Health-and-Nutrition/C2/Safe-preparation,-serving-and-storage-of-baby-food/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 শিশুৰ খাদ্যৰ সুৰক্ষিত প্ৰস্তুতকৰণ, খুওঁৱা আৰু জমা ৰখাৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম শিশুৰ খাদ্যৰ সুৰক্ষাৰ গাইদলাইনচৰ বিষয়ে ইয়াৰ:
00:15 প্ৰস্তুতকৰণ, খুওঁৱা আৰু
00:18 জমা ৰখাৰ বাবে
00:20 আহক আৰম্ভ কৰো
00:22 শিশুৰ খাদ্যৰ সুৰক্ষিত প্ৰস্তুতকৰণ অতিশয় দৰকাৰী
00:26 ই শিশুটোক খাদ্যজনিত সংক্ৰমণসমূহৰ পৰা বচাই
00:31 খাদ্য সুৰক্ষিতভাবে প্ৰস্তুত কৰাত প্ৰথম ষ্টেপটো হৈছে ব্যক্তিগত স্বচ্ছতা
00:37 ব্যক্তিগত স্বচ্ছতাক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে
00:44 পাছৰ ষ্টেপটো হৈছে চাফা কৰা
00:47 চাফা কৰক সম্পূৰ্ণ খাদ্য প্ৰস্তুত কৰা ঠাইখিনিক,
00:50 বাচন-বৰ্তনক আৰু চ’পিং ব’ৰ্ডক
00:53 গৰম চাবোনৰ পানী ব্যৱ্হাৰ কৰক চাফা কৰিবলৈ
00:57 সদায় সিহতক চাফা কৰিব ব্যৱ্হাৰ কৰাৰ আগতে আৰু পাছত
01:01 লগতে, সিহতক চাফা কৰিব কেঁচা খাদ্য কটাৰ পাছত
01:05 আৰু আন খাদ্যৰ সৈতে ব্যৱ্হাৰ কৰাৰ আগতে
01:09 শিশুৰ খাদ্য প্ৰস্তুত কৰোতে ব্যৱ্হাৰ কৰা বাচন-বৰ্তনক ভালকৈ ঘঁহিব লাগে
01:14 সিহতক ভালকৈ ধুব লাগে উতলা পানীৰে
01:18 সিহতক বতাহত শুকোৱাব বা ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এখনৰে মুচিব লাগে
01:24 সিহতক সদায় ঢাকি ৰাখিব লাগে
01:28 সকলো খাদ্যবস্তুক সঠিককৈ চাফা কৰিব লাগে
01:32 সতেজ ফলমূল আৰু শাক-পাচলিক চাফা পানীৰে ভালকৈ ধোৱক
01:38 সিহতক ধোৱক বাকলি গুছোৱা আৰু কটাৰ আগতে
01:41 ই আতৰাব দূষিত পদাৰ্থ,
01:44 পৰজীবী আৰু কীটনাশক সমূহক
01:47 পৃথক কটা ব’ৰ্ডচ ব্যৱ্হাৰ কৰক আমিস আৰু নিৰামিস খাদ্যসমূহৰ বাবে
01:53 লগতে, বেলেগ বাচন-বৰ্তন আৰু চ’পিং ব’ৰ্ডচ ব্যৱ্হাৰ কৰক কেঁচা খাদ্য আৰু ৰন্ধা খাদ্যৰ বাবে
02:00 ই কেঁচা খাদ্য আৰু মাংসৰ পৰা জীৱাণুক আন খাদ্যসমূহলৈ যোৱাত বাধা দিব
02:07 পাকঘৰত ব্যৱ্হাৰ কৰা যিকোনো কাপোৰক মাজে-সময়ে সলাব আৰু ধুব
02:14 শিশুৰ খাদ্যক সঠিককৈ ৰান্ধিব লাগে ক্ষতিকাৰক বেক্টেৰিয়াক ধ্বংস কৰিবলৈ
02:20 সেইবাবে, খুওঁৱাৰ আগতে, নিশ্বিত কৰিব যাতে শিশুৰ খাদ্য সম্পূৰ্ণকৈ ৰন্ধা হয়
02:27 খাদ্যটো ৰন্ধা হয়নে নহয় চাওঁক ইয়াক টেষ্ট কৰি
02:31 লগতে, যিকোনো নৰন্ধা খাদ্যৰ লক্ষণৰ বাবে চাওঁক
02:36 এটা তেনে লক্ষণ হৈছে গুলপীয়া ফ্লেচ বা জুইচ দৰ্শিত হোৱা মাংসৰ ভিতৰত বা বাহিৰত
02:43 এইবোৰেই হৈছে মূল সুৰক্ষাৰ গাইদলাইনচ যাক শিশুৰ খাদ্য প্ৰস্তুত কৰোতে অনুসৰণ কৰিব লাগে
02:49 এতিয়া, আহক শিশু এটাক আহাৰ খুৱাওঁতে অনুসৰণ কৰিব লগা সুৰক্ষাৰ গাইদলাইনচ আলোচনা কৰো
02:56 প্ৰথমে, শিশুটোৰ গলবস্ত্ৰ আৰু আহাৰ খুওঁৱা বাচন-বৰ্তনক ভালকৈ ধুৱক
03:02 খাদ্য খোৱাৰ ঠাই আৰু শিশুটোৰ চকীখন বা বহা ঠাইক তিতা কাপোৰ এখনেৰে চাফা কৰক
03:09 সিহতক ভালকৈ শুকোৱাওঁক ব্যৱ্হাৰৰ আগতে
03:12 মাক আৰু শিশুটোৰ হাতদুটা চাফাকৈ ধুব লাগিব শিশুটোক আহাৰ খুওঁৱাৰ আগতে
03:18 আঙুলিৰে খাদ্য খোৱা শিশুসমূহৰ হাতদুটা ধুব লাগিব আহাৰ খুৱাৰ আগতে
03:24 খাদ্যখিনিৰ উষ্ণতাক জুখি লওঁক শিশুটোক আহাৰ খুওঁৱাৰ আগতে
03:29 ইয়াক জুখিব পাৰি অলপ পৰিমাণৰ খাদ্য আহাৰ খুওঁৱা লোকজনৰ মণিবন্ধত দি
03:36 কেতিয়াবা, খাদ্যৰ সৰু লুপ্ত ঠাইত হয়তো বেছি উষ্ণতা থাকিব পাৰে
03:42 সেইবাবে, খাদ্যক লগতে ভালদৰে লৰাই ল’ব লাগে
03:47 শিশুটোক আহাৰ খুৱাওঁতে অলপ সময় ল’ব পাৰে
03:50 গতিকে, কাপ বা প্লেতখন য’ৰপৰা শিশুটোক খুওঁৱা হয় ঢাকি ৰাখিব লাগে
03:57 ইয়াক সঠিককৈ ঢাকি ৰাখিলে শিশুটোৰ খাদ্যক ধুলি আৰু মাখিৰ পৰা বচাব
04:04 শিশু এটাক আহাৰ খুৱাওঁতে, ডিঙিত খুন্দা মাৰি ধৰাৰ ৰিক্স বেছি হয়
04:09 ডিঙিত খুন্দা মাৰি নধৰিবলৈ, শিশুটো চিধাকৈ বহি থকাক নিশ্বিত কৰক
04:15 শিশুটোৱে আহাৰ খাই থাকোতে খোজকাহিব বা দৌৰিব নালাগে
04:19 আহাৰ খাই থাকোতে শিশুটোক কেতিয়াওঁ অকলসৰে নেৰিব
04:24 শিশুটোক লাহে লাহে খাবলৈ আৰু খাদ্যক ভালকৈ চোবাবলৈ উৎসাহিত কৰক
04:29 কঠিন খাদ্য নিদিব যি শিশুটোৰ ডিঙিত খুন্দা মাৰি ধৰিব পাৰে
04:34 বাদামসমূহ আৰু কেঁচা শাক-পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ
04:40 বটলৰ পৰা খাদ্য নুখুৱাব
04:43 এতিয়া, আহক শিশুৰ খাদ্যক সুৰক্ষিতভাবে জমা ৰখাক আলোচনা কৰো
04:48 সৰ্বপ্ৰথমে, সতেজভাবে ৰন্ধা খাদ্য হৈছে শিশুটোৰ বাবে উৎকৃষ্ট
04:54 শিশুৰ আহাৰৰ যিকোনো খোৱাৰ পাছত বাকীথকা খাদ্যক সদায় পেলাই দিব
05:00 খোৱাৰ পাছত বাকীথকা খাদ্যত, শিশুটোৰ লেলাউতি মিশ্ৰিত হয়
05:05 ইয়াত বেক্টেৰিয়া থাকিব
05:08 এই বেক্টেৰিয়া ক্ৰমান্বয়ে বৰ্ধিত হ’ব যেতিয়া খাদ্যক জমা ৰখা হয় পুনৰ খুৱাবলৈ
05:15 ৰন্ধাৰ পাছত, খাদ্যখিনিক আপোনাৰ হাতেৰে স্পৰ্শ নকৰিব
05:20 খাদ্যখিনিক এটা ঢাকিথোৱা পাত্ৰত ৰাখিব ধুলি আৰু মাখিৰ পৰা বচাই
05:26 শুকান আৰু সতেজ উপাদানসমূহক সদায় এটাক আনটোৰ পৰা দূৰত ৰাখিব
05:31 লগতে, কেঁচা আৰু ৰন্ধা খাদ্যক পৃথক ঠাইত ৰাখিব
05:37 ৰন্ধা খাদ্যক ১ বা ২ ঘন্টাতকৈ অধিক সময় জমা ৰাখিব নালাগে গৰম বতৰত
05:44 যদি ফ্ৰিজ এটা উপলদ্ধ হয়, শিশুৰ খাদ্যক তাত জমা ৰাখিব পাৰি
05:49 ফ্ৰিজটো ভালকৈ চলিথকা অৱস্থাত থাকিব লাগিব
05:53 ইয়াক মাজে সময়ে চাফা কৰি থাকিব লাগিব
05:58 5°C বা তাতোকৈ কম উষ্ণতাক বাহাল ৰাখিব খাদ্যখিনিক সতেজ কৰি ৰাখিবলৈ
06:04 জমা ৰখা খোৱা পানীক ধুলি, হাত আৰু হেতাৰ পৰা বচাই ৰাখক
06:10 এই গাইদলাইনচ অনুসৰণ কৰিব লাগিব প্ৰস্তুতকৰণ,
06:14 জমা ৰখা আৰু শিশুক খাদ্য খুৱাবৰ বাবে
06:18 পুষ্টিকৰ খাদ্য, যেতিয়া স্বচ্ছতাৰে খুওঁৱা হয়, সি শিশু এটাক শক্তিশালি কৰিব
06:23 য’ত, যদি ইয়াক অস্বচ্ছতাৰে খুওঁৱা হয়, ই শিশু এটাক ৰোগীয়া কৰিব
06:30 গতিকে, সতৰ্কতা লওঁক নিশ্বিত কৰিবলৈ যে খাদ্যখিনিয়ে শিশুটোক যাতে কোনো ক্ষতি নকৰে
06:37 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9