Inkscape/C2/Create-and-Format-Text/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Create and format text এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটৰিয়েলত আমি শিকিম:
টেক্সট সন্নিবেশ কৰা, টেক্সট ফৰম্যাটিং আৰু বিন্যস্ত কৰা, স্পেসিং আৰু বুলেট। |
| 00:15 | তাৰ লগতে আমি শেষত এটা সহজ ফ্লাইয়াৰ তৈয়াৰ কৰা শিকিম। |
| 00:19 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,
উবুন্টু লিনাক্স 12.04 OS Inkscape সংস্কৰণ 0.48.4 |
| 00:29 | আমি এই টিউটৰিয়েল সর্বোচ্চ ৰেজল্যুশন মোডত ৰেকর্ড কৰিম। এইটোক সকলো টুল অন্তর্ভুক্ত কৰাৰ বাবেই যি ব্যাখ্যা কৰা হব। |
| 00:38 | Inkscape খুলক। |
| 00:40 | টুল বাক্সৰ পৰা টেক্সট টুল ব্যবহাৰ কৰি টেক্সট সন্নিবেশ কৰা যাব পাৰে। |
| 00:45 | আমি দুইভাবে টেক্সট যোগ কৰিব পাৰো-
Regular Text Flowed Text |
| 00:50 | প্রথমে আমি Regular টেক্সট সম্পর্কে শিকিম। টেক্সট টুল আৰু তাৰপিছত ক্যানভাসত টিপক। |
| 00:57 | এতিয়া লিখক Spoken. লক্ষ্য কৰক যে টেক্সট বাক্স টেক্সট অন্তর্ভুক্ত কৰিবলৈ ডাঙৰ হৈছে। |
| 01:03 | লাইন ব্রেকাৰ নিজে নিজে যুক্ত হব. সেয়ে, পিছৰ লাইনত যাবলৈ Enter টিপক আৰু লিখক Tutorial. |
| 01:11 | আগৰ লাইনত শব্দ লৈ যাবলৈ বর্ণমালা T ৰ আগত কার্সাৰ ৰাখক। এতিয়া ব্যাকস্পেস টিপক আৰু 2 টা শব্দৰ মাঝত এটা স্পেস যোগ কৰক। |
| 01:22 | একেইভাবে, Spoken Tutorial ৰ তলত নতুন লাইনত http://spoken-tutorial.org লিখক। |
| 01:33 | ইয়াৰ পিছত আমি Flowed টেক্সটৰ মাধ্যমেৰে টেক্সট সন্নিবেশ কৰা শিকিম। |
| 01:38 | এইবাৰ আমি আগতে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি কৰিম। |
| 01:45 | সম্পূর্ণ টেক্সট নির্বাচন কৰিবলৈ Ctrl + A টিপক আৰু কপি কৰিবলৈ Ctrl + C টিপক। |
| 01:52 | এতিয়া Inkscapeত উভতি আহো. নিশ্চিত কৰক যে টেক্সট টুলটো নির্বাচিত। |
| 01:58 | ক্যানভাসত টিপক আৰু আয়তক্ষেত্রাকাৰ বা বর্গাকাৰ টেক্সট এৰিয়া গঠন কৰিবলৈ ড্রেগ কৰক। |
| 02:03 | লক্ষ্য কৰক যে মাউস বোতাম এৰাত ক্যানভাসত এটা নীলা আয়তকাৰ বাক্স গঠিত হৈছে। |
| 02:10 | এতিয়া টেক্সট বাক্সৰ ভিতৰত, একেবাৰে উপৰৰ বাও কোনত জিলিকা থকা টেক্সট প্রম্পট লক্ষ্য কৰক। |
| 02:17 | কপি কৰা টেক্সট পেস্ট কৰিবলৈ Ctrl + V টিপক। |
| 02:22 | ৰঙালৈ সলনি হোৱা টেক্সট বাক্সৰ ৰঙ লক্ষ্য কৰক। |
| 02:25 | ইয়াৰ কাৰণ হল সন্নিবেশ কৰা টেক্সটবোৰ টেক্সট বাক্সৰ সীমাত অতিক্রম কৰে। |
| 02:31 | আমি টেক্সট বাক্সৰ সো ফালে কোণত অবস্থিত সৰু ডায়মন্ড হ্যান্ডেল ব্যবহাৰ কৰি এইটোক সংশোধন কৰিব পাৰো। |
| 02:38 | টেক্সট বাক্স নীলা ৰঙত সলনি নোহোৱালৈকে এইটোক টিপি ৰাখি ড্রেগ কৰক। |
| 02:44 | টেক্সটৰ অন্তিম বাক্য পূর্ববর্তী বাক্যৰ সৈতে জুড়া যায়। |
| 02:48 | এইটোক বেলেগ কৰিবলৈ শেষ বাক্যৰ আৰম্ভনিত দুইবাৰ এন্টাৰ টিপক। |
| 02:53 | এতিয়া টেক্সটৰ বাবে উপলব্ধ বিভিন্ন ফর্ম্যাটিং বিকল্প শিকো। Spoken Tutorial শব্দত টিপক। |
| 03:01 | Main মেনুত যাওক। Text ত টিপক আৰু তাৰপিছত Text and Font বিকল্পত। |
| 03:09 | Font আৰু Text বিকল্প সহ এটা ডায়লগ বাক্স দেখায়। Font ট্যাবৰ তলত বিভিন্ন বিকল্প আছে। |
| 03:17 | Font family তালিকা হল সকলো উপলব্ধ ফন্ট। আপোনি পছন্দৰ যি কোনো উপলব্ধ ফন্ট নির্বাচন কৰিব পাৰে। |
| 03:25 | আমি ইয়াত প্রিভিউ বাক্সত নির্বাচিত ফন্ট প্রিভিউ কৰিব পাৰো। মোৰ পছন্দ ফন্ট হল Bitstream Charter. |
| 03:33 | ইয়াত চাৰি ধৰনৰ স্টাইল বিকল্প আছে- Normal, Italic, Bold আৰু Bold Italic. আপোনাৰ প্রয়োজন অনুযায়ী স্টাইল নির্বাচন কৰক। মই Bold চয়ন কৰিম। |
| 03:46 | ফন্টৰ আকাৰ সলাবলৈ ড্রপ ডাউন অ্যাৰোত টিপক আৰু আকাৰ নির্বাচন কৰক। যিহেতু এইটো শিৰোনাম, আমি ডাঙৰ ফন্ট নির্বাচন কৰিম, ধৰক 64. |
| 03:57 | ইয়াৰ পিছত হল Layout. |
| 03:59 | এই বিকল্পৰ বাবে প্রিভিউ দৃশ্যমান নোহোৱাত আমি এইটোক কিছুক্ষণৰ পিছত শিকিম। |
| 04:04 | এতিয়া Font ট্যাবৰ পৰবর্তী Text ট্যাবত টিপক। ইয়াত এটা প্রিভিউ উইন্ডো তাৰ ভিতৰত টেক্সট সহ দৃশ্যমান হয়। |
| 04:12 | ইয়াত টেক্সটত যি কোনো পৰিবর্তন কৰা সম্ভব। |
| 04:16 | Apply ত টিপক আৰু ডায়ালগ বাক্স বন্ধ কৰক। লক্ষ্য কৰক যে টেক্সট ফৰম্যাট হৈ গৈছে। |
| 04:23 | আমি তলৰ কলাৰ প্যালেট ব্যবহাৰ কৰি টেক্সটৰ ৰঙ সলাবলৈ পাৰো। এতিয়া মেৰুন ৰঙত টিপো। |
| 04:30 | ইয়াৰ পিছত http://spoken-tutorial.org, URL এৰ বাবে টেক্সট নির্বাচন কৰক। |
| 04:40 | টেক্সট ফর্ম্যাটিং বিকল্প টুল কন্ট্রোলস বাৰতও উপলব্ধ। |
| 04:44 | মই ফন্টক Bitstream charter ত, ফন্টৰ আকাৰ 28 ত আৰু ৰঙ Blue ত সলাম। |
| 04:54 | ইয়াৰ পিছত প্যাৰাগ্রাফ টেক্সট চয়ন কৰো। |
| 04:57 | টেক্সট টুল ইতিমধ্যে নির্বাচিত হৈ থাকিলে আপোনি টেক্সট বাক্সৰ ভিতৰত যাবলৈ কেবল টেক্সটে টিপিব পাৰে। |
| 05:04 | মই টেক্সটৰ ফন্টৰ আকাৰ 25 ত সলাম। |
| 05:08 | টেক্সটক ক্যানভাসৰ ভিতৰত গতি কৰাবলৈ ডায়মন্ড হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক। |
| 05:15 | ইয়াৰ পিছত টেক্সটক সাৰিবদ্ধ কৰো। |
| 05:19 | টুল কন্ট্রোল বাৰত Italic আইকনৰ উচৰত থাকা চাৰিটা আইকন টেক্সট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে
বাওত কেন্দ্রত বা টেক্সট বাক্সৰ সোফালে। |
| 05:30 | চতুর্থ বিকল্পয়ে টেক্সট বাক্সৰ সীমাত টেক্সট সমর্থন কৰে. আমি আগোৱাৰ পূর্বে বাও এলাইনত(left align) টিপিম। |
| 05:39 | আমি Align and distribute বিকল্প ব্যবহাৰ কৰিও টেক্সট এলাইন কৰিব পাৰো। |
| 05:43 | Main মেনুত যাওক আৰু তাৰপিছত Object মেনুত টিপক। তাৰপিছত Align and Distribute বিকল্পত টিপক। |
| 05:51 | এতিয়া আমি Spoken Tutorial শব্দটো কেন্দ্রত গতি কৰাম। সেয়ে এইটোত টিপক। |
| 05:57 | প্রথমে ছেক কৰক যে Relative to প্যাৰামিটাৰ Page ত সেট হৈছে কি নাই। |
| 06:01 | সেয়ে, Centre on vertical axisত টিপক। লক্ষ্য কৰক যে টেক্সট কেন্দ্রত সাৰিবদ্ধ আছে। |
| 06:10 | এতিয়া তলত খালি এলাকাত আৰো কিছু টেক্সট যোগ কৰা দেখো। |
| 06:13 | লিখক FOSS Categories. এতিয়া Centre on vertical axis ত টিপি এটা পৃষ্ঠাৰ কেন্দ্রত সাৰিবদ্ধ কৰক। |
| 06:25 | ক্যানভাসত বেলেগভাবে আৰু এলোমেলোভাবে কিছু FOSS ৰ নাম লিখক যেনে Linux, LaTeX, Scilab, Python |
| 06:39 | এতিয়া ইকুয়েল স্পেস সহ একক ৰোত এই সকলো টেক্সট সাৰিবদ্ধ কৰক। |
| 06:44 | Shift কী ব্যবহাৰ কৰি 4 টা টেক্সট নির্বাচন কৰক। এইবোৰত টিপক।
Align baseline of text আৰু Distribute baseline of text horizontally. |
| 06:58 | লক্ষ্য কৰক যে শব্দৰ মাঝৰ স্থান সমান নহয়। |
| 07:02 | প্রথম শব্দৰ প্রথম অক্ষৰ আৰু দ্বিতীয় শব্দৰ প্রথম অক্ষৰৰ মাঝত সমান ব্যবধান আছে। কিন্তু শব্দৰ নিজৰ সমান ব্যবধান যুক্ত নাই। |
| 07:10 | এইটো উল্লম্ব টেক্সটৰ বাবেও ঠিক একেই ভাবে কাম কৰে। |
| 07:15 | এই বিকল্প নির্দিষ্ট পৰিস্থিতিত সহায়ক হব পাৰে। |
| 07:20 | আমি শব্দৰ মাঝত ব্যবধান একেই ৰাখিম। |
| 07:23 | এইটো কৰিবলৈ Distribute এৰ তলত প্রথম ৰো এৰ চতুর্থ আইকনত টিপক। এতিয়া শব্দৰ মাঝৰ ব্যবধান সমান। |
| 07:32 | ইয়াৰ পিছত আমি প্যাৰাগ্রাফ টেক্সটৰ লাইনৰ মাঝৰ ব্যবধান সমন্বয় কৰা শিকিম। |
| 07:38 | টেক্সট বাক্সৰ ভিতৰত যাবলৈ প্যাৰাগ্রাফ টেক্সটত দুইবাৰ টিপক। |
| 07:44 | টেক্সট কন্ট্রোল বাৰত Spacing between lines (লাইন আইকনৰ মাঝৰ ব্যবধান) আইকন লাইনৰ ব্যবধান কমাবলৈ বা বাড়াবলৈ সাহায্য কৰে। |
| 07:50 | লক্ষ্য কৰক আমি ব্যবধান বড়ালে কি হয়। |
| 07:55 | আমি লাইন স্পেসিং 1.50 ৰাখো। |
| 07:59 | পৰবর্তী আইকন অক্ষৰৰ মাঝত ব্যবধান সমন্বয় কৰিবলৈ সাহায্য কৰে। এবাৰ, আপ আৰু ডাউন অ্যাৰোত টিপক আৰু পৰিবর্তন লক্ষ্য কৰক। |
| 08:07 | আমি স্পেস প্যাৰামিটাৰ 0 হিসাবে ৰাখো। |
| 08:12 | লক্ষ্য কৰক ক্যানভাসৰ উভয় উল্লম্ব কোণত ব্যবধান আছে। আমি এইটো কিছু টেক্সট দি পূৰণ কৰিব পাৰো। |
| 08:19 | ক্যানভাসৰ বাহিৰত কোনো এটা জাগাত Learn Open Source Software for free বাক্যটো লিখক। |
| 08:24 | Font ক এতিয়া Ubuntu লৈ সলাওক। Font size ক 22 লৈ আৰু এইটোক Bold কৰক। |
| 08:34 | এতিয়া টুল কন্ট্রোল বাৰত অন্তিম আইকনত টিপক অর্থাৎ Vertical text. |
| 08:39 | লক্ষ্য কৰক যে এতিয়া টেক্সট উল্লম্ব ফালে সাৰিবদ্ধ আছে। |
| 08:43 | Selector টুল ব্যবহাৰ কৰি টেক্সটত টিপক আৰু এইটোক ক্যানভাসৰ বাও ফালে অতৰূৱাওক। |
| 08:49 | এইটোক ডুপ্লিকেট কৰিবলৈ Ctrl + D টিপক আৰু এই কপিটোক Ctrl কী ব্যবহাৰ কৰি পৃষ্ঠাৰ অনয় প্রান্তত অতৰূৱাওক। |
| 08:59 | এতিয়া আমি প্যাৰাগ্রাফৰ টেক্সটত বুলেট পয়েন্ট যোগ কৰিম। |
| 09:03 | Inkscapeএ টেক্সটৰ বাবে বুলেট বা সংখ্যাৰ তালিকা প্রদান নকৰে। সেয়ে এজনে বুলেট পয়েন্ট নিজেই তৈয়াৰ কৰিব লাগিব। |
| 09:11 | ellipse টুলত টিপক। ৰঙা ৰঙৰ এটা সৰু বৃত্ত আঁকক। |
| 09:17 | এতিয়া এই বুলেট প্যাৰাগ্রাফৰ প্রথম লাইনত লৈ যাওক। ডুপ্লিকেট কৰক আৰু ইয়াৰ কপিক পিছৰ বাক্যত অতৰূৱাওক। |
| 09:27 | সকলো বাক্যৰ বাবে এটা পুনৰাবৃত্তি কৰক। |
| 09:32 | এতিয়া আমাৰ প্রয়োজন অনুযায়ী সকলো টেক্সট আছে। |
| 09:36 | অবশেষত, এইটোক ফ্লায়াৰৰ নিচিনা দেখাবলৈ কিছু বিউটিফিকেশন কৰো। |
| 09:41 | ইয়াত এইটো এটা সম্পন্ন ফ্লায়াৰ। |
| 09:45 | মই উপৰত আৰু তলত সীমা যোগ কৰিছো আৰু এইটোক এটা বৃত্তাকাৰ আয়তক্ষেত্র আৰু উপবৃত্তৰ আকাৰ দ্বাৰা আচ্ছাদিত কৰিছো। |
| 09:51 | আপোনি আপোনাৰ ফ্লায়াৰৰ বাবে বিভিন্ন বিন্যাস আৰু ডিজাইন তৈয়াৰ কৰিবলৈ আপোনাৰ সৃজনশীলতা ব্যবহাৰ কৰিব পাৰে। |
| 09:57 | সংক্ষেপে, |
| 09:59 | এই টিউটৰিয়েলত আমি শিকিছো:
টেক্সট সন্নিবেশ কৰা, টেক্সট ফৰম্যাট আৰু বিন্যস্ত কৰা, স্পেসিং আৰু বুলেট তালিকা। |
| 10:06 | লগতে এটা সহজ ফ্লায়াৰ তৈয়াৰ কৰা শিকিছো। |
| 10:09 | আপোনি কৰা নির্দেশিত কাম এইৰকমে হব লাগিব। |
| 10:11 | এৰকমে এটা ফ্লায়াৰ তৈয়াৰ কৰক।
টেক্সট লিখিবলৈ টেক্সট টুল ব্যবহাৰ কৰক। Rectangle টুল ব্যবহাৰ কৰি bullets আৰু boxes তৈয়াৰ কৰক। |
| 10:19 | 10 কোণ সহ স্টাৰ টুল ব্যবহাৰ কৰি স্টাৰ তৈয়াৰ কৰক।
ৰঙ সলাবলৈ কালাৰ প্যালেট আৰু Fill and stroke ব্যবহাৰ কৰক। Align and distribute ব্যবহাৰ কৰি টেক্সট সাৰিবদ্ধ কৰক। |
| 10:31 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটি ডাউনলোড কৰি চাওক। |
| 10:39 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 10:47 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ যোগাযোগ কৰক। স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 10:57 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 11:01 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। |
| 11:03 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |