Health-and-Nutrition/C2/Indian-Law-to-Protect-Breastfeeding/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 স্তনপানক সুৰক্ষিত কৰিবলৈ ভাৰতীয় কানুনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 ইনফেন্ত মিল্ক চাবষ্টিতিউতচ বা IMS ৰ বিষয়ে
00:13 IMS কানুন
00:16 আহক প্ৰথমে বুজো ইনফেন্ত মিল্ক চাবষ্টিতিউতচ কি হয়?
00:23 ইনফেন্ত মিল্ক চাবষ্টিতিউতচক লগতে কোৱা হয় IMS
00:29 IMS হৈছে শিশু খাদ্যসমূহ যাক প্ৰদৰ্শিত কৰা হয় এটা আংশিক
00:33 বা সম্পূৰ্ণ প্ৰতিস্থাপন হিচাবে স্তনৰ গাখীৰৰ বাবে
00:39 তাত সংলগ্ন হয় ২ বছৰ বয়সলৈকে শিশুসমূহৰ বাবে সকলো বাণিজ্যিক খাদ্যসমূহ
00:48 এই টিউট’ৰিয়েলটোত, আমি IMS ক শিশুৰ বাণিজ্যিক খাদ্যসমূহ বা শিশুৰ খাদ্যসমূহ অনুসৰি চাম
00:58 মানুহে শিশুৰ বাণিজ্যিক খাদ্যসমূহ কিয় ব্যৱ্হাৰ কৰে?
01:03 শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ জনাজাত ব্যৱ্হাৰৰ বাবে ৫ টা প্ৰধান কাৰণ আছে
01:11 প্ৰথম কাৰণটো হৈছে কল্পিত কথা যিয়ে শিশুৰ বাণিজ্যিক খাদ্যসমূহক স্তনৰ গাখীৰৰ সৈতে তুলনা কৰে
01:20 এইটো বিশ্বাস কৰা হয় যে সিহত স্তনৰ গাখীৰৰ দৰে উত্তম
01:26 সিহতে স্তনপানক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে
01:31 কিছুমান অজ্ঞাত লোকে সিহতক স্তনৰ গাখীৰতকৈ উন্নত বুলি বিশ্বাস কৰিব পাৰে
01:40 এই কল্পিত কথাটো লোকপ্ৰিয় কাৰণ সিহতৰ ক্ষতিসমূহ জনা নাযায় বা সহজে দেখা নাযায়
01:48 মানুহক সিহতৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সঠিককৈ কোৱা নহয়
01:54 লগতে, বিপণন কৌশলসমূহে সিহতক স্তনৰ গাখীৰৰ সমতুল্য বুলি প্ৰচাৰ কৰে
02:02 আনকি বহুতো ডক্তৰ বা স্বাস্থ্য সেৱা কৰ্মী সিহতৰ ক্ষতিকাৰক প্ৰভাৱসমূহৰ বিষয়ে জ্ঞাত নহয়
02:10 তেওঁলোকে স্তনপান নকৰোৱাৰ বাবে হোৱা লোকচানসমূহ নাজানে
02:17 সেইবাবে, শিশুৰ বাণিজ্যিক খাদ্যসমূহক সৰহসংখ্যক লোকে বিপদজনক বুলি নাভাবে
02:25 শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ এটা সাধাৰণ সামাজিক গ্ৰাহ্যতা আছে
02:32 ই প্ৰযোজ্য হয় আহাৰ খুওৱা বটল আৰু কৃত্তিম স্তনাগ্ৰৰ ক্ষেত্ৰতো
02:39 কোনো শিশুৰ বাণিজ্যিক খাদ্য স্তনৰ গাখীৰৰ সমতুল্য হ’ব নোৱাৰে
02:46 সিহতে হয়তো স্তনৰ গাখীৰৰ কমন উপাদানসমূহক অনুকৰণ কৰিব পাৰে
02:52 কমন উপাদানসমূহ হৈছে প্ৰ’টিনচ, কেল’ৰিচ বা চৰ্বী
02:59 তথাপি, সিহতত স্তনৰ গাখীৰৰ দৰে বহুসংখ্যক উপাদান নাথাকে
03:06 লগতে, স্তনৰ গাখীৰ ভিন্ন হয় প্ৰতিগৰাকী মাক আৰু তেওঁৰ শিশুৰ বাবে
03:13 শিশুৰ বাণিজ্যিক খাদ্যসমূহত এই গুণটো নাথাকে
03:18 সিহত একেই হয় সকলো মাক আৰু শিশুৰ বাবে
03:24 সিহতত লগতে স্তনপানৰ দৰে মানসিক-আৱেগিক লাভসমূহো নাথাকে
03:31 সিহতক অতি ভালকৈ জনা যায় অপুষ্টি বা মেদবহুলতা সৃষ্টিৰ বাবে
03:38 সিহতে লগতে সংক্ৰমণজনীত বা অসংক্ৰমণজনীত ৰোগৰ সৃষ্টি কৰে
03:44 এই ৰোগসমূহ হৈছে হৃদয় তথা ৰক্তবাহিকাৰ সমস্যাসমূহ
03:48 আৰু এলাৰ্জিচ
03:51 সিহতৰ আটাইতকৈ বেয়া প্ৰভাৱটো হৈছে সিহতে স্তনপানক শিশুসমূহৰ বাবে অদৰকাৰী কৰি তোলে
03:59 সিহতে স্তনপান যে বিনামূলীয়া আৰু উৎকৃষ্ট তাক মানুহে চোৱাক বন্ধ কৰে
04:08 শিশুৰ খাদ্যসমূহ ব্যৱ্হাৰ কৰাৰ দ্বিতীয় কাৰণটো হৈছে সিহত দেখিবলৈ এটা সহজ চৰ্তকাত যেন লাগে
04:16 স্তনপান কৰোৱাটো হৈছে এটা দক্ষতা
04:19 সঠিক স্তনপানৰ কৌশলক শিকোতে বা পাৰ্গত হওঁতে সময় আৰু প্ৰচেষ্টা লাগে
04:28 স্তনপান কৰাবলৈ শিকোতে সমস্যা থাকিব পাৰে
04:34 মাকক পৰিয়ালৰ সমৰ্থন লাগে ঘৰতে স্তনপান কৰাবলৈ
04:40 তেওঁক লগতে সমাজৰ সমৰ্থন লাগে ঘৰৰ বাহিৰত বা কামত স্তনপান কৰাবলৈ
04:49 সেইবাবে, শিশুৰ বাণিজ্যিক খাদ্যসমূহক সুবিধাজনক বিকল্প হিচাবে গণ্য কৰা হয়
04:57 আহক এতিয়া শিশুৰ বাণিজ্যিক খাদ্যসমূহ ব্যৱ্হাৰৰ তৃতীয় কাৰণটো আলোচনা কৰো
05:04 ভালকৈ নজনা স্বাস্থ্য সেৱা কৰ্মীসকলে শিশুৰ খাদ্যসমূহক ব্যৱ্হাৰ কৰে এটা সৰল সমাধান হিচাবে
05:12 তেওঁলোকে মাকসকলক সঠিককৈ স্তনপান কৰাবলৈ সহায় কৰিবলৈ নাজানিব পাৰে
05:18 গতিকে, এটা সমস্যাজনীত অৱস্থাত, তেওঁলোকে দিফল্টভাবে শিশুৰ বাণিজ্যিক খাদ্যসমূহক পৰামৰ্শ দিয়ে
05:27 শিশুৰ খাদ্যসমূহ ব্যৱ্হাৰ কৰাৰ চতুৰ্থ কাৰণটো হৈছে নিৰ্মানকৰ্তাৰ দ্বাৰা সিহতৰ অত্যাধিক প্ৰচাৰ কৰা
05:36 বৈজ্ঞানিক শব্দ আৰু পুৰষ্কাৰ ব্যৱ্হাৰ কৰা হয় মানুহক শিশু খাদ্যসমূহ কিনিবলৈ সন্মত কৰিবলৈ
05:44 তেওঁলোকে স্বাস্থ্য সেৱা কৰ্মীসকলক সন্মত কৰে সহজে শিশু খাদ্যসমূহৰ ব্যৱ্হাৰক উপদেশ দিবলৈ
05:52 শিশুৰ খাদ্যসমূহ ব্যৱ্হাৰ কৰাৰ পঞ্চম কাৰণটো হৈছে নতুন মাকসকলৰ আৱেগিক দুৰ্বলতা
06:01 তেওঁলোকৰ নিজা সমস্যাসমূহৰ সময়ত উদ্বেগ বৃদ্ধি হয়
06:06 সিহত লগতে বৃদ্ধি হয় দুৰ্যোগৰ সময়ত যেনে বানপানী বা COVID-19 ৰ সংকট
06:16 তেওঁলোকে আত্মবিশ্বাস হেৰুৱাই আৰু ভাবে যে স্তনৰ গাখীৰ তেওঁলোকৰ শিশুটোৰ বাবে যথেষ্ট নহয়
06:23 তেওঁলোকে শিশুৰ খাদ্যসমূহৰ উপকাৰিতাৰ ভুল পৰামৰ্শক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে
06:31 তেতিয়া তেওঁলোকে শিশুৰ বাণিজ্যিক খাদ্যসমূহক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে
06:37 এতিয়া আহক শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ প্ৰচাৰৰ ইতিহাসক বিতংকৈ আলোচনা কৰো
06:45 ইয়াৰ আবিষ্কাৰৰ পাছত, প্ৰচাৰে স্তনপানক দেখিবলৈ অদৰকাৰী কৰি তুলিলে
06:53 সিহতৰ কোম্পানীসমূহে পোনপটীয়াকৈ গৰ্ভৱতী বা স্তনপান কৰোৱা মহিলা আৰু স্বাস্থ্যকৰ্মীসকলক লক্ষ্য কৰে
07:02 তেওঁলোকে পুষ্টি বা স্তনপানৰ কৰ্মশালাৰ দ্বাৰা শিশু খাদ্যসমূহক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে
07:09 তেওঁলোকে জৰূৰীকালীন অৱস্থা যেনে বানপানী বা ভূমিকম্পৰ সময়ত বিনামূলীয়াকৈ প্ৰদাক্ত বিতৰণ কৰে
07:19 তেওঁলোকে লগতে গেলামালৰ দোকান আৰু ফাৰ্মাচিতো শিশু খাদ্যসমূহ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে
07:27 শিশুৰ বাণিজ্যিক খাদ্যসমূহ লক্ষণীয়ভাবে দোকানত দৰ্শিত হৈ থাকে
07:33 তেওঁলোকে মানুহক প্ৰৰোচনাৰ দ্বাৰা আকৰ্ষণ কৰে শিশুৰ বাণিজ্যিক খাদ্যসমূহ কিনি ব্যৱ্হাৰ কৰিবলৈ
07:42 স্বাস্থ্য কৰ্মীসকলে বুজি পালে এই কৌশলসমূহ শিশুসমূহৰ বাবে কিমান ক্ষতিকাৰক
07:50 শিশুকাল হৈছে জীৱনৰ এটা দুৰ্বল সময়
07:55 অনুপযোগী খাদ্য খুওঁৱাৰ অভ্যাসসমূহ যেনে শিশু খাদ্যসমূহৰ অনুচিত ব্যৱ্হাৰ হৈছে অতিকৈ বিপদজনক
08:05 গতিকে, শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ প্ৰচাৰক নিয়ন্ট্ৰণ কৰিবলৈ বিশেষ কানুনৰ প্ৰয়োজন
08:14 সেইবাবে, ইন্তাৰনেচনেল ক’ড অফ মাৰ্কেতিং অফ ব্ৰেষ্টমিল্ক চাবষ্টিতিউতচ নিৰ্মাণ কৰা হ’ল
08:23 ইয়াক ওৱৰ্ল্দ হেলথ এচেম্বলিয়ে ১৯৮১ চনত গ্ৰাহ্য কৰিলে
08:30 ই সকলো দেশকে শিশুৰ খাদ্যসমূহৰ বাণিজ্যক নিয়ন্ট্ৰণ কৰিবলৈ কানুন বনাবলৈ অনুমোদন দিলে
08:39 ভাৰতে পাচ কৰিলে “ইনফেন্ত মিল্ক চাবষ্টিতিউতচ, ফিদিং বটলচ আৰু ইনফেন্ত ফোদচ (ৰেগুলেচন অফ প্ৰদাকচন, চাপ্লাই আৰু দিচত্ৰিবিউচন) এক্ত ১৯৯২, আৰু আমেন্দমেন্ত এক্ত ২০০৩”
08:57 ইয়াক লগতে কোৱা হয় IMS এক্ত
09:02 সকলো দেশসমূহে বহুতো কানুন পাচ কৰিলে ক’ডটো আইনীকৰণ কৰি
09:09 সকলো কানুনসমূহৰ ভিতৰত, IMS এক্তটো হৈছে এটা আটাইতকৈ কঠোৰ কানুন
09:17 IMS এক্তৰ বিধানসমূহক অতি চাফাকৈ থোৱা হৈছে BPNI ৰ দ্বাৰা
09:25 BPNI হৈছে ব্ৰেষ্টফিদিং প্ৰম’চন নেতৱৰ্ক অফ ইন্দিয়া
09:32 এতিয়া, আহক IMS এক্তৰ ১০ টা উলঙ্ঘণক আলোচনা কৰো
09:39 IMS এক্তক উলঙ্ঘণ কৰা বুলি ধৰা হ’ব যদি:
09:44 খাদ্য এবিধক প্ৰচাৰ কৰা হয় যিকোনো অৰ্থত বিশেষকৈ ২ বছৰ বয়সলৈকে শিশুৰ বাবে বুলি
09:53 খাদ্যবিধৰ নামটোৰ লগত কোনো কথা নাই
09:57 যদি প্ৰদাক্তসমূহক IMS এক্তৰ সুযোগৰ ভিতৰত বিজ্ঞাপন দিয়া হৈছে
10:04 ই সংলগ্ন কৰে শিশুৰ গাখীৰৰ বিকল্পসমূহ, আহাৰ খুওঁৱা বটলসমূহ আৰু শিশুৰ খাদ্যক
10:12 যিকোনো বিজ্ঞাপন যিকোনো ফৰ্ম বা মাধ্যমত দিলে সি IMS এক্তক উলঙ্ঘা কৰে
10:20 ই সংলগ্ন কৰে TV, বাতৰি কাকত, আলোচনি, জাৰ্নেলচ, ৰেডিঅ’, SMS বিজ্ঞাপনসমূহক
10:30 ই লগতে সংলগ্ন কৰে চ’চিয়েল মিদিয়া, বিলব’ৰ্দচ, বেনাৰ্চ আৰু আন বিজ্ঞাপনসমূহক
10:39 যদি প্ৰদাক্ত বা ইয়াৰ চেম্প’লসমূহক কোনো লোকক পোনপটীয়াকৈ বিতৰণ কৰা হৈছে
10:47 ই সংলগ্ন কৰে গৰ্ভৱতী মহিলা বা স্তনপান কৰোৱা মহিলাক
10:53 যদি কোনো প্ৰকাৰৰ লোভ দিয়া হৈছে প্ৰদাক্তটো ব্যৱ্হাৰ বা বিক্ৰি কৰিবলৈ
11:01 লোভসমূহ হ’ব পাৰে দিচকাউন্টচ বা বিনামূলীয়া উপহাৰ ইত্যাদি
11:08 যদি IMS ৰ প্ৰচাৰলৈ সংগতি ৰাখি শিক্ষাজনীত সামগ্ৰীৰ বিতৰণ কৰা হৈছে
11:16 যদি এই প্ৰদাক্তসমূহৰ লেবেলত বিশেষ ফটো লগোৱা হৈছে বিক্ৰিক বৰ্দ্ধিত কৰিবলৈ
11:24 এই ফটোসমূহ হ’ব পাৰে মাকৰ, শিশুৰ, কাৰ্টুনচ, গ্ৰাফিকচ ইত্যাদি
11:33 যদি এখন হস্পিতাল, নাৰ্চিং হ’ম, ফাৰ্মাচিয়ে যিকোনো প্ৰকাৰে IMS ৰ প্ৰচাৰ কৰে
11:41 ই সংলগ্ন কৰে IMS কোম্পানীসমূহৰ প্ৰাচীৰপত্ৰ বা প’ষ্টাৰচ দৰ্শিত কৰাক
11:49 যদি টকা বা উপহাৰ অফাৰ কৰা হৈছে স্বাস্থ্য কৰ্মীসকল বা তেওঁলোকৰ পৰিয়ালক IMS ৰ প্ৰচাৰ কৰিবলৈ
11:58 যদি এটা IMS কোম্পানী বা ইয়াৰ বিতৰকে দাইৰেক্ত বা ইন্দাইৰেক্ত অৱদান প্ৰদান কৰে
12:08 ই সংলগ্ন কৰে অৰিহণা দিয়া চেমিনাৰ্চ,
12:11 মিতিংগচ, কনফাৰেঞ্চেচ
12:14 বা শিক্ষাজনীত কৌৰ্চসমূহৰ বাবে
12:17 ই লগতে সংলগ্ন কৰে স্পনচৰচিপচ,
12:21 ৰিচাৰ্চ গ্ৰাহ্য কৰা বা সহকাৰিতাক
12:25 স্বাস্থ্য কৰ্মীসকল বা তেওঁলোকৰ সংঘ্সমূহক স্পনচৰচিপ দিয়াকো অনুমতি দিয়া নহয়
12:33 যদি IMS ৰ বিক্ৰিৰ পৰিমাণক ভিত্তি কৰি বিক্ৰিৰ কমিচনক ফিক্স কৰা হয়
12:42 তেনে কৰিলে, IMS কোম্পানি বা ইয়াৰ প্ৰদাক্ত বিতৰকে IMS এক্তক উলংঘা কৰা হ’ব
12:51 অনুগ্ৰহ কৰি এই উলংঘনসমূহ লগে লগে ৰিপ’ৰ্ত কৰিব
12:56 তাক কৰিবলৈ, আপুনি ব্যৱ্হাৰ কৰিব পাৰে BPNI STANPAN SURAKSHA মোবাইল এপ্লিকেচন
13:05 এই এপ্লিকেচনটো অতি ইউজাৰ-ফ্ৰেন্দলি হয়
13:11 উলংঘন এটাৰ ৰিপ’ৰ্ত কৰিবলৈ ইয়াত মাত্ৰ দুটা সৰল ষ্টেপচ আছে
13:17 যেতিয়া আপুনি যিকোনো উলংঘন দেখে, এপ্লিকেচনটো খোলক
13:23 মেনুত থকা টেবত ক্লিক কৰক 'ৰিপ’ৰ্ত প্ৰম’চন অফ বেবি ফোদচ অৰ ফিদিংগ বটলচ'
13:32 ৰিপ’ৰ্ত কৰা পৃষ্ঠাটো খোল খাব
13:36 আৱশ্যকীয় তথ্য দিয়ক মনোনীত কৌলমসমূহত
13:42 যদি আপোনাৰ কিবা ফটোগ্ৰাফ বা দকোমেন্ত আছে তাক সংলগ্ন কৰক
13:48 ইয়াক চাবমিত কৰক
13:51 মনত ৰাখিব, IMS কোম্পানীসমূহে স্তনপান কৰোৱাৰ লাভসমূহ তেওঁলোকৰ বিজ্ঞাপনসমূহত দৰ্শাব পাৰে
13:59 তথাপি, যিকোনো তেনে বিজ্ঞাপনে মাক এগৰাকীৰ স্তনপান কৰোৱাৰ পৰিকল্পনাক সন্দেহ প্ৰদান কৰে
14:07 তেওঁলোকৰ বিজ্ঞাপনসমূহ দিজাইন কৰা হৈছে যিমান বেছি মাকসকলক সম্ভৱ সিমান শিশুৰ খাদ্যক বিক্ৰি কৰিবলৈ
14:14 মাক এগৰাকীয়ে যিমান সোনকালে স্তনপান কৰোৱা বন্ধ কৰে, অধিক ফৰমুলা কিনা হয়
14:21 এইবাবেই IMS কোম্পানীসমূহে স্তনপান কৰোৱাক অদৰকাৰি বুলি দেখুৱাবলৈ চেষ্টা কৰে
14:30 স্তনপান কৰা শিশু এটাৰ বাবে প্ৰয়োজনীয় হয় অতিকমেওঁ ২ বছৰ বয়স নোহোৱালৈকে
14:38 সঠিক স্তনপান কৰোৱাৰ কৌশলটো দৰকাৰী হয় পৰ্যাপ্ত পৰিমাণে স্তনপান কৰাবলৈ
14:45 ইয়াক একেটা চিৰিজৰ আন টিউট’ৰিয়েলসমূহত আলোচনা কৰা হৈছে
14:51 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9