Inkscape/C2/Layers-and-Boolean-operations/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. Layers and boolean operations এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | এই টিউটৰিয়েলত আমি Layersৰ সম্পর্কে শিকিম। |
| 00:11 | ফিল্টাৰস। বুলিয়ান অপাৰেশনস। |
| 00:15 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
| 00:18 | উবুন্টু লিনাক্স 12.04 OS, |
| 00:21 | Inkscape সংস্কৰণ 0.48.4. |
| 00:25 | Inkscape খুলক। Dash home ত যাওক আৰু লিখক Inkscape. |
| 00:30 | Inkscape লোগোত টিপক। |
| 00:32 | আমি পূর্বে তৈয়াৰ কৰা প্রথম বিকল্প .svg ফাইল খুলক। |
| 00:38 | আমি এইটোক documents ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
| 00:41 | প্রথমে, আমি Inkscape ত Layers সম্পর্কে শিকিম। |
| 00:45 | Layer মেনুত যাওক আৰু Layers বিকল্পত টিপক। |
| 00:50 | এতিয়া Layer palette ইন্টাৰফেসৰ সো পাশে খুলিছে। |
| 00:55 | ডিফল্টৰুপে তাত এটা লেয়াৰ আছে। আপোনি দেখিবলৈ পাৰে যে ইয়াৰ নাম Layer 1. |
| 01:01 | এটা নতুন লেয়াৰ যোগ বা তৈয়াৰ কৰিবলৈ লেয়াৰ প্যালেটত plus আইকনত টিপক। |
| 01:07 | এটা ডায়লগ বাক্স Add layer খোলে। |
| 01:10 | Layer name টেক্সট বাক্সত আমি লেয়াৰত এটা নাম লিখিব পাৰো। |
| 01:15 | মই এই লেয়াৰৰ নাম eye দিও। |
| 01:18 | এতিয়া, Position ড্রপ ডাউন তালিকাত টিপি আমি লেয়াৰৰ স্থান নির্ধাৰিত কৰিব পাৰো। |
| 01:25 | ইয়াত 3 টা বিকল্প আছে। |
| 01:27 | Above currentএ এই লেয়াৰক বর্তমান লেয়াৰৰ উপৰত ৰাখে। |
| 01:32 | Below currentএ এই লেয়াৰক বর্তমান লেয়াৰৰ তলত ৰাখে। |
| 01:36 | As sublayer of currentএ ইঙ্গিত দিয়ে যে এইটো বর্তমান লেয়াৰৰ অংশ হব। |
| 01:41 | আমি ইয়াৰ স্থান Above currentত ৰাখিম আৰু Add বোতামত টিপিম। |
| 01:47 | এতিয়া লেয়াৰ প্যালেটত eye নামৰ এটা নতুন লেয়াৰ দৃশ্যমান হব। |
| 01:52 | একেইভাবে, bow নামৰ আৰু এটা লেয়াৰ তৈয়াৰ কৰক। |
| 02:00 | এতিয়া লেয়াৰ প্যালেটত 3 টা লেয়াৰ আছে। |
| 02:04 | ইয়াৰ পিছত লেয়াৰৰ নামান্তৰ কৰা শিকো। |
| 02:08 | প্রথমে Layer 1 ত দুইবাৰ টিপক আৰু circle হিসাবে ইয়াৰ নামান্তৰ কৰক আৰু এন্টাৰ টিপক। |
| 02:16 | ইয়াৰ পিছত ক্যানভাসত উভতি আহো। তাতে 2 টা eye আৰু এটা bow আছে। |
| 02:20 | এই আকাৰক আমি তৈয়াৰ কৰা দুটা ভিন্ন লেয়াৰত গতি কৰাওক। |
| 02:25 | মাউসক টানি আনি উভয় eye নির্বাচন কৰক। |
| 02:28 | এতিয়া আপোনাৰ কীবোর্ডত Ctrl + X টিপক। এতিয়া eyes লীন(disappeared) হৈ গৈছে। |
| 02:34 | এতিয়া লেয়াৰ প্যালেটৰ eye লেয়াৰত টিপক। |
| 02:38 | ক্যানভাসলৈ উভতি আহি আৰু Ctrl + Alt + V টিপক। |
| 02:44 | bow আকাৰৰ বাবে একেই কাম পুনৰাবৃত্তি কৰক। |
| 02:52 | সকলো অবজেক্ট অনির্বাচিত কৰিবলৈ ক্যানভাসত যি কোনো এটা খালি স্থানত টিপক। |
| 03:00 | eye আৰু lock আইকন লেয়াৰ লুকাবলৈ আৰু লক কৰিবলৈ সাহায্য কৰে। |
| 03:04 | যেতিয়াই আপোনি লেয়াৰ লুকায়, আপোনি পৰিষ্কাৰভাবে পৰবর্তী নিম্ন লেয়াৰত অবজেক্ট দেখিবলৈ পাৰিব। |
| 03:11 | লেয়াৰ লক কৰিলে আপোনি নির্দিষ্ট লেয়াৰত দুর্ঘটনাজনিত সম্পাদনাবোৰ প্রতিৰোধ কৰিবলৈ পাৰিব। |
| 03:18 | এইবোৰ বিশেষ উপযোগী যেতিয়া আমি ডাঙৰ আৰু জটিল গ্রাফিক এসাইনমেন্টৰ উপৰত কাম কৰিব লগীয়া হয়। |
| 03:25 | এতিয়া 2 টা আইকন eye আৰু lock, প্ৰতি লেয়াৰৰ বাও ফালে আছে। |
| 03:32 | আমি এতিয়া এইবোৰ ব্যবহাৰ কৰা শিকিম। |
| 03:35 | লেয়াৰ লক বা আনলক কৰিবলৈ, lock আইকনত টিপক। আমি এতিয়া bow লেয়াৰ লক কৰিছো। |
| 03:42 | দ্রষ্টব্য যে এটা লেয়াৰ লক থাকিলে আমি সেই লেয়াৰত কোনো পৰিবর্তন কৰিব নোৱাৰো। |
| 03:47 | ইয়াৰ পিছত ক্যানভাসত bow নির্বাচন কৰাৰ চেষ্টা কৰো। আপোনি লক্ষ্য কৰিব যে এইটো কৰা সম্ভব নহয়। |
| 03:58 | এতিয়া, আমি bow লেয়াৰ আনলক কৰিম। |
| 04:01 | আমি bow অবজেক্ট নির্বাচন কৰিব পাৰো আৰু তাৰ বৈশিষ্টও পৰিবর্তন কৰিব পাৰো। |
| 04:07 | এতিয়া ক্যানভাসত এটা লেয়াৰ দৃশ্যমান বা অদৃশ্য কৰিবলৈ লেয়াৰৰ বাওফালে eye আইকনত টিপক। |
| 04:15 | আমি bow লেয়াৰৰ বাবে eye আইকনত টিপিছো। |
| 04:18 | ক্যানভাসত কি হৈছে তাক চাওক। |
| 04:23 | এতিয়া, bow লেয়াৰ ডুপ্লিকেট কৰো। |
| 04:26 | Layer মেনুত যাওক আৰু Duplicate Current Layer বিকল্পত টিপক। |
| 04:32 | লক্ষ্য কৰক যে bow copy নামৰ এটা লেয়াৰ Layer Palette উইন্ডোত তৈয়াৰ হৈছে। |
| 04:41 | কিন্তু আমি ক্যানভাসত নতুন bow দেখিবলৈ নোৱাৰো। ইয়াৰ কাৰণ হল bow অবজেক্ট পূর্ববর্তী লেয়াৰত ওভাৰল্যাপ হৈছে। |
| 04:50 | উপৰৰ লেয়াৰত bow নির্বাচন কৰক আৰু উভয় bows দেখিবলৈ এইটোক একফালে অতৰুৱাই আনক। |
| 04:56 | circle লেয়াৰ নির্বাচন কৰক। |
| 04:58 | eyes আৰু bows ক ঘূৰাই এটা উপবৃত্ত আঁকক। এইটোক কমলা ৰঙত সলাওক। |
| 05:05 | উপবৃত্তৰ উপৰত অন্যান্য অবজেক্ট সহ ব্যাকগ্রাউন্ডত এটা দৃশ্যমান। |
| 05:10 | লেয়াৰ প্যালেটত প্লাস আইকনৰ উচৰত চাৰিটা আইকন নির্বাচিত লেয়াৰ স্থিত কৰিবলৈ সাহায্য কৰে। |
| 05:17 | প্রথম আইকনে নির্বাচিত লেয়াৰক উপৰস্থ লেয়াৰত ৰাখে। |
| 05:23 | বর্তমানে circle লেয়াৰ নির্বাচিত। |
| 05:25 | লক্ষ্য কৰক যে টিপিলে circle লেয়াৰ উপৰস্থ লেয়াৰত সলনি হৈ যায়। |
| 05:33 | অন্তিম আইকনে নির্বাচিত লেয়াৰক সবতচে তলৰ লেয়াৰত ৰাখে। |
| 05:38 | এই আইকনত টিপক। লক্ষ্য কৰক যে circle লেয়াৰ এতিয়া সবতচে তলৰ লেয়াৰ। |
| 05:44 | দ্বিতীয় লেয়াৰে নির্বাচিত লেয়াৰক এটা লেয়াৰ উপৰত ৰাখে। |
| 05:48 | এই আইকনত টিপক। circle লেয়াৰ eye লেয়াৰৰ উপৰত গতি গৈছে। সেয়ে eye দৃশ্যমান নহয়। |
| 05:57 | তৃতীয় আইকনে নির্বাচিত লেয়াৰক এটা লেয়াৰৰ তলত ৰাখে। |
| 06:01 | এই আইকনত টিপক। এতিয়া circle লেয়াৰ eye লেয়াৰৰ তলত গতি হৈছে। |
| 06:07 | সেয়ে এইভাবে এই চাৰিটা আইকন ব্যবহাৰ কৰা যাব পাৰে। |
| 06:13 | শেষত মাইনাস আইকনে নির্বাচিত লেয়াৰক মুছি পেলাব। bow copy লেয়াৰ নির্বাচন কৰক আৰু এইটোত টিপক। |
| 06:21 | লক্ষ্য কৰক যে bow copy লেয়াৰ আৰু দৃশ্যমান নহয়। |
| 06:27 | Blend mode ব্লেন্ড ফিল্টাৰক এটা সম্পূর্ণ লেয়াৰ প্রয়োগ কৰাৰ শর্টকাট হয়। |
| 06:31 | ইয়াৰ মানে হল অবজেক্ট নির্বাচিত লেয়াৰত ওভাৰল্যাপ হলে Inkscape দুটা অবজেক্টৰ পিক্সেল বাই পিক্সেল ব্লেন্ড কৰিব। |
| 06:41 | সেয়ে, ফিল্টাৰ দৃশ্যমান কৰিবলৈ circleক লেয়াৰৰ উপৰত ৰাখক। |
| 06:46 | Blend mode এৰ ড্রপ ডাউন তালিকাত টিপক। তাতে 5টা বিকল্প আছে। |
| 06:52 | প্রথম বিকল্প যি হল Normal লেয়াৰত কোনো ফিল্টাৰ যোগ নকৰে. |
| 06:57 | এতিয়া এইটোত টিপো। লক্ষ্য কৰক যে লেয়াৰত কোনো লেয়াৰ যুক্ত নহয়। |
| 07:03 | ইয়াৰ পিছত Multiply ত টিপক। |
| 07:06 | লক্ষ্য কৰক যে সবতচে উপৰৰ লেয়াৰ, লাইট ফিল্টাৰ কৰক যাতে তলৰ লেয়াৰৰ অবজেক্ট দৃশ্যমান হয়। |
| 07:14 | একেই সময়তে, এইটো ওভাৰল্যাপ অঞ্চলত গাঢ় ৰঙ গঠন কৰিবলৈ ব্লেন্ড বা মিক্স ও কৰে। |
| 07:21 | পৰবর্তী বিকল্প হল Screen. |
| 07:25 | উপৰৰ অবজেক্ট লক্ষ্য কৰক; তাৰ তলৰ অবজেক্টত হালকাভাবে(lightness) যোগ কৰে। |
| 07:30 | সেয়ে, অভাৰল্যাপ অঞ্চলত হালকা বা লাইটাৰ ৰঙ গঠন কৰিবলৈ ব্লেন্ড বা মিক্সও কৰে। |
| 07:36 | Darken নির্বাচন কৰক। উপৰৰ লেয়াৰৰ অবজেক্টে, তলৰ লেয়াৰৰ অবজেক্ট গাঢ় কৰে। |
| 07:44 | এতিয়া, অন্তিম বিকল্পটো নির্বাচন কৰো। ইয়াত উপৰৰ অবজেক্টে তলৰ অবজেক্টক হালকা বা লাইটাৰ কৰে। |
| 07:53 | আপোনি যিকোনো সময়তে Blend mode ক Normal ত লৈ গলে, প্রয়োগ কৰা ব্লেন্ড ফিল্টাৰক অদৃশ্য লাগিব। |
| 08:00 | আমি Filters মেনুত আৰো অনেক ফিল্টাৰ দেখিব পাৰিম। |
| 08:04 | এটা নির্দিষ্ট ফিল্টাৰক প্রয়োগ কৰিবলৈ প্রথমে অবজেক্ট নির্বাচন কৰক আৰু তাৰপিছত পছন্দ ফিল্টাৰত টিপক। |
| 08:12 | circle লেয়াৰক এবাৰ তলৰ লেয়াৰত লৈ যাওক। |
| 08:16 | এটা eye নির্বাচন কৰো। Filters মেনুত যাওক। Blur আৰু Fancy blur নির্বাচন কৰক। |
| 08:26 | eye ত পৰিবর্তন লক্ষ্য কৰক। |
| 08:29 | অনয় eye নির্বাচন কৰো। Filters মেনুত যাওক। Bevel আৰু Smart jelly নির্বাচন কৰক। |
| 08:39 | এবাৰ eye ত প্রয়োগ কৰা পৰিবর্তন লক্ষ্য কৰক। |
| 08:44 | এতিয়া bow নির্বাচন কৰক। Filters মেনুত যাওক। Scatter আৰু Air spray নির্বাচন কৰক। |
| 08:51 | এয়াৰ-স্প্রেড হোৱায় bow এতিয়া দৃশ্যমান। |
| 08:55 | blend mode এৰ তলত থাকা Opacity বিকল্প নির্বাচিত লেয়াৰৰ অস্বচ্ছতাক কমাবলৈ সাহায্য কৰে। |
| 09:01 | circle লেয়াৰ নির্বাচন কৰক। |
| 09:03 | Opacity লেভেল বিন্যস্ত কৰক আৰু উপবৃত্তত(ellipse) পৰিবর্তন লক্ষ্য কৰক। |
| 09:10 | ইয়াৰ পিছত আমি বুলিয়ান অপাৰেশন সম্পর্কে শিকিম। |
| 09:13 | Path মেনুত যাওক। এইবোৰ হল উপলব্ধ বুলিয়ান অপাৰেশন। |
| 09:21 | উপলব্ধ আকাৰবোৰ বেলেগভাবে ৰাখক। |
| 09:26 | সেউজীয়া ৰঙৰ বর্গক্ষেত্র আৰু ৰঙা ৰঙৰ এটা বৃত্ত আঁকক। বর্গক্ষেত্রৰ উপৰত বৃত্ত বেলেগ ভাবে দি ৰাখক। |
| 09:36 | উভয় নির্বাচন কৰক। Path মেনুত যাওক আৰু Union ত টিপক। লক্ষ্য কৰক যে উভয় আকাৰ এতিয়া একত্রিত(together) হৈছে। |
| 09:46 | এইটোক পূর্বাবস্থাত লৈ আহিবলৈ আপোনাৰ কীবোর্ডত Ctrl + Z টিপক। |
| 09:51 | এবাৰ উভয় নির্বাচন কৰক। Path মেনুত যাওক। |
| 09:55 | Difference ত টিপক আৰু কি হয় তাক চাওক। |
| 09:59 | এইটোক পূর্বাবস্থাত লৈ আহিবলৈ কীবোর্ডত Ctrl + Z টিপক। |
| 10:03 | এবাৰ উভয় অবজেক্ট নির্বাচন কৰক। Path মেনুত যাওক আৰু Intersectionত টিপক আৰু আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
| 10:11 | এইটোক পূর্বাবস্থাত লৈ আহিবলৈ কীবোর্ডত Ctrl + Z টিপক। |
| 10:16 | এবাৰ উভয় অবজেক্ট নির্বাচন কৰক। Path মেনুত যাওক আৰু Exclusion ত টিপক। |
| 10:22 | আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
| 10:24 | এবাৰ Ctrl + Z টিপক। |
| 10:27 | এবাৰ উভয় অবজেক্ট নির্বাচন কৰক। Path মেনুত যাওক আৰু Division ত টিপক। |
| 10:34 | বিভক্ত বৃত্তত টিপক আৰু ফলাফল দেখিবলৈ এই অংশ বেলেগভাবে অতৰূৱাওক। |
| 10:39 | এইটোক পূর্বাবস্থাত লৈ আহিবলৈ কীবোর্ডত Ctrl + Z টিপক। |
| 10:44 | এবাৰ উভয় অবজেক্ট নির্বাচন কৰক। Path মেনুত যাওক আৰু Cut path ত টিপক। |
| 10:50 | আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
| 10:53 | অবজেক্টত স্ট্রোক থাকিলেই Cut path বিকল্প কাম কৰে। প্রথমে আকাৰ অনির্বাচন কৰক। |
| 10:59 | এতিয়া যি কোনো এটা স্ট্রোক নির্বাচন কৰক আৰু cut path দৃশ্যমান কৰিবলৈ এইটোক বেলেগভাবে অতৰূৱাওক। |
| 11:05 | সংক্ষিপ্তকৰণ কৰো। এই টিউটৰিয়েলত আমি শিকিছো: |
| 11:09 | লেয়াৰস। ফিল্টাৰ আৰু বুলিয়েন অপাৰেশন। |
| 11:14 | আপোনাৰ বাবে এটা নির্দেশিত কাম আছে। |
| 11:16 | গোলাপী ৰঙৰ এটা আয়তক্ষেত্র আৰু সেউজীয়া ৰঙৰ এটা ত্রিভুজ তৈয়াৰ কৰক। |
| 11:21 | ত্রিভুজ আয়তক্ষেত্রৰ উপৰত ৰাখক। |
| 11:24 | উভয় নির্বাচন কৰক। Union ব্যবহাৰ কৰক। এইটো এটা হোম আইকনৰ নিচিনা হোৱা উচিত। |
| 11:30 | লেয়াৰৰ নাম home দিয়ক। |
| 11:32 | 2 টা বৃত্ত আঁকক। |
| 11:34 | এটাক ইটোৰ সিটোৰ উপৰত ৰাখক। |
| 11:36 | উভয় নির্বাচন কৰক আৰু Difference ব্যবহাৰ কৰক। |
| 11:39 | ই ক্রিসেন্টৰ নিচিনা হোৱা উচিত। |
| 11:42 | এটা উপবৃত্ত আঁকক। |
| 11:44 | 10 টা কোণ সহ এটা স্টাৰ আঁকক। |
| 11:46 | এইটোক উপবৃত্তৰ কেন্দ্রত ৰাখক। |
| 11:49 | উভয় নির্বাচন কৰক আৰু Exclusion প্রয়োগ কৰক। |
| 11:52 | 2 টা লেয়াৰ যথাক্রমে crescent আৰু star তৈয়াৰ কৰক। |
| 11:57 | অর্ধচন্দ্রাকাৰ আকৃতি বাদ দি ক্রিসেন্ট লেয়াৰত পেস্ট কৰক। |
| 12:00 | একেইভাবে স্টাৰ আকৃতিৰ বাবে কৰক। |
| 12:03 | আপোনাৰ সম্পন্ন নির্দেশিত কাম এইৰকমে হোৱা উচিত। |
| 12:07 | এই লিঙ্কত উপলব্ধ ভিডিওটো প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
| 12:16 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 12:23 | বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। |
| 12:27 | স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 12:34 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 12:39 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। |
| 12:42 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |