Health-and-Nutrition/C2/Feeding-expressed-breastmilk-to-babies/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশুক খুওঁৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম :
কেনেকৈ জমা ৰখা স্তনৰ গাখীৰক শিশু এটাক খুৱাবৰ বাবে প্ৰস্তুত কৰা হয় |
| 00:14 | আৰু স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশু এটাক কেনেকৈ খুওঁৱা হয় |
| 00:19 | আহক আৰম্ভ কৰো । স্তনৰ পৰা গাখীৰ বাহিৰ কৰাৰ বাবে শিশুটো আৰু মাকৰ বহুতো লাভ হয় |
| 00:26 | স্তনৰ পৰা গাখীৰ বাহিৰ কৰা আৰু ইয়াক নিৰাপদকৈ জমা ৰখাৰ বিষয়ে আন টিউট’ৰিয়েলত ব্যাখ্যা কৰা হৈছে |
| 00:34 | এতিয়া, আহক আমি শিকো কেনেকৈ জমা ৰখা স্তনৰ গাখীৰক শিশুটোক খুৱাবৰ বাবে প্ৰস্তুত কৰা হয় |
| 00:42 | স্তনৰ গাখীৰ হেন্দল কৰাৰ আগতে, শুশ্ৰষাকাৰীয়ে- তেওঁলোকৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগিব আৰু ভালদৰে শুকোৱাই ল’ব লাগিব |
| 00:52 | মনত ৰাখিব, আটাইতকৈ পুৰণা জমাৰখা স্তনৰ গাখীৰক সদায় প্ৰথমতে ব্যৱ্হাৰ কৰিব লাগিব |
| 00:59 | ফ্ৰ’জেন স্তনৰ গাখীৰ ব্যৱ্হাৰ কৰোতে, সাধাৰণতে ইয়াক ফ্ৰিজৰ একেবাৰৰ তলৰ খলপত ৰাতিটো ৰাখি অশীতলীকৰণ কৰি ল’ব |
| 01:08 | আৰু, এই অশীতলীকৰণ কৰা গাখীৰক পাছৰ ২৪ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰক |
| 01:15 | কিন্তু যদি ফ্ৰ’জেন স্তনৰ গাখীৰ তৎক্ষণাত লাগে, ইয়াক ফ্ৰিজৰ বাহিৰত অশীতলীকৰণ কৰক -
প্ৰথমে ইয়াক ঠাণ্ডা পানীৰ পাত্ৰ এটাত ৰাখক, |
| 01:25 | আৰু পাছত ইয়াক উমি উমি গৰম পানীৰ পাত্ৰ এটাত ৰাখক |
| 01:31 | উমি উমি গৰম পানীত অশীতলীকৰণ কৰোতে - স্তনৰ গাখীৰৰ পাত্ৰটো লাহে লাহেকৈ আৰু মাজেসময়ে লৰাই থাকক |
| 01:38 | ইয়াক জোৰে জোৰে আৰু অনবৰতে লৰাই নাথাকিব |
| 01:42 | ব্যৱ্হাৰ কৰাৰ আগতে স্তনৰ গাখীৰৰ পাত্ৰটোৰ বাহিৰটো এখন চাফা কাপোৰৰে শুকোৱাই ল’ব |
| 01:48 | এই অশীতলীকৰণ কৰা স্তনৰ গাখীৰক ২ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰক আৰু যিকোনো ব্যৱ্হাৰ নকৰা গাখীৰক পেলাই দিয়ক |
| 01:56 | অশীতলীকৰণ কৰা স্তনৰ গাখীৰৰ গন্ধ আৰু সোৱাদ বেলেগ হ’ব পাৰে ফ্ৰেচ স্তনৰ গাখীৰতকৈ |
| 02:03 | ই ঠিকেই হয় যেতিয়ালৈকে শিশুটোৱে ইয়াক গ্ৰহণ কৰে |
| 02:08 | শুশ্ৰষাকাৰীয়ে সদায় স্তনৰ গাখীৰক গুন্ধি চাব লাগে ইয়াক শিশুটোক খাবলৈ দিয়াৰ আগতে |
| 02:16 | যদি গাখীৰখিনি টেঙা টেঙা গুন্ধায়, ইয়াক ব্যৱ্হাৰ নকৰিব |
| 02:20 | মনত ৰাখিব- স্তনৰ গাখীৰ জমা ৰাখোতে, ইয়াৰ ক্ৰিমখিনি পৃথক হৈ ওপৰত জমা হ’ব |
| 02:28 | এইটো সাধাৰণ হয় । ব্যৱ্হাৰ কৰাৰ আগতে লাহে লাহে লৰাব ক্ৰিমখিনি পুনৰ গাখীৰৰ লগত মিশ্ৰিত কৰিবলৈ |
| 02:36 | স্তনৰ গাখীৰক শিশুটোক খুওঁৱাৰ আগতে গৰম কৰিবলৈ-
স্তনৰ গাখীৰৰ পাত্ৰটো উমি উমি গৰম পানীৰ বাতি এটাত ২০ ৰ পৰা ৩০ মিনিটৰ বাবে ৰাখক |
| 02:47 | গাখীৰখিনি কিমান গৰম হ’ল চাবলৈ কেইটোপালমান আপোনাৰ ৰিষ্টত পেলাই চাওঁক । ই সঠিক হয় যেতিয়াই গৰম অনুভৱ হয় |
| 02:56 | স্তনৰ গাখীৰ গৰম কৰিবলৈ উতলা পানী ব্যৱ্হাৰ নকৰিব । জমা ৰখা স্তনৰ গাখীৰ পোনপটিয়াকৈ ফ্ৰিজৰ পৰা ব্যৱ্হাৰ কৰিবলৈ চেষ্টা কৰক |
| 03:05 | ই অত্যাধিক গৰম হোৱা আৰু পুৰি যোৱাৰ সমস্যাক ত্যাগ কৰিবলৈ সহায় কৰিব |
| 03:12 | স্তনৰ গাখীৰক পোনপটিয়াকৈ ষ্ট’ভ এটাত বা মাইক্ৰ’ৱেভত ৰাখি গৰম নকৰিব |
| 03:19 | পোনপটিয়াকৈ গৰম কৰিলে স্তনৰ গাখীৰত থকা বহুতো সংক্ৰমণ-প্ৰতিৰোধ কৰিব পৰা ফেক্তৰ নষ্ট হয় |
| 03:27 | যেতিয়া স্তনৰ গাখীৰ প্ৰস্তুত হয়, ইয়াক শিশুটোক দিয়ক |
| 03:32 | তাক কৰিবলৈ, নিম্ন পাত্ৰসমূহ ব্যৱ্হাৰ কৰিব পাৰি:
এটা পালাদি, এটা সৰু কাপ, এখন চামোচ বা এটা নিফতি কাপ |
| 03:42 | এইবোৰৰ পৰা, শিশুটোক খুৱাবলৈ চামোচ এখন বা কাপ এটা ব্যৱ্হাৰ কৰাটো বাঞ্ছনীয় হয় |
| 03:49 | প্ৰথমে, শুশ্ৰষাকাৰীয়ে নিৰ্বাচিত পাত্ৰটোক চাবোন আৰু পানীৰে ধুব লাগিব আৰু পাছত ভালদৰে বতাহত শুকোৱাব লাগিব বা ইয়াক এখন ব্যৱ্হাৰ নকৰা চাফা কাপোৰৰে মুচি শুকোৱাব লাগিব |
| 04:02 | তেতিয়া, শুশ্ৰষাকাৰীয়ে তেওঁৰ হাতদুটা ভালদৰে ধুব আৰু শুকোৱাব লাগিব |
| 04:10 | তেওঁ নিৰ্বাচিত পাত্ৰটোক স্তনৰ গাখীৰৰে আধা-ভৰ্ত্তি বা দুই-তৃতীয়াংশ ভৰ্ত্তি কৰিব লাগিব |
| 04:16 | তেতিয়া, তেওঁ শিশুটোক ওচৰত ওপৰমুৱাকৈ তেওঁৰ কোলাত ল’ব লাগিব |
| 04:23 | তেওঁৰ হাতে শিশুটোৰ মুৰ আৰু ডিঙিক সমৰ্থন কৰিব লাগিব |
| 04:28 | যদি তেওঁ শিশুটোক খুৱাবলৈ পালাদি এটা ব্যৱ্হাৰ কৰিছে- তেওঁ পালাদিৰ মুৰটো শিশুটোৰ মুখৰ চুকএটাৰ ভিতৰত থ’ব লাগিব |
| 04:39 | ইয়াক শিশুটোৰ উঠৰ মাজত লাহেকৈ দিব লাগিব |
| 04:45 | পালাদিৰ মুৰটোৱে শিশুটোৰ ওপৰৰ উঠক লাহেকৈ স্পৰ্শ কৰিব লাগিব |
| 04:50 | এই অৱস্থাত, গাখীৰখিনি পালাদিটোৰ ঠোটৰ কিনাৰত থাকিব লাগিব |
| 04:58 | শিশুটোৱে গাখীৰ চুপিবলৈ ধৰিলে - শুশ্ৰষাকাৰীয়ে পালাদিটো লাহে লাহে বেকা কৰিব লাগিব গাখীৰখিনি কিনাৰত ৰাখিবলৈ |
| 05:07 | যদি শুশ্ৰষাকাৰীয়ে শিশুটোক খুৱাবলৈ সৰু কাপ এটা ব্যৱ্হাৰ কৰিছে- তেওঁ কাপটো শিশুটোৰ উঠৰ মাজত লাহেকৈ ধৰিব লাগিব |
| 05:17 | কাপৰ কিনাৰটোৱে শিশুটোৰ ওপৰৰ উঠক লাহেকৈ স্পৰ্শ কৰিব লাগিব |
| 05:22 | তেওঁ কাপটো লাহে লাহেকৈ বেকা কৰি থাকিব লাগিব গাখীৰখিনি কাপটোৰ একেবাৰে ওপৰ নোপোৱালেকে |
| 05:28 | ই শিশুটোক কাপৰ কিনাৰটোৰ পৰা গাখীৰ ল’বলৈ দিব |
| 05:33 | যদি শুশ্ৰষাকাৰীয়ে শিশুটোক খুৱাবলৈ চামোচ এখন ব্যৱ্হাৰ কৰিছে- তেওঁ চামোচখন শিশুটোৰ উঠৰ মাজত লাহেকৈ ধৰিব লাগিব |
| 05:42 | চামোচখনৰ কিনাৰটোৱে শিশুটোৰ ওপৰৰ উঠক লাহেকৈ স্পৰ্শ কৰিব লাগিব |
| 05:47 | তেতিয়া তেওঁ চামোচখন লাহে লাহেকৈ বেকা কৰি থাকিব লাগিব গাখীৰখিনি চামোচখনৰ কিনাৰ নোপোৱালেকে |
| 05:54 | জন্মৰ পাছত প্ৰথম কিছু দিনৰ বাবে চামোচ এখনৰে খুওৱাটো ভাল |
| 05:59 | কাৰণ এইখিনি দিনত মাত্ৰ অলপ পৰিমাণৰ গাখীৰৰ প্ৰয়োজন হয় |
| 06:07 | যদি শুশ্ৰষাকাৰীয়ে শিশুটোক খুৱাবলৈ নিফতি কাপ এটা ব্যৱ্হাৰ কৰিছে- তেওঁ নিফতি কাপটোৰ সৰু ভাণ্ডাৰটো শিশুটোৰ মুখৰ মাজত লাহেকৈ ধৰিব লাগিব |
| 06:19 | শিশুটোৱে গাখীৰ চুপিবলৈ ধৰিলে, তেওঁ কাপটো লাহে লাহে ওপৰলৈ বেকা কৰিব লাগিব । ই ভাণ্ডাৰটো খালি হ’লে তাত গাখীৰ যোগ কৰিব |
| 06:31 | স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশুটোক খুৱাওঁতে, কেতিয়াওঁ গাখীৰ পোনপটিয়াকৈ শিশুৰ মুখত নিদিব |
| 06:38 | ই শিশুটোক খুন্দা মাৰি ধৰিব পাৰে |
| 06:40 | তাৰ পৰিবৰ্তে, গাখীৰখিনি কিনাৰত ৰাখিব আৰু খুওঁৱাৰ সময়ত সেই অৱস্থাতে ৰাখিব |
| 06:47 | সদায় নিশ্বিত কৰিব যাতে শিশুটো সম্পূৰ্ণ সাৰপাই, প্ৰস্তুত হৈ থাকে আৰু খাবৰ বাবে আগ্ৰহী হয় |
| 06:54 | যদি প্ৰয়োজন হয়, শিশুটোক মেৰিয়াই ল’ব যাতে তাই খুৱাই থকাজনৰ হাতৰ পৰা কাপটো ঠেলি পেলাব নোৱাৰে |
| 07:03 | সদায় শিশুটোক গাখীৰখিনি নিজে চুপি খাবলৈ দিব |
| 07:08 | সংকেতৰ বাবে মন কৰিব যি বুজাই যে শিশুটোৱে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ খালে, |
| 07:13 | সংকেতসমূহ যেনে - তাইৰ হাতদুটা ওপৰলৈ দিয়া |
| 07:16 | টোপনি যোৱা বা তাইৰ মুখখন বন্ধ কৰা |
| 07:21 | মনত ৰাখিব, শিশুটোৰ তলৰ উঠত বেছি চাপ প্ৰয়োগ নকৰিব |
| 07:28 | সদায় পাত্ৰটোৰ কিনাৰটোৰে শিশুটোৰ ওপৰৰ উঠত লাহেকৈ স্পৰ্শ কৰিব |
| 07:34 | কাপ, পালাদি বা চামোচখন শিশুটোৰ মুখৰ ভিতৰত অতি বেছিকৈ নথ’ব |
| 07:41 | শিশু এটাক কেতিয়াওঁ শুই থকা অৱস্থাত নুখুৱাব |
| 07:45 | স্তনৰ পৰা বাহিৰ কৰা গাখীৰ শিশুটোক খুৱাবলৈ বটল ব্যৱ্হাৰ নকৰিব |
| 07:51 | শিশুটোক খুওঁৱাৰ পাছত, কাপ, পালাদি বা চামোচখন চাবোন আৰু চাফা পানীৰে ভালদৰে ধুব লাগে । আৰু, ইয়াক সম্পূৰ্ণকৈ বতাহত শুকাবলৈ দিব লাগে |
| 08:04 | কিছুমান শিশু অসন্মত হয় স্তনৰ পৰা বাহিৰ কৰা গাখীৰ ল’বলৈ, নিৰ্দিষ্টকৈ প্ৰথমতে কিছু লোকৰ পৰা |
| 08:12 | সিহঁত হয়তো কম অসন্মত হয় যেতিয়া আন কোনোবাই ইয়াক তেওঁলোকক দিয়ে |
| 08:17 | যদি বাহিৰ কৰা গাখীৰ ল’বলৈ শিশুটো অমান্তি হয়, চিন্তা কৰিব নালাগে |
| 08:22 | মাক কামৰ পৰা ঘূৰি আহিলে, শিশুটোৱে মিচ কৰা আহাৰ পূৰাই ল’ব অধিকবাৰ বা বেছি সময়ৰ বাবে স্তনপান কৰি |
| 08:32 | মনত ৰাখিব, স্তনৰ গাখীৰক নিৰাপদে ৰাখিব: হাতদুটা, কন্তেনাৰচ আৰু পাত্ৰসমূহ ধুই,
প্ৰয়োজন হোৱাৰ লগে লগেই গাখীৰ খুৱাই বা ইয়াক নিৰাপদে জমা ৰাখি |
| 08:44 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা |