Arduino/C2/Arduino-components-and-IDE/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Arduino উপাদানসমূহ আৰু IDE স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino আৰু কম্পিউটাৰৰ মাজত কেনেকৈ ফিজিকেল কানেকচন এটা চেতাপ কৰা হয়, |
| 00:16 | Arduino হাৰ্দৱেৰ আৰু Arduino প্ৰোগ্ৰামিং লেংগুৱেজ |
| 00:21 | ইয়াত, মই ব্যৱ্হাৰ কৰিছো:
Arduino UNO Board, উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE |
| 00:31 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিক্সৰ,
Arduino UNO Board, USB power cable আৰু এটা কম্পিউটাৰৰ |
| 00:43 | প্ৰথমে, আমি ইয়াত দেখুৱা ধৰণে USB কেবল ব্যৱ্হাৰ কৰি Arduino board ক কম্পিউটাৰলৈ কানেক্ত কৰিব লাগিব |
| 00:51 | সেউজীয়া power LED ON হৈছে । ই সূচাই যে কানেকচনটোৱে কাম কৰিছে |
| 00:59 | এতিয়া, আহক বিভিন্ন উপাদানসমূহ চাওঁ যি উপলদ্ধ হয় Arduino হাৰ্দৱেৰত |
| 01:06 | অতিশয় গুৰূত্বপূৰ্ণ উপাদানটো হৈছে ATMEGA 328 microcontroller chip |
| 01:13 | ই হৈছে Arduino ৰ হাৰ্ট য’ত আপুনি ইয়াক প্ৰোগ্ৰাম কৰিব পাৰে বিভিন্ন কাম কৰিবলৈ |
| 01:20 | এই microcontroller ত থাকে ইন্তাৰনেল ROM, RAM আৰু লগতে এটা Arduino BootLoader |
| 01:29 | Arduino BootLoader এটা কি হয়?
ই হৈছে প্ৰথম প্ৰোগ্ৰাম যি এক্সিকিউত হয় যেতিয়া দিভাইচটো এটা পাৱাৰ চাপ্লাইৰ সৈতে সংযুক্ত হয় |
| 01:40 | এইবোৰ হৈছে digital pins । ইয়াৰ প্ৰত্যেককে প্ৰোগ্ৰাম কৰিব পাৰি হয়তো এটা input বা output হিচাবে |
| 01:49 | Digital এ বুজায় সিহঁত হ’ব পাৰে ON বা OFF, উচ্চ বা নিম্ন |
| 01:55 | উদাহৰণস্বৰূপে, LED এটা দিম কৰিবলৈ, audio signals জেনেৰেত কৰিবলৈ ইত্যাদি |
| 02:02 | pin নাম্বাৰ 0 আৰু 1 ব্যৱ্হাৰ কৰিব পাৰি আন দিভাইচৰ সৈতে serial communication কৰিবলৈ |
| 02:10 | ইয়াত, 0-RX হৈছে ৰিচিভ কৰিবৰ বাবে,
1-TX হৈছে প্ৰেৰণ কৰিবৰ বাবে |
| 02:20 | এইবোৰ হৈছে Analog pins যাক মাৰ্ক কৰা হৈছে A0 ৰ পৰা A5 লৈকে । এইবোৰ মাত্ৰ ইনপুতচৰ বাবে ব্যৱহৃত হয় |
| 02:31 | সিহঁতে analog signals লয় আৰু তাক digital signals লৈ কনভাৰ্ত কৰে যাক কম্পিউটাৰে বুজিব পাৰে |
| 02:40 | এইবোৰ হৈছে প্ৰেৰণ আৰু ৰিচিভৰ বাবে ব’ৰ্ডখনত স্থাপন কৰা LED s ।
এইবোৰে ব্লিংক কৰিব যেতিয়াই আমি দেতা পঠিয়াওঁ বা ৰিচিভ কৰো |
| 02:51 | ই অতিশয় সহায়ক হয় troubleshooting ৰ বাবে |
| 02:55 | যেতিয়া আপুনি এই reset বুটামক টিপে, প্ৰোগ্ৰামটো বন্ধ হয় আৰু ৰিষ্টাৰ্ত হয় |
| 03:03 | ই board ৰ একো বস্তুকে ইৰেজ নকৰে |
| 03:08 | এইটো হৈছে ইনপুত ভল্টেজ Arduino board লৈ যেতিয়া ইয়াক এটা এক্সতাৰনেল পাৱাৰ চৌৰ্চৰে ব্যৱ্হাৰ কৰা হয় |
| 03:16 | এইবোৰ হৈছে Ground pins যিয়ে board ত নিম্ন ভল্টেজলৈ এক্সেচ দিয়ে |
| 03:23 | USB interface ব্যৱ্হাৰ কৰিব পাৰি board খন প্ৰোগ্ৰামিং কৰিবলৈ ।
আৰু, লগতে ব্যৱ্হাৰ কৰিব পাৰি board আৰু কম্পিউটাৰৰ মাজত চিৰিয়েল কমিউনিকেচন কৰিবলৈ |
| 03:35 | আমাৰ এই এক্সতাৰনেল power adapter আছে board ক পাৱাৰ আপ কৰিবলৈ |
| 03:41 | পাছত, আমি Arduino প্ৰোগ্ৰামিং লেংগুৱেজৰ বিষয়ে চাম |
| 03:46 | Arduino প্ৰোগ্ৰামচক তিনিটা প্ৰধান অংশত ভগাব পাৰি ।
Control Structure statements , Operators, variables আৰু constants, |
| 03:57 | আৰু, Functions |
| 04:00 | কনট্ৰ’ল ষ্টেতমেন্তচ হৈছে: if, if..else, for, while, do..while, switch case ইত্যাদি |
| 04:11 | এইবোৰ একে হয় আন যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে |
| 04:16 | পাছত, আমাৰ আছে এৰিথমেতিক অপাৰেতৰ্চ, কম্পাৰিজন অপাৰেতৰ্চ আৰু boolean operators |
| 04:24 | আমাৰ ভেৰিয়েবলচ আৰু কনষ্টেন্তচ আছে আন প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে |
| 04:31 | এইবোৰ হৈছে built-in functions যেনে pinMode(), digitalWrite(), digitalRead(), delay(), analogRead(), analogWrite() ইত্যাদি |
| 04:46 | এইবোৰ হৈছে দৰকাৰী functions যি বেছিকৈ ব্যৱহৃত হয় Arduino প্ৰজেক্তসমূহত |
| 04:52 | মই আপোনাক দেখুৱাম Arduino IDE ৰ এই প্ৰোগ্ৰামিং লেংগুৱেজক কেনেকৈ উল্লেখ কৰা হয় |
| 04:58 | আহক Arduino IDE খুলো |
| 05:01 | Arduino IDE ত Help মেনুত ক্লিক কৰক । তেতিয়া Reference ক্লিক কৰক |
| 05:08 | ই আপোনাৰ ব্ৰাউজাৰত এটা offline page খুলিব |
| 05:12 | উদাহৰণস্বৰূপে, যদি আপুনি 'digitalWrite()' built-in ফাংচনক উল্লেখ কৰিব বিচাৰে, মাত্ৰ ফাংচন নেমত ক্লিক কৰক |
| 05:22 | ইয়াত আপুনি দেখিছে বিৱৰণ, গাঠণি আৰু এটা সৰল প্ৰোগ্ৰাম digitalWrite() ফাংচনৰ |
| 05:31 | আৰু বহুতো built-in functions আছে আৰু আমি এই মেনুৱেলক উল্লেখ কৰিব পাৰো আমাৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি |
| 05:39 | আমি পাছৰ টিউট’ৰিয়েলচত কিছুমান দৰকাৰী built-in functions ৰ বিষয়ে শিকিম |
| 05:47 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 05:52 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Arduino আৰু কম্পিউটাৰৰ মাজত কেনেকৈ ফিজিকেল কানেকচন এটা চেতাপ কৰা হয়, |
| 06:00 | Arduino হাৰ্দৱেৰ, Arduino প্ৰোগ্ৰামিং লেংগুৱেজ |
| 06:05 | এটা অনুশিলনী হিচাবে- Arduino IDE ক খোলক |
| 06:09 | Help মেনুত ক্লিক কৰক আৰু Reference বাচক |
| 06:14 | built-in functions ৰ দ্বাৰা যাওঁক যেনে delay(), pinMode() আৰু digitalRead() ইত্যাদি |
| 06:22 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 06:30 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে ।
অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 06:42 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
| 06:47 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।
আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 06:57 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 07:07 | এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।
সংযোগ কৰাৰ বাবে ধন্যবাদ |