Health-and-Nutrition/C2/Basics-of-newborn-care/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 নবজাতকক ল’বলগা যত্নৰ মূলকথাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম - নবজাতক এটাক কেনেকৈ হেন্দল কৰা হয়,
00:11 নাভিৰ ৰচিৰ যত্ন,

নবজাতক এটাক আহাৰ খুওঁৱা আৰু উগাৰ মৰোৱা,

00:15 দাইপৰ লগোৱা আৰু দাইপৰ ৰাচ আৰু
00:19 নবজাতক এটাৰ শোৱাৰ পেতাৰ্ণ
00:23 পৰিয়ালৰ সকলোৱেই উৎসাহিত হয় নবজাতক এটাৰ জন্ম হ’লে আৰু প্ৰত্যেকেই শিশুটোক চাব আৰু কোলাত ল’ব বিচাৰে
00:34 সেইবাবে নবজাতক শিশু এটাক হেন্দল কৰোতে কিছু নিয়ম চেত কৰাটো আৱশ্যক
00:40 নবজাতকৰ এটা শক্তিশালী ৰোগ প্ৰতিৰোধক চিষ্টেম নাথাকে । ই তেওঁলোকক সংক্ৰমণৰ ফালে নিয়ে
00:48 সংক্ৰমণৰ পৰা শিশুটোক সুৰক্ষা কৰিবলৈ শিশুটোক স্পৰ্শ বা কোলাত লোৱাৰ আগতে হাতদুটা চাফা হোৱাটো দৰকাৰ
00:57 হাতদুটা চাফা কৰিবলৈ, চাবোন আৰু পানীৰে ধুব আৰু চাফা সুকান কাপোৰ এখনৰে ভালকৈ শুকোৱাই ল’ব নবজাতকটোক কোলাত লোৱাৰ আগতে
01:07 এতিয়া প্ৰথমে শিকিবলগীয়া বস্তুটো হৈছে শিশু এটাক কেনেকৈ ধৰিব লাগে
01:11 শিশুটোক ধৰিব তাইৰ মূৰ আৰু ডিঙিক এটা হাতৰে সমৰ্থন কৰি আৰু তলফালে আনটো হাতৰে সমৰ্থন কৰি
01:19 শিশু এটাক তলত ৰাখিবলৈ, সদায় শিশুটোৰ মূৰ আৰু ডিঙিক সমৰ্থন কৰিব আৰু লগতে তাইৰ তলফালেওঁ ধৰিব
01:26 আনহাতে, শুই থকা শিশু এটাক জগাবলৈ, নিম্নখিনি কৰিব -
01:31 শিশুটোৰ ভৰিত কুটকুটাই দিব বা শিশুটোক ডাঙি বহি থকা অৱস্থা এটাত সমৰ্থন কৰিব বা লাহেকৈ শিশুটোৰ কাণত স্পৰ্শ কৰিব
01:42 সদায় মনত ৰাখিব যে নবজাতক শিশু এটা সংবেদনশীল হয়
01:46 নবজাতক এটা হেন্দল কৰোতে ল’বলগা কিছু সতকৰ্তা হৈছে -

নবজাতকটো প্ৰস্তুত নহয় ৰুক্ষভাবে খেলিবলৈ

01:55 সেইবাবে, শিশুটোৰ আঠুত ঠপঠপাই নিদিব বা তাইক বায়ুত দলিয়াই নিদিব
02:01 নবজাতকটোক কেতিয়াওঁ নোজোকাৰিব, হয়তো খেলোতে বা নিৰাশাত
02:05 হঠাতে শিশুটোৰ ডিঙিক লৰোৱাক ত্যাগ কৰিব । এই সকলোবোৰে হয়তো শিশুটোক আভ্যন্তৰীণ আঘাত দিব পাৰে
02:14 আমি এতিয়া ঘৰত নাভিৰ ৰচিৰ যত্নৰ বিষয়ে শিকিম
02:18 যেতিয়া শিশুটো মাকৰ গৰ্ভত থাকে, নাভিৰ ৰচিদাল হৈছে শিশুটোৰ জন্মৰেখা ।

তথাপি, শিশুটো জন্ম হোৱাৰ পাছত ইয়াক আৰু প্ৰয়োজন নহয়

02:30 জন্মৰ কিছু মিনিটৰ পাছতে যেতিয়া ৰচিদালে কপিবলৈ বন্ধ কৰে, ইয়াক কাটি দিয়া হয়
02:37 শিশুটো হস্পিতালৰ পৰা ঘৰলৈ যোৱাৰ সময়লৈকে ৰচিদাল শুকাবলৈ আৰু সংকুচিত হ’বলৈ আৰম্ভ কৰে
02:45 ৰচিদাল নিজে নিজে সৰি পৰে প্ৰায় একৰ পৰা দুই সপ্তাহৰ ভিতৰত
02:50 মন কৰিব যে নাভিৰ ৰচিদাল হয়তো হ’বপাৰে এটা ঠাই শিশুটোৰ শৰীৰলৈ সংক্ৰমণ সোমাবলৈ
02:57 গতিকে, ইয়াক সঠিককৈ যত্ন লোৱাটো প্ৰয়োজনীয়
03:02 তাৰ বাবে, মনত ৰাখিব শিশুটোৰ ৰচিদাল সুকান আৰু বতাহত উলিয়াই ৰাখিব লাগে
03:09 ৰচিদাল নসৰালৈকে মাত্ৰ স্পঞ্জ স্নানহে কৰাব লাগে
03:14 ৰচিদালক শিশুটোৰ নেপিৰ বাহিৰফালে ৰাখিব লাগে বা লগতে নেপিৰ ওপৰত জাপি ৰাখিব পাৰি
03:24 অনুগ্ৰহ কৰি ডাক্তৰৰ পৰামৰ্শ ল’ব যদিহে তেজ ওলায় ৰচিদালৰ মূৰৰ পৰা বা ছালৰ ওচৰৰ অংশৰ পৰা,
03:32 পূঁয, ফুলি উঠে বা ৰঙা পৰে নাভিৰ চাৰিওঁফালে,
03:36 সংকেত যে নাভিৰ অংশটো বেদনাদায়ক হৈছে শিশুটোলৈ
03:41 আৰু যদিহে এমাহ বয়্স হোৱালৈকে ৰচিদাল সৰা নাইকীয়া
03:46 কেতিয়াবা লগতে এইটোওঁ হ’ব পাৰে যে টুকুৰাটো সৰি পৰিবৰ সময়ত অলপ পৰিমাণৰ তেজ ওলাব পাৰে

আৰু লগতে ৰচিদাল সৰি পৰাৰ পাছতো ওলাব পাৰে । কিন্তু ই সোনকালে বন্ধ হ’ব লাগিব

04:01 মনত ৰাখিব, কেতিয়াওঁ ৰচিদাল টানি নেৰুৱাব
04:04 লগতে, কোনো ক্ৰিম বা পাউদাৰ নলগাব বা
04:08 বেন্দেজ নাবান্ধিব শিশুটোৰ নাভিত ৰচিদাল সৰাৰ পাছত
04:13 নবজাতকৰ যত্নৰ পুষ্টিগত আশাৰ বাবে আমি শিশুটোক কেনেকৈ আহাৰ খুৱাব লাগে আলোচনা কৰিম
04:20 নবজাতকক প্ৰসৱৰ পাছত ১ ঘন্টাৰ ভিতৰতে স্তনপান কৰাব লাগে
04:25 স্বতন্ত্ৰ স্তনপান কৰাব লাগে প্ৰথম ৬ মাহৰ বাবে
04:30 অতিৰিক্তভাবে, মাকে শিশুটোক পৰ্যাপ্ত ছালৰ লগত ছালৰ স্পৰ্শ দিব লাগে আৰু শিশুটোৰ ভোকলগাৰ সংকেতবোৰ লক্ষ্য কৰিব লাগে
04:40 এই সকলো পইন্টসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলসমূহত আলোচনা কৰা হৈছে
04:46 কিছু ক্ষেত্ৰত, নবজাতকক হয়তো মাজে সময়ে জগাব লাগে যাতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে খাব পাৰে,

বিশেষকৈ সৰু, অকালপক্ক শিশুসমূহৰ ক্ষেত্ৰত

04:57 যদিহে শিশু এটা, সুস্থ বা অকালপক্ক হয়, চুপি খোৱাত আগ্ৰহী নহয় তেন্তে

মাকে ডাক্তৰ এজন বা স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব লাগে

05:09 স্তনপান কৰোতে, শিশুৱে প্ৰায়ে বতাহো গিলে যিয়ে সিহঁতক সমস্যাত পেলাব পাৰে
05:15 ইয়াক প্ৰতিৰোধ কৰিবলৈ, প্ৰতিবাৰ খোৱাৰ পাছত শিশুটোক বহুৱাই উগাৰ মৰাব লাগে
05:20 ইয়াক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত ব্যাখ্যা কৰা হৈছে
05:25 পাছৰতো হৈছে দাইপৰ লগোৱা । প্ৰতিবাৰ মলত্যাগৰ পাছত বা যদি নেপি কাপোৰটো তিতিলে - শিশুটোক তাইৰ পাছফালে শুৱাই লওঁক আৰু লেতেৰা নেপিটো আতৰাওঁক
05:37 পানী আৰু কোমল ধোৱাকাপোৰ ব্যৱ্হাৰ কৰি লাহে লাহে শিশুটোৰ যৌনাঙ্গ অঞ্চল চাফা কৰক আৰু মোচক
05:44 শিশুটোৰ যৌনাঙ্গ অঞ্চলত চাবোন ব্যৱ্হাৰ নকৰিব ।

যেতিয়াই ছোৱালী এজনীক মোচে, তাইক আগফালৰ পৰা পাছফাললৈ মুচিব মূত্ৰনলীৰ সংক্ৰমণক ত্যাগ কৰিবলৈ

05:55 মাক বা শুশ্ৰষাকাৰীয়ে সদায় নেপি সলোৱাৰ পাছত ভালদৰে হাতদুটা ধুব লাগে
06:03 কেতিয়াবা এইটো হ’ব পাৰে যে শিশু এটা হয়তো দাইপৰ ৰাচৰ পৰা ভুগিব পাৰে
06:08 দাইপৰ ৰাচ হৈছে এটা সাধাৰণ চিন্তাৰ কথা ।

সাধাৰণতে ৰাচটো হৈছে ৰঙা আৰু ফুলি উঠা আৰু গৰম পানীৰে স্নান কৰিলে কেইদিনমানতে গুছি যায়,

06:18 কিছুমান দাইপৰ ক্ৰিম আৰু সময়ত যৌনাঙ্গ অঞ্চলত কোনো দাইপৰ বা নেপিৰ অবিহনে
06:25 বহুক্ষেত্ৰত ৰাচ হয় কাৰণ শিশুটোৰ ছালখন সংবেদনশীল হয় আৰু তিতি থকা নেপিৰ দ্বাৰা বিৰক্ত হয়
06:33 দাইপৰ ৰাচ প্ৰতিৰোধ কৰিবলৈ, শিশুটোৰ নেপিক প্ৰায়ে সলাওঁক বিশেষকৈ মলত্যাগ কৰাৰ পাছত
06:41 অংশটো লাহেকৈ চাফা কৰক কোমল কাপোৰ এখন আৰু পানীৰ সৈতে ।

মুচিবলৈ ত্যাগ কৰক যিহেতু কেতিয়াবা সি বিৰক্তিকৰ হ’ব পাৰে

06:50 এটা অতি পাতল প্ৰলেপ দিয়ক দাইপৰ ৰাচ বা "বেৰিয়াৰ" ক্ৰিমৰ
06:55 জিংক অক্সাইদ থকা ক্ৰিমক পৰামৰ্শ দিয়া হয় যিহেতু সি সিক্ততাৰ বিৰুদ্ধে এটা বাধাৰ সৃষ্টি কৰে
07:03 শিশুটোৰ নেপিবোৰ দাই আৰু সুগন্ধি নথকা পৰিস্কাৰক বস্তু ব্যৱ্হাৰ কৰি ধোৱক
07:08 শিশুটোক দিনটোৰ কিছু অংশ দাইপৰ বা নেপি এটা নথকাকৈ থাকিবলৈ দিব । ই ছালক বতাহত থাকিবলৈ সুযোগ এটা দিব
07:18 যদিহে, দাইপৰ ৰাচ ৩ দিনতকৈ অধিক সময়ৰ বাবে থাকে বা অতি বেয়াৰ ফালে যোৱা দেখা যায়, অনুগ্ৰহ কৰি ডাক্তৰৰ পৰামৰ্শ লওঁক
07:27 ই হয়তো হ’ব পাৰে এটা ভেঁকুৰৰ সংক্ৰমণৰ পৰা যাক এটা বিধানৰ প্ৰয়োজন হয়
07:33 শেষত, আহক শিশুৰ শোৱাৰ পেতাৰ্ণৰ বিষয়ে আলোচনা কৰো
07:38 শিশুৱে এদিনত, প্ৰায় ১৪ ৰ পৰা ১৬ ঘন্টালৈকে বা অধিক শোৱে
07:43 নবজাতকে সাধাৰণতে ২-৪ ঘন্টা সময়ৰ বাবে শোৱে
07:48 বহুতো নবজাতকৰ দিন আৰু ৰাতি মিশ্ৰিত হৈ থাকে
07:52 সিহঁত হয়তো ৰাতি জাগি থাকে আৰু সতৰ্ক হৈ থাকে আৰু দিনত শুই থাকে
07:58 সিহঁতক ৰাতি বেছি শুবলৈ সহায় কৰাৰ এটা পদ্ধতি হৈছে ৰাতি অতি কম উদ্দীপনা ৰখাটো ।

উদাহৰণ: পোহৰ কম ৰাখিব ৰাতিৰ লেম্প এটা ব্যৱ্হাৰ কৰি আৰু দিনৰ সময়ত তাইক অলপ বেছিকৈ জগাই ৰাখিবলৈ চেষ্টা কৰিব তাইৰ সৈতে কথাপাতি আৰু খেলি থাকি

08:17 মাক বা শুশ্ৰষাকাৰীয়ে মনত ৰাখিব লাগিব যে শিশু এটাই সদায় পিছফালটো তলত ৰাখি শুব লাগে
08:24 ই হঠাতে শিশু মৃত্যুৰ লক্ষণৰ বিপদক কমাব
08:30 অন্য সুৰক্ষিত শুৱাৰ অভ্যাসসমূহৰ বাবে, সিহঁতৰ পালনাত নিম্ন বস্তুসমূহৰ ব্যৱ্হাৰক ত্যাগ কৰক -

কম্বল, চাদৰ, ভেড়াৰ চামৰা, খেলনা বস্তু আৰু গাৰু

08:44 এই সকলোবোৰে শিশুটোক শ্বাসৰূদ্ধ কৰিব পাৰে
08:47 লগতে, প্ৰতিৰাতি শিশুটোৰ মূৰৰ অৱস্থাটো সলাবলৈ নাপাহৰিব - প্ৰথমে সোঁফালে, পাছত বাওঁফালে আৰু এনেদৰেই
08:58 ই শিশুটোৰ মূৰৰ এফালে চেপেটা স্পট গঠিত হোৱাত বাধা দিব
09:04 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9