Drupal/C2/Creating-Dummy-Content/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Creating Dummy Content ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম devel মডিউল ব্যবহাৰ কৰি ডামি কন্টেন্ট বনোৱা। |
00:12 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে |
00:25 | Drupal সাইট নির্মাণ কৰাৰ সময়ত কিছু প্রয়োজনীয় বিষয় হৈছে অনেক কনটেন্ট থাকা। এইটোৱে লেআউট, ভিউস আৰু ডিজাইন বুঝিবলৈ সাহায্য কৰে। |
00:36 | কিন্তু আদর্শভাবে, বাস্তব কন্টেন্ট ব্যবহাৰ কৰা উচিত নহয়, ধৰক এটা কনটেন্ট টাইপ বা ফীল্ড সলাব লাগে। |
00:44 | সমস্যাটো হল যে তাত গৈ বাস্তব কনটেন্টক এডিট কৰাতো সময় নষ্ট হয়। |
00:50 | কিন্তু এই পদক্ষেপটো খুবেই গুৰুত্বপূর্ণ। কনটেন্ট টাইপক প্ৰশিক্ষন কৰি নিশ্চিত কৰক যাতে আমি বিছৰা নিচিনা সেইবোৰে কাম কৰি আছে। |
00:57 | আমি এতিয়া পর্যন্ত মাত্র কিছু ধৰণৰ ফীল্ড দেখাইছো। |
01:01 | এইটো আমাৰ Cincinnati নোড. ধৰক Cincinnati গ্রুপে তাৰ সাক্ষাতৰ বাবে ফি চার্জ কৰিব বিছাৰে। |
01:07 | আৰু সিহতে এইটোক সাইটত ৰাখিব বিছাৰে । |
01:10 | আমি টকাৰ বাবে দশমিক বা ইন্টিজাৰ ব্যবহাৰ কৰিবলৈ পাৰো যি এটা পূর্ণ সংখ্যা হয়। |
01:15 | ধৰক, আপোনি এটা ইন্টিজাৰ চয়ন কৰে কাৰণ সিহতে মাত্র 10 ডলাৰ লয়। কিন্তু পিছলৈ সিহতে 10.99 ডলাৰ চার্জ কৰাৰ সিদ্ধান্ত লৈছে। |
01:24 | তেতিয়াহলে আমি অলপ অসুবিধাত পৰিছো। |
01:26 | এটা ইন্টিজাৰ দশমিকত সলাব নোৱাৰে, বিশেষ কৰি আমি ইতিমধ্যে কন্টেন্ট যোগ কৰাৰ পিছত। |
01:32 | সেয়ে এইটো দৰকাৰ যে এই ব্যাপাৰত আগেই ভাবি থব লাগে। |
01:37 | আমি কিছু জালি কন্টেন্ট দি এইবোৰ পৰীক্ষণ কৰিব পাৰো। এবাৰ পৰীক্ষণ সম্পন্ন হলে এইবোৰ সহজে সন্নিবেশ কৰা আৰু সহজে মোছা যাব পাৰে। |
01:48 | মনত ৰাখিব - আমাক শ শ বাস্তব কন্টেন্টৰ প্রয়োজন নাই মাত্র কিছু জালি কনটেন্ট। |
01:54 | এই সমস্যাৰ সমাধান হল devel মডিউল। drupal.org/project/devel ত যাওক। |
02:02 | এতিয়া পর্যন্ত আমি মডিউল বা Drupal ওয়েবসাইটত এক্সট্রেন্ড সম্পর্কে কোৱা নাই। এইটো আসন্ন টিউটোৰিয়েলত কৰিম। |
02:11 | কিন্তু ইয়াতে আমি devel মডিউলৰ সংস্থাপন আৰু ব্যবহাৰ কৰা শিকিম। এইটোৱে কিছু প্রভাবৰ ধাৰণা দিয়ে যি Drupal মডিউলে আমাক দিব পাৰে। |
02:21 | তলত স্ক্রোল কৰি Download সেকশনত যাওক। এই স্ক্রিনখন আপোনাৰ বাবে দেখাত ভিন্ন হব পাৰে। |
02:28 | Drupal 8 dot x সংস্কৰণ সেউজীয়া অংশত উপৰত আছে, সেয়ে তাক চয়ন কৰি নিশ্চিত কৰক। |
02:34 | নহলে Development release ত টিপক। |
02:38 | এতিয়া এইটো কৰাৰ দুটা উপায় আছে। আমি এইটোক ডাউনলোড কৰিবলৈ পাৰো কিন্তু এইটোৱে ডেস্কটপত অনেক অপ্রয়োজনীয় ফাইল দিব। |
02:44 | আমি সো ক্লিক কৰিবলৈ পাৰো। ব্রাউজাৰৰ উপৰত নির্ভৰ কৰি আমি Copy Link বা Copy Link Location দেখো। |
02:53 | উভয় পদ্ধতিতেই .tar বা .zip ফাইল লিঙ্কত টিপক। কিন্তু dev ফাইলত নিটিপিব কাৰণ সেইটোৱে কাম নকৰে। |
03:01 | এইটো প্রকৃত ফাইলবোৰৰ লিঙ্ক। |
03:04 | এবাৰ সেইটো পোৱাত সাইটত উভতি আহে. Extend ত টিপক আৰু তাৰপিছত Install new moduleত। |
03:11 | এতিয়া URL ক Install from a URL ফীল্ডত পেস্ট কৰক। ভাল ইন্টাৰনেট সংযোগ নাথাকিলে আপোনি URL পৰা সংস্থাপন কৰিব পাৰে। |
03:22 | অন্যথায় আপোনাৰ সুবিধাৰ বাবে, devel প্যাকেজ এই পৃষ্ঠাত Code Files লিঙ্কত দিয়া হৈছে। |
03:31 | অনুগ্রহ কৰি এইটোক ডাউনলোড কৰি Choose File বিকল্প চয়ন কৰি আপলোড কৰক। Install টিপক। |
03:41 | এতিয়া Enable newly added modules ত টিপক। |
03:45 | এইটোক মিনিমাইজ কৰিবলৈ CORE শব্দত টিপক। তাৰপিছত স্ক্রোল কৰক। |
03:50 | DEVELOPMENT ব্লকৰ তলত Devel আৰু Devel generate দেখো। অন্যবোৰ উপেক্ষা কৰক। |
03:57 | Devel আৰু Devel generate ত চেকমার্ক কৰক। তাৰপিছত তলত স্ক্রোল কৰি Installত টিপক। |
04:05 | মনত ৰাখিব Drupal ত, সর্বদা নিশ্চিত কৰিব লাগিব যে আমি Save, Install ইত্যাদিত টিপিছো। |
04:12 | ইয়াতে এটা সেউজীয়া ম্যাসেজ 2 modules have been enabled পোৱা উচিত। |
04:17 | ৰঙা ৰঙৰ কোনো সাবধানতা ম্যাসেজ দেখিলে চিন্তা নকৰিব যেতিয়ালৈকে এইটো গুৰুতৰ এৰৰ নহয়। |
04:23 | কন্টেন্টৰ এটা গুচ্ছ বনাবলৈ, Configuration ত টিপক। বাওফালে Generate content লিঙ্ক দেখিব। এইটোত টিপক। |
04:34 | এতিয়া প্রয়োজনীয় টেক্সটিং কৰিবলৈ আমি যিমানবোৰ বিছাৰো, কনটেন্ট বানাবলৈ সক্ষম হম। |
04:41 | আমি Events আৰু User Groups চয়ন কৰিম কাৰণ 2 ধৰনৰ Content types পৰীক্ষণ কৰিবলৈ লাগিব। |
04:47 | লক্ষ্য কৰক ইয়াতে Delete all content in these content types before generating new content আছে। এইটো জালি একাউন্ট মোছাৰ বাবে। |
04:56 | ইয়াতে এটা চেকমার্ক ৰাখো আৰু 0 নোডস বনাও। এইটোৱে সকলো Events আৰু User Groups মুছিব। |
05:05 | এইটোৱে সেইবোৰকও লব যাক আমি নিজে বনাইছিলো। উদাহৰণস্বৰুপে - এইটো কৰিলে Cincinnati User Group ও চলি যাব। |
05:15 | সেয়ে এইটোক আনচেক কৰো। 50 টা নোড বনাও। |
05:20 | এক বছৰ আগলৈ যাও। |
05:22 | আমাৰ নোডত কমেন্টস নাই। |
05:25 | Maximum number of words in titles ক 2লৈ সলাওক। যদি নকৰে এইটো দীর্ঘ Lorem Ipsum টেস্ট বনাব। |
05:35 | Generate ইয়াত টিপক। অবিলম্বে, সাফল্যৰ ম্যাসেজ পাও. এইটোৱে কাম কৰিছে কিনাই চাবলৈ Content ত টিপক। |
05:44 | ইয়াতে 50 টা নতুন নোডৰ তালিকা আছে - অর্ধক Events আৰু অর্ধক User groups. |
05:50 | যি কোনো এটাত টিপিলে দেখো যে Devel তৈয়াৰ হৈছে - Description ত অনেক টেক্সট, এটা Event Logo. |
05:57 | এটা জালি Event Website, এটা Date, Sponsor হিসাবে এটা User Groups চয়ন কৰিছে আৰু কিছু Event Topics নির্বাচিত হৈছে। |
06:08 | এতিয়া লেআউট কৰিবলৈ পাৰো, আমি ভিউ আৰু অন্যান্য সকলো বিষয় যি সাইটৰ সৈতে কৰিব লাগিব। |
06:15 | Develএ অনেক জালি একাউন্ট বনায় অনেক সময় বচাবলৈ। |
06:20 | এইটো drupal.org ত ডাউনলোড কৰা Moduleৰ পৰা দিয়া Drupal এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য। এইবোৰক Contributed Modules বোলে. এই বিষয়ত পিছলৈ শিকিম। |
06:32 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:35 | সংক্ষিপ্তকৰণ কৰো এই টিউটোৰিয়েলত আমি শিকিছো:
devel মডিউল ব্যবহাৰ কৰি ডামি কনটেন্ট বনোৱা। |
06:48 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
06:57 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
07:03 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
07:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
07:23 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |