Health-and-Nutrition/C2/Type-1-and-Type-2-nutrients/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | টাইপ 1 আৰু টাইপ 2 ৰ পুষ্টিকৰ পদাৰ্থসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটো হৈছে টাইপ 1 আৰু টাইপ 2 ৰ পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্যৰ বিষয়ে |
00:12 | আহক আৰম্ভ কৰো |
00:14 | খাদ্যই আমাক শক্তি আৰু পুষ্টিকৰ পদাৰ্থসমূহ দিয়ে |
00:17 | পুষ্টিকৰ পদাৰ্থসমূহ দৰকাৰ হয় আমাৰ শৰীৰৰ বৃদ্ধি আৰু চোৱাচিতাৰ বাবে |
00:22 | কিছুমান পুষ্টিকৰ পদাৰ্থ আমাৰ শৰীৰে উৎপন্ন কৰিব নোৱাৰে |
00:27 | তেনে পুষ্টিকৰ পদাৰ্থক কোৱা হয় আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ |
00:31 | মুঠতে ৪০ টা আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ আছে যাক আমি খাদ্যৰ পৰা ল’ব লাগে |
00:36 | আমি পুষ্টিহীন খাদ্যৰ পৰা এই পুষ্টিকৰ পদাৰ্থসমূহ পৰ্যাপ্ত পৰিমাণে পাব নোৱাৰো |
00:42 | তেনে খাদ্য, আনকি সৰহ পৰিমাণে খালেওঁ, মাত্ৰ ভোক লগাৰ অনুভৱক কমায় |
00:48 | তথাপি, আমি এটা বা অধিক আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰ অভাৱত থাকিব পাৰো |
00:54 | ইয়াক জনা যায় লুপ্ত ভোক হিচাবে |
00:58 | আৱশ্যকীয় পুষ্টিকৰ পদাৰ্থক দুটা প্ৰকাৰত ভগোৱা হৈছে: |
01:02 | টাইপ 1 পুষ্টিকৰ পদাৰ্থ বা ফাংচনেল পুষ্টিকৰ পদাৰ্থ |
01:05 | আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থ বা বৃদ্ধিৰ পুষ্টিকৰ পদাৰ্থ |
01:09 | আইৰন, কেলচিয়াম, |
01:11 | আয়’দিন আৰু কপাৰ হৈছে টাইপ 1 পুষ্টিকৰ পদাৰ্থ |
01:15 | মেংগানিজ, |
01:17 | ফ্ল’ৰিন আৰু চেলিনিয়াম লগতে একেটা গ্ৰোপত আহে |
01:21 | ভিটামিন B, C, |
01:23 | A, D, |
01:25 | E আৰু K ওঁ হৈছে টাইপ 1 পুষ্টিকৰ পদাৰ্থ |
01:29 | ছালফাৰ, ক্ল’ৰিন আৰু |
01:32 | প্ৰ’টিন বা আৱশ্যকীয় এমিন’ এচিদচ হৈছে টাইপ 2 পুষ্টিকৰ পদাৰ্থ |
01:37 | ছ’দিয়াম, পটাচিয়াম, |
01:39 | মেগনেচিয়াম, ফছফৰাছ |
01:41 | আৰু জিংক লগতে একেটা গ্ৰোপত আহে |
01:45 | আৱশ্যকীয় ফেতি এচিদচ যেনে অ’মেগা 3 ওঁ টাইপ 2 পুষ্টিকৰ পদাৰ্থ |
01:51 | আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্যক বুজো |
01:56 | টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহ লাগে কলাসমূহত বিশেষ ফাংচনৰ বাবে |
02:02 | সেইবাবে, সিহত কেন্দ্ৰীভূত হয় এটা নিৰ্দিষ্ট কলা বা কলাসমূহৰ গ্ৰোপত |
02:08 | আহক কেলচিয়াম আৰু ভিটামিন A লওঁ উদাহৰণ হিচাবে |
02:13 | কেলচিয়াম লাগে মজবুত হাড়ৰ বাবে |
02:17 | ভিটামিন A লাগে স্বাস্থ্যবান চকুৰ বাবে |
02:21 | ইয়াৰ বিপৰীতে, টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ লাগে শৰীৰৰ সম্পূৰ্ণ বৃদ্ধিৰ বাবে |
02:28 | সিহতে গঠণ কৰে গাঠণিৰ অংশক আৰু শৰীৰৰ প্ৰতিটো কোষৰ ফাংচনক |
02:34 | সেইবাবে, সিহত শৰীৰৰ সকলো কলাত থাকে |
02:38 | আহক টাইপ 1 আৰু 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱত আমাৰ শৰীৰে কৰা প্ৰতিক্ৰিয়াক আলোচনা কৰো |
02:45 | টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ সময়ত, শৰীৰটো সাধাৰণ ভাবেই বৃদ্ধি হয় |
02:50 | শৰীৰে এই পুষ্টিকৰ পদাৰ্থক নিৰ্দিষ্ট কলাসমূহৰ পৰা লয় য’ত ই জমা থাকে |
02:57 | আহক কেলচিয়ামক এটা উদাহৰণ ৰূপে লওঁ |
03:00 | কেলচিয়ামৰ অভাৱত, শৰীৰে হাড়ত জমা হৈ থকা কেলচিয়ামক ব্যৱ্হাৰ কৰে |
03:07 | ফলাফল হিচাবে, সেই পুষ্টিকৰ পদাৰ্থৰ ঘনত্ব কলাসমূহত হ্ৰাস পায় |
03:13 | তেতিয়া, সেই পুষ্টিকৰ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰা অংগসমূহ প্ৰভাবিত হয় |
03:18 | সেইবাবে, লোকজন বেমাৰী হয় |
03:21 | বেমাৰী লোকজনে তেতিয়া অভাৱৰ এটা নিৰ্দিষ্ট লক্ষণ দেখুৱায় |
03:26 | আহক ইয়াক চাৰিটা উদাহৰণৰ সহায়ত বুজো: |
03:31 | 1. হাড়-পাতল হোৱা আৰু ভঙা বা ফাট মেলাৰ বৰ্দ্ধিত বিপদ হৈছে কেলচিয়ামৰ অভাৱৰ লক্ষণ |
03:37 | 2. এনিমিয়া হৈছে আইৰনৰ অভাৱৰ এটা লক্ষণ |
03:41 | 3. কুকুৰীকণা হৈছে ভিটামিন A অভাৱৰ এটা লক্ষণ |
03:45 | 4. আৰু হাইপ’থাইৰ’দিজম হৈছে আয়’দিন অভাৱৰ এটা লক্ষণ |
03:50 | আনহাতে, টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মাত্ৰ এটা লক্ষণ আছে |
03:57 | এই লক্ষণক কোৱা হয় বৃদ্ধিৰ ব্যৰ্থতা |
04:00 | বৃদ্ধিৰ ব্যৰ্থতাই বুজাই শৰীৰে দুটা প্ৰধান প্ৰক্ৰিয়াৰ গতিক অৱনমিত কৰে: |
04:06 | 1. নতুন কোষৰ গঠন আৰু |
04:09 | 2. পুৰণা কোষৰ প্ৰতিস্থাপন |
04:11 | শৰীৰে বৃদ্ধি হোৱা আৰু নতুন কলাসমূহ বনোৱা বন্ধ কৰে |
04:16 | ইয়াৰ ফলত শৰীৰৰ ওজন কমে, |
04:18 | উচ্চতা কমে আৰু মাংশপেশী কমে |
04:23 | শৰীৰৰ সকলো কোষসমূহ, ৰোগ প্ৰতিৰোধ ক্ষমতাওঁ প্ৰভাবিত হয় |
04:29 | ই সংক্ৰমণ হোৱাৰ বিপদক বৰ্দ্ধিত কৰে |
04:32 | অৱশেষত, ইয়াৰ বাবে মৃত্যুওঁ হ’ব পাৰে |
04:35 | টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ শৰীৰত জমা নহয় |
04:39 | অভাৱ হ’লে, শৰীৰে হয়তো ইয়াৰ কলা বা মাংশপেশীক ভাঙিবলৈ আৰম্ভ কৰে |
04:45 | ই টাইপ 2 পুষ্টিকৰ পদাৰ্থক দিয়ে যাৰ শৰীৰত অভাৱ হয় |
04:50 | এই পুষ্টিকৰ পদাৰ্থ তেতিয়া শৰীৰৰ আন কলাসমূহৰ বাবে ব্যৱহৃত হ’ব |
04:56 | যেতিয়া কলা ভঙাৰ পৰিমাণ তীব্ৰ হয়, কোষসমূহৰ ফাংচনচ প্ৰভাবিত হয় |
05:02 | লগতে, ভোক লগাওঁ কমিব ধৰে |
05:05 | কলা ভঙাই পুষ্টিকৰ পদাৰ্থক প্ৰদান কৰে যাৰ শৰীৰত অভাৱ হয় |
05:11 | তথাপি, ই লগতে কলাসমূহৰ পৰা আন সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থক এৰে |
05:17 | এই পুষ্টিকৰ পদাৰ্থসমূহ তেতিয়া শৰীৰৰ পৰা নিষ্কাশিত হয় |
05:21 | গতিকে, সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থক দিব লাগিব টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱত |
05:28 | টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰাওঁতে সকলো টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন নহয় |
05:34 | ইয়াক কৰিব পাৰি মাত্ৰ সেইটো পুষ্টিকৰ পদাৰ্থ দি যাৰ শৰীৰত অভাৱ হৈছে |
05:40 | পাছত, আহক স্তনৰ গাখীৰত টাইপ 1 আৰু 2 পুষ্টিকৰ পদাৰ্থসমূহৰ উপস্থিতিক আলোচনা কৰো |
05:47 | স্তনৰ গাখীৰত টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ স্থায়ীভাবে জমা থাকে |
05:52 | সিহত সলনি নহয় আনকি মাকে পুষ্টি নাপালেওঁ |
05:57 | অপুষ্টিত ভোগা মাক এগৰাকীৰ শিশুটোৰো ভালকৈ বৃদ্ধি হয় পৰ্যাপ্ত স্তনপানৰ সৈতে |
06:03 | ইয়াৰ বিপৰিতে, স্তনৰ গাখীৰত টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহৰ পৰিমাণ স্থায়ী নহয় |
06:09 | ই ভিন্ন হয় মাকৰ স্ব-পুষ্টিৰ অনুসৰি |
06:13 | আহক ভিটামিন D এটা উদাহৰণ হিচাবে লওঁ |
06:17 | ভিটামিন D অভাৱত ভোগা মাক এগৰাকীৰ স্তনৰ গাখীৰত ভিটামিন D কম পৰিমাণে থাকে |
06:23 | পাছত, আহক টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মূল্যায়নক আলোচনা কৰো |
06:30 | টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক সাধাৰণতে দুই ধৰণে মূল্যায়ন কৰা হয় |
06:36 | প্ৰথমে, অভাৱৰ অনন্য লক্ষণসমূহক চিহ্নিত কৰা হয় |
06:41 | তেতিয়া, শৰীৰত পুষ্টিকৰ পদাৰ্থটোৰ লেভেলক তেজৰ পৰীক্ষা এটাৰ দ্বাৰা জোখা হয় |
06:46 | আহক আইৰন আৰু আয়’দিন উদাহৰণ হিচাবে লওঁ |
06:50 | আইৰনৰ অভাৱত, লক্ষণসমূহ যেনে হালধীয়া ছাল আৰু অৱসাদ চিহ্নিত হয় |
06:56 | শৰীৰত হিম’গ্ল’বিনৰ লেভেলক তেজৰ পৰীক্ষা এটাৰ দ্বাৰা জোখা হয় |
07:01 | আয়’দিনৰ অভাৱক লগতে অনন্য লক্ষণসমূহ আৰু পৰীক্ষাৰ দ্বাৰা মূল্যায়ন কৰা হয় |
07:07 | লক্ষণসমূহ যেনে ডিঙি ফুলা, |
07:10 | ওজন বৃদ্ধি আৰু |
07:12 | চুলি সৰা চিহ্নিত হয় |
07:14 | শৰীৰত আয়’দিন আৰু থাইৰইদ হৰম’নৰ লেভেলক তেজৰ পৰীক্ষাৰ দ্বাৰা জোখা হয় |
07:21 | টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক ভালকৈ চিহ্নিত আৰু চিকিৎসা কৰা হয় |
07:26 | টাইপ 1 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰোৱাৰ বিভিন্ন পদ্ধতি আছে |
07:31 | কোনো লোকে এই পুষ্টিকৰ পদাৰ্থসমূহক আৱশ্যকীয় পৰিমাণে আহাৰত ল’ব পাৰে |
07:36 | এই পুষ্টিকৰ পদাৰ্থসমূহৰ বাবে লগতে সম্পূৰক বস্তুক পৰামৰ্শ দিয়া হয় |
07:41 | আইৰন, ভিটামিন C আৰু |
07:43 | ফ’লিক এচিদ সম্পূৰক বস্তুক সাধাৰণতে নিৰ্ধাৰিত কৰা হয় |
07:47 | টাইপ 1 পুষ্টিকৰ পদাৰ্থ ভৰপূৰকৈ থকা খাদ্যক ঠাইসমূহত দিয়া হয় য’ত অভাৱ কমন হয় |
07:53 | এটা ভালকৈ-জনা উদাহৰণ হৈছে নিমখ য’ত আয়’দিন ভৰপূৰকৈ থাকে |
07:59 | এজন যোগ্য পুষ্টি বিশেষজ্ঞই এই পদ্ধতিসমূহৰ নিৰীক্ষণ কৰিব পাৰে |
08:04 | টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ মূল্যায়ন আৰু চিকিৎসা জটিল হয় |
08:10 | যিকোনো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱক মূল্যায়ন কৰাৰ মাত্ৰ এটা পদ্ধতি আছে |
08:15 | ই হৈছে জোখা আৰু অনুসৰণ কৰা |
08:17 | ওজন, উচ্চতা |
08:19 | আৰু ওপৰৰ বাহুৰ মাজৰ পৰিধিক |
08:22 | তথাপি, ই মাত্ৰ বৃদ্ধিৰ ব্যৰ্থতাক চিহ্নিত কৰাত সহায় কৰিব |
08:27 | বৃদ্ধিৰ ব্যৰ্থতা হয় প্ৰতিটো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱৰ বাবে |
08:33 | এইটো নিৰ্ধাৰিত কৰাটো জটিল হয় যে শৰীৰত কোনটো নিৰ্দিষ্ট পুষ্টিকৰ পদাৰ্থৰ অভাৱ হৈছে |
08:40 | গতিকে, টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ অভাৱক শুধৰাওঁতে সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন হয় |
08:47 | সকলো টাইপ 2 পুষ্টিকৰ পদাৰ্থ প্ৰচুৰকৈ থকা খাদ্যক দিব লাগিব তেনে অভাৱত |
08:53 | আগতে দিয়া খাদ্যৰ পৰিমাণক মাত্ৰ বৰ্দ্ধিত কৰিলে কাম নকৰিব |
08:59 | আগতে দিয়া খাদ্যই শৰীৰক টাইপ 2 পুষ্টিকৰ পদাৰ্থ দিবলৈ অসমৰ্থ হৈছে |
09:04 | খাদ্যৰ গুণমানতাক সলাব লাগিব শৰীৰৰ সাধাৰণ বৃদ্ধিৰ বাবে |
09:10 | এজন যোগ্য পুষ্টি বিশেষজ্ঞৰ লগত আলোচনা কৰক পাছলৈ নিৰীক্ষণৰ বাবে |
09:15 | টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থৰ খাদ্যৰ উৎসসমূহক আন টিউট’ৰিয়েলচত আলোচনা কৰা হৈছে |
09:22 | অধিক তথ্যৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
09:26 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |