 | 150x150 পিক্সেলৰ এটা বৃত্ত আঁকক। |
| 03:26 | ইয়াৰ ৰঙ সেউজীয়া কৰক। |
| 03:28 | বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ 5 টা বৃত্ত আঁকক। |
| 03:36 | বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক। |
| 03:40 | এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম। |
| 03:44 | আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
| 03:50 | আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে। |
| 03:56 | টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক। |
| 04:02 | ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক। |
| 04:04 | File ত যাওক, Import ত টিপক আৰু তাৰপিছত Image1 ত। |
| 04:09 | এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক। |
| 04:12 | একেইভাবে, অন্যান্য 5 টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক। |
| 04:17 | Align and Distribute বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক। |
| 04:20 | এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত। |
| 04:25 | ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক। |
| 04:28 | Bezier টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক। |
| 04:34 | ইয়াৰ ৰঙ ধূসৰ কৰক। |
| 04:38 | স্ট্রোক অতৰুৱাওক। |
| 04:41 | Filters মেনুত যাওক। Shadows and Glows নির্বাচন কৰক আৰু তাৰপিছত Drop Shadow ত টিপক। |
| 04:47 | প্রভাব চাবলৈ Preview বাক্স নির্বাচন কৰক। |
| 04:50 | এতিয়া Apply ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক। |
| 04:55 | প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক। |
| 05:01 | আৰো 2 টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক। |
| 05:05 | প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক। |
| 05:10 | এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে। |
| 05:13 | আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম। |
| 05:15 | নতুন লেয়াৰত, প্রথম ৰো ত Introduction লিখক। |
| 05:20 | দ্বিতীয় ৰোত Features লিখক। |
| 05:24 | তৃতীয় ৰো ত Usage লিখক। |
| 05:28 | এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব। |
| 05:33 | মই ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম। |
| 05:40 | এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ। |
| 05:43 | এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক। |
| 05:47 | আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক। |
| 05:50 | ফন্টৰ আকাৰ 15 লৈ হ্রাস কৰক আৰু Text and Font বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক। |
| 05:55 | ellipse টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক। |
| 05:59 | এইটোক প্রথম বাক্যৰ সোফালে ৰাখক। |
| 06:02 | সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক। |
| 06:05 | এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত। |
| 06:08 | আমাৰ SVG ফাইল সংৰক্ষণ কৰিবলৈ CTRL + S টিপক। |
| 06:12 | আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে। |
| 06:18 | এতিয়া PDF ত একেই ফাইলটোক সংৰক্ষণ কৰো। |
| 06:21 | File ত যাওক আৰু Save As ত টিপক। |
| 06:24 | ফাইল এক্সটেনশনক PDF ত সলাওক। |
| 06:29 | Save ত টিপক। |
| 06:31 | এটা নতুন ডায়লগ বাক্স খোলে। |
| 06:34 | প্রিন্টিং এৰ বাবে, ৰেজল্যুশন 300 হব। |
| 06:37 | ওয়েবৰ বাবে, এইটো 72 হব পাৰে। |
| 06:40 | ইয়াক 300 হিসাবে ৰাখো। |
| 06:42 | এতিয়া OK ত টিপক। |
| 06:44 | এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো। |
| 06:47 | অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা 70 ত সলাওক। |
| 06:52 | আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো। |
| 06:58 | SVG আৰু PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰক। |
| 07:04 | পার্থক্য বুঝাবলৈ 2 টা PDF ফাইল তুলনা কৰক। |
| 07:08 | এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো। |
| 07:12 | File ত যাওক, Open ত টিপক। |
| 07:14 | Brochure-OUT.svg নির্বাচন কৰক। |
| 07:18 | এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব। |
| 07:22 | আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব। |
| 07:28 | প্রদর্শিত Bezier টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক। |
| 07:33 | এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক। |
| 07:36 | আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা Spoken Tutorial লোগোক ইম্পোর্ট কৰক। |
| 07:40 | আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক। |
| 07:46 | লিখক Spoken Tutorial আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক। |
| 07:51 | ফন্টৰ আকাৰ 25 ত সলাওক। |
| 07:54 | টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক। |
| 07:58 | Inkscape লোগোক ইম্পোর্ট কৰক। |
| 08:00 | এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক। |
| 08:03 | লোগোৰ তলত Inkscape লিখক। ফন্টৰ আকাৰ 45 ত সলাওক। |
| 08:09 | আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো। |
| 08:15 | এইটোক এইভাবেই কৰক। |
| 08:17 | আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো: |
| 08:19 | Text and font |
| 08:21 | আৰু Align and Distribute বিকল্প। |
| 08:24 | এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত। |
| 08:28 | File ত যাওক। Save Asত টিপক। |
| 08:31 | ইয়াৰ ফৰম্যাট SVG ত সলাওক আৰু Save ত টিপক। |
| 08:37 | একেই পদ্ধতি পুনৰাবৃত্তি কৰক। |
| 08:39 | এক্সটেনশন PDF ত সলাওক। |
| 08:41 | Save ত টিপক। |
| 08:43 | এইটো আমাৰ প্রস্তুত ব্রোসাৰ। |
| 08:46 | আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে। |
| 08:54 | ইয়াতে আৰো 2 টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো। |
| 09:00 | সংক্ষিপ্তকৰণ কৰো। |
| 09:02 | এই টিউটোৰিয়েলত আমি শিকিছো: |
| 09:04 | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। |
| 09:07 | 3-fold ব্রোসৰৰ বাবে সেটিং কৰা। |
| 09:09 | 3-fold ব্রোসৰ ডিজাইন কৰা। |
| 09:11 | আমি এয়াও শিকিছো: লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা। |
| 09:14 | আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা। |
| 09:18 | আপোনাৰ বাবে নির্দেশিত কাম আছে। |
| 09:20 | স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা 3-fold ব্রোসৰ তৈয়াৰ কৰক। |
| 09:24 | আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত। |
| 09:29 | এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। |
| 09:35 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। |
| 09:42 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
| 09:45 | স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
| 09:50 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 09:54 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 09:57 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |