Health-and-Nutrition/C2/Hand-expression-of-breastmilk/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 স্তনৰ গাখীৰ হাতেৰে বাহিৰ কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত আমি শিকিম, স্তনৰ গাখীৰ বাহিৰ কৰাৰ উপকাৰিতা
00:11 স্তনৰ গাখীৰ হাতেৰে কেনেকৈ বাহিৰ কৰা হয় আৰু
00:15 মাক এগৰাকীয়ে স্তনৰ গাখীৰ কিমানবাৰ বাহিৰ কৰিব লাগে
00:20 স্তনৰ গাখীৰ বাহিৰ কৰাই স্তন ফুলাৰ পৰা ৰক্ষা কৰে;
00:25 স্তনাগ্ৰৰ বেদনা আৰু ইয়াৰ চাৰিওফালে ক’লা অংশত হোৱা শুকান চালক চিকিৎসা কৰিবলৈ;
00:31 শিশু এটাক আহাৰ খুৱাবলৈ যদি মাকৰ আহত স্তনাগ্ৰটো যুক্ত হওঁতে অতিশয় বেদনাদায়ক হয়
00:38 মাকৰ স্তনৰ গাখীৰৰ প্ৰবাহক বৃদ্ধি বা বাহাল ৰাখিবলৈ;
00:42 স্তনৰ গাখীৰ শিশু এটাৰ বাবে উপলদ্ধ ৰাখিবলৈ যেতিয়া মাক বাহিৰলৈ বা কামলৈ যায়;
00:49 শিশু এটাক সম্পূৰ্ণ স্তন এটাৰ সৈতে যুক্ত হ’বলৈ সহায় কৰি স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশক কোমল কৰা;
00:56 শিশুটোৱে এটা স্তনৰ পৰা সম্পূৰ্ণকৈ স্তনপান কৰিলেনে নাই পৰীক্ষা কৰা আনটো স্তন দিয়াৰ আগতে
01:05 শিশু এটাৰ বাবে পুষ্টিকৰ পৰিপূৰক খাদ্য বনাবলৈ - পানী বা গৰুৰ গাখীৰৰ পৰিবৰ্তে স্তনৰ গাখীৰ ব্যৱ্হাৰ কৰা
01:14 আৰু গাখীৰ খুৱাবলৈ সহায় কৰি - সময়ৰ আগতেই জন্মা শিশু
01:18 অসুস্থ শিশু
01:20 কমজোৰ মাংসপেশীৰ শিশু
01:22 ফটা উঠ বা তালুৰ শিশু আৰু
01:27 স্তনৰ সৈতে গভীৰভাবে যুক্ত হওঁতে অসুবিধা হোৱা শিশু
01:32 এতিয়া, আহক স্তনৰ গাখীৰ বাহিৰ কৰিবলৈ শিকো
01:37 মাকৰ বাবে স্তনৰ গাখীৰ বাহিৰ কৰিবলৈ আটাইতকৈ বেছি পৰামৰ্শ দিয়া পদ্ধতিটো হৈছে তেওঁৰ হাত ব্যৱ্হাৰ কৰা
01:44 কাৰণ এই পদ্ধতিত স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশত কম অসহ্য লাগে
01:51 লগতে, এই পদ্ধতিত কোনো যন্ত্ৰপাতি নালাগে । গতিকে মাকে ইয়াক য’তে ত’তে আৰু যিকোনো সময়ত কৰিব পাৰে
02:00 হাতেৰে স্তনৰ গাখীৰ বাহিৰ কৰাটো এটা শিক্ষিত দক্ষতা আৰু অভ্যাসৰ সৈতে উন্নত হ’ব
02:08 হাতেৰে স্তনৰ গাখীৰ বাহিৰ কৰাটো সহজ হয় যেতিয়া স্তনদুটা কোমল হয়
02:13 সেইবাবে, মাক এগৰাকীয়ে এই দক্ষতাক প্ৰসবৰ এদিন বা দুদিন পাছত শিকিব লাগে
02:21 স্তনৰ গাখীৰ বাহিৰ কৰাৰ আগতে, মাকে গাখীৰ থ’বলৈ ষ্টিল বা গ্লাচৰ পাত্ৰ এটা তৈয়াৰ ৰাখিব লাগে
02:29 তেওঁ বহল মুখৰ কাপ, গ্লাচ, জাগ বা জাৰ এটা বাচিব লাগে
02:36 তেওঁ নিৰ্বাচিত পাত্ৰটো চাবোন আৰু পানীৰে ধুব লাগে
02:41 তাৰ পাছত, তেওঁ হয়তো - পাত্ৰটো উতলা পানীত ৰাখিব লাগে বা পাত্ৰটোত উতলা পানী ভৰাই কিছু মিনিট ৰাখিব লাগে
02:52 তেতিয়া, তেওঁ পাত্ৰটো বতাহত সম্পূৰ্ণ শুকোৱাব লাগে বা এখন ব্যৱ্হাৰ নকৰা চাফা কাপোৰৰে মুচি শুকোৱাব লাগে
03:02 পাত্ৰটো কেতিয়াওঁ এখন ব্যৱ্হাৰ কৰা কাপোৰৰে শুকোৱাব নালাগে যেনে এখন পাকঘৰৰ কাপোৰ
03:10 চাফা পাত্ৰটো সম্পূৰ্ণকৈ শুকোৱাৰ পাছত, পাছৰ ষ্টেপ হৈছে স্তনৰ পৰা গাখীৰ উলিওৱাটো
03:17 গাখীৰৰ প্ৰবাহত সহায় হ’বলৈ, মাকে আৰাম কৰিব লাগে আৰু আবেগিকভাবে শিশুটোৰ সৈতে যুক্ত হ’ব লাগে
03:26 মাকে নিম্নখিনি কৰিব পাৰে:

তেওঁ শান্তভাবে আৰু গোপনভাবে বা এজন সহায়ক বন্ধুৰ সৈতে বহিব পাৰে

03:34 কিছুমান মাকে সহজে বাহিৰ কৰিব পাৰে আন মাকসকলৰ গ্ৰুপ এটাত যোনে লগতে স্তনৰ গাখীৰ বাহিৰ কৰি থাকে
03:41 তেওঁ ছালৰ লগত ছালৰ স্পৰ্শ দি শিশুটোক তেওঁৰ কোলাত ল’ব পাৰে
03:46 বা তেওঁ শিশুটোক চাব পাৰে বা শিশুটোৰ মাত শুনিব পাৰে
03:53 কেতিয়াবা আনকি শিশুটোৰ চিত্ৰ এখন চালে বা শিশুটোৰ কাপোৰ গোন্ধিলেওঁ সহায় কৰে
04:00 তেওঁ এটা গৰম শান্তিদায়ক পানীয় ল’ব পাৰে, কিন্তু পানীয়বিধ ক’ফি, কাড়া চাহ, এলকহল বা যিকোনো উত্তেজক হ’ব নালাগে
04:12 তেওঁ লগতে স্তন গৰম কৰিব পাৰে গাখীৰৰ প্ৰবাহত সহায় হ’বলৈ
04:17 স্তন গৰম কৰিবলৈ, তেওঁ গৰম পানীত তিওৱা কাপোৰ এখন স্তন দুটাত দিব পাৰে, বা গৰম পানীৰে গা ধুব পাৰে
04:28 তেওঁ স্তনাগ্ৰ আৰু তাৰ চাৰিওফালৰ ক’লা অংশক উত্তেজিত কৰিব পাৰে - লাহেকৈ টানি বা আঙুলিৰে ঘূৰাই
04:38 তেওঁ স্তনক লাহেকৈ মালিচ কৰিব পাৰে বৃত্তাকাৰ গতি ব্যৱ্হাৰ কৰি
04:44 মাকে সহায়ক এজনক তেওঁৰ পিঠিখন মালিচ কৰিবলৈ ক’ব পাৰে
04:47 পিঠিখন মালিচ কৰিবলৈ, মাকে - বহিব লাগিব, আগলৈ হাউলিব লাগিব,
04:53 তেওঁৰ আগত টেবল এখনত বাহু দুটা থ’ব লাগিব আৰু তেওঁৰ মুৰটো বাহু দুটাত আৰাম কৰিব লাগিব
05:01 তেওঁৰ স্তন দুটা কাপোৰ নিপিন্ধাকৈ ধিলাহৈ থাকিব লাগিব
05:07 সহায়কে মাকৰ মেৰুদণ্ডৰ দুয়োফালে মালিচ কৰিব লাগিব
05:12 তেওঁ বন্ধ মুথিৰ সৈতে আগফালৰ দিশত থকা বুঢ়া আঙুলি দুটা ব্যৱ্হাৰ কৰিব লাগিব
05:17 তেওঁ বুঢ়া আঙুলি দুটাৰে সৰুকৈ বৃত্তাকাৰ গতিত হেচি মালিচ কৰিব লাগিব
05:25 তেওঁ একেসময়তে মেৰুদণ্ডৰ দুয়োফালে ডিঙিৰ পৰা কান্ধৰ হাড়লৈকে মালিচ কৰিব লাগিব
05:34 তেওঁ ইয়াক দুই বা তিনি মিনিট কৰিব লাগিব
05:38 এই সকলো ষ্টেপে স্তনৰ গাখীৰ উলোৱাত সহায় কৰিব
05:43 এই স্তনৰ গাখীৰ উলোৱাক কোৱা হয় অক্সিত’চিন ৰিফ্লেক্স বা লেত দাউন ৰিফ্লেক্স
05:51 অক্সিত’চিন ৰিফ্লেক্স আৰম্ভ হোৱাৰ পাছত, মাকে তেওঁৰ হাত দুটা ধুই শুকোৱাব লাগে
05:59 পাছত, মাকে আৰাম কৰি বহিব লাগে
06:04 তেওঁ অলপ আগলৈ হাউলিব লাগে
06:07 তেওঁ পাত্ৰটো স্তনৰ ওচৰত ধৰিব লাগে
06:11 এতিয়া, তেওঁ স্তনত বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰে কাষৰ পৰা C চেপ স্থিতিত ধৰিব লাগে
06:20 তেওঁ স্তনটো ধৰিবলৈ এটা হাত ব্যৱ্হাৰ কৰিব পাৰে । আৰু আনটো দাত ল’ব পাৰে যেতিয়া প্ৰথমটোৰ ভাগৰ লাগে
06:29 স্তনটো ধৰোতে, তেওঁৰ বুঢ়া আঙুলিটো স্তনৰ ওপৰৰ অংশত থাকিব লাগে
06:35 আৰু তেওঁৰ বাকী আঙুলিসমূহ বুঢ়া আঙুলিটোৰ বিপৰীতে স্তনৰ তলৰ অংশত থাকিব লাগে
06:42 তেওঁৰ বুঢ়া আঙুলি, স্তনাগ্ৰ আৰু বাকী আঙুলিসমূহ সদায় এদাল সৰল ৰেখাত থাকিব লাগিব
06:48 আৰু স্তনাগ্ৰটো বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজত থাকিব লাগিব
06:54 তাত দুটা আঙুলিৰ দুৰত্ব থাকিব লাগিব - স্তনাগ্ৰ আৰু তেওঁৰ বুঢ়া আঙুলিৰ মাজত আৰু স্তনাগ্ৰ আৰু তেওঁৰ বাকী আঙুলিসমূহৰ মাজত
07:04 যদি আঙুলিসমূহ স্তনাগ্ৰটোৰ অতি ওচৰত থাকে, গাখীৰ বেছি সময় প্ৰবাহিত নহ’ব
07:10 মাকে অধিক গাখীৰ দিব যেতিয়া- তেওঁ স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশৰ তলত অৱস্থিত দুগ্ধ নলীসমূহ হেচিব
07:19 এই চিত্ৰখনত, মাকে তেওঁৰ সোফালৰ স্তনটো সঠিককৈ সোহাতেৰে ধৰিছে
07:27 এতিয়া, তেওঁ স্তনটো লাহেকৈ ভিতৰলৈ বুকুৰ ফালে হেচিব লাগে স্থিৰ চাপ প্ৰয়োগ কৰি
07:36 তেতিয়া, হাতটো আতৰ নকৰাকৈ লাহেকৈ স্তনটো বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ মাজত চেপক
07:44 আৰু তেতিয়া, স্তনৰ চাপটো এৰক
07:48 মাকে এই তিনিটা ষ্টেপ ৰিপিত কৰিব লাগে- পিছলৈ হেচা, চেপা, আৰু এৰি দিয়া
07:56 প্ৰথম ষ্টেপত পিছলৈ বুকুৰ ফালে হেচাটো হৈছে এটা দৰকাৰী ষ্টেপ
08:02 মাত্ৰ স্তনাগ্ৰৰ ফালে হেচিলে অতি কম গাখীৰ দিব
08:07 কিন্তু যেতিয়া স্তনটো পিছলৈ হেচা হয়, গভীৰ স্তনৰ কলাৰ পৰা গাখীৰ উলায়
08:15 কিন্তু, অধিক পিছলৈ হেচাক ত্যাগ কৰিব লাগে, কাৰণ সি দুগ্ধ নলীসমূহ বন্ধ কৰিব পাৰে
08:23 যেতিয়া মাকে স্তনৰ গাখীৰ হাতেৰে বাহিৰ কৰিবলৈ আৰম্ভ কৰে, প্ৰথমে মাত্ৰ কেই টোপালমানহে গাখীৰ ওলাব পাৰে
08:30 লেত দাউন ৰিফ্লেক্স আৰম্ভ হ’লে, গাখীৰ টপ টপকৈ ওলাবলৈ ধৰে
08:36 প্ৰথমৰ কিছু প্ৰয়াসত, গাখীৰ টপ টপকৈ ওলোৱা বা লাহে লাহে ওলোৱাটো সাধাৰণ কথা
08:42 পাছত, স্তনৰ গাখীৰ ধাৰাত প্ৰবাহিত হ’ব পাৰে যিহেতু স্তনপানৰ সৈতে, স্তনৰ গাখীৰ বাহিৰ কৰাটো এটা দক্ষতা যি অভ্যাসৰ সৈতে বাঢ়ে
08:53 কৌলৌষ্ট্ৰম, জন্মৰ পাছত প্ৰথম গাখীৰ, মাত্ৰ টোপালত ওলাব পাৰে কিন্তু নবজাতকৰ বাবে যথেষ্ট
09:01 ডাঠ, প্ৰায়ে হালধীয়া গাখীৰ, প্ৰচুৰ সুৰক্ষাযুক্ত লাভ থাকে শিশুটোৰ বাবে
09:08 মাকে ষ্টেপ তিনিটা ৰিপিত কৰিব লাগে যেতিয়ালৈকে গাখীৰৰ প্ৰবাহ পুনৰ টোপাললৈ কমি নাযায়
09:16 তেতিয়া, তেওঁ স্তনৰ আন অংশৰ পৰা গাখীৰ বাহিৰ কৰিবলৈ আঙুলিসমূহ পুনৰ অৱস্থিত কৰিব লাগে
09:23 তেওঁ স্তনৰ য’ত গাখীৰ ভৰি থাকে অনুভৱ কৰিব লাগে, আৰু সেই অংশত হেচিব লাগে
09:30 তেওঁ এটা স্তনৰ পৰা ৩ৰ পৰা ৫ মিনিট গাখীৰ বাহিৰ কৰিব লাগে যেতিয়ালৈকে গাখীৰৰ প্ৰবাহ কমি নাযায়
09:38 পাছত, তেওঁ আনটো স্তনৰ পৰা গাখীৰ বাহিৰ কৰিব লাগে একেটা পদ্ধতিৰে সকলো অংশৰ পৰা
09:45 আৰু তেতিয়া পুনৰ দুয়োটা স্তনৰ পৰা দ্বিতীয়বাৰ গাখীৰ বাহিৰ কৰিব লাগে
09:51 দুয়োটা স্তনৰ পৰা পৰ্যাপ্তভাবে গাখীৰ বাহিৰ কৰিবলৈ ২০ ৰ পৰা ৩০ মিনিট লাগে
09:57 ই অধিক সময় ল’ব পাৰে, বিশেষকৈ প্ৰথম কিছু দিনত, যিহেতু সেই দিনসমূহত, মাত্ৰ কিছু গাখীৰ উৎপন্ন হ’ব পাৰে
10:07 কম সময়ত বাহিৰ কৰিবলৈ চেষ্টা নকৰাটো দৰকাৰ
10:12 মনত ৰাখিব, হাতেৰে স্তনৰ গাখীৰ বাহিৰ কৰোতে দুষপাব নালাগে । যদি বিষাই, কৌশলটো ভুল হৈছে
10:21 স্তনৰ কলা হৈছে সুক্ষ্ম
10:24 চালত স্তনাগ্ৰৰ ফালে আঙুলিসমূহ মোহৰা, ঘহোৱা বা টনাক ত্যাগ কৰক । ই স্তনত বেদনা সৃষ্টি কৰিব পাৰে
10:36 স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশৰ চালত দবোৱা বা টানাটানি কৰাক ত্যাগ কৰক
10:42 লগতে, স্তনাগ্ৰক চেপিবলৈ বা টানিবলৈ ত্যাগ কৰক
10:46 স্তনাগ্ৰক চেপিলে বা টানিলে যথেষ্ট গাখীৰ নোলায়
10:51 ই শিশুৱে মাত্ৰ স্তনাগ্ৰক চোপাৰ সৈতে একে
10:57 স্তনৰ গাখীৰ বাহিৰ কৰাৰ পাছত মাকে পাত্ৰটোক এখন চাফা কাপোৰ বা প্লেতৰে ঢাকিব লাগে
11:04 তেতিয়া, তেওঁ স্তনৰ গাখীৰ পাছত ব্যৱ্হাৰৰ বাবে ভালকৈ জমা ৰাখিব লাগে
11:09 স্তনৰ গাখীৰ সুৰক্ষিতভাবে জমা ৰখা আৰু শিশুক জমা ৰখা স্তনৰ গাখীৰ খুওৱাৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
11:19 আহক এতিয়া মাক এগৰাকীয়ে কেতিয়া গাখীৰ বাহিৰ কৰিব লাগে আলোচনা কৰো
11:24 যদি উদ্দেশ্যটো স্তনৰ গাখীৰৰ উৎপাদন প্ৰাৰম্ভ আৰু বাহাল ৰখা হয় বা কম জন্ম ওজনৰ শিশু বা বেমাৰী নবজাতক শিশুক খানা খুওৱা হয়, তেন্তে-
11:35 তেওঁ প্ৰসবৰ পাছত যিমান সোনকালে সম্ভৱ গাখীৰ বাহিৰ কৰিব লাগে
11:40 তেওঁ প্ৰথমে কৌলৌষ্ট্ৰমৰ কিছু টোপালহে মাত্ৰ বাহিৰ কৰিব পাৰে
11:45 ই স্তনৰ গাখীৰৰ উৎপাদন আৰম্ভ হ’বলৈ সহায় কৰে
11:48 ই প্ৰসবৰ পাছত সোনকালে শিশু এটাই চোপাৰ দৰে একে হয়
11:54 মাকে যিমান পাৰে সিমান বাহিৰ কৰিব লাগে আৰু প্ৰায় সিমান তেওঁৰ শিশুটোৱে স্তনপান কৰিব
12:02 ই অতিকমেও প্ৰতি ২ ৰ পৰা ৩ ঘন্টাত হ’ব লাগে, ৰাতিৰ সময়কো ধৰি
12:08 যদি বাহিৰ কৰাৰ মাজত দীঘলীয়া ব্যৱ্ধান হয়, তেওঁ যথেষ্ট গাখীৰ উৎপন্ন কৰিব নোৱাৰিব পাৰে
12:16 পাছত, যদি উদ্দেশ্যটো মাকৰ গাখীৰৰ প্ৰবাহ গঠন কৰাৰ হয় - আৰু যদি ই কিছু সপ্তাহৰ পাছত কমি যোৱা দেখা যায়:
12:25 তেওঁ শিশুটোক স্তনপান কৰোৱাৰ পাছত লগে লগেই প্ৰতি ১ ৰ পৰা ২ ঘন্টাত স্তনৰ গাখীৰ বাহিৰ কৰিব লাগে আৰু
12:33 যদি শিশুটো ৩ ঘন্টাতকৈ অধিক সময় শোৱে, তেন্তে তেওঁ খানা খুওৱাৰ মাজত বাহিৰ কৰিব পাৰে
12:43 যদি উদ্দেশ্যটো লক্ষণৰ পৰা সকাহ পোৱা হয় যেনে ফুলি উঠা বা কৰ্মস্থানত স্তনৰ গাখীৰ ওলোৱা: মাকে মাত্ৰ যিমান প্ৰয়োজন হয় সিমানহে বাহিৰ কৰিব লাগে
12:53 যদি উদ্দেশ্যটো স্তনাগ্ৰৰ চালক সুস্থ ৰখা হয়: মাকে কেইটোপালমান স্তনৰ গাখীৰ বাহিৰ কৰি তেওঁৰ স্তনাগ্ৰত ঘহি দিব লাগে
13:02 তেওঁ ইয়াক গা ধোৱাৰ পাছত আৰু স্তনপান কৰোৱাৰ পাছত কৰিব লাগে
13:07 যদি উদ্দেশ্যটো মাকে বাহিৰত কাম কৰিবলৈ যাওঁতে শিশুটোৰ বাবে গাখীৰ ৰখা হয়:
13:14 মাকে কামত থাকোতে গাখীৰ বাহিৰ কৰিব লাগে যাতে প্ৰবাহ অটুত ৰখাত সহায় হয়
13:20 আৰু মাকে কামলৈ যোৱাৰ আগতে গাখীৰ বাহিৰ কৰিব লাগে আৰু সহায়কক দিব লাগে যাতে শিশুটোক দিব পাৰে
13:29 ইয়াক কৰিবলৈ - মাকে কিছু সপ্তাহ আগতে প্লেন কৰিব পাৰে যদি তেওঁৰ এটা ফ্ৰিজ আছে
13:34 তেওঁ অতিৰিক্ত গাখীৰ বাহিৰ কৰিব পাৰে আৰু ইয়াক পাছত ব্যৱ্হাৰৰ বাবে জমা ৰাখিব পাৰে
13:39 মাকে আনকি শিশুটোৱে স্তনপান কৰাৰ পাছতো গাখীৰ বাহিৰ কৰিব পাৰে
13:44 মাকে প্ৰতিবাৰ স্তনপান কৰাওঁতে প্ৰায় ৬০ ৰ পৰা ৯০ মিলিলিটাৰ গাখীৰ দিব লাগে
13:51 মাক আতৰত থাকোতে শিশুটোৰ প্ৰয়োজন অনুসৰি অধিক স্তনৰ গাখীৰ দিব পাৰি
13:57 মনত ৰাখিব, যিমান বেছিকৈ বাহিৰ কৰিবলৈ হাতৰ ব্যৱ্হাৰ কৰিব- সিমানেই ই গাখীৰ বাহিৰ কৰিবলৈ সহজ হৈ পৰিব, গাখীৰ দ্ৰুতভাবে ওলাবলৈ ধৰিব
14:07 আৰু মাকে অধিক গাখীৰ উৎপন্ন কৰিব
14:11 ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9