Blender/C2/Types-of-Windows-Properties-Part-4/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:04 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত প্রোপার্টিস উইন্ডোৰ সম্পর্কে।
00:15 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
00:28 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি প্রোপার্টিস উইন্ডো সম্পর্কে শিকিম;
00:33 প্রোপার্টিস উইন্ডোত Material Panel কি;
00:37 প্রোপার্টিস উইন্ডোৰ Material Panel ইয়াৰ বিভিন্ন সেটিংস কি?
00:44 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
00:49 নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of the Blender Interface পড়ক।
00:57 প্রোপার্টিস উইন্ডো আমাৰ স্ক্রিনৰ সো ফালে অবস্থিত।
01:03 আমি প্রোপার্টিস উইন্ডোৰ প্রথম প্যানেল আৰু তাৰ সেটিংস পূর্ববর্তী টিউটোৰিয়েলতেই দেখিছিলো।
01:10 প্রোপার্টিস উইন্ডোৰ পৰবর্তী প্যানেল চাও।
01:14 ভাল দেখাৰ আৰু বোঝাৰ বাবে, আমাৰ প্রোপার্টিস উইন্ডোৰ আকাৰ এবাৰ সলাব লাগিব।
01:20 প্রোপার্টিস উইন্ডোৰ বাও প্রান্তত বাও ক্লিক কৰক, ধৰি থাকক আৰু বাও ফালে ড্রেগ কৰক।
01:28 এতিয়া আমি বিকল্পবোৰ প্রোপার্টিস উইন্ডোত আৰু স্পষ্টৰুপে দেখিব পাৰো।
01:33 ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবর্তন কৰে তাক শিকিবলৈ আমাৰ How to Change Window Types in Blender টিউটোৰিয়েলটো চাওক।
01:43 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিলৈ যাওক।
01:51 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ sphere আইকনত বাও ক্লিক কৰক।
01:58 এইটো হল Material panel. ইয়াত আমি সক্রিয় অবজেক্টত এটা মেটেৰিয়াল যোগ কৰিব পাৰো।
02:05 ডিফল্টৰুপে, কিউবত এটা স্ট্যান্ডার্ড মেটেৰিয়াল জুড়া হৈ আছে।
02:10 এই মেটেৰিয়ালটো blue দ্বাৰা চিন্হাঙ্কিত মেটেৰিয়াল স্লটৰ অংশ।
02:15 এটা নতুন মেটেৰিয়াল স্লট যোগ কৰিবলৈ মেটেৰিয়াল প্যানেলৰ উপৰৰ সো ফালে কোণত plus sign ত বাও ক্লিক কৰক।
02:24 এটা নতুন মেটেৰিয়াল জুড়াবলৈ new ত বাও ক্লিক কৰক। ডিফল্টৰুপে, সমস্ত নতুন মেটেৰিয়াল মৌলিক সেটিংসৰ সৈতে জুড়া গৈছে।
02:34 নতুন মেটেৰিয়াল স্লট মুছিবলৈ প্লাস সাইনৰ তলত minus signত বাও ক্লিক কৰক।
02:41 আমি আমাৰ মূল মেটেৰিয়াললৈ উভতি আহিছো। পূণ:নামাকৰণ কৰাত একে নাম White বোলি দিয়ক।
02:46 মেটেৰিয়াল স্লট বক্স আৰু প্রিভিউ উইন্ডোৰ মাঝত আইডি নেম বাৰত Material ত বাও ক্লিক কৰক।
02:55 আপোনাৰ কীবোর্ডত White লিখক আৰু enter কী টিপক।
03:01 মেটেৰিয়াল আৰু মেটেৰিয়াল স্লট উভয়েই বগালৈ সলনি হৈ গৈছে।
03:06 আমি নতুন মেটেৰিয়াল স্লট নুজুড়োৱাকে এটা নতুন মেটেৰিয়াল জুড়াব পাৰো।
03:12 মেটেৰিয়াল আইডি নেম বাৰত সো ফালে plus sign ত বাও ক্লিক কৰক।
03:18 মেটেৰিয়াল স্লটত এটা নতুন মেটেৰিয়াল জুড়া গৈছে। ইয়াক red নাম দিয়ক।
03:27 আমি এই মেটেৰিয়ালৰ ৰঙ বগাৰ পৰা ৰঙালৈ পৰিবর্তন কৰিম।
03:31 কিন্তু প্রথমে মেটেৰিয়াল আইডি নেম বাৰৰ তলত থকা বাটনৰ সাৰিত এবাৰ চাওক।
03:37 Surfaceএ সক্রিয় বস্তুৰ মেটেৰিয়ালক তাৰ পৃষ্ঠ ৰুপে ৰেন্ডাৰ কৰে।
03:44 ব্লেন্ডাৰত এইটো ডিফল্ট ৰেন্ডাৰ মেটেৰিয়াল।
03:48 Wireএ মেটেৰিয়ালক তাৰ যুক্ত জাল হিসাবে ৰেন্ডাৰ কৰে, যি বস্তুৰ বহুভুজৰ( object's polygons) মাত্র প্রান্ত প্রদর্শন কৰে।
03:55 এইটো এটা দৰকাৰী টুল, যি মডেলিং আৰু ৰেন্ডাৰিং ইয়াৰ সময় বচায়।
04:00 আমি ব্লেন্ডাৰত মডেলিং সম্পর্কে আৰু উন্নত টিউটোৰিয়েলত, তাৰ যুক্ত জাল, প্রান্ত আৰু বহুভুজ সম্পর্কে বিষদভাবে শিকিম।
04:09 Volumeএ মেটেৰিয়ালক সক্রিয় বস্তুৰ সম্পূর্ণ ভলিউম হিসাবে ৰেন্ডাৰ কৰে।
04:15 Surface আৰু wire ইয়াৰ বাবে মেটেৰিয়াল সেটিংস বেলেগ বেলেগ হয়।
04:20 পিছৰ টিউটোৰিয়েলত Volume Material ব্যবহাৰ কৰাৰ সময়ত আমি এই সেটিংস বিষদভাবে চাম।
04:26 Haloএ মেটেৰিয়ালক সক্রিয় বস্তুৰ চাৰিউপাশে হালো কণা হিসাবে ৰেন্ডাৰ কৰে।
04:32 আকৌ এবাৰ, মেটেৰিয়াল সেটিংস সলনি হৈ গৈছে।
04:36 পিছৰ টিউটোৰিয়েলত Halo Material ব্যবহাৰ কৰাৰ সময়ত আমি এই সেটিংস বিষদভাবে চাম।
04:42 লক্ষ্য কৰক যে ইয়াত কোনো বিকল্প 3D ভিউত দৃশ্যমান নহয়।
04:47 ইয়াৰ কাৰণ এই যে এইটো মাত্র ৰেন্ডাৰ ডিসপ্লেত দেখা দিয়ে।
04:52 ৰেন্ডাৰ ডিসপ্লে সম্পর্কে জানিবলৈ, Types of Windows Properties Part 1 টিউটোৰিয়েলটো চাওক।
05:02 Surface লৈ উভতি যাওক। আমি সাৰফেস মেটেৰিয়ালৰ সেটিংস চাম।
05:05 তলত প্রিভিউ উইন্ডো আছে, যিয়ে ৰেন্ডাৰ মেটেৰিয়ালৰ প্রিভিউ প্রদর্শন কৰে।
05:17 সো ফালে বিভিন্ন প্রিভিউ বিকল্পৰ বাবে column of buttons আছে।
05:22 Plane
05:24 Sphere
05:26 Cube
05:29 Monkey
05:32 Hair
05:34 আৰু Sky. এতিয়া আমি আমাৰ মেটেৰিয়ালৰ ৰঙ বগাৰ পৰা ৰঙালৈ পৰিবর্তন কৰো।
05:42 Diffuse লৈ যাওক। Diffuse ৰ অধিনত white bar ত বাও ক্লিক কৰক।
05:49 এটা কালাৰ মেনু প্রদশিত হয়। আমি এই মেনুৰ পৰা নিজৰ ইচ্ছামতে যি কোনো ৰঙ বাছিব পাৰো। মই ৰঙা( red) নির্বাচন কৰিছো।
05:59 বাও ক্লিক কৰক আৰু বগা ডটক, কালাৰ বৃত্তৰ কেন্দ্রত ধৰি থাকক।
06:05 আপোনাৰ মাউসক বৃত্তৰ ৰঙা ক্ষেত্রৰ ফালে ড্রেগ কৰক।
06:11 মেটেৰিয়াল প্যানেলত 3D ভিউ আৰু প্রিভিউ উইন্ডোত কিউবৰ ৰঙ বগাৰ পৰা ৰঙা লৈ সলনি হয়।
06:22 আৰু এটা পদ্ধতি হল - Diffuse ইয়াৰ অধিনত red barত এবাৰ বাও ক্লিক কৰক।
06:28 আপোনি কি কালাৰ বৃত্তৰ তলত R G আৰু B নামৰ তিনটা বাৰ দেখিছেনে?
06:35 R ত বাও ক্লিক কৰক। আপোনাৰ কীবোৰ্দত 1 লিখক আৰু enter কী টিপক।
06:43 G ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 0 লিখক আৰু enter কী টিপক।
06:52 B ত বাও ক্লিক কৰক। আপোনাৰ কীবোৰ্দত 0 লিখক আৰু enter কী টিপক। এতিয়া কিউবৰ ৰঙ সম্পূর্ণ ৰঙা।
07:05 একেইভাবে, specular ইয়াৰ অধিনত বগা বাৰত বাও ক্লিক কৰক। color menu ত যি কোনো ৰঙ নির্বাচন কৰক।
07:14 আমি সেউজীয়া নির্বাচন কৰিছো।
07:17 সেয়ে চাওক, কিউবত থকা চকমকখিনি বগাৰ পৰা হালকা সেউজীয়ালৈ পৰিবর্তিত হৈছে।
07:22 এতিয়া কি, যদি আমি আকৌ এবাৰ বগা মেটেৰিয়াল ব্যবহাৰ কৰিব চাও? আমি এইটো কিভাবে উভতি পাম?
07:29 Material ID name bar লৈ যাওক। ইয়াত নেম বাৰৰ বাঁও ফালে আৰু এটা গোলক আইকন আছে।
07:37 Sphere icon ত বাও ক্লিক কৰক। এইটো হল Material menu.
07:43 দৃশ্যত ব্যবহৃত সকলো মেটেৰিয়াল ইয়াত সূচিবদ্ধ আছে। এতিয়া ইয়াত মাত্র দুটা মেটেৰিয়াল প্রদর্শিত আছে - Red আৰু White.
07:53 Whiteত বাও ক্লিক কৰক। আকৌ এবাৰ, কিউব ৰঙাৰ পৰা বগালৈ সলনি হৈ গৈছে।
08:00 Diffuse আৰু specular উভয়ৰ তলত ইনটেনসিটি বাৰ আছে।
08:05 ডিফল্টৰুপে, Diffuse ইয়াৰ বাবে ইনটেনসিটি 0.8 আৰু Specular ইয়াৰ বাবে 0.5 হয়।
08:15 এইটো ফিনিস মেটেৰিয়ালৰ ধৰনৰ প্রয়োজন অনুযায়ী পৰিবর্তন কৰা যাব পাৰে।
08:21 ম্যাট ফিনিসৰ অর্থ Diffuse আৰু specular উভয়ৰ কম ইনটেনসিটি।
08:27 উদাহৰণস্বৰুপে, প্রাকৃতিক কাঠৰ(wood) মেটেৰিয়ালত ম্যাট ফিনিস থাকিব।
08:33 গ্লসি ফিনিসৰ অর্থ Diffuse আৰু specular উভয়ৰ বেছি ইনটেনসিটি।
08:39 উদাহৰণস্বৰুপে, গাড়ি পেন্ইটৰ মেটেৰিয়ালত গ্লসি ফিনিস হব।
08:46 ব্লেন্ডাৰত Diffuse ইয়াৰ বাবে Lambert হল ডিফল্ট শেডৰ।
08:52 Lambert ত বাও ক্লিক কৰক। এইটো হল Diffuse shader menu.
08:57 ইয়াত আমি আমাৰ প্রয়োজনীয় শেডৰ Fresnel, Minnaert, Toon, Oren-Nayar আৰু Lambert চয়ন কৰিব পাৰো।
09:08 ইনটেনসিটিৰ নিচিনা, বিভিন্ন মেটেৰিয়ালৰ বাবে শেডাৰোও ভিন্ন হয়। উদাহৰণস্বৰুপে, এটা গ্লাস মেটেৰিয়ালে Fresnel Shader ব্যবহাৰ কৰিব।
09:19 একেইভাবে, ব্লেন্ডাৰত specular ইয়াৰ বাবে, Cooktorr হল ডিফল্ট শেডৰ।
09:25 Cooktorr ত বাও ক্লিক কৰক। এইটো হল Specular Shader menu.
09:32 Blinn আৰু Phong হল সকলোতচে সাধাৰণ specular shaders যি 90% মেটেৰিয়ালৰ বাবে ব্যবহৃত হয়।
09:40 Hardnessএ বস্তুৰ স্পেকুলাৰিটী(specularity) বা চকমকৰ তীব্রতা নির্ধাৰিত কৰে।
09:48 Hardness 50 ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 100 লিখক আৰু enter কী টিপক।
09:57 প্রিভিউ গোলকত specular ক্ষেত্র এটা ছোটি বৃত্তত হ্রাস পাইছে।
10:04 আৰু এবাৰ Hardness 100 ত বাও ক্লিক কৰক। আপোনাৰ কীবোৰ্ডত 10 লিখক আৰু enter কী টিপক।
10:13 এতিয়া specular ক্ষেত্র ডাঙৰ হৈ গৈছে আৰু প্রিভিউ গোলকৰ উপৰত ব্যাপ্তি হৈ গৈছে।
10:20 সেয়ে এইটো হল মেটেৰিয়াল প্যানেলৰ মৌলিক সেটিংস।
10:25 বাকি সেটিংস আমি পৰবর্তী টিউটোৰিয়েলত চাম।
10:29 এতিয়া আপোনি আগোৱাব পাৰিব আৰু এটা নতুন ফাইল বনাব পাৰিব;
10:33 কিউবত নতুন মেটেৰিয়াল জুড়ক আৰু ইয়াৰ ৰঙ সলাব পাৰিব আৰু Blue নাম দিব পাৰিব।
10:39 এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
10:48 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro.
11:08 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
11:11 স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
11:14 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
11:19 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
11:25 অংশগ্রহনৰ বাবে ধন্যবাদ।
11:27 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi