PHP-and-MySQL/C2/Arithmatic-Operators/Assamese

From Script | Spoken-Tutorial
Revision as of 18:55, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ (Arithmetic Operators)ৰ টিউট'ৰিয়েললৈ স্বাগতম
00:03 মই প্ৰথমে যোগ, বিয়োগ, পূৰণ আৰু হৰণ অপাৰেচন (operation) সমূহৰ দ্বাৰা আগবাঢ়িম
00:09 এই সমূহক যোগ (+), বিয়োগ (-), পূৰণক এটা এচতেৰিক্স (asterisk) (*) হিচাবে আৰু হৰণক এটা ফ’ৰৱাৰ্দ শ্লাচ (forward slash) (/) হিচাবে লিখা হয়
00:17 গতিকে, মোৰ দুটা (2) ভেৰিয়েবলচ (variables) থাকিব
00:20 মই "$num1" নামৰ এটা ভেৰিয়েবল (variable) নিৰ্মাণ কৰিম আৰু মই তাক ছেভ (save) কৰিম মানটো 10ৰ সমান হোৱাকৈ আৰু "$num2"টো 2ৰ সমান হোৱাকৈ
00:30 গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু (decimal point) নথকা ইন্তিজাৰ (integer) সংখ্যা
00:34 থিক আছে, এতিয়া, ধৰাহওঁক মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো
00:40 গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ (echo) কৰিম
00:44 আহক ইয়াক পৰীক্ষা কৰি উলিয়াওঁ
00:47 গতিকে, সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12"
00:55 থিক আছে । এতিয়া আহক বিয়োগ (minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol) স্থানান্তৰ কৰিম
01:01 ৰিফ্ৰেচ (Refresh) কৰক আৰু সেইটো হ’ব "8"
01:05 এতিয়া আহক পূৰণ (multiplication) চেষ্টা কৰো । 2ৰ 10 গুণ হৈছে 20 আৰু আমি "20" পালো
01:11 তাৰপাছত, 10 হৰণ 2 হৈছে মাত্ৰ 10ৰ আধা যি হৈছে "5"
01:18 এতিয়া, আমি যি কৰিব পাৰো সেইয়া হৈছে ইয়াৰ শেষত আমি কিবা এটা সংযুক্ত কৰিব পাৰো
01:24 গতিকে, ধৰা হওঁক এইটো 'num2'ৰ দ্বাৰা হৰণ হৈছে
01:27 গতিকে, মই ভাবো এই অপাৰেচন (operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব
01:39 গতিকে, 12 হৰণ 2 কৰিলে 6 দিব লাগিব
01:43 কিন্তু আচলতে ই যি কৰে সেইয়া হৈছে, ই 'num2'ক লয় আৰু ইয়াক 'num2'ৰে হৰণ কৰে যি 1 দিব আৰু তাৰলগত 'num1' যোগ কৰিব
01:56 গতিকে, তাৰমানে, 6ৰ পৰিৱৰ্তে আমি 11 পাম
02:00 এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে (division operator) সদায় যোগ অপাৰেতৰ (addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয়
02:10 এতিয়া, এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব
02:16 বন্ধনী (bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো (operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ (integer) বা এটা ভেৰিয়েবলৰ (variable) দ্বাৰা
02:29 গতিকে, ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক দিয়ে 12 হৰণ 2 যি আমাক 6 দিব লাগিব
02:39 আহক তাক ৰিফ্ৰেচ (refresh) কৰো আৰু আমি দেখিছো যে ই কাম কৰিছে !
02:43 গতিকে, এই সমূহ হৈছে বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ (Arithmetic Operators) যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ
02:48 যদি আপুনি যিকোনো সমস্যাৰ সন্মূখীন হয়, সদায় আপোনাৰ গণনা সমূহ এটা কেলকুলেতৰৰ (calculator) দ্বাৰা পৰীক্ষা কৰিব সিহঁতে কাম কৰাটো নিশ্বিত কৰিবলৈ
02:55 আমি শিঘ্ৰেই এই বিলাকৰ কিছু অধিক চাম
02:58 আমি ইনক্ৰিমেন্ত আৰিথমেতিক অপাৰেতৰৰ (increment arithmetic operator) বিষয়ে শিকিম যি 1ৰে বৰ্ধিত হয় কিন্তু মই তাক অলপ পলমকৈ ব্যৱহাৰ কৰিম
03:05 এই সমূহ অনুশীলণ কৰক আৰু নিশ্বিত কৰক যে আপুনি সিহঁতক ভালদৰে শিকে
03:09 দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9