Health-and-Nutrition/C2/Side-lying-hold-for-breastfeeding/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 স্তনপান কৰোৱাৰ কাতিহৈ শুৱা স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত আমি শিকিম, মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ
00:13 স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু কাতিহৈ শুৱা স্থিতি কেনেকৈ কৰা হয়
00:20 আহক আৰম্ভ কৰো । সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায়
00:27 আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে, মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত- মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়
00:40 শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে
00:45 আৰু পৰ্যাপ্ত গাখীৰ পায়
00:49 আহক আমি স্তনপান কৰোৱাৰ এটা নতুন স্থিতি কাতিহৈ শুৱা স্থিতিৰ বিষয়ে শিকো
00:54 এই স্থিতিক পৰামৰ্শ দিয়া হয় যেতিয়া - মাকে ৰাতি স্তনপান কৰায়
00:59 বা যেতিয়া মাকৰ চিজাৰিয়ান প্ৰসৱ হয়
01:03 বা যেতিয়া মাক ভাগৰুৱা হয়
01:06 শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগে । আৰু হাতদুটা ভালদৰে শুকোৱাই ল’ব লাগে
01:14 পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে
01:18 স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে । সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে
01:30 পাছত, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে
01:35 তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে
01:41 পাছত, মাকে স্তনপান কৰাব লগীয়া স্তনটোৰ কাষৰ ফালে আৰামদায়ক ভাবে শুব লাগিব
01:48 তেওঁ নিজৰ মুৰৰ তলত গাৰু এটা ৰাখিব লাগিব । আৰু ভৰিদুটাৰ মাজতো গাৰু এটা ৰাখিব লাগিব যাতে টোপনীত তেওঁ বাগৰি নাযায়
01:57 এই চিত্ৰখনত মাকে, শিশুটোক তেওঁৰ সোফালৰ স্তনৰ পৰা স্তনপান কৰাব । সেইবাবে, তেওঁ সোফালে শুই আছে
02:06 পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো
02:12 শিশুটোক তেওঁৰ কাষত এনেদৰে ৰাখক যাতে শিশুটোৰ পেটটোক মাকৰ শৰীৰটোৱে অলপ হেচা দিয়ে
02:21 মাকে শিশুটোৰ পিঠিখন সেইটো হাতেৰে সহাৰি দিব লাগে যি তেওঁ শুইথকাৰ ফালে থাকে
02:29 এই চিত্ৰখনত মাকে তেওঁৰ শিশুটোৰ পিঠিখনক সোহাতেৰে সহাৰি দিছে
02:36 মাকে শিশুটোৰ পিঠিৰ কাষত গাৰু এটা ৰাখিব পাৰে শিশুটোক তেওঁৰ শৰীৰৰ ওচৰত ধৰিবলৈ
02:42 তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব
02:49 আৰু স্তনৰ লগত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব
02:55 মনত ৰাখিব- মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে । ই শিশুটোৰ পেট আৰু মাকৰ শৰীৰৰ মাজৰ দুৰত্বক বঢ়াব
03:06 তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক স্তনটোলৈ আনিব লাগে
03:12 দ্বিতীয় দৰকাৰী পইন্টটো হৈছে শিশুটোৰ গোটেই শৰীৰটো কোন দিশত ধৰা হৈছে
03:21 আপুনি হয়তো লক্ষ্য কৰিছে যে - যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে
03:31 একেদৰে, স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে
03:39 ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব
03:44 এতিয়া, আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো
03:50 মাকে শিশুটোৰ পিঠিক তেওঁৰ হাতেৰে সমৰ্থন কৰিব লাগিব
03:54 অন্যথা, স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব
04:01 পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ
04:07 শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে
04:13 আৰু তেওঁৰ থুতৰিটো স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে
04:17 ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব
04:25 আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব
04:32 মন কৰিব- স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা
04:39 এতিয়া যিহেতু শিশুটো সঠিককৈ ধৰা হ’ল, আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো
04:46 মুক্ত হৈ থকা হাতটোত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো কাষৰ পৰা C আকাৰত ধৰিব লাগে
04:55 এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ বাওঁহাতটো ব্যৱ্হাৰ কৰিব
05:05 মাকৰ আঙুলিসমূহ, স্তনটো ধৰি থাকোতে, সদায় শিশুৰ উঠৰ দিশত হ’ব লাগে
05:13 কিয়? আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো
05:18 যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ উঠ অনুভূমিকভাবে খোল খায়
05:25 আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ
05:31 ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ দিশত থোৱা হয়
05:37 যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম
05:44 একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক । উঠদুটা ইয়াত অনুভূমিক
05:51 সেইবাবে, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত অনুভূমিকভাবে থ’ব লাগে
05:59 ই শিশুটোক মুখত এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব
06:05 শিশুটোৰ উঠৰ দিশত হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে
06:18 পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা মাৰিবলৈ বাধা দিব
06:28 যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব
06:34 সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা মাৰিবলৈ
06:40 একেদৰে শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত, এই চিত্ৰখনত দেখুৱাৰ দৰে
06:49 এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ তলৰ অংশটো ল’বলৈ বাধা নিদিয়ে
06:58 মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব
07:05 মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায়
07:12 আৰু স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে
07:19 আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ
07:24 বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা মাৰিবলৈ সদায় ইয়াক সংকুচিত কৰো
07:32 একেদৰে, মাকে স্তনক কাষৰ পৰা C আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে । ই শিশুটোক স্তনটোৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব
07:46 কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক কেচি এখনৰ আকাৰত সংকুচিত কৰিব নালাগে
07:53 কেচিৰ আকাৰত সংকুচিত কৰিলে স্তনত বিষ হ’ব আৰু স্তনাগ্ৰৰ পৰা স্তনপান কৰা হ’ব
08:00 লগতে নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয়
08:07 অন্যথা, স্তনাগ্ৰটো হয়তো ওপৰলৈ বা তললৈ গুচি যাব
08:14 আৰু শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব নোৱাৰিব
08:19 এতিয়া, শিশুটো কাতিহৈ শুৱা স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সাজু আছে
08:27 শিশুটো স্তনৰ সৈতে সঠিককৈ যুক্ত হোৱাৰ বিষয়ে একেটা চিৰিজৰ আনএটা কথাচিত্ৰত বৰ্ণনা কৰা হৈছে
08:34 শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ লগে লগে - মাকে হাতৰ পৰা স্তনটো এৰিব লাগে
08:41 তেওঁ শিশুটোৰ পিঠিখন ধৰিবলৈ এই হাতটো ব্যৱ্হাৰ কৰিব লাগে আৰু শিশুটোক তেওঁৰ শৰীৰৰ ওচৰত ৰাখিব লাগে
08:49 লগতে, তেওঁ আনটো বাহু শিশুটোৰ পিঠিৰ পৰা আতৰাব লাগে আৰু ইয়াক তেওঁৰ শৰীৰৰ পৰা ৯০ ডিগ্ৰীত ৰাখিব লাগে
08:58 তেওঁ সেই বাহুটোৰ কিলাগুটীটো বেকা কৰিব লাগে । পাছত তেওঁ সেই হাতটো গাৰুটোৰ তলত ৰাখিব লাগে
09:04 এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো বাওঁহাতৰ পৰা এৰিছে
09:11 তেওঁ শিশুটোৰ পিঠিখন ধৰিবলৈ বাওঁহাতটো ব্যৱ্হাৰ কৰিছে আৰু শিশুটোক তেওঁৰ শৰীৰৰ ওচৰত ৰাখিছে
09:19 তেওঁ শিশুটোৰ পিঠিৰ পৰা সোহাতটো আতৰালে
09:22 তেওঁ ইয়াক তেওঁৰ শৰীৰৰ পৰা ৯০ ডিগ্ৰীত ৰাখিছে
09:26 তেওঁৰ সো কিলাগুটীটো বেকা হৈ আছে
09:29 তেওঁৰ সোহাতটো গাৰুটোৰ তলত আছে
09:33 প্ৰথম স্তনটোৰ পৰা স্তনপান কৰোৱাৰ পাছত- যদি মাকে তেওঁৰ আনটো স্তনৰ পৰা স্তনপান কৰাব বিচাৰে তেন্তে তেওঁ আনফালে শুব লাগিব
09:43 এই চিত্ৰখনত মাকে তেওঁৰ বাওঁ স্তনৰ পৰা স্তনপান কৰাবলৈ বাওঁফাললৈ ঘূৰিছে
09:50 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9