Health-and-Nutrition/C2/Vegetarian-recipes-for-7-month-old-babies/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | ৭ মাহ বয়সৰ শিশুৰ বাবে নিৰামিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক খাদ্যৰ গুৰূত্বৰ বিষয়ে আৰু |
00:16 | নিৰামিষ বিধিসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে কঠালৰ গুটিৰ খিচৰি |
00:23 | বুটৰ ডালি অমৰান্থ পাতৰ খিচৰি |
00:26 | অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি |
00:28 | মিথি পাত বিনৰ খিচৰি আৰু ক’দ’ মিলেত বঙালী বুটৰ খিচৰি |
00:35 | আহক আৰম্ভ কৰো, প্ৰথম বছৰত, যেতিয়া শিশুৱে চুচৰিবলৈ আৰু আগবাহিবলৈ আৰম্ভ কৰে, তাইৰ বৃদ্ধি দ্ৰুত হয় |
00:43 | শিশুটোক শক্তিৰ প্ৰয়োজনো বেছি হয় |
00:48 | ৬-৮ মাহ বয়্সৰ শিশুক পৰিপূৰক খাদ্যৰ পৰা প্ৰায় ২০০ কেলৰিৰ প্ৰয়োজন হয় |
00:55 | প্ৰদান কৰা খাদ্যৰ পৰিমাণো লাহে লাহে বঢ়াব লাগে |
00:59 | লগতে মনত ৰাখিব যে - প্ৰৰ্যাপ্ত পৰিমাণৰ পৰিপূৰক খাদ্যৰ লগতে স্তনপান কৰোৱাতোওঁ অতিশয় দৰকাৰ |
01:07 | সেইবাবে, যেতিয়া শিশুৱে সাতমাহ সম্পূৰ্ণ কৰে, আধা কাপ পৰিপূৰক খাদ্য দিনে তিনিবাৰকৈ দিবলৈ আৰম্ভ কৰিব |
01:16 | আধা কাপ হৈছে ১২৫ মিলিলিটাৰ বা খাদ্যৰ ৮ চামোচ |
01:22 | এতিয়া শিশুটো বিভিন্ন খাদ্যৰ আইতেমৰ সৈতে সুখী হ’ব |
01:28 | যিহেতু তাই ৬ মাহ বয়্সৰ হোৱাৰ লগে লগেই পৰিপূৰক খাদ্য আৰম্ভ কৰিছিলে |
01:33 | এতিয়া শিশুটোক খাদ্যৰ সংগ্ৰহ এটাৰ সৈতে পৰিচয় কৰাবলৈ আৰম্ভ কৰক |
01:38 | মন কৰিব- ভঙা বা ভৰ্ত্তা অৱস্থাৰ খাদ্যহে মাত্ৰ দিব লাগে |
01:44 | নিশ্বিত কৰিব যে - শিশুৰ খাদ্যৰ ঘনত্ব অলপ ডাঠ হয় আৰু বেছি পনীয়া যাতে নহয় |
01:52 | শিশুৰ খাদ্য প্ৰস্তুত কৰোতে - সদায় ল’কেল আৰু ঋতু অনুযায়ী উপাদান ব্যৱ্হাৰ কৰিব |
01:59 | লগতে বিভিন্ন পুষ্টিকৰ পাউদাৰ যোগ কৰিবলৈ মনৰ ৰাখিব যেনে- বাদাম আৰু গুটিৰ পাউদাৰ
অংকুৰিত বিনৰ পাউদাৰ |
02:08 | কাৰি পাতৰ পাউদাৰ
দ্ৰামষ্টিক পাতৰ পাউদাৰ |
02:11 | ইয়াক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
02:17 | শিশুটো এবছৰৰ নোহোৱালৈকে ইয়াৰ খাদ্যত নিমখ দিব নালাগে |
02:21 | শিশুটো দুবছৰৰ নোহোৱালৈকে ইয়াৰ খাদ্যত চেনী, গুড় দিব নালাগে |
02:27 | এতিয়া, আমি কিছু নিৰামিষ বিধি চাম যাক শিশুটোৰ বাবে পৰিপূৰক খাদ্য হিচাবে ব্যৱ্হাৰ কৰিব পাৰি |
02:35 | আমাৰ প্ৰথম বিধিটো হৈছে কঠালৰ গুটিৰ খিচৰি |
02:39 | প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: ১৫-২০ টা কঠালৰ গুটি
এটা সৰু কল বা ½ কল |
02:48 | নাৰিকলৰ গাখীৰ বা স্তনৰ গাখীৰ |
02:50 | এক চামোচ বাদাম আৰু গুটিৰ পাউদাৰ |
02:53 | কঠালৰ গুটিৰ খিচৰি প্ৰস্তুত কৰিবলৈ- কঠালৰ গুটিখিনি ভালদৰে ধুই লওঁক |
02:59 | এই গুটিখিনি ষ্টিলৰ পাত্ৰ এটাত লওঁক । গুটিখিনি ডুব যোৱাকৈ পানী দিয়ক |
03:06 | প্ৰেচাৰ কুকাৰত ইয়াক ৫-৬ টা হোইচল মাৰক |
03:09 | গুটিখিনি প্লেত এখনৰ ওলিয়াই লওঁক আৰু কিছু সময়ৰ বাবে ঠাণ্ডা হ’বলৈ দিয়ক |
03:16 | তেতিয়া গুটিখিনিৰ বাকলি গুচাই লওঁক |
03:20 | পাছত, মিক্সাৰ বা পাথৰৰ খুন্দনা এটাত খুন্দি ভৰ্ত্তা এটা বনাওঁক |
03:25 | ইয়াৰ লগতে, পকা কল এটাৰ বাকলি গুচাই লওঁক আৰু চামোচ এখনেৰে ভাঙি লওঁক |
03:32 | এতিয়া ভাঙিলোৱা কলখিনি আৰু কঠালৰ গুটিৰ ভৰ্ত্তাক একেলগে ভালকৈ মিহলাই লওঁক |
03:37 | ইয়াত ২ চামোচ নাৰিকলৰ গাখীৰ বা স্তনৰ গাখীৰ দিয়ক |
03:42 | ইয়াত বাদাম আৰু গুটিৰ পাউদাৰ দিয়ক |
03:45 | ইয়াক ভালকৈ মিহলাই লওঁক |
03:47 | এই মিশ্ৰণক ৩-৪ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক |
03:52 | কঠালৰ গুটিৰ খিচৰি প্ৰস্তুত হ’ল |
03:56 | এই কঠালৰ গুটিৰ খিচৰিত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন |
03:59 | অমেগা 3 ফেটি এচিদচ |
04:02 | পটেছিয়াম আৰু ফচফৰাচ |
04:06 | দ্বিতীয় বিধিটো হৈছে বুটৰ ডালি, অমৰান্থ পাতৰ খিচৰি |
04:11 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব: ২ চামোচ বুটৰ ডালিৰ পাউদাৰ
২ কাপ ধুইলোৱা অমৰান্থ পাত |
04:19 | ¼ চামোচ কাৰি পাতৰ পাউদাৰ
½ চামোচ ঘিউ |
04:24 | পদ্ধতি: প্ৰথমে, বুটৰ ডালিক পানীত ৭ৰ পৰা ৮ ঘন্টা তিয়াই ৰাখক |
04:31 | ইয়াৰ পাচত চাকনী এখনত থওঁক আৰু ইয়াক পানীৰে সৈতে ভালকৈ ঘহক, |
04:37 | সম্পূৰ্ণ পানী যাবলৈ দিয়ক । এতিয়া ইয়াক এখন চাফা কপাহি কাপোৰেৰে বান্ধক আৰু এফালে থৈ দিয়ক অংকুৰিত নোহোৱালৈকে |
04:47 | অংকুৰিত হোৱা বুটৰ ডালিখিনিক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক |
04:52 | ইয়াক নিম্ন জুইত ৮-১০ মিনিটৰ বাবে ভাজক । ঠাণ্ডা হ’বলৈ দিয়ক |
04:58 | তেতিয়া ইয়াক খুন্দক আৰু পাউদাৰ এটা বনাই লওঁক । এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক জনা হয় মল্টিংগ হিচাবে |
05:05 | একেলগে, পেন এখনত ঘিউ গৰম কৰক |
05:10 | ইয়াত ধুইলোৱা অমৰান্থ পাত দিয়ক |
05:13 | ইয়াক ৪-৫ মিনিটৰ বাবে লৰাই থাকক আৰু ঠাণ্ডা হ’বলৈ দিয়ক |
05:17 | আৰু মিক্সাৰ বা পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰি ইয়াৰ ভৰ্ত্তা বনাই লওঁক |
05:23 | পাছত, বুটৰ ডালিৰ পাউদাৰত ২ চামোচ পানী দিয়ক |
05:28 | ইয়াক ভালকৈ মিহলাই লওঁক যাতে গোটা হৈ নাথাকে |
05:32 | এই পাতল পেষ্টক ৬-৭ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক |
05:37 | এতিয়া, অমৰান্থ পাতৰ ভৰ্ত্তা এই বুটৰ ডালিৰ পেষ্টত দিয়ক আৰু ইয়াক ভালকৈ মিহলাই লওঁক |
05:43 | ইয়াক ২-৩ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক |
05:48 | ইয়াত কাৰি পাতৰ পাউদাৰ দিয়ক আৰু পুনৰ মিহলাই লওঁক |
05:52 | ইয়াক জুইৰ পৰা নমাওঁক আৰু আমাৰ বুটৰ ডালি অমৰান্থ পাতৰ খিচৰি প্ৰস্তুত হ’ল |
05:59 | এই খিচৰিত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন
অমেগা 3 ফেটি এচিদচ কেলচিয়াম |
06:06 | ফচফৰাচ, আইৰন আৰু পটেছিয়াম |
06:10 | মন কৰিব যে তেনে ধৰণৰ খিচৰি বনাবলৈ কোনোবাই ল’কেলি উপলদ্ধ বিনচ আৰু পাত থকা শাক-পাচলি ব্যৱ্হাৰ কৰিব পাৰে |
06:20 | সদায় বিনক বিভিন্ন মিলেতচ আৰু খাদ্যশস্যৰ লগত সংযুক্ত কৰিবলৈ চেষ্টা কৰক যেনে -
চৰঘম, ৰাগি, ক’দ’ মিলেত ইত্যাদি |
06:31 | এই সংযোগে শিশুটোক সম্পূৰ্ণ প্ৰটিন প্ৰদান কৰে |
06:35 | আপুনি হয়তো শিশুটোৰ খাদ্যত এই খাদ্যশস্য আৰু মিলেতচৰ মল্টেদ পাউদাৰ দিব পাৰে বা |
06:42 | আপুনি তেনে খিচৰিত গুৰা অৱ্স্থাত ৰন্ধা অংকুৰিত মিলেত দিব পাৰে |
06:48 | তৃতীয় বিধিটো হৈছে অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি |
06:53 | প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: ২ চামোচ মল্টেদ অমৰান্থ পাউদাৰ |
06:59 | ২ চামোচ অংকুৰিত ক’লা চকুৰ বিনৰ ভৰ্ত্তা আৰু
¼ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ |
07:06 | পদ্ধতি: মল্টেদ অমৰান্থ পাউদাৰ বনাবলৈ-
একেটা টিউট’ৰিয়েলৰ আগৰ বিধিত বৰ্ণনা কৰাৰ দৰে নিৰ্দেশক অনুসৰণ কৰক |
07:17 | তেতিয়া, অংকুৰিত ক’লা চকুৰ বিনক ষ্টিলৰ পাত্ৰ এটাত লওঁক আৰু প্ৰেচাৰত ইয়াক ৪-৫ টা হোইচল মাৰক |
07:26 | এতিয়া এই ক’লা চকুৰ বিনৰ ভৰ্ত্তা এটা বনাওঁক |
07:30 | তেতিয়া, বাতি এটাত ২ চামোচ মল্টেদ অমৰান্থ পাউদাৰ লওঁক । ইয়াত পৰ্যাপ্ত পৰিমাণৰ পানী দিয়ক |
07:38 | ইয়াক ভালকৈ মিহলাই লওঁক যাতে গোটা হৈ নাথাকে |
07:42 | অমৰান্থ পাউদাৰৰ এই পাতল পেষ্টক ২-৩ মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক । ইয়াত ক’লা চকুৰ বিনৰ ভৰ্ত্তাখিনি দিয়ক |
07:52 | ইয়াক ভালকৈ মিহলাই লওঁক আৰু ৪-৫ মিনিটৰ বাবে ৰান্ধক । ইয়াক জুইৰ পৰা নমাওঁক |
07:58 | শেষত, এই খিচৰিত ¼ চামোচ দ্ৰামষ্টিক পাতৰ পাউদাৰ দিয়ক আৰু অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰি প্ৰস্তুত হ’ল |
08:09 | এই অমৰান্থ ক’লা চকুৰ বিনৰ খিচৰিত প্ৰ্চুৰ পৰিমাণে থাকে-
প্ৰটিন অমেগা 3 ফেটি এচিদচ |
08:17 | ফচফৰাচ
মেগনেচিয়াম |
08:20 | আইৰন
পটেছিয়াম আৰু কেলচিয়াম |
08:24 | তেনে ধৰণৰ খিচৰি বনাবলৈ কোনোবাই তলত উল্লেখিত অংকুৰিত সামগ্ৰীসমূহৰ সংযোগক ব্যৱ্হাৰ কৰিব পাৰে-
ৰাগি চৰঘ্ম |
08:32 | মথ বিনচ
বঙালী বেচন ইত্যাদি |
08:37 | চতুৰ্থ বিধিটো হৈছে - মিথি পাত আৰু বিনৰ খিচৰি |
08:41 | প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে: ২ কাপ ধুই পেলাই কাটি লোৱা মিথি পাত
১ চামোচ ঘিউ |
08:49 | ২ চামোচ সতেজ নাৰিকলৰ পেষ্ট |
08:52 | ২ চামোচ অংকুৰিত বিনৰ পাউদাৰ |
08:56 | বিনৰ পাউদাৰ এটা বনাবলৈ- একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত আলোচনা কৰা নিৰ্দেশাৱলীক অনুসৰণ কৰক |
09:04 | পদ্ধতি: পেন এখনত ১ চামোচ ঘিউ গৰম কৰক |
09:09 | মিথি পাত দিয়ক আৰু ২-৩ মিনিটৰ বাবে লৰাই থাকক |
09:13 | ইয়াক চাফা প্লেত এখনত থওঁক আৰু কিছু সময়ৰ বাবে ঠাণ্ডা হ’বলৈ দিয়ক |
09:18 | তেতিয়া, খুন্দনা বা মিক্সাৰ এটা ব্যৱ্হাৰ কৰি ইয়াৰ ভৰ্ত্তা এটা বনাওঁক |
09:23 | এই ভৰ্ত্তাক এক মিনিটৰ বাবে নিম্ন জুইত ৰান্ধক ।
ইয়াত ২ চামোচ বিনৰ পাউদাৰ দিয়ক |
09:31 | ইয়াক ভালকৈ মিহলাই লওঁক যাতে গোটা হৈ নাথাকে |
09:35 | যদি প্ৰয়োজন হয় ইয়াত অলপ পৰিমাণৰ উতলাই ঠাণ্ডা কৰা পানী দিয়ক |
09:40 | এতিয়া ইয়াত ২ চামোচ নাৰিকলৰ পেষ্ট দিয়ক |
09:44 | নাৰিকলৰ পেষ্ট বনাবলৈ- সতেজ ৰুকিলোৱা নাৰিকল লওঁক আৰু ইয়াক খুন্দি পেষ্ট কৰি লওঁক |
09:51 | তেতিয়া এই মিশ্ৰণক ৭-৮ মিনিটৰ বাবে নিম্ন জুইত ভাজক আৰু লৰাই থাকক |
09:58 | আৰু মিথি পাত আৰু বিনৰ খিচৰি প্ৰস্তুত হ’ল |
10:03 | এই মিথি পাত আৰু বিনৰ খিচৰিত প্ৰ্চুৰ পৰিমাণে থাকে-
প্ৰটিন অমেগা 3 ফেটি এচিদচ |
10:10 | ফ’লেত
আইৰন |
10:12 | কেলচিয়াম
ফচফৰাচ |
10:14 | জিংক আৰু পটেছিয়াম |
10:16 | এই বিধিটো প্ৰস্তুত কৰোতে আগতে বৰ্ণনা কৰাৰ দৰে খাদ্যশস্য যোগ কৰিবলৈ বা ইয়াক বিভিন্ন খাদ্যশস্য আৰু মিলেতচৰ সৈতে যুক্ত কৰিবলৈ নাপাহৰিব |
10:27 | পঞ্চম বিধিটো হৈছে ক’দ’ মিলেত বঙালী বুটৰ খিচৰি |
10:32 | সামগ্ৰীসমূহ: ২ চামোচ ক’দ’ মিলেত |
10:35 | ২ চামোচ অংকুৰিত বঙালী বুট |
10:38 | ৩ চামোচ নাৰিকলৰ গাখীৰ
১ চামোচ ঘিউ |
10:43 | পদ্ধতি: ষ্টিলৰ পাত্ৰ এটাত ২ চামোচ ক’দ’ মিলেত লওঁক |
10:48 | ইয়াক ভালকৈ ধুৱ্ক । তেতিয়া, ইয়াত ৩-৪ চামোচ পানী দিয়ক |
10:55 | প্ৰেচাৰত ইয়াক ৩-৪ টা হোইচল মাৰক |
10:58 | মাজতে, অংকুৰিত বঙালী বুটক ৪-৫ টা হোইচল মাৰক |
11:04 | তেতিয়া ইয়াৰ ভৰ্ত্তা বনাওঁক |
11:07 | ষ্টিলৰ পাত্ৰ এটাত ১ চামোচ ঘিউ গৰম কৰক |
11:11 | ইয়াত ৰন্ধা ক’দ’ মিলেত, বঙালী বুটৰ ভৰ্ত্তা আৰু নাৰিকলৰ গাখীৰ দিয়ক । ভালকৈ মিহলাই লওঁক |
11:18 | ইয়াক ৪-৫ মিনিটৰ বাবে ৰান্ধক আৰু ঠাণ্ডা হ’বলৈ দিয়ক ।
এতিয়া, ক’দ’ মিলেত বঙালী বুটৰ খিচৰি প্ৰস্তুত হ’ল |
11:27 | এই খিচৰিত প্ৰ্চুৰ পৰিমাণে থাকে- প্ৰটিন, আইৰন |
11:30 | ফচফৰাচ
মেগনেচিয়াম |
11:33 | কেলচিয়াম আৰু পটেছিয়াম |
11:36 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |