Digital-Divide/C2/How-to-use-FOSSEE-Netbook/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00.01 | নমস্কাৰ। IIT বোম্বেৰ দ্বাৰা আৰম্ভিত কম খৰচত FOSSEE নেটবুক ব্যবহাৰ কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00.09 | এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম: |
| 00.12 | FOSSEE নেটবুকৰ ডেস্কটপ। |
| 00.14 | কিছু প্রোগ্রাম যি ইয়াৰ সৈতে আহে। |
| 00.17 | নতুন প্রকাশনৰ সৈতে ইয়াৰ অপাৰেটিং সিস্টেম আপডেট কৰা। |
| 00.22 | আমি এইটোক FOSSEE নেটবুক বুলি কও কাৰণ |
| 00.26 | FOSSEE দলে ইয়াৰ বাবে উপযুক্ত বিবৰণ নির্ধাৰিত কৰিছে। |
| 00.30 | অপাৰেটিং সিস্টেম নির্ধাৰিত কৰিছে। |
| 00.32 | সফটওয়্যাৰ ডিস্ট্রিবিউশন লৈ আহিছো। |
| 00.35 | লগতে আপডেট আৰু প্রশিক্ষণ প্রদান কৰে। |
| 00.38 | অপাৰেটিং সিস্টেমটো উবুন্টু লিনাক্সৰ নতুন প্রকাশনৰ দ্বাৰা বনোৱা হৈছে। |
| 00.43 | FOSSEE নেটবুক IIT বোম্বেৰ দ্বাৰা আৰম্ভ কৰা এটা কম খৰচৰ ল্যাপটপ। |
| 00.49 | Basics Comtech Pvt. Ltd. ইয়াৰ দ্ৱাৰা বৈশিষ্ট নির্মান কৰিছে। |
| 00.55 | শিক্ষা আৰু গবেষণাৰ বাবে ডিজাইন কৰা হৈছে। |
| 00.58 | ইয়াৰ দাম হল প্রায় 5,000 টকা লগতে কাস্টম্স, ট্যাক্সেস ইত্যাদি। |
| 01.03 | টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ মই ব্যবহাৰ কৰিছো: FOSSEE Netbook |
| 01.08 | GNU/Linux অপাৰেটিং সিস্টেমৰ FOSSEE বিতৰণ আৰু |
| 01.12 | Kazam স্ক্রীন ৰেকর্ডিং সংস্কৰণ 1.4.5. |
| 01.17 | এতিয়া FOSSEE নেটবুক এবাৰ চাও। |
| 01.20 | FOSSEE নেটবুক এৰকমে দেখাত হয়। |
| 01.24 | ইয়াৰ ওজন মটামটি 700 গ্রাম। |
| 01.28 | ইয়াত এটা 10 ইঞ্চিৰ ডিসপ্লে আৰু টাচ প্যাড আছে। |
| 01.31 | ইয়াৰ আগত এটা ক্যামেৰা আৰু দুটা বিল্ট ইন স্পীকার্স আছে। |
| 01.35 | ইয়াত দুটা ৰেগুলাৰ USB পোর্টস, এটা মিনি HDMI পোর্ট, এটা Lan পোর্ট আছে। |
| 01.43 | ইয়াত অডিও সাপোর্টৰ বাবে বেলেগ বেলেগ হেডফোন আৰু mic জ্যাক আছে। |
| 01.49 | ইয়াত এটা SD card স্লট আছে যি 32GB পর্যন্ত সাপোর্ট কৰিব পাৰে। |
| 01.56 | ইয়াত এটা 5000 mAH ব্যাটাৰী আছে। |
| 01.59 | প্রোগ্রাম ব্যবহাৰৰ উপৰত ভিত্তি কৰি ই 4 পৰা 8 ঘন্টা ব্যাকআপ দিয়ে। |
| 02.04 | ইয়াত 1GB RAM আৰু 8GB ROM আছে। |
| 02.07 | ইয়াত wi-fi আৰু bluetooth সাপোর্টও আছে। |
| 02.11 | হার্ডওয়্যাৰ স্পষ্টিকৰণ সম্পর্কে অধিক জানিবলৈ দয়া কৰি http://netbook.fossee.in ত যাওক। |
| 02.19 | FOSSEE অপাৰেটিং সিস্টেমৰ ৰিকভাৰি / আপডেট / পুনৰায় সংস্থাপনৰ বাবে নিম্নোক্ত কাম কৰা উচিত। |
| 02.25 | netbook.fossee.in/recovery ত দিয়া নির্দেশৰ সৈতে sd কার্ড তৈয়াৰ কৰক। |
| 02.33 | FOSSEE নেটবুকৰ পাওয়াৰ অফ কৰক। |
| 02.35 | sd কার্ড স্লটত লগাওক আৰু কিছুক্ষণ পাওয়াৰ কী টিপি থাকক। |
| 02.41 | স্ক্রীনে এটা টেক্সট ম্যাসেজ Entering recovery mode... দেখোৱা উচিত। |
| 02.46 | পিছত স্ক্রীনত দেখোৱা বিকল্পৰ পৰা উচিত বিকল্পটো চয়ন কৰক। |
| 02.51 | আপোনি ইয়াত FOSSEE OSৰ সৈতে FOSSEE নোটবুকৰ ডেস্কটপ দেখা পাইছে। |
| 02.57 | ডিফল্টৰুপে, আপোনি ডেস্কটপত কিছু আইকন দেখিব। |
| 03.01 | যি কোনো কম্পিউটাৰৰ নিচিনা, যি কোনো আইকনত দুইবাৰ টিপিলে সংশ্লিষ্ট এপ্লিকেশন খুলিব। |
| 03.09 | ইয়াত তলত সো ফালে Network connection আইকন আছে। |
| 03.15 | এই সময়ত এইটোৱে কয় যে No network connection |
| 03.18 | এতিয়া নেটবুকৰ সৈতে জোড়া শিকো। |
| 03.21 | wi-fi সংযোগৰ বাবে , কেবল আইকনত টিপক। |
| 03.25 | ইতিমধ্যে উপলব্ধ সংযোগৰ এখন তালিকা প্রদর্শিত হয়। |
| 03.30 | তাৰে যি কোনো এটাৰ সৈতে জুড়িব পাৰে, আপোনি প্রদত্ত wi-fi নেটওয়ার্ক পাসওয়ার্ড জানিব লাগিব। |
| 03.35 | মই মোৰ মেশিনত উপলব্ধ নেটওয়ার্কৰ পৰা এটা নির্বাচন কৰিম। |
| 03.40 | তাৰপিছত পাসওয়ার্ড লিখক আৰু Connect বোতামত টিপক। |
| 03.46 | System Tray ত Network আইকন চাওক। |
| 03.50 | আইকন এতিয়া সলনি হৈ গৈছে। |
| 03.52 | এইটোৱে সেই নেটওয়ার্ক নির্দিষ্ট কৰে যাৰ সৈতে মই এতিয়া জুড়িছো। |
| 03.57 | এতিয়া আমি ডেস্কটপৰ তলৰ বাও কোণত ধ্যান দিও। |
| 04.03 | ইয়াত আমি Start Menu পাও যি হল মেন মেনু। |
| 04.07 | Start মেনুয়ে সকলো উপলব্ধ সফ্টওয়্যাৰ আৰু অ্যাপ্লিকেশনক শ্রেণীকৰণ পদ্ধতিত তালিকাভুক্ত কৰে। |
| 04.14 | কোনটো সফটওয়্যাৰ বা অ্যাপ্লিকেশন সূচীবদ্ধ আছে, সেইটোক জানিবলৈ প্রতিটো বিভাগত টিপক। |
| 04.21 | এতিয়া তাৰে কিছুক চাও। |
| 04.24 | Education বিভাগত এই সকলো অ্যাপ্লিকেশন তালিকাভুক্ত আছে। |
| 04.28 | ইয়াত Geogebra আছে। |
| 04.31 | এইটো বীজগণিত আৰু জ্যামিতিৰ বিষয় শিকিবলৈ এটা অসামান্য ফ্রী সফটওয়্যাৰ। |
| 04.37 | এইটো বিশেষৰুপে ষষ্ঠ শ্রেণীৰ উপৰৰ শিক্ষার্থীৰ বাবে সহায়ক। |
| 04.41 | স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে জীয়োজেব্রা শিকিবলৈ উত্তম টিউটোৰিয়েল তৈয়াৰ কৰিছে। |
| 04.47 | এইটো http://spoken-tutorial.org ত বিনামূল্য উপলব্ধ। |
| 04.53 | আপোনি দেখে যে ব্রাইজাৰ উইণ্ডোত, এই লিঙ্ক কিৰকমে দেখাত হয়। |
| 04.57 | আপোনি এই টিউটোৰিয়েলবোৰ অনেক ভাৰতীয় ভাষাতও দেখিব পাৰে। |
| 05.03 | এই পৃষ্ঠাত স্পোকেন টিউটোৰিয়েল সহ নেটবুকত আৰো অনেক ফ্রী সফটওয়্যাৰ আছে। |
| 05.10 | মই এইবোৰ শীঘ্রই দেখাম। |
| 05.13 | এতিয়া Start মেনুত উভতি আহো। |
| 05.15 | এতিয়া এটা অন্য সফটওয়্যাৰ Jmol চাও। |
| 05.19 | এইটো 3D ত কেমিকেল স্ট্রাকচাৰ যেনে অণু, বন্ধন ইত্যাদি চাবলৈ খুব উপকাৰী। |
| 05.26 | স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত অনেক ভাষাত Jmol ৰ টিউটোৰিয়েল আছে। |
| 05.33 | Start মেনুত এতিয়া এটা নতুন বিভাগ Graphics চাও। |
| 05.40 | ইয়াত আপোনি GIMP, Inkscape আৰু XFig দেখিব পাৰে। |
| 05.46 | স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত GIMP, Inkscape আৰু XFig ইয়াৰ অনেক টিউটোৰিয়েল আছে। |
| 05.54 | এই গ্রাফিক সফটওয়্যৰৰ ব্যবহাৰ সম্পর্কে শিকিবলৈ আপোনি এই টিউটোৰিয়েল ব্যবহাৰ কৰিব পাৰে। |
| 06.01 | এতিয়া ইন্টাৰনেট বিভাগ চাও আৰু ইয়াত এই বিকল্পবোৰ উপলব্ধ। |
| 06.07 | ইয়াত Firefox Web Browser আছে। |
| 06.10 | Firefox ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিবলৈ ইয়াত স্পোকেন টিউটোৰিয়েল আছে। |
| 06.15 | আকৌ আবাৰ এইবোৰ অনেক ভাৰতীয় ভাষাত উপলব্ধ। |
| 06.20 | Office বিভাগত, আমাৰ উছৰত সম্পূর্ণ LibreOffice Suiteআছে -
Writer, Calc, Impress, Base, Draw আৰু Math. |
| 06.31 | স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত, আমাৰ উছৰত সম্পূর্ণ LibreOffice Suite শিকাৰ উপৰত টিউটোৰিয়েল আছে। |
| 06.37 | এতিয়া Programming বিভাগত যাও। |
| 06.40 | ইয়াত iPython দেখিব পাৰো। |
| 06.43 | স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত Pythonৰ শৃঙ্খলা আছে। |
| 06.47 | ইয়াত Scilab আছে। |
| 06.50 | আকৌ এবাৰ, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত, আমাৰ উছৰত Scilab শিকাৰোও টিউটোৰিয়েল আছে। |
| 06.56 | আমাৰ উছৰত কিছু IDEs ও আছে যেনে Code Blocks আৰু Geany |
| 07.01 | ইয়াৰ উপৰত এতিয়া পর্যন্ত স্পোকেন টিউটোৰিয়েল উপলব্ধ নাই। |
| 07.05 | কিন্তু ইন্টাৰনেটত সন্ধান কৰিলে আপোনাৰ শিকাৰ বাবে ইয়াৰ উপৰত উপযোগী তথ্য প্রাপ্ত হব। |
| 07.12 | এতিয়া Sound & Video ত উপলব্ধ অ্যাপ্লিকেশন চাও। |
| 07.17 | আমাৰ উছৰত Audacityআছে যি অডিও ট্রেক ৰেকর্ড কৰিব উপযোগী হয়। |
| 07.22 | ইয়াত Audacityৰ প্রয়োগ শিকিবলগীয়া টিউটোৰিয়েল আছে। |
| 07.26 | Preferencesত ডেস্কটপ, কীবোর্ড, মনিটৰ, নেটওয়ার্ক ইত্যাদিক কাস্টমাইজ কৰাৰ বাবে বিকল্প আছে। |
| 07.33 | এতিয়া Customise look and feel বিকল্পত টিপক। |
| 07.37 | ডিফল্টৰুপে, আমি Widget ট্যাবত আছো। |
| 07.40 | ইয়াত প্রদর্শিত উইন্ডোজৰ ডিফল্ট থীমক যিকোনোৱে সলাব পাৰে। |
| 07.45 | প্রদত্ত সূচীৰ পৰা পছন্দৰ থীম চয়ন কৰক। |
| 07.51 | পিছৰ টিউটোৰিয়েলত আমি সকলো অন্য ট্যাব আৰু তাৰ বিকল্প সম্পর্কে বিস্তাৰত শিকিম। |
| 07.57 | লগআউট সেই বিকল্প হয়, যি হয়তো shutdown বা স্ক্রীন লক কৰাৰ বা logout কৰিবলৈ উপযোগী হয়। |
| 08.03 | এতিয়া আমি Cancel বোতামত টিপো। |
| 08.05 | Start মেনুৰ পিছৰ আইকনটো ডেস্কটপৰ শর্টকাট আইকন। |
| 08.10 | এতিয়া এইটোত টিপো। |
| 08.12 | এইটোৱে সকলো খোলি থকা উইন্ডোসক আইকনত পৰিবৰ্তিত কৰে আৰু মাত্র ডেস্কটপত প্রদর্শন কৰে। |
| 08.18 | এতিয়া ডেস্কটপত কিছু আইকন চাও। |
| 08.23 | ইয়াত টার্মিনেল আছে। |
| 08.25 | এইটো কমান্ড লাইন ইন্টাৰফেস। |
| 08.28 | টার্মিনেল ব্যবহাৰ সম্পর্কে শিকিবলৈ, BOSS Linux ইয়াৰ স্পোকেন টিউটোৰিয়েল শৃঙ্খলাত যাওক। |
| 08.34 | উইন্ডোজ অপাৰেটিং সিস্টেমত থকা "My Computer" বিকল্পৰ নিচিনা File Managerএ কাম কৰে। |
| 08.39 | আপোনি এই উইন্ডোৰ পৰা, যি কোনো ফোল্ডাৰ বা ফাইলত যাব পাৰে। |
| 08.47 | সফটওয়্যাৰ সেন্টাৰে আমি বিছৰা সকলো সফটওয়্যাৰ সংস্থাপন কৰিবলৈ সাহায্য কৰে। |
| 08.58 | লেন্গয়েজ সাপোৰ্টে FOSSEE অপাৰেটিং সিস্টেমৰ দ্বাৰা সমর্থিত সকলো ভাষাৰ সূচী দেখায়। |
| 09.05 | ডেস্কটপত Readme নামৰ pdf লক্ষ্য কৰক। |
| 09.10 | দয়া কৰি এই pdf খুলক আৰু পড়ক। |
| 09.17 | এইটোৱে আমাৰ নেটবুক সম্পর্কে তথ্য দিয়ে। |
| 09.27 | ইয়াৰ সৈতেই আমি FOSSEE Netbook ব্যবহাৰ কৰাৰ টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 09.33 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সংক্ষেপে বোঝায়। এইটো চাওক। |
| 09.40 | স্পোকেন টিউটোৰিয়েল প্রকল্পয়ে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 09.48 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
| 09.51 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
| 09.57 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 10.04 | মই মৌচুমি মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |