Blender/C2/Camera-View-Settings/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:07 | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
| 00:11 | এই টিউটোৰিয়েলটো ন্যাভিগেশন - ক্যামেৰা ভিউ সম্পর্কে। |
| 00:16 | আমি ব্লেন্ডাৰ 2.59 ত ক্যামেৰা নেভিগেট কৰা শিকিম। |
| 00:21 | মই মৌচুমী মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
| 00:30 | এই টিউটোৰিয়েলটো দেখাৰ পিছত, |
| 00:32 | নতুন ক্যামেৰা ভিউ পাবলৈ ক্যামেৰাৰ অবস্থান পৰিবর্তন কৰা শিকিম; |
| 00:38 | ক্যামেৰা ভিউ কিভাবে ৰোল কৰে, প্যান, ডলী আৰু ট্রেক কৰে; |
| 00:43 | আৰু ফ্লাই মোড ব্যবহাৰ কৰি নতুন ক্যামেৰা ভিউ কিভাবে নির্বাচন কৰে। |
| 00:50 | মই ধৰি লও যে, আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে। |
| 00:54 | নহলে, ব্লেন্ডাৰ সংস্থাপনৰ উপৰত আমাৰ আগৰ টিউটোৰিয়েলটো পড়ক। |
| 01:02 | ডিফল্টৰুপে, যেতিয়া ব্লেন্ডাৰ খোলে, 3D ভিউ User Perspective view ত হয়। |
| 01:11 | এতিয়া ক্যামেৰা ভিউলৈ যাও। |
| 01:15 | 3D প্যানেলৰ তলৰ ফালে বাও কোণত view tab লৈ যাওক। |
| 01:21 | মেনুৰ পৰা cameraত বাও ক্লিক কৰক। |
| 01:25 | কীবোর্ড শর্টকাটৰ বাবে numpad 0 টিপক। |
| 01:29 | আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনাৰ নম্বৰ কী numpad-ইয়াৰ মতে কাম কৰা উচিত। |
| 01:36 | নামপ্যাড অনুকৰণ(emulate) কিভাবে কৰে, তাক শিকিবলৈ ইউসাৰ প্রেফেৰেন্সেস- ইয়াৰ উপৰৰ টিউটোৰিয়েল চাওক। |
| 01:45 | এইটো ক্যামেৰা ভিউ। |
| 01:49 | ডটেড বক্স সক্রিয় ক্যামেৰাৰ ভিউ ফীল্ড হয়। |
| 01:55 | এই ডটেড বক্সৰ ভিতৰত সকলো বস্তু প্রস্তুত কৰা হব। |
| 02:01 | Render সেটিংস পৰবর্তী টিউটোৰিয়েলত শিকা হব। |
| 02:05 | বর্তমান ভিউ পয়েন্টৰ সৈতে মিলাবলৈ ব্লেন্ডাৰে সক্রিয় ক্যামেৰাক উপযুক্ত স্থান আৰু অনুকুল কৰাৰ অনুমতি দিয়ে। |
| 02:11 | এইটো কিভাবে কৰে দেখা যাওক। |
| 02:15 | Perspective ভিউলৈ উভতি যোৱাৰ বাবে numpad zero টিপক। |
| 02:20 | আপোনি দেখে যে ক্যামেৰা ভিউৰ পৰা সুইচ কৰাৰ বাবে শর্টকাট numpad zero এটা টগল হয়। |
| 02:26 | মাউস হুইল বা MMBক ধৰক আৰু যত আপোনি ক্যামেৰা ৰাখিব বিচাৰে সেই স্থানত ভিউ ঘোৰাবৰ বাবে মাউসক স্থানান্তৰিত কৰক। |
| 02:36 | মই এই স্থান নির্বাচন কৰিছো। |
| 02:40 | Control, Alt আৰু Num Pad zero টিপক। |
| 02:46 | ক্যামেৰা নতুন স্থানলৈ যায়। |
| 02:49 | 3D ভিউএ একেই সময়ত ক্যামেৰা ভিউলৈ পৰিবর্তিত হয়। |
| 02:54 | ব্লেন্ডাৰে ক্যামেৰাত কিছু ন্যাভিগেশনেল কাম কৰিবলৈ অনুমতি দিয়ে যেনে ৰোলিং, প্যানিং, ট্র্যাকিং ইত্যাদি। |
| 03:03 | আমি এতিয়া এইবোৰ চাম। |
| 03:05 | ক্যামেৰা নির্বাচনৰ বাবে ডটেড বাক্সত ৰাইট ক্লিক কৰক। |
| 03:10 | এতিয়াৰ পৰা, অন্যান্য বস্তুক যিভাবে ব্যবহাৰ কৰিব বিচাৰে সেইভাবে ক্যামেৰাক নিপূণভাবে ব্যবহাৰ কৰিব পাৰে। |
| 03:17 | মনত ৰাখিব যে, এই কামবোৰ কৰাৰ বাবে আপোনাৰ ক্যামেৰা, ভিউত হোৱা জৰুৰী হয়। |
| 03:22 | প্রথমে আমি ক্যামেৰা ভিউ ৰোল কৰা চাম। |
| 03:26 | বস্তুক ৰোটেশন মোডত অনাৰ বাবে আপোনাৰ কীবোর্ডত R টিপক। |
| 03:32 | এতিয়া আপোনাৰ মাউসক বাওৰ পৰা সো ফালে আৰু উপৰৰ পৰা তললৈ কৰক। |
| 03:42 | ডিফল্টৰুপে এইটোৱে ক্যামেৰাক ইয়াৰ লোকেল Z-অক্ষত ঘোৰায়, অর্থাত অক্ষৰ চাৰিপাশে, যি ক্যামেৰা ভিউৰ ভিতৰত বা বাহিৰলৈ যায়। |
| 03:53 | ক্রিয়া বাতিলৰ বাবে স্ক্রিনত ৰাইট ক্লিক বা কীবোর্ডত Esc টিপক। |
| 03:58 | এইটোৱে আপোনাক আপোনাৰ আগৰ ক্যামেৰা ভিউলৈ উভতি নিয়ে। |
| 04:04 | এতিয়া পৰবর্তী ক্রিয়ায়ে, ক্যামেৰা ভিউ প্যান হোৱা দেখাব। |
| 04:09 | প্যানিং দুই ফালে আছে - বাও পৰা সো বা উপৰ আৰু তলৰ ফালে। |
| 04:15 | বস্তুক ৰোটেশন মোডত আনাৰ বাবে R টিপক। X দুইবাৰ টিপক। |
| 04:22 | প্রথম Xএ, ৰোটেশনক গ্লোবেল X-অক্ষত বন্ধ কৰে। |
| 04:26 | দ্বিতীয় Xএ, ৰোটেশনক লোকেল X-অক্ষত বন্ধ কৰে। |
| 04:31 | আমি গ্লোবেল আৰু লোকেল পৰিবর্তিত অক্ষ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত বিস্তাৰিত ভাবে আলোচনা কৰিম। |
| 04:38 | এতিয়া মাউসটো উপৰ আৰু তললৈ ঘোৰাওক। |
| 04:42 | ক্যামেৰা ভিউ উপৰ আৰু তললৈ ঘোৰে। |
| 04:47 | এতিয়া, Y ক দুইবাৰ টিপক। |
| 04:51 | প্রথম Yএ, ৰোটেশনক গ্লোবেল Y-অক্ষত বন্ধ কৰে। |
| 04:56 | দ্বিতীয় এ, ৰোটেশনক লোকেল Y-অক্ষত বন্ধ কৰে। |
| 05:00 | এতিয়া মাউসক বাওৰ পৰা সো লৈ ঘোৰাওক। |
| 05:05 | ক্যামেৰা ভিউ বাওৰ পৰা সো আৰু বিপৰীতক্রমে ঘোৰে। |
| 05:12 | ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক। |
| 05:16 | এতিয়া আমি ক্যামেৰাক ডলী কৰাম। এইটো কৰাৰ দুটা উপায় আছে। |
| 05:21 | প্রথমে ক্যামেৰাক ধৰিবলৈ বাবে G টিপক। |
| 05:25 | মাউস হুইল বা MMBক ধৰি ৰাখি আৰু মাউসক উপৰ আৰু তল ঘোৰাওক। |
| 05:43 | দ্বিতীয় পথ, আপোনি ইয়াৰ লোকেল z-অক্ষৰ সৈতে ক্যামেৰাক স্থানান্তৰ কৰিব পাৰিব। G টিপক। |
| 05:53 | তাৰপিছত ক্যামেৰাক লোকেল z-অক্ষত বন্ধ কৰাৰ বাবে z দুইবাৰ টিপক। |
| 05:59 | এতিয়া মাউসক উপৰ আৰু তলৰ ফালে ঘোৰোৱাত একেইৰকম প্রভাব দিয়ে। |
| 06:11 | ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক। |
| 06:15 | ক্যামেৰা ভিউক বাও পৰা সো বা উপৰ আৰু তললৈ ট্রেক কৰাৰ অর্থ হল, এইটোক লোকেল X বা Y অক্ষত ঘোৰোৱা । |
| 06:24 | G টিপক। X দুইবাৰ টিপক আৰু মাউসক বাও পৰা সোলৈ ঘোৰাওক। |
| 06:35 | ক্যামেৰা ভিউ বাও পৰা সোলৈ আৰু বিপৰীতক্রমে ট্রেক হয়। |
| 06:42 | এতিয়া Yক দুইবাৰ টিপক আৰু মাউসক উপৰ আৰু তলফালে ঘোৰাওক। |
| 06:48 | ক্যামেৰা ভিউএ উপৰ আৰু তলফালে ট্রেক কৰে। |
| 06:53 | ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক। |
| 06:59 | ব্লেন্ডাৰে ক্যামেৰাৰ বাবে ফ্লাই মোড প্রদান কৰে। |
| 07:05 | ফ্লাই মোড কৰাৰ বাবে Shift F টিপক। |
| 07:10 | এতিয়া ক্যামেৰা ভিউক তিনটা উপায়েৰে ঘোৰাব পাৰিব। |
| 07:14 | প্রথমটো হল কীবোর্ডত শর্টকাট কী ব্যবহাৰ কৰা। |
| 07:19 | জুম ইন কৰাৰ বাবে কীবোর্ডত W টিপক। |
| 07:30 | জুম আউট কৰাৰ বাবে S টিপক। |
| 07:40 | বাও ফালে যাবলৈ A টিপক। |
| 07:51 | সো ফালে যাবলৈ D টিপক। |
| 08:02 | ক্যামেৰা ভিউত উভতি যাবলৈ ৰাইট ক্লিক কৰক। |
| 08:05 | দ্বিতীয়টো হল, ক্যামেৰা ভিউলৈ জুম ইন আৰু জুম আউট কৰিবলৈ ফ্লাই মোডত মাউস হুইল বা স্ক্রল ব্যবহাৰ কৰি। |
| 08:13 | ফ্লাই মোড কৰাৰ বাবে Shift F টিপক। |
| 08:18 | জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। |
| 08:25 | শর্টকাটৰ বাবে, numpad + টিপক। |
| 08:30 | জুম আউট কৰাৰ বাবে মাউস হুইলক তলৰ ফালে স্ক্রল কৰক। |
| 08:38 | শর্টকাটৰ বাবে, numpad - টিপক। |
| 08:43 | ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক। |
| 08:49 | ক্যামেৰা ভিউক বাও পৰা সো আৰু বিপৰীতক্রমে ঘোৰাবলৈ, শেষ উপায়টো হল ফ্লাই মোডত মাউস হুইল বা স্ক্রল ব্যবহাৰ কৰা। |
| 08:59 | ফ্লাই মোড কৰাৰ বাবে Shift F টিপক। |
| 09:04 | D টিপক আৰু মাউস হুইলক উপৰ আৰু তললৈ স্ক্রল কৰক। |
| 09:13 | ক্যামেৰা ভিউ বাও পৰা সো আৰু বিপৰীতক্রমে ঘোৰে। |
| 09:28 | ক্যামেৰা ভিউক বন্ধ কৰাৰ বাবে স্ক্রিনত বাও ক্লিক কৰক। |
| 09:33 | এতিয়া এইটো আপোনাৰ নতুন ক্যামেৰা ভিউ। |
| 09:38 | এতিয়া আমাৰ Navigation -Camera View এই টিউটোৰিয়েলটো শেষ কৰো। |
| 09:43 | এতিয়া এটা নতুন ফাইলত, |
| 09:45 | ক্যামেৰাৰ স্থান সলাওক আৰু ক্যামেৰা ভিউ ক্যামেৰা ৰোল, প্যান, ডলী আৰু ক্যামেৰাক ট্রেক কৰক। |
| 09:54 | নতুন ক্যামেৰা ভিউ নির্বাচনৰ বাবে ফ্লাই মোড ব্যবহাৰ কৰক। |
| 10:00 | এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD ইয়াৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত। |
| 10:08 | এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ। |
| 10:27 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে, |
| 10:30 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
| 10:33 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 10:38 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
| 10:45 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
| 10:47 | মই মৌচুমী মেধি বিদায় লৈছো। |