Blender/C2/Types-of-Windows-Properties-Part-3/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:05 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:09 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত প্রোপার্টিস উইন্ডোৰ সম্পর্কে।
00:16 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
00:28 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি প্রোপার্টিস উইন্ডো সম্পর্কে শিকিম;
00:35 প্রোপার্টিস উইন্ডোত Object Constraints Panel, Modifiers Panel আৰু Object Data Panel কি;
00:44 প্রোপার্টিস উইন্ডোৰ Object Constraints Panel, Modifiers Panel আৰু Object Data Panel ইয়াৰ বিভিন্ন সেটিংস কি?
00:57 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
01:01 নহলে আমাৰ আগৰ টিউটোৰিয়েল Basic Description of the Blender Interface পড়ক।
01:10 প্রোপার্টিস উইন্ডো আমাৰ স্ক্রিনৰ সো ফালে অবস্থিত।
01:16 আমি প্রোপার্টিস উইন্ডোৰ প্রথম চাৰিটা প্যানেল আৰু তাৰ সেটিংস, পূর্ববর্তী টিউটোৰিয়েলতেই দেখা পাইছো।
01:23 প্রোপার্টিস উইন্ডোৰ পৰবর্তী প্যানেল চাও। ভাল দেখাৰ আৰু বোঝাৰ বাবে, আমাৰ প্রোপার্টিস উইন্ডোৰ আকাৰ এবাৰ সলাব লাগিব।
01:33 প্রোপার্টিস উইন্ডোৰ বাও প্রান্তত বাও ক্লিক কৰক, ধৰি থাকক আৰু বাও ফালে ড্রেগ কৰক।
01:43 এতিয়া আমি বিকল্পবোৰ প্রোপার্টিস উইন্ডোত আৰু স্পষ্টৰুপে দেখিব পাৰো।
01:47 ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে পৰিবর্তন কৰে তাক শিকিবলৈ আমাৰ How to Change Window Types in Blender টিউটোৰিয়েলটো চাওক।
01:57 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিলৈ যাওক।
02:03 Chain আইকনত বাও ক্লিক কৰক। এইটো হল Object Constraints প্যানেল।
02:12 Add Constraints ত বাও ক্লিক কৰক। এই মেনুত বিভিন্ন অবজেক্ট কন্সট্রেন্টসৰ সূচী আছে।
02:19 ইয়াত কন্সট্রেন্টসৰ তিনটা মুখ্য ধৰন আছে - Transform, Tracking আৰু Relationship.
02:31 Copy location কন্সট্রেন্ট ইয়াৰ ব্যবহাৰ এটা বস্তুৰ স্থানক কপি কৰা আৰু তাক অন্য বস্তুৰ বাবে সেট কৰিবলৈ কৰা হয়।
02:38 3D ভিউলৈ যাওক। Lamp নির্বাচন কৰিবলৈ তাৰ উপৰত ৰাইট ক্লিক কৰক।
02:45 Object Constraints Panel লৈ উভতি যাওক।
02:49 Add Constraint ত বাও ক্লিক কৰক।
02:52 ট্রান্সফর্মৰ অধিনত copy location নির্বাচন কৰক।
02:57 Add Constraint মেনু বাৰৰ অধিনত এটা নতুন প্যানেল প্রদর্শিত হয়।
03:05 এই প্যানেলত copy location কন্সট্রেন্টৰ বাবে সেটিংস আছে।
03:06 আপোনি কি, কপি লোকেশন প্যানেলৰ বাও ফালে orange cube ইয়াৰ সৈতে এই বগা বাৰ দেখিছেনে?
03:12 এইটো হল Target bar. ইয়াত আমি আমাৰ target object ইয়াৰ নাম যোগ কৰো।
03:21 Target bar ত বাও ক্লিক কৰক।
03:24 তালিকাৰ পৰা cube নির্বাচন কৰক।
03:29 কপি লোকেশন কন্সট্রেন্টে কিউবৰ স্থান স্থানাঙ্কক কপি কৰি আৰু তাক লেম্পৰ উপৰত প্রয়োগ কৰক।
03:37 ফলত, ল্যাম্পে কিউবৰ স্থানলৈ গতি কৰে।
03:42 Copy location প্যানেলৰ উপৰৰ সো ফালৰ কোণত cross আইকনত বাও ক্লিক কৰক।
03:50 কন্সট্রেন্ট বন্ধ হৈ গৈছে। ল্যাম্পে নিজেৰ মূল স্থানলৈ উভতি যায়।
03:58 সেয়ে এইভাবে যি এটা object constraintএ কাম কৰে।
04:02 আমি পিছৰ টিউটোৰিয়েলত object constraints ইয়াৰ ব্যবহাৰ অনেক বাৰ কৰিম।
04:07 এতিয়াৰ বাবে, প্রোপার্টিস উইন্ডোত পৰবর্তী প্যানেললৈ যাওক। 3D view লৈ যাওক।
04:16 Cube নির্বাচন কৰিবলৈ ৰাইট ক্লিক কৰক।
04:19 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ পৰবর্তী আইকনত বাও ক্লিক কৰক।
04:26 এইটো হল Modifiers panel.
04:29 মডিফায়াৰে, নিজৰ মূল বৈশিষ্ট্য পৰিবর্তন নকৰাকে বস্তুক বিৰুপিত কৰে। আমি দেখাও।
04:36 Modifiers প্যানেললৈ উভতি যাওক।
04:40 ADD modifier ত বাও ক্লিক কৰক। ইয়াত তিনটা মুখ্য ধৰনৰ মডিফায়াৰ আছে - Generate, Deform আৰু Simulate.
04:54 মেনুৰ তলৰ বাও কোনত Subdivision surface ত বাও ক্লিক কৰক।
05:02 কিউব এটা বিকৃত বললৈ সলনি হয়। ADD modifier মেনু বাৰৰ তলত এটা নতুন প্যানেল প্রদর্শিত হয়।
05:10 এই প্যানেলে সাবডিভিশন সাৰফেস মডিফায়াৰৰ বাবে সেটিংস দেখায়।
05:16 View 1 ত বাও ক্লিক কৰক। আপোনাৰ কীবোর্ডত 3 লিখক আৰু এন্টাৰ কী টিপক।
05:25 এতিয়া কিউবটো এটা বল বা গোলকৰ নিচিনা দেখাত হয়।
05:28 আমি পিছৰ টিউটোৰিয়েলত সাবডিভিশন সাৰফেস মডিফায়াৰ সম্পর্কে বিষদভাবে শিকিম।
05:35 সাবডিভিশন সাৰফেস প্যানেলৰ উপৰৰ সো ফালে কোণত cross আইকনত বাও ক্লিক কৰক।
05:43 মডিফায়াৰ বন্ধ হৈ গৈছে। কিউব নিজৰ মূল আকাৰত উভতি আহে।
05:49 সেয়ে মডিফায়াৰে কিউবৰ মূল বৈশিষ্ট্য পৰিবর্তন নকৰে।
05:54 আমি পিছৰ টিউটোৰিয়েলত অন্যান্য মডিফায়াৰ সম্পর্কে বিষদভাবে শিকিম।
05:59 প্রোপার্টিস উইন্ডোৰ উপৰৰ সাৰিৰ inverted triangle আইকনত বাও ক্লিক কৰক।
06:07 এইটো হল Object Data প্যানেল।
06:10 নির্বাচিত ছেদচিহ্নৰ এটা সমূহ দল কৰিবলৈ Vertex groups ব্যবহাৰ কৰা হয়।
06:15 Vertex groups ইয়াৰ ব্যবহাৰ কিভাবে কৰে, তাক আমাৰ আৰু উন্নত টিউটোৰিয়েলত চাম।
06:22 Shape keys ইয়াৰ ব্যবহাৰ এডিট মোডত থকা বস্তু অ্যানিমেট কৰিবলৈ কৰা হয়।
06:28 আপোনি কি ​​শেপ কীস বাক্সৰ( shape keys box) একেবাৰে সো ফালে plus sign দেখিছেনে?
06:34 ইয়াৰ ব্যবহাৰ বস্তুত নতুন শেপ কী যুক্ত কৰিবলৈ কৰা হয়।
06:39 Plus sign ত বাও ক্লিক কৰক। প্রথম কী হল Basis.
06:50 এই কীয়ে বস্তুৰ মূল আকাৰ সংৰক্ষণ কৰে, যাক আমি এনিমেট কৰিম।
06:55 এইবাবে, আমি এই কী সংশোধন কৰিব নোৱাৰো।
06:58 অন্য কী যুক্ত কৰিবলৈ plus sign ত আকৌ এবাৰ বাও ক্লিক কৰক। Key 1 হল প্রথম কী, যাক সংশোধন কৰা যাব পাৰে।
07:10 3D view লৈ যাওক।
07:13 এডিট মোডত প্রবেশ কৰাৰ বাবে আপোনাৰ কীবোর্ডৰ tab টিপক।
07:18 কিউব পৰিমাপৰ বাবে S টিপক। মাউস টানি আনক। মাপ নিশ্চিত কৰিবলৈ বাও ক্লিক কৰক।
07:29 অবজেক্ট মোডলৈ উভতি যাবলৈ tab টিপক।
07:33 কিউব নিজৰ মূল আকাৰলৈ উভতি আহিছে। তেনেহলে স্কেলিং-ত কি ঘটিছে যি আমি এডিট মোডত কৰিছিলো?
07:40 অবজেক্ট ডেটা প্যানেলত Shape keys box লৈ উভতি যাওক।
07:45 Key 1 হল সক্রিয় কী আৰু blue দ্বাৰা চিন্হাঙ্কিত।
07:50 সো ফালে শেপ কী-ইয়াৰ মান আছে। এই মান সংশোধন কৰিব পাৰিব।
07:57 0,000 মান-ত বাও ক্লিক কৰক।
08:03 আপোনাৰ কীবোৰ্ডত 1 লিখক আৰু enter কী টিপক। কিউব এতিয়া সৰু হয়।
08:12 আমি আগোৱাই যোৱাত অধিক শেপ কীস জুড়োৱা আৰু কিউব সংশোধন কৰিব পাৰো।
08:17 ব্লেন্ডাৰ টিউটোৰিয়েলৰ এই শৃঙ্খলাত এনিমেট কৰাৰ সময়ত আপোনি আমাক প্রায়েই শেপ কী ​​ব্যবহাৰ কৰা দেখিব।
08:26 পৰবর্তী সেটিং হল UV texture. ইয়াৰ ব্যবহাৰ এটা বস্তুত জুড়িত টেক্সচাৰ সংশোধন কৰিবলৈ কৰা হয়।
08:33 আমি এইটো বিশদভাবে পৰবর্তী টিউটোৰিয়েলত চাম।
08:38 এতিয়া আপোনি আগোৱাই যাব পাৰিব আৰু এটা নতুন ফাইল বনাব পাৰিব;
08:42 কপি লোকেশন কন্সট্রেন্ট ব্যবহাৰ কৰি ল্যাম্পত কিউবৰ স্থান কপি কৰক;
08:49 সাবডিভিশন সাৰফেস মডিফায়াৰ ব্যবহাৰ কৰি, কিউবক এটা স্ফেয়াৰলৈ সলাওক আৰু শেপ কী ব্যবহাৰ কৰি কিউবক এনিমেট কৰক।
09:00 এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
09:09 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro.
09:30 কথ্য টিউটোৰিয়েল প্রকল্প দলে,
09:32 কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:35 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
09:40 আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
09:47 অংশগ্রহনৰ বাবে ধন্যবাদ।
09:49 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi