Thunderbird/C2/How-to-Use-Thunderbird/Assamese

From Script | Spoken-Tutorial
Revision as of 12:30, 14 October 2013 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00.00 Welcome to the Spoken Tutorial on How to Use Thunderbird 00.00 থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। 00.05 এই শিক্ষণত আমি শিকিম, কেনেকৈ: 00.07 লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় 00.10 মেচেজ কেনেকৈ টেগ কৰা হয়,

Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে

00.17 আমি আৰু শিকিম: 00.18 কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় 00.21 ফাইল কেনেকৈ এটাশ্ব কৰা হয় 00.22 মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় 00.24 কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় 00.27 ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। 00.36 যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। 00.43 থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। 00.49 প্ৰথমতে Dash Home-অত ক্লিক কৰক। 00.52 প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। 00.57 Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। 01.01 ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। 01.06 এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক 01.09 আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। 01.12 ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। 01.14 লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। 01.19 থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। 01.23 STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। 01.29 লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। 01.32 এইবিলাক এতিয়াও নপঢ়া মেচেজ। 01.35 Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। 01.41 আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। 01.45 ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। 01.49 ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। 01.52 মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। 01.57 Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। 02.01 এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! 02.06 এতিয়া, আহক বিষয় অনুযায়ী সজাও। 02.09 সাধাৰণভাৱে Subject-অত ক্লিক কৰক। 02.12 মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! 02.16 এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। 02.20 মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। 02.24 আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। 02.26 এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। 02.32 একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। 02.37 ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। 02.40 ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। 02.44 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। 02.51 লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। 02.54 তলৰ পেনেলখনত চাওক। 02.57 মেইলটো Important বুলি টেগ হৈছে। 03.00 টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। 03.04 টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। 03.09 এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। 03.17 ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। 03.22 এইটো কৰা সম্ভৱ হ’ব নে? 03.25 মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। 03.31 টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। 03.37 কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! 03.42 আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। 03.45 এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! 03.49 এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। 03.52 মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া 03.57 এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। 04.02 পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। 04.10 সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। 04.14 ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। 04.21 মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। 04.24 গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। 04.33 গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। 04.38 থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। 04.45 এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। 04.50 এই শিক্ষণৰ বাবে: 04.53 ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো 04.56 আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। 05.00 এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। 05.04 মেইলটোত দুবাৰ ক্লিক কৰক। 05.06 মেইলটো অন্য এটা টেবত খোল খায়। 05.09 টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। 05.15 Save Message As ডায়লগ বাকচটো খোল খায়। 05.19 ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। 05.26 মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। 05.29 এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। 05.33 দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। 05.35 মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। 05.40 এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। 05.42 আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। 05.46 টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। 05.52 মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। 05.56 থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। 06.01 মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। 06.04 মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। 06.13 আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। 06.20 Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। 06.23 এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। 06.29 Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। 06.36 এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। 06.39 ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। 06.46 মেইলটো এটা নতুন টেবত খোল খায়। 06.50 Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। 06.55 Print ডায়লগ বাকচটো ওলাই আহে। 06.58 আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। 07.08 Page Setup টেবত ক্লিক কৰক। 07.11 Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। 07.16 Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? 07.22 এতিয়া General টেবত ক্লিক কৰক। 07.25 Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। 07.31 যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। 07.38 Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। 07.46 এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। 07.51 আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। 07.54 মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। 08.00 To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। 08.06 লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। 08.11 Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। 08.16 টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। 08.23 ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। 08.34 ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। 08.44 এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। 08.56 এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। 08.59 য়াহু একাউণ্টটো বন্ধ কৰোঁ 09.03 এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, 09.07 কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। 09.12 থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। 09.16 প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। 09.20 বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। 09.25 সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। 09.31 Account Settings ডায়লগ বাকচ ওলাই আহে। 09.35 বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। 09.43 Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। 09.48 এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। 09.53 যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: 09.57 Keep message archives in box-অত শুদ্ধ চিন দিয়ক 10.01 STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। 10.10 এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। 10.15 তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। 10.19 সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। 10.21 কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। 10.27 STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। 10.36 ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। 10.39 থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? 10.44 খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। 10.52 Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। 10.57 Activity Manager ডায়লগ বাকচ ওলাই আহে। 11.01 আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! 11.05 Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। 11.09 থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। 11.16 এই শিক্ষণত আমি শিকিলো: 11.20 লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় 11.23 মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। 11.28 আমি আৰু শিকিলো: 11.30 চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব 11.34 মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। 11.38 এতিয়া আপোনাৰ বাবে কাম। 11.41 থাণ্ডাৰবাৰ্ডত লগিন কৰক। 11.44 এটা মেচেজ থ্ৰেড চাওক।

এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক।

11.48 এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। 11.53 তাত থকা সকলোবোৰ অপশ্যন চাওক। 11.56 Activity Manager ডায়লগ বাকচটো চাওক। 12.00 থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। 12.03 আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। 12.07 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: 12.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। 12.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। 12.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 12.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। 12.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে 12.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। 12.33 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। 12.37 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। 12.45 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। 12.56 এই শিক্ষণ সহায়িকা আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, Pratik kamble