Digital-Divide/C2/First-Aid-on-Fever/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:05 নমস্কাৰ দৰ্শক সকল. গ্রামৰ ছোৱালিজনি মিনায়ে অস্হিৰভাবে আৰু কপি-কপি ক্লান্ত অবস্থাত স্কুলৰ পৰা ঘৰলৈ উভতি আহে।
00:13 তাই গা বিষ আৰু মাথা বিষৰ বিষয়ে কৈ আছিল।
00:17 তাইৰ মাকে চিন্তিত অবস্থাত তাইৰ উচৰত আহি চাই যে তাইৰ খুব জ্বৰ।
00:24 First aid on fever ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:30 আমি জ্বৰৰ লক্ষণ, প্রাথমিক যত্ন আৰু ডাক্তৰৰ পৰামর্শ সম্পর্কে কথা কম।
00:37 যদি কোনো ব্যক্তিৰ শৰীৰৰ তাপমাত্রা স্বাভাবিক অর্থাৎ 96.8 ৰ পৰা 100.4º ফাৰেনহাইটৰ বেশি হয় তেনেহলে তেখেতৰ জ্বৰ হৈছে।
00:51 এতিয়া জ্বৰৰ লক্ষণ চাও:
00:54 তাপমাত্রা বৃদ্ধি হোৱা,
00:57 বিষ আৰু যন্ত্রনা,
01:00 অস্হিৰভাব আৰু কাঁপনি,
01:02 তীব্র মাথা বিষ আৰু
01:04 গলা বিষ কৰা।
01:06 মাকে তাইক কপা দেখি, তাইক গৰম কৰি ৰখাবলৈ এখন কম্বল দি ঢাকি দিয়ে।
01:14 এতিয়া জ্বৰৰ অবস্থাত কি কৰা উচিত আৰু কি নকৰা উচিত তাক চাও।
01:19 কোহমিয়া পানীত ভিজোৱা স্পঞ্জ দি শৰীৰ মুছক।
01:24 ৰোগীক প্রচুৰ পানী খাব দিয়ক।
01:27 ব্যক্তিজনক কম্বল বা ডাঠ পোশাক দি নাঢাকিব।
01:32 নিজৰ মনেৰে ওষুধ নিদিব।
01:35 সর্বদা ডাক্তৰৰ সৈতে পৰামর্শ কৰি ওষুধ দিব।
01:40 বিশুদ্ধ বতাহ বন্ধ নকৰিব
01:43 কাৰণ এইটোৱে জ্বৰ কম কৰাবলৈ সাহায্য কৰে।
01:47 ৰোগীৰ নিম্ন লক্ষণ দেখা দিলে অবিলম্বে চিকিত্সা কৰক:
01:53 অনিয়মিত নিশ্বাস লোৱা,
01:55 অস্পন্দ ডিঙি(Stiff neck),
01:57 স্হিৰভাবে গলা বিষ কৰা
01:59 ছালত ফোঁহা (Rashes),
02:02 বমি, বেদনাদায়ক প্রস্রাব আৰু ডায়ৰিয়া।
02:07 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
02:11 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
02:14 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
02:17 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে।
02:22 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
02:27 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
02:31 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
02:37 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
02:42 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
02:49 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
03:07 মই মৌচুমী মেধি বিদায় লৈছো।
03:11 অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi