Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese

From Script | Spoken-Tutorial
Revision as of 12:36, 17 October 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
00:04 এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।
00:10 আপুনি টাইপ কৰিব শিকিব -
00:12 নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
00:19 আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
00:25 টাক্স টাইপিং কি?
00:27 টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
00:30 ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
00:38 আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
00:41 আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
00:46 টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
00:54 এয়া, আমি Ubuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
01:02 আপুনি Ubuntu Software Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
01:07 Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Ubuntu Linux Tutorial অধ্যয়ণ কৰক।
01:16 টাক্স টাইপিং খোলো আহক।
01:19 প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
01:26 Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
01:34 লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
01:39 টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
01:42 টাক্স চাইপিঙৰ Window খোল খাব।
01:46 টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
01:50 Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।

Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।

01:56 Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
02:01 Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
02:13 Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
02:16 অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
02:20 Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
02:23 অনুশীলন সমূহ থকা Window খন খোল খাব।
02:26 প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
02:30 basic_lesson_01.xml ত ক্লিক কৰক।
02:35 ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
02:41 অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
02:45 কী-বোৰ্ড থকা window খন খোল খাব।
02:48 আমি a আখৰটো টাইপ কৰিব শিকো।
02:52 অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
02:56 টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
03:01 ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
03:07 আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
03:10 এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
03:13 এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
03:19 aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
03:27 কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
03:35 টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
03:39 কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
03:51 কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
03:58 টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
04:02 কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
04:10 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
04:14 কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
04:21 ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
04:27 বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
04:34 উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
04:39 ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
04:44 কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।
04:52 এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
05:00 লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
05:10 এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
05:14 এই ছৱিখন চাওক।
05:16 ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
05:21 কনিষ্ঠ আঙুলি,

অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু

বৃষ্ঠাঙ্গুল

05:27 কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
05:32 লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
05:35 অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
05:38 মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
05:41 তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
05:44 এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
05:49 লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
05:54 অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
05:56 মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
06:00 তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
06:03 সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
06:08 হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
06:14 বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
06:19 অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
06:23 এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
06:29 এটিয়া টাইপিং আৰম্ভ কৰো আহক।
06:32 আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
06:39 এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
06:42 এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
06:47 ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
06:53 ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
06:59 আৰু কেইটামান আখৰ টাউপ কৰো আহক।
07:02 এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
07:07 বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
07:13 Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
07:17 Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
07:21 CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
07:26 WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
07:31 Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
07:34 Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
07:40 main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
07:45 আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
07:47 প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
07:52 নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
07:59 টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
08:03 এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
08:11 অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
08:13 basic_lesson_02.xml আৰম্ভ কৰক।
08:19 এই পাঠটো অনুশীলন কৰক।
08:21 পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
08:26 এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
08:30 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
08:33 ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
08:36 ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
08:41 কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
08:43 কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
08:46 online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
08:50 অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
08:56 কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
09:00 National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
09:08 এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
09:19 এই পাঠ্যক্ৰমটো ভাস্কৰ জোতি লহকৰৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya, Pratik kamble, Sakinashaikh