Health-and-Nutrition/C2/How-to-bathe-a-newborn/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | নবজাতক এটাক কেনেকৈ স্নান কৰাব লাগে তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - মাক এগৰাকী বা শুশ্ৰষাকাৰি এগৰাকীৰ বাবে স্নানৰ সময়ত আৰু আগতে সুৰক্ষা টিপচ, |
| 00:15 | শিশু এটাক কেতিয়া প্ৰথম স্নান কৰাব লাগে,
স্পঞ্জ স্নান, |
| 00:20 | নিয়মিত স্নান,
পাৰম্পৰিক স্নান, |
| 00:23 | পাহাৰীয়া ঠাই বা ঠাণ্ডা অঞ্চলত থকা শিশুৰ স্নান আৰু
ক্ৰেদল কেপ |
| 00:32 | সকলো নতুন অভিভাৱক উৎসুক হয় জানিবলৈ নবজাতক এটাক কেনেকৈ স্নান কৰাব লাগে |
| 00:37 | শিশুটোক স্নান কৰাওঁতে বহুতো যত্ন লোৱা উচিত |
| 00:42 | এটা ভুল ষ্টেপে নবজাতকটোক বহুতো ক্ষতি কৰিব পাৰে |
| 00:46 | আমি আৰম্ভ কৰাৰ আগতে, শিশু এটাক স্নান কৰোৱাৰ আগতে ল’বলগা সুৰক্ষা টিপচৰ বিষয়ে জনাটো অতিশয় দৰকাৰ - |
| 00:54 | মাক বা পৰিয়ালৰ সদশ্যই- সদায় হাতৰ নখ কাটি ল’ব লাগে শিশুটোক স্পৰ্শ কৰাৰ আগতে আৰু |
| 01:02 | কোনো আঙঠি, খাৰু বা ঘড়ি পিন্ধিব নালাগে |
| 01:07 | ই শিশুটো আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনাক কমাব |
| 01:11 | গতিকে, শিশু এটাক কেতিয়া প্ৰথম স্নান কৰাব লাগে? |
| 01:16 | মাকে প্ৰসৱৰ ৪৮ ঘন্টাৰ পাছত শিশুটোক স্পঞ্জ স্নান দিবলৈ আৰম্ভ কৰিব পাৰে |
| 01:22 | মনত ৰাখিব নাভিৰ ৰচিদাল নসৰালৈকে মাত্ৰ স্পঞ্জ স্নানহে দিব লাগে |
| 01:29 | ৰচিদাল সৰাৰ পাছত, মাক বা অন্য যিকোনো পৰিয়ালৰ সদশ্যই শিশুটোক নিয়মিত স্নান দিবলৈ আৰম্ভ কৰিব পাৰে |
| 01:38 | তথাপি, যদিহে শিশু এটা নিম্ন ওজনৰ সৈতে জন্ম হয় তেন্তে তেনে শিশুক স্পঞ্জ স্নান দিব লাগে যেতিয়ালৈকে ইয়াৰ ওজন ২ কিলোগ্ৰাম নহয় |
| 01:49 | আহক চাওঁ স্পঞ্জ স্নান কেনেকৈ দিয়া হয় |
| 01:53 | আৰম্ভ কৰাৰ আগতে, নিশ্বিত কৰক যে কোঠাটো যাতে বন্ধ খিৰিকীৰ সৈতে অলপ গৰম হৈ থাকে |
| 02:00 | স্পঞ্জ স্নান দিয়াৰ আগতে এটুকুৰা অতি কোমল, চাফা, সৰু কাপোৰ তৈয়াৰ কৰি ৰাখক |
| 02:07 | শিশুটোক এখন নিৰাপদ, সমান ঠাইত থ’ব লাগিব |
| 02:12 | মজিয়াখন হ’ব সকলোতকৈ নিৰাপদ |
| 02:15 | শিশুটোক ওখ ঠাইত নাৰাখিব |
| 02:19 | স্নান কৰাবলৈ লোৱা পানীৰ উষ্ণতা ৩৭ ডিগ্ৰী চেলচিয়াচতকৈ বেছি হ’ব নালাগিব |
| 02:26 | মাকে পানীখিনিৰ উষ্ণতা তেওঁৰ এলব’ বা মণিবন্ধ ব্যৱ্হাৰ কৰি চাব লাগিব |
| 02:32 | স্নানৰ সময়্ত, প্ৰথমে চাফা কৰিবৰ বাবে চাবোনযুক্ত পানী ব্যৱ্হাৰ কৰক |
| 02:37 | চাবোনযুক্ত পানী বনাবলৈ সদায় যিকোনো কোমল, ৰঙবিহিন আৰু গন্ধনথকা চাবোন বা বেবি চাবোন ব্যৱ্হাৰ কৰক |
| 02:45 | তেতিয়া চাফা পানী ব্যৱ্হাৰ কৰক চাবোন আতৰ কৰিবলৈ |
| 02:50 | সৰু, কোমল কাপোৰখন পানীত তিয়াই লওঁক আৰু ভালদৰে চেপি লওঁক |
| 02:56 | এতিয়া শিশুটোৰ চকুটো মোচক ভিতৰৰ চুকৰ পৰা বাহিৰৰ ফালে |
| 03:02 | শৰীৰৰ অন্য অংশসমূহ মুচিবলৈ একেখন কাপোৰ ব্যৱ্হাৰ নকৰিব |
| 03:06 | শৰীৰৰ অন্য অংশসমূহ চাফা কৰিবলৈ সদায় এখন ফ্ৰেচ আৰু কোমল কাপোৰ ব্যৱ্হাৰ কৰিব |
| 03:12 | লগতে, চুকবিলাক চাফা কৰিবলৈ নাপাহৰিব -
বাহুৰ ভিতৰৰ, কাণৰ পাচফালৰ, |
| 03:18 | ডিঙিৰ চাৰিওঁফালৰ,
আঙুলি আৰু তলুৱাৰ মাজৰ আৰু জনন সম্বন্ধীয় ঠাইৰ |
| 03:25 | এতিয়া যিহেতু আমি স্পঞ্জ-স্নান কি হয় আলোচনা কৰিলো, আহক নিয়মিত স্নানৰ বিষয়ে শিকো |
| 03:31 | মনত ৰাখিব; নিয়মিত স্নান সকলো সুস্থ শিশুক দিব লাগে নাভিৰ ৰচিদাল সৰাৰ পাছত |
| 03:39 | নিয়মিত স্নানৰ সময়ত, যদি আপুনি বাথটাব এটা ব্যৱ্হাৰ কৰিছে - প্ৰথমে, বাথটাবটো চাবোনযুক্ত পানিৰে ২ ইঞ্চিলৈকে ভৰাওঁক |
| 03:48 | চাবোনযুক্ত পানী বনাবলৈ সদায় যিকোনো কোমল, ৰঙবিহিন আৰু গন্ধনথকা চাবোন বা বেবি চাবোন ব্যৱ্হাৰ কৰক আগতে ব্যাখ্যা কৰাৰ দৰে |
| 03:58 | আন এটা টাব তৈয়াৰ কৰি ৰাখক ফ্ৰেচ পানীৰ সৈতে |
| 04:03 | তেতিয়া, দুয়োটা টাবত আপোনাৰ এলব’ৰ সৈতে পানীৰ উষ্ণতা চাওঁক |
| 04:09 | আপুনি পানীৰ উষ্ণতাৰ সৈতে সন্তুষ্ট হোৱাৰ পাছত, অতি সাবধানতাৰে শিশুটোক টাবটোত থওঁক য’ত চাবোনযুক্ত পানী আছে, নিশ্বিত কৰি যাতে মুৰটো সদায় সমৰ্থিত হয় |
| 04:22 | অতিৰিক্ত পানী যোগ নকৰিব যেতিয়া শিশুটো টাবত থাকে |
| 04:27 | আৰম্ভ কৰিবলৈ- প্ৰথমে, শিশুৰ মুৰটো ধোৱক গন্ধহীন আৰু ৰঙবিহীন বেবি চেম্পু বা চাবোন ব্যৱ্হাৰ কৰি |
| 04:35 | তেতিয়া লাহে লাহে চাবোনখিনি ফ্ৰেচ পানীৰে ধোৱক |
| 04:39 | পাছত, শৰীৰৰ বাকী থকা অংশখিনি চাফা কৰক চুকবিলাক আৰু নেপি অংশৰ সৈতে যি হৈছে আটাইতকৈ কলুষিত |
| 04:47 | শেষত, শৰীৰৰ বাকী থকা অংশখিনি ফ্ৰেচ পানীৰে লাহে লাহে ধোৱক |
| 04:53 | আনহাতে - যদি মাকে বা শুশ্ৰষাকাৰীয়ে শিশুটোক পাৰম্পৰিক ভাৰতীয় পদ্ধতিত স্নান কৰাব বিচাৰে তেন্তে মজিয়াত বহক আপোনাৰ ভৰি দুটা এটা আনটোৰ সমান্তৰালকৈ মেলি |
| 05:06 | তেতিয়া, শিশুটোক আপোনাৰ ভৰিত থওঁক |
| 05:09 | শিশুটোৰ মুৰটো মাক বা শুশ্ৰষাকাৰীৰ ভৰিৰ ওচৰত থাকিব লাগিব |
| 05:14 | শিশুটোৰ ভৰিদুটা মাক বা শুশ্ৰষাকাৰীৰ পেটৰ ওচৰত থাকিব লাগিব |
| 05:20 | এতিয়া শিশুটো স্নানৰ বাবে সঠিক অৱস্থাত আছে |
| 05:24 | স্নানৰ পাছত, শিশুটোক লগে লগেই কোমল আৰু চাফা টাৱেল ব্যৱ্হাৰ কৰি শুকোৱাওঁক |
| 05:30 | চুকবিলাক শুকোৱাবলৈ মনত ৰাখিব আগতে ব্যাখ্যা কৰাৰ দৰে |
| 05:35 | লগতে টেলকম পাউদাৰ বা বেবি পাউদাৰ ব্যৱ্হাৰ নকৰিব |
| 05:40 | বেবি পাউদাৰে নবজাতকৰ উশাহ লোৱাত হয়তো কষ্টৰ সৃষ্টি কৰিব পাৰে |
| 05:45 | চকুত চুৰমা বা কাজল কেতিয়াওঁ ব্যৱ্হাৰ নকৰিব |
| 05:49 | চুৰমা বা কাজলৰ ব্যৱ্হাৰে নবজাতকক হয়তো বিষৰ দ্বাৰা আক্ৰান্ত হোৱা আৰু সংক্ৰমণ হোৱাৰ দিশলৈ নিব পাৰে |
| 05:56 | আচৰ্য্যজনকভাবে, পাহাৰীয়া ঠাই বা ঠাণ্ডা অঞ্চলত বসবাস কৰা শিশুৰ বাবে বিশেষ যত্ন ল’ব লাগে |
| 06:04 | তেনে অঞ্চলৰ শিশুক, ৰচিদাল নসৰালৈকে প্ৰতিদিনে এটা দ্ৰুত স্পঞ্জ স্নান দিব পাৰি |
| 06:11 | তথাপি, শিশুটোক শুকোৱাৰ লগে লগে, মাক বা শুশ্ৰষাকাৰীয়ে শিশুটোক ছালৰ লগত ছালৰ স্পৰ্শ দিব লাগিব |
| 06:20 | ই শিশুৰ ক্ষেত্ৰত নিম্ন শৰীৰ উষ্ণতাৰ বিপদক কমাব |
| 06:25 | মন কৰিব যে এসপ্তাহত দুবাৰহে চেম্পু কৰিব লাগে |
| 06:30 | প্ৰতিদিনে চেম্পু নকৰিব যিহেতু ই মুৰৰ খোলাক সুকান কৰিব |
| 06:35 | লগতে এইটোওঁ হ’ব পাৰে যে নবজাতক এটাৰ মুৰৰ খোলাত কৰ্কশ অংশ বা স্কেলচ থাকিব পাৰে ।
ইয়াক জনা যায় ক্ৰেদল কেপ হিচাবে |
| 06:45 | এই কৰ্কশ অংশ বা স্কেলচৰ চাৰিওঁফালে কিছু ৰঙচুৱা থাকিব পাৰে |
| 06:50 | মন কৰিব যে ক্ৰেদল কেপ ৰ বিষয়ে চিন্তিত হ’ব নালাগে |
| 06:54 | ই নিজে নিজে নাইকীয়া হ’ব আৰু চিকিৎসা কৰিব নালাগে |
| 06:59 | বেবি তেলে হয়তো স্কেলচ কোমল কৰিবলৈ সহায় কৰিব পাৰে |
| 07:04 | তেল লগাওঁতে, মাত্ৰ স্কেলচত কম পৰিমাণৰ তেল ঘহিব |
| 07:09 | অধিক মাত্ৰাৰ তেলে অৱস্থাটো বেছি বেয়া কৰিব পাৰে |
| 07:12 | তেতিয়া, এক বা দুই ঘন্টাৰ পাছত শিশুটোৰ চুলিখিনি এটা কোমল চকু-নোপোৰা বেবি চেম্পুৰে ধুব |
| 07:20 | তাৰ পাছত, লাহে লাহে স্কেলচখিনি ব্ৰাচ কৰিব এঘন্টাৰ পাছত যাতে আৰু সৃষ্টি নহয় |
| 07:27 | স্কেলচখিনিক নাটানিব যিহেতু ইয়াৰ দ্বাৰা খোলাত ঘা লাগিব পাৰে আৰু পাছলৈ সংক্ৰমণ হ’ব পাৰে |
| 07:33 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা |