Health-and-Nutrition/C2/Kangaroo-Mother-Care/Assamese
From Script | Spoken-Tutorial
| |
| 00:00 | কংগাৰু মাদাৰ কেয়াৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - |
| 00:08 | কংগাৰু মাদাৰ কেয়াৰ কি হয়? |
| 00:10 | উপাদানসমূহ, গুৰূত্ব আৰু |
| 00:13 | কংগাৰু মাদাৰ কেয়াৰৰ প্ৰণালি |
| 00:17 | আহক প্ৰথমে কংগাৰু মাদাৰ কেয়াৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো |
| 00:22 | নামটোৱে বুজোৱাৰ দৰে - |
| 00:24 | ইয়াত শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া হয় |
| 00:29 | আৰু ই জনপ্ৰিয়ভাবে KMC বুলি জনা যায় |
| 00:32 | মনত ৰাখিব, শিশুটো জন্ম হোৱাৰ লগে লগেই KMC দিব লাগে |
| 00:39 | ই বিশেষকৈ কম জন্ম ওজনৰ শিশুৰ বাবে প্ৰয়োজনীয় - |
| 00:44 | যাৰ জন্মৰ ওজন ২.৫ কিলোগ্ৰামতকৈ কম আৰু |
| 00:48 | যাক ক্ৰমাগত পৰ্যবেক্ষণৰ প্ৰয়োজন নহয় |
| 00:52 | তথাপি, ইয়াক সকলো স্বাভাবিক, স্বাস্থ্যবান শিশুৰ বাবেওঁ ব্যৱ্হাৰ কৰিব পাৰি |
| 00:59 | KMC দুটা প্ৰধান উপাদানৰে গঠিত: |
| 01:03 | শিশুটোক ক্ৰমাগত আৰু বহু সময়ৰ বাবে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া হয় |
| 01:09 | আৰু স্বতন্ত্ৰ স্তনপান |
| 01:13 | আহক এই উপাদানক বিতংকৈ আলোচনা কৰো |
| 01:17 | প্ৰথম উপাদানটো হৈছে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া |
| 01:21 | ই লেত দাউন ৰিফ্লেক্সক উন্নত কৰে |
| 01:24 | আৰু অৱশেষত স্তনৰ গাখীৰৰ উৎপাদন বৃদ্ধি কৰে |
| 01:28 | লেত দাউন ৰিফ্লেক্সক একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 01:34 | দ্বিতীয় উপাদানটো হৈছে স্বতন্ত্ৰ স্তনপান |
| 01:38 | মন কৰিব - |
| 01:40 | স্বতন্ত্ৰ স্তনপানক প্ৰথম ৬ মাহৰ বাবে পৰামৰ্শ দিয়া হয় |
| 01:45 | পাছত, আহক কংগাৰু কেয়াৰৰ গুৰূত্বক আলোচনা কৰো |
| 01:50 | KMC ত বহু সময়ৰ বাবে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শই শিশুটোৰ শৰীৰৰ তাপমাত্ৰাক অটুত ৰখাত সহায় কৰে |
| 01:57 | আৰু শিশুটোৱে অধিক সুৰক্ষিত অনুভৱ কৰে |
| 02:01 | KMC য়ে লগতে কমায় - |
| 02:03 | সংক্ৰমণৰ সম্ভাৱনা আৰু |
| 02:05 | শিশুত এপনিয়াৰ হাৰ |
| 02:09 | এপনিয়া হৈছে উশাহ লওঁতে দীঘলীয়াকৈ ৰৈ যোৱা |
| 02:13 | এইবোৰৰ উপৰিওঁ- |
| 02:15 | KMC য়ে স্তনপানৰ সময় আৰু বাৰে বাৰে কৰোৱাক উন্নত কৰে |
| 02:20 | আৰু ই মাক আৰু শিশুৰ মাজৰ আবেগিক বান্ধোনক শক্তিশালী কৰে |
| 02:26 | KMC য়ে লগতে শিশুটোক সহায় কৰে- |
| 02:28 | ওজন বৃদ্ধিত আন যিকোনো প্ৰচলিত পদ্ধতিতকৈ যেনে- |
| 02:33 | শিশুটোক গৰম ৰখা উজ্জ্বল পাত্ৰত ৰখা |
| 02:36 | যি শিশু আৰু মাকৰ বাবে চাপৰ সৃষ্টি কৰে |
| 02:40 | ই লগতে মাকৰ সন্তোষ আৰু আত্মবিশ্বাসক উন্নত কৰে- |
| 02:45 | যিহেতু তেওঁ শিশুটোৰ বাবে অতিৰিক্ত প্ৰচেষ্টা লয় |
| 02:49 | আমোদজনকভাবে, মাকৰ উপৰিও, KMC দিব পাৰে- |
| 02:54 | দেউতাক বা |
| 02:56 | যিকোনো প্ৰাপ্তবয়স্ক পৰিয়ালৰ সদস্যই |
| 02:58 | আমি এতিয়া KMC প্ৰদান কৰোতাই অনুসৰণ কৰিবলগা পইন্তকেইটা আলোচনা কৰিম: |
| 03:04 | KMC প্ৰদান কৰোতা সুস্থ আৰু বেমাৰৰ পৰা মুক্ত হ’ব লাগিব |
| 03:09 | তেওঁ বা তাই মূল স্বাস্থ্যবিধিৰ অভ্যাসক অনুসৰণ কৰিব লাগিব যেনে- |
| 03:14 | হাত ধোৱা, |
| 03:16 | সদায় গাধোৱা, আঙুলিৰ নখ কটা, |
| 03:18 | চুলি বন্ধা |
| 03:20 | আৰু চাফা কাপোৰ |
| 03:22 | তেওঁ বা তাই কোনো অলংকাৰ, ঘড়ি আৰু সুতা পিন্ধিব নালাগিব - |
| 03:26 | যিহেতু এইবোৰ স্বাস্থ্যবিধি অটুত ৰখাত বাধা হ’ব পাৰে |
| 03:31 | আৰু ই শিশুটোক আঘাত কৰিব পাৰে |
| 03:35 | এতিয়া, আহক KMC ৰ সময়ত প্ৰদান কৰোতাই পিন্ধিব লগীয়া কাপোৰৰ বিষয়ে আলোচনা কৰো - |
| 03:42 | কাপোৰটো সন্মুখৰ পৰা খোলখোৱা আৰু লঘু হ’ব লাগে |
| 03:46 | যেনে, শাৰি-ব্লাউজ বা সন্মুখৰ পৰা খোলখোৱা মেক্সি |
| 03:51 | মন কৰিব, KMC প্ৰদান কৰোতাই এই সন্মুখৰ পৰা খোলখোৱা মেক্সি বা ব্লাউজ KMC কাপোৰৰ ওপৰত পিন্ধিব লাগে |
| 03:58 | কংগাৰু বেগ বা বন্ধনী লগতে বজাৰৰ পৰা কিনিব পাৰি |
| 04:04 | এইবোৰ লাভদায়ক হয় যদি KMC বহুত সময়ৰ বাবে কৰিব লাগে |
| 04:09 | অথবা, KMC প্ৰদান কৰোতাই কোমল চাফা কপাহৰ কাপোৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 04:16 | য’ত, KMC ৰ সময়ত শিশুটোৱে - |
| 04:19 | টুপি এটা আৰু নেপি এটা পিন্ধিব লাগিব |
| 04:22 | যদি KMC ৰ সময়ত শিশুটোৱে মলত্যাগ বা পেচাব কৰে তেন্তে - |
| 04:27 | তাইক চাফা কৰি শুকোৱাব লাগিব |
| 04:30 | পাছত, আমি কংগাৰু কেয়াৰৰ প্ৰণালিটো বিতংকৈ শিকিম |
| 04:36 | প্ৰথমে, মাকে পূৰা চিধাকৈ থিয় হ’ব লাগিব |
| 04:40 | তেতিয়া, স্বাস্থ্য কৰ্মী এগৰাকী বা যিকোনো পৰিয়ালৰ সদস্যই নিম্নখিনি পৰ্যায়ক্ৰমে কৰিব লাগিব- |
| 04:48 | শিশুটোৰ তলফালে আৰু মুৰত সহাৰি দি- |
| 04:51 | শিশুটোক মাকৰ খোলা স্তনদুটাৰ মাজত চিধাকৈ ৰাখক |
| 04:56 | তেতিয়া, শিশুটোৰ মুৰটো এফালে ঘূৰাওঁক |
| 05:00 | শিশুটোৰ মুৰটো পিছলৈ অলপ বেকা হোৱাক নিশ্বিত কৰক |
| 05:04 | এই স্থিতিয়ে শিশুটোৰ নাকৰ ফুটাক খোলা ৰাখিব |
| 05:08 | আৰু শিশুটোৱে মাকৰ চকুলৈ চাব পাৰিব |
| 05:14 | তেতিয়া শিশুটোৰ কমৰটো অলপ বাহিৰলৈ বেকা কৰক |
| 05:18 | মনত ৰাখিব - শিশুটোৰ বাহুদুটা মাকৰ স্তনৰ ওপৰত ৰাখিবলৈ আৰু |
| 05:23 | ভৰিদুটা মাকৰ স্তনৰ তলত আৰু |
| 05:27 | শিশুটোৰ পেটটো মাকৰ বুকুত ৰাখিবলৈ |
| 05:29 | কাপোৰেৰে মেৰিওৱাৰ আগতে- |
| 05:32 | যদি বতৰ ঠাণ্ডা হয় শিশুটোক কম্বল এখনৰে ঢাকক |
| 05:36 | ই শিশু আৰু মাকক গৰম ৰাখিব |
| 05:39 | তেতিয়া, কাপোৰ এখন শিশুটো আৰু মাকৰ বুকু আৰু পেটত মেৰিয়াওঁক |
| 05:45 | মেৰিয়াওঁতে নিশ্বিত কৰিব যে - |
| 05:47 | কাপোৰ খনৰ মাজটো শিশুটোত হ’ব লাগে |
| 05:50 | আৰু কাপোৰ খনৰ দুয়োটা কাষ - |
| 05:53 | মাকৰ বগলেদি যাব লাগে |
| 05:56 | আৰু পিঠিফালে ক্ৰচ কৰিব লাগে |
| 05:59 | তাৰপাছত কাপোৰ খনৰ মূৰ দুটা সন্মুখলৈ আনক |
| 06:03 | কাপোৰ খনৰ মূৰ দুটাৰে শিশুটোৰ তলফালে সুৰক্ষিত গাঠি এটা মাৰি লওঁক |
| 06:09 | ই আৰামদায়ক হয় আৰু শিশুটোক সমৰ্থনত সহায় কৰে |
| 06:14 | লগতে ইয়াৰ বাবে শিশুটো পিচলি নাযায় |
| 06:17 | মনত ৰাখিব - মাকে আৰাম পালে, তেওঁ নিজে কাপোৰখন মেৰিয়াব’লে শিকিব লাগে |
| 06:24 | KMC ৰ সময়ত নিজে মেৰিওৱাৰ কৌশলৰ বিষয়ে একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হ’ব |
| 06:32 | ই মাকৰ আত্মবিশ্বাস বঢ়াব আৰু তেওঁক স্বতন্ত্ৰ কৰিব |
| 06:37 | যদি মাকে কাপোৰ এখন ব্যৱ্হাৰ কৰিবলৈ বেয়া পায় তেন্তে তেওঁ এদাল প্ৰসাৰিত হোৱা বেন্দ ল’ব পাৰে |
| 06:43 | ই ব্যৱ্হাৰ কৰিবলৈ সহজ আৰু আৰামদায়ক |
| 06:46 | এদাল প্ৰসাৰিত হোৱা বেন্দ ব্যৱ্হাৰ কৰোতে- |
| 06:49 | বেন্দদালৰ মূৰটো শিশুটোৰ কাণৰ ওপৰলৈ নিয়ক যাতে তাৰ মুৰটো সহাৰি দিয়ে |
| 06:54 | পাছত, শিশুটোৰ মুৰটো লাহেকৈ ঘূৰাওঁক- |
| 06:57 | মুক্তকৈ উশাহ ল’বলৈ আৰু |
| 06:59 | মাকৰ চকুলৈ চাবলৈ আগতে বৰ্ণোৱাৰ দৰে |
| 07:04 | মেৰিওঁৱা কাপোৰখন বা প্ৰসাৰিত হোৱা বেন্দদাল বেছি টান বা ধিলা হ’ব নালাগে |
| 07:11 | ই শিশুটোৱে মুক্তভাবে উশাহ ল’বলৈ আৰামদায়ক হ’ব লাগিব |
| 07:15 | মনত ৰাখিব, শিশু এটাক KMC অৱস্থাত লওঁতে, মাকে পাৰিব লাগিব- |
| 07:20 | খোজকাঢ়িব, থিয় হ’ব, বহিব বা |
| 07:23 | বিভিন্ন কাম কৰিব |
| 07:26 | যদি মাক এগৰাকী যথেষ্ট আৰামত আছে তেন্তে- |
| 07:29 | তেওঁ কংগাৰু কেয়াৰৰ সময়ত হাউলি পেলাই বা আধা হাউলা স্থিতিটো শুব পাৰে |
| 07:35 | এতিয়া আহক KMC ৰ সময়ত শিশুটোক স্তনপানৰ বিষয়ে আলোচনা কৰো- |
| 07:40 | হয়তো মাকে শিশুটোক স্তনপান কৰাব পাৰে- |
| 07:43 | মেৰিওৱা কাপোৰখন ঢিলা কৰি আৰু |
| 07:46 | স্তনপানৰ বাবে শিশুটোক সঠিক স্থিতিত ৰাখি |
| 07:50 | বা তেওঁ নিজ হাতেৰে গাখীৰ উলিয়াব পাৰে আৰু |
| 07:54 | শিশুটোক কাপ বা চামোচ এখনৰ দ্বাৰা খুৱাব পাৰে |
| 07:57 | মনত ৰাখিব, প্ৰতিদিনে শিশুটোৰ ওজন ২৫ৰ পৰা ৩০ গ্ৰাম মান বাঢ়িব লাগে |
| 08:03 | শিশু এটাৰ ওজন এমাহত প্ৰায় ৯০০ৰ পৰা ১০০০ গ্ৰাম বাঢ়িব লাগে |
| 08:10 | গতিকে, মাকে বা স্বাস্থ্য কৰ্মীয়ে - |
| 08:13 | নিয়মিত পৰ্যবেক্ষণৰ সময়ত শিশুটোৰ ওজন চাব লাগে |
| 08:17 | যদি শিশুটোৰ উপযুক্ত পৰিমাণৰ ওজন নাবাঢ়ে- |
| 08:21 | স্বাস্থ্য কৰ্মীয়ে মাকৰ স্তনপানৰ কৌশলটো চাব লাগে বা |
| 08:25 | শিশুটোৱে কিমানবাৰ পেচাব কৰে চাব লাগে |
| 08:28 | লগতে, মাকক সঠিককৈ যুক্ত হোৱাৰ বিষয়ে বুজাব লাগে |
| 08:32 | সঠিককৈ যুক্ত হোৱাৰ বিষয়ে একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণোৱা হৈছে |
| 08:39 | পাছত, আহক শিশুটোক মেৰিওঁৱা কাপোৰৰ পৰা উলিয়াবলৈ শিকো - |
| 08:44 | প্ৰথমে, মাকে একদম চিধা হৈ বহিব লাগে |
| 08:48 | পাছত, এটা হাতেৰে গাঠিটো খুলিবলৈ আৰম্ভ কৰক আৰু |
| 08:53 | মেৰিওঁৱা কাপোৰখনৰ বাহিৰফালে আনটো হাতেৰে শিশুটোৰ তলফালে সহাৰি দিয়ক |
| 08:58 | তাৰ পাছত- একেটা হাতেৰে মেৰিওঁৱা কাপোৰখন ধিলা কৰক যাক আগতে গাঠিটো খুলিবলৈ ব্যৱ্হাৰ কৰিছিলে |
| 09:04 | পাছত- কাপোৰখনৰ ভিতৰেদি হাতটো আনক যিটোৱে শিশুটোৰ তলফালে সহাৰি দি আছিলে আৰু |
| 09:11 | কাপোৰখনৰ বাহিৰফালে শিশুটোৰ তলফালে সহাৰি দিবলৈ আনটো হাত ব্যৱ্হাৰ কৰক |
| 09:16 | তেতিয়া, শিশুটো ওপৰলৈ উঠাওঁক আৰু মেৰিওঁৱা কাপোৰখনৰ পৰা মুক্ত কৰক |
| 09:21 | তাৰপাছত, শিশুটোৰ মুৰটো এনেদৰে ধৰিবলৈ মনত ৰাখিব- |
| 09:26 | যাতে বুঢ়া আঙুলিটো এখন কাণৰ পাচফালে আৰু |
| 09:28 | বাকী আঙুলিসমূহ আনখন কাণৰ পাচফালে থাকে |
| 09:30 | KMC ৰ সময়ত- |
| 09:32 | মাকে তৎক্ষণাত ডাক্তৰ আৰু স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব লাগে - |
| 09:37 | যদি শিশুটো সতৰ্ক আৰু সক্ৰিয় নহয় |
| 09:41 | যদি শিশুটোৱে অতি ঘনকৈ উশাহ লৈছে বা বহুত ধীৰে ধীৰে লৈছে |
| 09:46 | যদি শিশুটোৰ উঠ বা জিভা নীলা হয় |
| 09:50 | আৰু যদি শিশুটোৰ ভৰিদুটা ঠাণ্ডা হয় |
| 09:53 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 09:58 | সংযোগ কৰাৰ বাবে ধন্যবাদ, এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা |