Git/C3/Hosting-Git-Repositories/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search


Time
Narration
00:01 হ’ষ্টিং (Hosting) গিত (Git) ৰেপ’জিত’ৰিচ (Repositories)স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: * গিত (Git) ৰেপ’জিত’ৰি (repository) হ’ষ্টিং (hosting) চাৰ্ভিচেছ (services)
00:11 * গিতহাব (GitHub) একাউন্ত (account) এটা বনাবলৈ
00:14 * গিতহাব (GitHub)ৰেপ’জিত’ৰি (repository) এটা বনাবলৈ আৰু * ৰেপ’জিত’ৰি (repository)টেগ (tag) এটা বনাবলৈ
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04 আৰু ফায়াৰফক্স (Firefox) ওৱেব (web) ব্ৰ’জাৰ (browser) ব্যৱ্হাৰ কৰিছো
00:29 আপুনি আপোনাৰ পচন্দৰ যিকোনো ব্ৰ’জাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:32 এই টিউট’ৰিয়েলটোৰ বাবে, আপোনাক এটা কামকৰা ইন্তাৰনেত (Internet) সংযোগ লাগিব
00:37 আপোনাৰ লগতে গিত (Git) কমান্ডচৰ মূল জ্ঞান থাকিব লাগিব
00:42 যদি নাই, সঙ্গত গিত (Git) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি প্ৰদত্ত লিংক (link)টো চাওঁক
00:47 প্ৰথমে, আহক আমি গিত (Git) ৰেপ’জিত’ৰি (repository) হ’ষ্টিং (hosting) চাৰ্ভিচেছ (services)ৰ বিষয়ে শিকো
00:52 বিতবাকেত (Bitbucket), ক্লাউদফ’ৰ্জ (CloudForge) আৰু গিতহাব (GitHub)ৰ দৰে বহুতো ওৱেব-বেচদ হ’ষ্টিং চাৰ্ভিচেছ উপলদ্ধ
01:00 ইয়াত আপুনি আপোনাৰ গিত (Git) ৰেপ’জিত’ৰিচ (repositories) বিনামূলীয়াকৈ আমদানি কৰিব পাৰে
01:05 সিহতে আপোনাৰ ৰেপ’জিত’ৰি (repository) বিলাবলৈ এটা কেন্দ্রীভূত অবস্থান প্ৰদান কৰে, যাতে বহুতো লোকে সহজে প্ৰকল্প এটাত সহযোগিতা কৰিব পাৰে
01:14 সিহতে আপোনাক বিনামূলীয়াকৈ আন প্ৰকল্পসমূহ দাউনল’দ আৰু অধ্যয়ন কৰিবলৈ অনুমতি দিয়ে
01:19 পাছত, আমি চাম গিতহাব (GitHub) কিয় ব্যৱ্হাৰ কৰিব লাগে
01:23 গিতহাব (GitHub) অ’পেন (Open) চৌৰ্চ (Source) চফতৱেৰ (Software) হাউজিঙৰ বাবে অত্যন্ত জনাজাত ওৱেবচাইত হয়
01:28 গিতহাব (GitHub)ত, আপুনি আপোনাৰ দলৰ সৈতে পৰিবৰ্ত্তনসমূহ চাব, আলোচনা আৰু পুনৰদৰ্শন কৰিব পাৰে
01:35 গিতহাব (GitHub)ত ব্যৱ্হৃত প্ৰণালী আন বিনামূলীয়া গিত (Git) হ’ষ্টিং (hosting) ওৱেবচাইতৰ সৈতে একেধৰণৰ হয়
01:42 আপুনি সিহতক পাছত নিজে খুলি চাব পাৰে
01:45 পাছত, আমি গিতহাব (GitHub)একাউন্ত (account) এটা কেনেকৈ বনায় শিকিম
01:49 আপোনাৰ ওৱেব ব্ৰ’জাৰ খোলক আৰু www.github.com লৈ যাওঁক
01:56 ইয়াত, হ’মপেজটোত, আপুনি পঞ্জীয়ণৰ বাবে আপোনাৰ সবিশেষ দিব লাগিব
02:01 মই লিখিম: প্ৰিয়া-স্প’কেন ("priya-spoken") ইউজাৰ নেম হিচাবে আৰু
02:07 "priyaspoken@gmail.com" ইমেইল-আইদি (email-id) হিচাবে
02:11 অনুগ্ৰহ কৰি আপোনাৰ পচন্দৰ ইউজাৰ নেম আৰু বৈধ ইমেইল-আইদি (email-id) লিখক
02:16 তাৰপাছত, মই মোৰ পাচৱৰ্দ লিখিম
02:19 আপুনি আপোনাৰ পচন্দৰ যিকোনো পাচৱৰ্দ দিব পাৰে
02:23 এতিয়া, সোফালে তলত চাইন (Sign) আপ (up) ফৰ (for) গিতহাব (GitHub) বুটামত টিপক
02:28 পাছত, ষ্টেপ (Step) 2ত, আমি আমাৰ আচনি বাচিব লাগিব
02:32 মই ফ্ৰি (Free) আচনি বাচিম যিহেতু মই বিনামূলীয়া সেৱা ব্যৱ্হাৰ কৰিব বিচাৰো
02:37 এতিয়া, ফিনিচ (Finish) চাইন (Sign) আপ (up) বুটামত টিপক
02:40 পাছত, আমি গিতহাব (GitHub)ৰেপ’জিত’ৰি (repository) এটা বনাম
02:44 আপুনি সোফালে বাকচত নিউ (New) ৰেপ’জিত’ৰি (repository) বুটাম এটা দেখিছে; ইয়াক টিপক
02:51 ই এটা বাৰ্তা দেখায় “প্লিজ (Please) ভেৰিফাই (verify) ইয়’ৰ (your) ইমেইল (email) এদ্ৰেচ (address)
02:55 গিতহাব (GitHub)এ আমাৰ পঞ্জীকৃত ইমেইল-আইদি (email-id) টোলৈ এটা প্ৰমাণীকৰণ মেইল পঠাব
02:59 গতিকে, আমি আমাৰ ইমেইল একাউন্ত খুলিব লাগিব আৰু গিতহাব (GitHub)এ পঠোৱা ইমেইলটোত টিপিব লাগিব
03:06 মই ইতিমধ্যে গিতহাব (GitHub)ৰ সৈতে পঞ্জীকৃত মোৰ ইমেইল-আইদি (email-id) টো চাইন্দ-ইন (signed-in) কৰিলো
03:11 মই ইয়াক খুলো
03:13 মোৰ গিতহাব (GitHub)ৰ পৰা এটা ইমেইল আছে
03:16 মই ইয়াক টিপো
03:18 চাবজেক্ট শাৰীটোৱে কয়, “প্লিজ (Please) ভেৰিফাই (verify) ইয়’ৰ (your) ইমেইল (email) এদ্ৰেচ (address)”
03:23 যদি ইমেইলটো আপোনাৰ ইনবক্স (Inbox)ত নাপায়, অনুগ্ৰ্হ কৰি আপোনাৰ স্পাম (Spam) বা জাংক (Junk) ফ’ল্দাৰ চাওঁক
03:29 এতিয়া, ভেৰিফাই (Verify) ইমেইল (email) এদ্ৰেচ (address) বুটামত টিপক
03:32 আমি গিতহাব (GitHub) হ’মপেজ (Homepage)টোলৈ পুনঃনিৰ্দেশিত হৈছো
03:36 ই সূচায় যে আমি সফলভাবে গিতহাব (GitHub)ত আমাৰ একাউন্ত (account) বনালো
03:42 আমি গিতহাব (GitHub)ৰেপ’জিত’ৰি (repository) এটা বনাবলৈ চেষ্টা কৰিম
03:45 এতিয়া, সোফালে বাকচত নিউ (New) ৰেপ’জিত’ৰি (repository) বুটামত টিপক
03:50 আপুনি দেখিছে যে এতিয়া আমি ৰেপ’জিত’ৰি (repository) বনাবলৈ সক্ষম
03:54 আহক আমি লিখো: ষ্ট’ৰিজ (“stories”) ৰেপ’জিত’ৰি (Repository) নেম (Name) হিচাবে
03:58 যদি আপুনি ৰেপ’জিত’ৰি (repository) টোৰ বিষয়ে কিবা বিবৰণ দিব বিচাৰে, আমি তাক ইয়াত কৰিব পাৰো
04:04 পাছত, মই পাব্লিক (Public) বিকল্পটো নিৰ্বাচিত কৰিম, যিটো বিনামূলীয়া
04:09 যদি আমি প্ৰাইভেত (Private) বিকল্পটো নিৰ্বাচিত কৰো, আমি কিছু মূল্য প্ৰদান কৰিব লাগিব আমাৰ ৰেপ’জিত’ৰিটো (repository) প্ৰাইভেত কৰি ৰাখিবলৈ
04:16 ই বুজায় যে আন ইউজাৰে আমাৰ ৰেপ’জিত’ৰিটো (repository) বিচাৰিব আৰু দাউনল’দ কৰিব নোৱাৰিব
04:21 মই পাব্লিক (Public)ত পুনৰ টিপিম
04:24 এই চেকবক্সত টিপক,ইনিচিয়েলাইজ (Initialize) দিচ (this) ৰেপ’জিত’ৰি (repository) ওইথ (with) a ৰিদমি (README)
04:28 ই এটা ৰিদমি (readme) ফাইল বনাব
04:31 এই ফাইলটোত, আপুনি ক’ডৰ ব্যৱ্হাৰ বা ইনষ্ট’লেচন নির্দেশাবলীৰ বিষয়ে তথ্য লিখিব পাৰে
04:37 ই সকলো সহযোগীৰ বাবে উপযোগী হ’ব
04:42 যিকিনহওঁক, যদি আমি এটা উপলদ্ধ ৰেপ’জিত’ৰি (repository) আমদানি কৰো, এই বক্সটো আনচেক কৰিব লাগিব
04:48 এতিয়া, ক্ৰিয়েত (Create) ৰেপ’জিত’ৰি (repository) বুটামত টিপক
04:52 আপুনি দেখিছে যে ৰেপ’জিত’ৰি (repository) নামটো আপোনাৰ ইউজাৰ নেমৰ সৈতে সফলভাবে নিৰ্মান হ’ল
04:58 ৰেপ’জিত’ৰি (repository)টো এবাৰ নিৰ্মান হ’লে, আপুনি বাওঁফালে তলত ৰিদমি (readme) ফাইল লেবেলটো চাব পাৰে
05:05 আমি এই ফাইলটোত কিছু তথ্য পাছত লিখিম
05:09 দিফল্ট হিচাবে, আমি এটা কমিত (commit) যিহৈছে (i.e) ইনিচিয়েল (Initial) কমিত (commit), এটা ব্ৰানচ (branch) যিহৈছে (i.e)মাষ্টাৰ (master) ব্ৰানচ আৰু এটা কন্ত্ৰিবিউটৰ (contributor) চাব পাৰো
05:18 আপুনি প্ৰতিটো সংযোগত টিপিব পাৰে আৰু আপোনাৰ সুবিধাৰ্থে সিহতক বিশ্লেষণ কৰিব পাৰে
05:23 এতিয়া, আহক আমি এই ৰেপ’জিত’ৰি (repository) টোত কাম আৰম্ভ কৰো
05:27 আমি আমাৰ ৰেপ’জিত’ৰিটোত এটা ফাইল যোগ কৰাৰে আৰম্ভ কৰিম
05:31 নিউ (New) ফাইল (file) বুটামত টিপক, মাজৰ পেনেলটোত
05:34 ফাইল এটা বনাবলৈ এখন নতুন ফৰ্ম (form) খোল খাব
05:38 ইয়াত, মই ফাইল নামটো "কিদচ (kids)-ষ্ট’ৰি (story).html" হিচাবে দিম
05:44 মই এই ফাইলটোত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো
05:51 অনুৰূপভাবে, আপুনি আপোনাৰ ফাইলটোত কিছু উপাদান যোগ কৰিব পাৰে
05:55 আহক এতিয়া এই নতুন ফাইলটো কমিত (commit) কৰো
05:58 কমিত বাৰ্তাটো দিবলৈ পৃষ্ঠাটো তললৈ নিয়ক
06:01 ইয়াত, কমিত (commit) মেচেজ (message) ফিল্দত আপুনি দিফল্ট বাৰ্তা "ক্ৰিয়েত (Create) কিদচ (kids)-ষ্ট’ৰি (story).html"টো দেখিছে
06:09 আপুনি দিফল্ট বাৰ্তাটো ৰাখিব পাৰে বা নতুন বাৰ্তা এটা লিখিব পাৰে
06:13 মই দিফল্ট বাৰ্তাটো ৰাখিম
06:16 ইয়াত, পাছৰ ফিল্দত, আপুনি লগতে কমিত (commit) টোৰ এটা সম্প্রসাৰিত বিবৰণ দিব পাৰে
06:22 গতিকে ইয়াত, মই লিখিম: "এদেদ (Added) ফাৰ্ষ্ট (first) ফাইল (file) অফ (of) দ (the) ৰেপ’জিত’ৰি (repository)"
06:27 দিফল্টভাবে, আমি মাষ্টাৰ (master) ব্ৰানচ (branch) টোলৈ কমিত (commit) কৰিম
06:31 এতিয়া কমিত (Commit) নিউ (new) ফাইল (file) বুটামত টিপক
06:34 আমাৰ নতুন ফাইল কিদচ (kids)-ষ্ট’ৰি (story).html ৰেপ’জিত’ৰিটোলৈ যোগ হ’ল
06:39 লক্ষ্য কৰিব যে এতিয়া কমিত (commit) নাম্বাৰ (number) টো দুইলৈ বৰ্ধিত হ’ল
06:43 আহক ইয়াক টিপো
06:45 ইয়াত, আপুনি কমিত (commit) মেচেজ (message) টোৰ পাছত তিনিটা বিন্দু দেখিছে
06:49 মই ইয়াক টিপো
06:51 কমিত (commit) টোৰ বিবৰণটো দেখায়
06:54 আমি কমিত (commit) টোত কি কৰিলো জানিবলৈ, সেই বিশেষ কমিত (commit) মেচেজ (message) টোত টিপক
07:00 এতিয়া আপুনি কমিত (commit) টোৰ সবিশেষ চাব পাৰে
07:03 আহক কমিত (commit) লিষ্ট (list) লৈ ঘূৰি যাওঁ
07:06 ইয়াৰ বাবে, ব্ৰ’জাৰটোৰ বাওঁফালে ওপৰত বাওঁ এৰ’ বুটামত টিপক
07:11 সোঁফালে, আপুনি কমিত (commit) টোৰ হেচ (hash) ভেলু (value) টো চাব পাৰে
07:15 ক’ড (Code) টেবত টিপক, বাওঁফালে ওপৰত চুকত, ৰেপ’জিত’ৰি (repository) টোলৈ ঘূৰি আহিবলৈ
07:21 পাছত, মই গিতিহাবত (GitHub) নতুন ব্ৰানচ (branch) এটা কেনেকৈ বনোৱা হয় প্রদর্শন কৰিম
07:26 বাওঁফালে, আপুনি ব্ৰানচ (Branch) নামৰ এখন দ্ৰপ-দাউন (drop-down) তালিকা দেখিব
07:31 নতুন ব্ৰানচ (Branch) এটা বনাবলৈ ইয়াক টিপক
07:34 আপুনি এখন প’প-আপ (pop-up) উইন্দ’ খোল খোৱা দেখিব
07:38 প’প-আপ (pop-up) উইন্দ’ খনত, আপুনি ফাইন্দ (Find) অৰ (or) ক্ৰিয়েত (create) a ব্ৰানচ (branch) ফিল্দ দেখিব
07:43 মই লিখিম: নিউ-চেপতাৰ ("new-chapter") নতুন ব্ৰানচ (branch) নাম হিচাবে আৰু এন্টাৰ (Enter) টিপক
07:49 আপুনি দেখিছে যে নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch) টো নিৰ্মান হ’ল আৰু ই আমাৰ বৰ্তমান ব্ৰানচ
07:55 পাছত, আমি ব্ৰানচিং (branching) প্ৰচেচ (process) টো ভালদৰে বুজিবলৈ নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)কমিত (commit) এটা বনাম
08:02 আহক প্রদর্শনৰ উদ্দেশ্যে কিদচ (kids)-ষ্ট’ৰি (story).html ফাইলটোত কিছু পৰিবৰ্তন কৰো
08:09 ৰেপ’জিত’ৰিটোত, কিদচ (kids)-ষ্ট’ৰি (story).html ফাইলটো খুলিবলৈ টিপক
08:14 এদিতৰ পেনেলৰ সোফালে ওপৰৰ চুকত, আপুনি এটা এদিত (edit) আইকন (icon) দেখিছে
08:19 এই ফাইলটো এদিত (edit) কৰিবলৈ ইয়াক টিপক
08:22 মই ইয়াত কিছু শাৰী যোগ কৰিম যি মই মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা কপি কৰিছো
08:27 আপুনিওঁ তেনে কৰিব পাৰে
08:30 এতিয়া, আমি এই পৰিবৰ্তনক কমিত (commit) কৰিম
08:33 মই দিফল্ট (default) কমিত (commit) মেচেজ (message) টোক এনেদৰে ৰাখিম
08:37 ইয়াত, আপুনি ব্ৰানচ (branch) নাম নিউ-চেপতাৰ (new-chapter) টো দেখিছে য’ত এই কমিত (commit) টো বনিছিল
08:43 কমিত (commit) কৰিবলৈ, কমিত (Commit) চেঞ্জেচ (changes) বুটামত টিপক
08:46 আহক আমাৰ ৰেপ’জিত’ৰি (repository) টোলৈ ঘূৰি আহিবলৈ ক’ড (Code) টেবত টিপো
08:50 পাছত, আহক মাষ্টাৰ (master) আৰু নিউ-চেপতাৰ (new-chapter) ব্ৰানচৰ (branch) কমিতচ (commits) চাওঁ
08:56 কমিতচ (commits) সংযোগত টিপক
08:59 ইয়াত, ব্ৰানচ (Branch) দ্ৰপ দাউনত, আমি চাব বিচৰা ব্ৰানচ (Branch) নামটো নিৰ্বাচিত কৰিব পাৰো
09:04 মই তালিকাখনত মাষ্টাৰ (master) ব্ৰানচটো নিৰ্বাচিত কৰিম
09:08 ই এবাৰ নিৰ্বাচিত হ’লে, মাষ্টাৰ (master) ব্ৰানচৰ কমিতচ (commits) তালিকাভুক্ত হ’ব
09:13 নিউ-চেপতাৰ (new-chapter) ব্ৰানচৰ (branch) কমিতচ (commits) চাবলৈ, আমি ব্ৰানচ (Branch) দ্ৰপ দাউনত নিউ-চেপতাৰ (new-chapter) নিৰ্বাচিত কৰিম
09:19 এতিয়া, আপুনি নিউ-চেপতাৰ (new-chapter) ব্ৰানচৰ (branch) কমিতচ (commits) দেখিছে
09:24 আহক আমাৰ ৰেপ’জিত’ৰি (repository) টোলৈ ঘূৰি আহিবলৈ ক’ড (Code) টেবত টিপো
09:28 পাছত, আহক আমি গিতিহাবত (GitHub) কেনেকৈ টেগ (tag) এটা বনোৱা হয় চাওঁ
09:32 আমি ইতিমধ্যে জানো যে কমিত (commit) ষ্টেজ (stage) এটাক গুৰূত্বপূৰ্ণ বুলি চিহ্নিত কৰিবলৈ টেগিং (tagging) ব্যৱ্হৃত হয়
09:38 উদাহৰণস্বৰূপে, ধৰক, মই কিদচ (kids)-ষ্ট’ৰি (story).html ফাইলটো যোগ কৰাৰ পাছত মাষ্টাৰ (master) ব্ৰানচত টেগ (tag) এটা বনাব বিচাৰো
09:46 টেগ (tag) এটা বনাবলৈ, প্ৰথমে ৰিলিজেচ (releases) সংযোগত টিপক
09:50 ক্ৰিয়েত (Create) a নিউ (new) ৰিলিজ (release) বুটামত টিপক
09:54 এখন নতুন ফৰ্ম (form) খোল খাব
09:56 টেগ (Tag) ভাৰ্চন (Version) বক্সটোত, লিখক "V1.0"
10:01 ৰিলিজ (Release) টাইটল (title) বক্সটোত, লিখক: ভাৰ্চন ওৱান ("Version one")
10:05 ৰাইত (Write) বক্সটোত, আমি আমাৰ টেগ (tag) টোৰ বৰ্ণনা দিব পাৰো
10:10 মই লিখিম: “দিচ (This) ইজ (is) দ (the) ভাৰ্চন (version) ওৱান (one)”
10:13 এতিয়া, পাব্লিচ (Publish) ৰিলিজ (release) বুটামত টিপক
10:18 ইয়াত, বাওঁফালে, আপুনি নতুন কমিত (commit) টোৰ হেচ (hash) ভেলু (value) টো চাব পাৰে
10:24 আমি ইতিমধ্যে জানো যে দিফল্টভাবে, টেগ (tag) টো নতুন কমিত (commit) টোত নিৰ্মান হ’ব
10:30 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
10:33 আহক মূলভাব চাওঁ
10:35 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
10:38 * অনলাইন গিত (Git) হ’ষ্টিং (hosting) চাৰ্ভিচেছৰ (services) গুৰুত্ব
10:42 * গিতহাব (GitHub) একাউন্ট (account) এটা বনাবলৈ
10:44 * গিতহাব (GitHub)ৰেপ’জিত’ৰি (repository) এটা বনাবলৈ আৰু * ৰেপ’জিত’ৰিটোত টেগ (tag) এটা বনাবলৈ
10:50 এটা অনুশিলনী হিচাবে-
10:52 গিতহাব (GitHub)ৰেপ’জিত’ৰি (repository) এটা বনাওঁক
10:54 ৰেপ’জিত’ৰি (repository) টোলৈ কিছু ফাইল যোগ কৰক
10:57 ফাইলসমূহ এদিত আৰু কিছু কমিতচ (commits) কৰক আৰু ৰেপ’জিত’ৰিটোত ব্ৰানচেচ (branches) আৰু টেগচ (tags) বনাবলৈ চেষ্টা কৰক
11:05 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
11:10 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:12 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
11:20 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:23 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান
11:29 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
11:34 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9