Health-and-Nutrition/C2/Importance-of-breastfeeding/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | স্তনপানৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
| 00:09 | স্তনপানৰ গুৰূত্বৰ বিষয়ে |
| 00:12 | শিশু আৰু মাকসকলৰ বাবে স্তনপানৰ লাভসমূহ |
| 00:17 | স্তনপান হৈছে এটা গুৰূত্বপুৰ্ণ প্ৰক্ৰিয়া |
| 00:19 | ই আৰম্ভ হয় শিশু এটাৰ জন্মৰ পৰা ইয়াৰ দ্বিতীয় জন্মদিন বা তাৰ পাছতো |
| 00:26 | স্তনপানে নবজাতকক জীৱনৰ এটা সুস্থ আৰম্ভনি দিয়ে |
| 00:31 | ই শিশু এটা আৰু মাকৰ তৎক্ষণাত আৰু ভবিষ্যতৰ স্বাস্থ্যক নিৰ্ণয় কৰে |
| 00:38 | ইয়াৰ লাভসমুহ সিহত দুয়োৰে বাবে জীৱনজুৰি অটুত থাকে |
| 00:43 | আনকি অপুষ্টিত ভোগা মাকসকলেওঁ শিশুক স্তনপান কৰাব পাৰে |
| 00:49 | গৰ্ভধাৰণৰ সময়ত, স্তনৰ আকাৰ বৃদ্ধি হয় |
| 00:53 | ইয়াৰ কাৰণ হৈছে গাখীৰ উৎপন্ন কৰা কলাসমূহৰ সংখ্যা বৃদ্ধি হয় |
| 00:59 | তথাপি, স্তনৰ অন্তিম আকাৰে গাখীৰ উৎপন্ন হোৱা পৰিমাণক প্ৰভাবিত নকৰে |
| 01:07 | স্তনপান আৰম্ভ কৰিব লাগে জন্মৰ ১ ঘন্টাৰ ভিতৰতে |
| 01:13 | ই স্তনৰ গাখীৰৰ প্ৰবাহক বৃদ্ধি কৰে |
| 01:17 | সেইবাবে, স্বতন্ত্ৰ স্তনপান প্ৰথম ৬ মাহত লগতে বৃদ্ধি হয় |
| 01:24 | ই পাছলৈ ২ বছৰৰ পাছতো স্তনপানক বৃদ্ধি কৰাত সহায় কৰে |
| 01:31 | ১ ঘন্টাৰ ভিতৰত স্তনপান কৰোৱা শিশুসকলৰ নবজাতক অৱস্থাত মৃত্যু হোৱাৰ আশংকা কম হয় |
| 01:39 | পলমকৈ স্তনপান কৰোৱাই নবজাতক শিশুৰ বেমাৰ হোৱাৰ আশংকা বৃদ্ধি কৰে |
| 01:47 | উদাহৰণস্বৰূপে, মধুমেহ, মেদবহুলতা আৰু উচ্চ ৰক্তচাপ |
| 01:53 | সোনকালে স্তনপান আৰম্ভ কৰাই লগতে শিশুটোৱে ক’ল’ষ্ট্ৰম পোৱাক নিশ্বিত কৰে |
| 02:00 | ক’ল’ষ্ট্ৰম হৈছে মাকে জন্ম দিয়াৰ পাছত নিসৰণ কৰা প্ৰথম গাখীৰ |
| 02:07 | শিশুৰ বাবে, ই হৈছে শক্তি আৰু পুষ্টিকৰ পদাৰ্থৰ এটা প্ৰধান উৎস |
| 02:13 | ই সিহতৰ বাবে দৰকাৰি হয় বিশেষকৈ সিহতৰ জীৱনৰ প্ৰাথমিক দিনসমূহত |
| 02:20 | ইয়াত বৃহৎ সংখ্যক সংক্ৰমণক যুজ কৰা উপাদান থাকে, |
| 02:24 | ভিটামিন A আৰু |
| 02:26 | ভাল চৰ্বী |
| 02:28 | ক’ল’ষ্ট্ৰমত অনেক বৃদ্ধি আৰু ৰক্ষণাত্মক ফেক্তৰচ থাকে |
| 02:35 | ক’ল’ষ্ট্ৰমৰ গুণ থাকে যিয়ে পুৰণা মলক সোনকালে আতৰোৱাত সহায় কৰে |
| 02:42 | ক’ল’ষ্ট্ৰমৰ লাভসমূহক বিতংকৈ আন এটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে |
| 02:48 | অধিক তথ্যৰ বাবে ওৱেবচাইত চাওঁক |
| 02:52 | মনত ৰাখিব যে স্বতন্ত্ৰ স্তনপান প্ৰথম ৬ মাহৰ বাবে কৰিব লাগে |
| 02:59 | স্তনৰ গাখীৰ হৈছে এটা বিশেষ প্ৰাকৃতিক খাদ্য যাক নকল কৰিব নোৱাৰি |
| 03:05 | যেতিয়া শিশুটোৰ ৬ মাহ সম্পূৰ্ণ হয়, পৰিপূৰক আহাৰ আৰম্ভ কৰিব লাগে |
| 03:12 | ইয়াক স্তনপানৰ সৈতে একেলগে দিব লাগে |
| 03:16 | স্তনপান কৰাই থাকিব লাগে ২ বছৰ বা ততোধিক নোহোৱালৈকে |
| 03:22 | শিশুসমূহৰ বাবে স্তনপানৰ বহুতো লাভ আছে |
| 03:27 | পুষ্টিকৰ পদাৰ্থ আৰু স্তনৰ গাখীৰৰ সংমিশ্ৰণ শিশুসমূহৰ বাবে হজম কৰিবলৈ সহজ হয় |
| 03:34 | স্তনৰ গাখীৰৰ দ্বাৰা শিশুসমূহে এন্তিব’দিচ পায় |
| 03:38 | এন্তিব’দিচে শিশুটোৰ ইমিওনিতি শক্তিশালী কৰে আৰু সংক্ৰমণ হোৱাৰ আশংকা কমায় |
| 03:46 | অতিৰিক্তভাবে, ই শিশুসমূহত এলাৰজিক ৰিয়েকচনক প্ৰতিহত কৰে |
| 03:52 | স্তনৰ গাখীৰত লগতে বৃদ্ধিৰ ফেক্তৰচ থাকে |
| 03:56 | সিহতে শিশুটোৰ অন্ত্ৰৰ পাকসমূহৰ বিকাশত সহায় কৰে |
| 04:02 | ই শিশুটোৰ অন্ত্ৰত ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহাৰি জনায় |
| 04:08 | সেইদৰে, ই শিশুসমূহক অন্ত্ৰজনীত প্ৰদাহ আৰু সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে |
| 04:16 | একেদৰে, ই শৰীৰৰ আন সকলো অংগৰ বিকাশত সহায় কৰে |
| 04:22 | স্তনপানে ডায়েৰিয়া হোৱাৰ আশংকাক কমায় |
| 04:27 | আন লাভসমূহ হৈছে কাণৰ সংক্ৰমণৰ পৰা প্ৰতিৰক্ষা |
| 04:31 | আৰু দাত ক্ষাৰে ধৰা |
| 04:33 | হনুৰ বিকাশ আৰু দাতৰ সঠিক শ্ৰেণীবদ্ধতা হৈছে আন কিছু উদাহৰণ |
| 04:41 | জীৱনত পাছলৈ কিছু বেমাৰ উৎপন্ন হোৱাৰ আশংকাওঁ লগতে কমে |
| 04:48 | উদাহৰণস্বৰূপে, মধুমেহ, মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু তেজৰ কেঞ্চাৰ |
| 04:56 | হাওঁফাওঁজনীত ৰোগ যেনে হাপানি আৰু নিউম’নিয়া হোৱাৰ আশংকাওঁ লগতে কমে |
| 05:04 | স্তনপানে ১ বছৰ বয়সৰ তলৰ শিশুসমূহৰ হঠাতে মৃত্যু হোৱাৰ সম্ভাৱনাকো কমায় |
| 05:14 | স্তনপান কৰোৱা শিশুসকলৰ লগতে atopic eczema হোৱাৰ আশংকাওঁ কম হয় |
| 05:22 | Eczema হৈছে এটা অৱস্থা য’ত ছালত ৰঙা, খজুৱতিযুক্ত আৰু শুকান আচ পৰে |
| 05:30 | স্তনপান কৰোৱা শিশুসকলক লগতে বেমাৰ আৰু সংক্ৰমণৰ বাবে কমকৈ হস্পিতালত ভৰ্তি কৰিব লাগে |
| 05:39 | স্তনপান কৰোৱা শিশুসকলৰ ভোকৰ ওপৰত ভাল নিয়ন্ট্ৰণ থাকে |
| 05:44 | স্তনৰ গাখীৰত ভোকলগাক নিয়ন্ট্ৰণ কৰা হৰম’নচ থাকে |
| 05:48 | তেনে হৰম’নে শিশুসকলক নিজৰ শৰীৰৰ ভোকলগা আৰু তৃপ্তিৰ সংকেতসমূহক শুনোতে সহায় কৰে |
| 05:57 | শিশুসমূহৰ এই নিজশ্বতাত বাধা আহে যাক স্তনপান কৰোৱা নহয় |
| 06:03 | আনকি ইয়াৰ ফলত হ’ব পাৰে অত্যাধিক ভোজন কৰা, |
| 06:07 | মেদবহুলতা আৰু পাছলৈ মধুমেহ |
| 06:11 | স্তনপানৰ লগতে মগজুৰ ওপৰতো এটা প্ৰভাৱ থাকে |
| 06:15 | স্তনৰ গাখীৰত উপাদান থাকে যি মগজুৰ বিকাশ আৰু পূৰ্ণতাত সহায় কৰে |
| 06:23 | স্তনপান কৰা শিশুসমূহৰ এটা উচ্চ IQ আৰু আন গুণসমূহ থাকে |
| 06:28 | স্তনৰ গাখীৰে অকালপক্ক শিশুসমূহক আনকি অধিক লাভ দিয়ে |
| 06:34 | স্তন চুপি থকাই তেনে শিশুসমূহৰ উশাহ-নিশাহ লোৱাক উন্নত কৰে |
| 06:40 | এই শিশুসমূহৰ অন্ত্ৰজনীত সংক্ৰমণ হোৱাৰ আশংকা থাকে |
| 06:47 | উদাহৰণস্বৰূপে: ডায়েৰিয়া আৰু Necrotizing enterocolitis যাক জনা যায় NEC হিচাবে |
| 06:56 | NEC হৈছে এটা সংকটজনক অৱস্থা যি অন্ত্ৰত সংক্ৰমণ আৰু ক্ষতি হোৱাৰ বাবে হয় |
| 07:05 | স্তনৰ গাখীৰে অকালপক্ক শিশুসমূহক এই সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে |
| 07:11 | অকালপক্ক শিশুসমূহৰ মাকৰ গাখীৰত প্ৰচুৰকৈ সংক্ৰমণৰ লগত যুজ দিয়া প্ৰ’টিন থাকে |
| 07:19 | ইয়াত লগতে অন্ত্ৰৰ সুৰক্ষাজনীত বৃদ্ধিক সহাৰি দিয়া ফেক্তৰচ থাকে |
| 07:25 | উচ্চ ঘনত্বৰ বিশেস এমিন’ এচিদ আৰু ভাল বেক্টেৰিয়াওঁ লগতে থাকে |
| 07:33 | এই এমিন’ এচিদসমূহ অকালপক্ক শিশুসমূহৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় হয় |
| 07:40 | তেনেদৰে, স্তনৰ গাখীৰে সহায় কৰে সংক্ৰমণক প্ৰতিহত কৰাত |
| 07:43 | আৰু ওজন বৃদ্ধিত |
| 07:46 | স্তনপানে অকালপক্কভাবে জন্ম হোৱাৰ বাবে হোৱা দীঘলীয়া সময়ৰ সমস্যাসমূহকো কমায় |
| 07:52 | উদাহৰণস্বৰূপে, হাওঁফাওঁ আৰু চকুৰ সমস্যাসমূহ |
| 07:57 | সেইবাবে, অকালপক্ক শিশুসমূহে উচ্চ পৰিমাণে স্তনৰ গাখীৰ পাব লাগে |
| 08:04 | আনকি কংগাৰু মাদাৰ কেয়াৰ লগতে জনা যায় KMC হিচাবে, দৰকাৰি হয় অকালপক্ক শিশুসমূহৰ বাবে |
| 08:12 | ই তেওঁলোকৰ স্তনপানৰ ফ্ৰিকোৱেঞ্চি আৰু সময়ক উন্নত কৰে |
| 08:18 | KMC ৰ সময়ত ছালৰ লগত ছালৰ স্পৰ্শই শিশুটোৰ শৰীৰৰ উষ্ণতাক অটুত ৰখাত সহায় কৰে |
| 08:27 | ই লগতে শিশুটোৰ হৃদস্পন্দন আৰু তেজৰ অক্সিজেন লেভেলচ অটুত ৰখাত সহায় কৰে |
| 08:35 | কংগাৰু মাদাৰ কেয়াৰ প্ৰণালীক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 08:42 | শিশুসমূহৰ ওপৰিওঁ, স্তনপান মাকসকলৰ বাবেওঁ লাভজনক হয় |
| 08:48 | লাভসমূহ লগে লগে আৰু দীঘলীয়া সময়ৰ বাবে হয় |
| 08:53 | শিশুৰ জন্মৰ পাছত লগে লগে স্তনপান কৰালে গুপ্তাংগৰ ৰক্তক্ষৰণ কমোৱাত সহায় কৰে |
| 08:59 | ই শৰীৰত অক্সিত’চিন হৰম’নৰ লেভেলক বৃদ্ধি কৰে |
| 09:05 | ই শৰীৰৰ পৰা অমৰাটোক বাহিৰ ওলোৱাত সহায় কৰে |
| 09:09 | ইয়াৰ ফলত গৰ্ভাশয়ৰ সংকোচন উন্নত হয় আৰু গুপ্তাংগৰ ৰক্তক্ষৰণ কমে |
| 09:17 | তেনেদৰে, মাকসকলৰ এনিমিয়াক প্ৰতিহত কৰিব পাৰি |
| 09:21 | মাকসকলে স্তনপান কৰোৱাৰ মানসিক সুবিধা আছে |
| 09:27 | সঘনাই ছালৰ লগত ছালৰ স্পৰ্শই মাক আৰু তেওঁৰ শিশুটোৰ মাজত বান্ধোনৰ সৃষ্টি কৰে |
| 09:35 | এই বান্ধোনে মাকক স্তনপানৰ বাবে প্ৰস্তুত কৰে |
| 09:39 | চুৰান্তভাবে, ই মাকসকলৰ প্ৰসৱজনীত ভাগৰ আৰু অৱসাদক কমায় |
| 09:46 | স্তনপানৰ লগতে মাকসকলৰ বাবে দীঘলীয়া লাভসমূহ আছে |
| 09:51 | ই পাছৰ বয়সত হাড়সমূহ দুৰ্বল হোৱাক প্ৰতিহত কৰে |
| 09:56 | স্তনৰ কেঞ্চাৰ আৰু অভেৰিয়ান কেঞ্চাৰ হোৱাৰ আশংকাওঁ লগতে কমে |
| 10:02 | গৰ্ভধাৰণৰ সময়ত, মহিলাৰ শৰীৰৰ ভিতৰৰ অংগসমূহত চৰ্বী জমা হয় |
| 10:08 | যেনে পেট, অন্ত্ৰ আৰু লিভাৰ |
| 10:12 | এই চৰ্বী পেট বা উদৰ অংশত লুপ্ত হৈ থাকে |
| 10:18 | এই চৰ্বী অতিশয় বৃদ্ধিৰ ফলত হ’ব পাৰে ইনচুলিন ৰেজিচতেঞ্চ, |
| 10:23 | মধুমেহ আৰু মেদবহুলতা |
| 10:26 | স্তনপানে মহিলাৰ এই চৰ্বী কমোৱাত সহায় কৰে |
| 10:31 | ই মেদবহুলতা, ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ৰোগসমূহ হোৱাৰ আশংকাক কমায় |
| 10:37 | স্বতন্ত্ৰ স্তনপানে এটা প্ৰাকৃতিক জন্ম নিয়ন্ট্ৰক হিচাবে কাম কৰিব পাৰে |
| 10:44 | তথাপি, দম্পতিসকলে প্ৰসৱৰ ৬ সপ্তাহৰ পাছত গৰ্ভনিৰোধক ব্যৱ্হাৰ কৰিব লাগে |
| 10:50 | ই দুটা গৰ্ভধাৰণৰ মাজত ব্যৱধান ৰখাত সহায় কৰে |
| 10:56 | স্তনপানৰ কিছু অৰ্থনৈতিক লাভ আছে |
| 11:00 | স্তনৰ গাখীৰ বিনামূলীয়াভাবে উপলদ্ধ হয় আৰু ই শিশুটোৰ বাবে উৎকৃষ্ট |
| 11:07 | ইয়াত ফৰ্মুলা গাখীৰ, বটল আৰু প্লাষ্টিকৰ স্তনাগ্ৰৰ দৰে টকা-পইচা খৰচ নহয় |
| 11:14 | স্তনৰ গাখীৰ প্ৰস্তুত কৰোতে লগতে অতিৰিক্ত সময়ো অতিবাহিত কৰিব নালাগে |
| 11:20 | গৰম পানী, বাচন-বৰ্তন আৰু ইন্ধনৰো প্ৰয়োজন নহয় স্তনৰ গাখীৰ প্ৰস্তুত কৰিবলৈ |
| 11:28 | লেতেৰা পানী বা লেতেৰা গাখীৰ খুওঁৱা বটলে শিশুটোক ৰূগীয়া কৰিব পাৰে |
| 11:35 | সেইবাবে, ভবিষ্যতৰ বছৰসমূহত মাক আৰু শিশুটোৰ বাবে স্বাস্থ্যৰ যত্ন লোৱা খৰছসমূহ কম হয় |
| 11:42 | স্তনপানৰ লগতে কিছু পৰিবেশজনীত লাভো আছে |
| 11:47 | প্ৰথমতে, স্তনপানত কোনো পেকেট কৰা বা পৰিবহন অন্তৰ্ভুক্ত নহয় |
| 11:54 | ই উৎপন্ন নকৰে কোনো জাবৰ, |
| 11:57 | ধোৱা বা হুলস্থুল |
| 12:00 | ই গ্ল’বেল ৰিচ’ৰ্চসমূহ আৰু শক্তিক বচাই প্ৰদূষণক কমায় |
| 12:06 | সেইবাবে, স্তনপান হৈছে উৎকৃষ্ট অপচন |
| 12:10 | মাকসকলে শিশুটোক জন্মৰ পৰা ২ বছৰ বয়স নোহোৱালৈকে স্তনপান কৰোৱাক নিশ্বিত কৰিব লাগে |
| 12:18 | ই হৈছে শিশুটো আৰু লগতে মাকৰ ভাল স্বাস্থ্যৰ বাবে |
| 12:24 | স্তনপান কৰাবৰ বাবে সঠিক স্তনপানৰ কৌশলৰ এটা বুজাপৰাৰ প্ৰয়োজন হয় |
| 12:30 | তাৰ ওপৰিওঁ, পৰিয়ালৰ পৰা পৰ্যাপ্ত সহাৰি আৰু পৰামৰ্শৰো আৱশ্যক হয় |
| 12:38 | এই সকলোৰে বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 12:44 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |