Linux/C2/Ubuntu-Desktop-16.04/Assamese

From Script | Spoken-Tutorial
Revision as of 10:38, 2 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ আৰু উবুন্তো লিনাক্স দেস্কট’প 16.04 ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত আমি শিকিম উবুন্তো লিনাক্স দেস্কট’পৰ বিষয়ে gnome পৰিবেশত
00:17 আৰু উবুন্তো দেস্কট’পত কিছু কমন এপ্লিকেচনচ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই উবুন্তো লিনাক্স 16.04 OS ব্যৱ্হাৰ কৰিছো
00:29 উবুন্তো দেস্কট’প দেখিবলৈ এনেকুৱা হয়
00:33 আপুনি ল’ঞ্চাৰক স্ক্ৰিণৰ বাওঁহাতৰ ফালে দেখিব
00:37 আমি ল’ঞ্চাৰক কেনেকৈ লুকুৱাব পাৰো?
00:40 তাক কৰিবলৈ, বাওঁফালে ল’ঞ্চাৰলৈ যাওঁক । চিষ্টেম চেতিংগচ আইকনত ক্লিক কৰক
00:47 চিষ্টেম চেতিংগচ উইন্দ’ত, এপিয়াৰেঞ্চত ক্লিক কৰক
00:51 এপিয়াৰেঞ্চ উইন্দ’ত, Behavior টেবত ক্লিক কৰক
00:56 ইয়াত, Auto-hide দ ল’ঞ্চাৰক ON প’জিচনলৈ নিয়ক
01:01 এতিয়া, ল’ঞ্চাৰ লুকাই থাকিব
01:04 যদি ল’ঞ্চাৰ লুকাই থাকে, ইয়াত দেখুৱাৰ দৰে, তেন্তে আমি ইয়াক পুনৰ দৰ্শিত কৰিব পাৰো
01:10 তাক কৰিবলৈ, কাৰ্চৰ দাল স্ক্ৰিণৰ একেবাৰে বাওঁফালে নিয়ক
01:15 ল’ঞ্চাৰ দৰ্শিত হ’ব
01:18 কাৰ্চৰ দাল আতৰ কৰক আৰু ল’ঞ্চাৰ পুনৰ লুকাই থাকিব
01:23 এপিয়াৰেঞ্চ উইন্দ’লৈ ঘূৰি আহক আৰু Auto-hide দ ল’ঞ্চাৰক OFF প’জিচনলৈ নিয়ক
01:30 এই উইন্দ’ক বন্ধ কৰক ওপৰত বাওঁফালে থকা সৰু X আইকনত ক্লিক কৰি
01:37 মন কৰিব, দিফল্টভাবে ল’ঞ্চাৰত কিছু আইকনচ থাকে
01:42 ল’ঞ্চাৰৰ একেবাৰে ওপৰত, আপুনি দাচ হ’ম আইকন দেখিছে
01:47 দাচ হ’ম হৈছে এটা ইন্তাৰফেচ যি উবুন্তো লিনাক্সত স্ক্ৰিণ এখনত সকলো এপ্লিকেচনচৰ এক্সেচ দিয়ে
01:55 দাচ হ’ম খুলিবলৈ, ইয়াত ক্লিক কৰক
01:59 ওপৰত স্পষ্টভাবে, আপুনি চাৰ্চ বাৰ ফিল্দ দেখিব
02:04 এতিয়া, আমি নিৰ্দিষ্ট এপ্লিকেচন এটা কেনেকৈ বিচাৰিম? মাত্ৰ এপ্লিকেচনৰ নামটো লিখক যাক আপুনি বিচাৰিছে আৰু আপুনি ইয়াক লগে লগে পাব । ই তেনেই সহজ!
02:16 আহক কেলকুলেতৰ এপ্লিকেচনটো বিচাৰিবলৈ চেষ্টা কৰো
02:20 গতিকে, চাৰ্চ বাৰ ফিল্দত, লিখক C a l c
02:26 সকলো এপ্লিকেচনচ যাৰ নামত c a l c আছে, লিষ্টেদ হ’ব
02:32 ইয়াত মন কৰিব - LibreOffice Calc আৰু কেলকুলেতৰ দুয়োটা লিষ্টেদ হৈছে
02:37 কেলকুলেতৰ আইকনত ক্লিক কৰক । কেলকুলেতৰ এপ্লিকেচন এতিয়া স্ক্ৰিণত খুলিছে
02:45 কেলকুলেতৰে এৰিথমেতিক, চাইন্তিফিক বা ফাইনেনচিয়েল গণনাত সহায় কৰে
02:52 আহক কিছু সৰল গণনা চেষ্টা কৰো
02:55 লিখক 5 asterix 8 আৰু ইকুৱেল তু চিহ্নত ক্লিক কৰক
03:02 ইকুৱেল তু চিহ্নত ক্লিক কৰাৰ পৰিবৰ্তে, আপুনি কীবৰ্দত এন্টাৰ কী টিপিব পাৰে
03:09 উত্তৰটো কেলকুলেতৰত দৰ্শিত হৈছে
03:13 এনেদৰেই, আমি কেলকুলেতৰ এপ্লিকেচন ব্যৱ্হাৰ কৰি সকলো ধৰণৰ গণনা কৰিব পাৰো
03:20 এতিয়া উইন্দ’ৰ ওপৰত বাওঁফালে থকা এই সৰু X আইকনত ক্লিক কৰি কেলকুলেতৰ বন্ধ কৰক
03:28 আহক উবুন্তো লিনাক্স OS ত থকা কিছু অন্য দৰকাৰী এপ্লিকেচনচৰ সৈতে পৰিচয় হওঁ
03:34 তাৰ বাবে, আমি দাচ হ’মলৈ ঘূৰি যাম
03:38 চাৰ্চ বাৰত, আহক লিখো geditgedit হৈছে উবুন্তো লিনাক্স OS ত দিফল্ট টেকস্ত এদিতৰ
03:48 টেকস্ত এদিতৰ আইকন তলত আহিছে । আহক ইয়াক খুলিবলৈ তাত ক্লিক কৰো
03:55 আপুনি বৰ্তমান স্ক্ৰিণত যি দেখিছে, সি হৈছে gedit টেকস্ত এদিতৰ উইন্দ’
04:00 আহক মই ইয়াত কিছু টেকস্ত লিখো । যেনে, লিখক "Hello World"
04:07 ফাইলটো ছেভ কৰিবলৈ, কীবৰ্দত একেলগে Ctrl আৰু S কীচ টিপক
04:14 নতুবা, আমি ক্লিক কৰিব পাৰো ফাইল আৰু পাছত ছেভ
04:20 এতিয়া, এটা দাইল’গ বক্স আহিছে “Save as” নামৰ । ই সুধিছে এটা ফাইলনেম আৰু ল’কেচনৰ বাবে য’ত ফাইলটো ছেভ হ’ব
04:31 গতিকে আহক নামটো "Hello.txt" হিচাবে লিখো
04:36 .txt হৈছে টেকস্ত ফাইল এটাৰ দিফল্ট এক্সতেনচন
04:41 আৰু ল’কেচনৰ বাবে, আহক দেস্কট’প বাচো । আৰু তলত ছেভ বুটামত ক্লিক কৰক
04:49 আহক এতিয়া উইন্দ’ৰ ওপৰত বাওঁফালে থকা এই সৰু X আইকনত ক্লিক কৰি এই gedit উইন্দ’ বন্ধ কৰো
04:57 দেস্কট’পত আমি Hello.txt ফাইলটো দেখিছো । ই বুজায় যে আমাৰ টেকস্ত ফাইল সফলভাবে ছেভ হ’ল
05:05 মই ফাইলটো খুলিম তাত দুবাৰ-ক্লিক কৰি
05:09 চাওঁক আমাৰ টেকস্ত ফাইল লিখা আখৰৰ সৈতে খুলিছে
05:14 ইন্টাৰনেতত gedit টেকস্ত এদিতৰৰ বিষয়ে বহুতো তথ্য আছে
05:19 এই ওৱেবচাইতত লগতে এই বিষয়ে কিছু স্প’কেন টিউট’ৰিয়েলচ উপলদ্ধ
05:25 আহক এই টেকস্ত এদিতৰ বন্ধ কৰো আৰু অন্য এটা এপ্লিকেচন চাওঁ যি হৈছে টাৰ্মিনেল
05:32 গতিকে আহক দাচ হ’মলৈ পুনৰ এবাৰ যাওঁ । এতিয়া চাৰ্চ বাৰ ফিল্দত টাৰ্মিনেল শব্দটো লিখক
05:41 টাৰ্মিনেল আইকনত ক্লিক কৰক, যি তলত আহিছে
05:45 টাৰ্মিনেল উইন্দ’ স্ক্ৰিণত খুলিছে । মন কৰিব: টাৰ্মিনেল খুলিবলৈ চৰ্তকাত হৈছে Ctrl+Alt+T কীচ
05:55 টাৰ্মিনেলক লগতে কমান্দ লাইন বুলি কোৱা হয় । কাৰণ আপুনি ইয়াৰ পৰা কম্পিউটাৰক কমান্দ কৰিব পাৰে
06:02 আচলতে ই GUI তকৈ অধিক শক্তিশালী হয়
06:06 মই টাৰ্মিনেল উইন্দ’লৈ ঘূৰি যাওঁ
06:09 এতিয়া আহক এটা সৰল কমান্দ লিখো টাৰ্মিনেলৰ অনুভৱ এটা পাবলৈ । লিখক 'ls' আৰু এন্টাৰ টিপক
06:18 আপুনি বৰ্তমান দাইৰেক্তৰীৰ সকলো ফাইলচ আৰু ফ’ল্দাৰচৰ তালিকা এখন দেখিছে
06:23 ইয়াত, ই ফাইলচ আৰু ফ’ল্দাৰচ হ’ম ফ’ল্দাৰৰ পৰা দৰ্শিত কৰিছে
06:28 আমি এই টিউট’ৰিয়েলটোত পাছত হ’ম ফ’ল্দাৰ কি হয় চাম
06:33 আমি এতিয়া টাৰ্মিনেলৰ সৈতে আৰু সময় নকটাওঁ
06:37 টাৰ্মিনেল বন্ধ কৰক উইন্দ’ৰ ওপৰত বাওঁফালে থকা সৰু X আইকনত ক্লিক কৰি
06:43 টাৰ্মিনেল কমান্দসমূহক এই ওৱেবচাইতৰ লিনাক্স স্প’কেন টিউট’ৰিয়েল চিৰিজত ভালদৰে বৰ্ণনা কৰা হৈছে
06:49 এতিয়া, আহক অন্য এটা এপ্লিকেচনলৈ যাওঁ যিহৈছে ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ
06:55 পুনৰ এবাৰ, দাচ হ’ম খোলক । চাৰ্চ বাৰত লিখক ফায়াৰফক্স
07:01 ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ আইকনত ক্লিক কৰক
07:05 ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ ব্যৱহৃত হয় world wide web এক্সেচ কৰিবলৈ । এতিয়া আমি দেখিছো যে ফায়াৰফক্স ব্ৰাউজাৰ খুলিছে
07:15 আহক স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতলৈ যাওঁ । তাৰ বাবে, এদ্ৰেচ বাৰত ক্লিক কৰক বা কীবৰ্দত F6 টিপক
07:24 এতিয়া আহক লিখো "spoken-tutorial.org" আৰু এন্টাৰ টিপক
07:31 যদি আপোনাৰ ইন্টাৰনেত কানেক্তিভিতি আছে, তেন্তে ফায়াৰফক্সে প্ৰদত্ত ওৱেবচাইতলৈ সংযোগ কৰিব
07:37 স্প’কেন টিউট’ৰিয়েল হ’মপেজ ব্ৰাউজাৰত খুলিছে
07:41 আহক ইয়াক বন্ধ কৰো আগতে দৰ্শোৱা ধৰণে, আৰু পাছৰ এপ্লিকেচনটোলৈ যাওঁ
07:47 গতিকে, আহক পুনৰ এবাৰ দাচ হ’মলৈ যাওঁ আৰু চাৰ্চ বাৰত লিখক অফিচ
07:53 আপুনি বিভিন্ন LibreOffice উপাদান দেখিব যেনে Calc, Impress, Writer আৰু Draw
08:01 LibreOffice হৈছে উবুন্তো লিনাক্স OS ত দিফল্ট অফিচ এপ্লিকেচন
08:07 এই সকলো উপাদানৰ বাবে উৎকৃষ্ট টিউট’ৰিয়েলচ স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতত উপলদ্ধ
08:13 এতিয়া আহক ভিদিঅ’ অপচনক চাওঁ
08:17 চাৰ্চ বাৰত লিখক ভিদিঅ’
08:20 দৰ্শিত হোৱা তালিকাত, আমাৰ এটা এপ্লিকেচন আছে ভিদিঅ’চ নামৰ
08:25 ভিদিঅ’চ ব্যৱহৃত হয় ভিদিঅ’চ আৰু গান প্লে কৰিবলৈ । দিফল্টভাবে, ই মাত্ৰ অপেন ফৰ্মেত ভিদিঅ’ ফাইলচহে প্লে কৰে
08:34 গতিকে মই চেম্প’ল ফাইল এটা মোৰ পেন-দ্ৰাইভৰ পৰা প্লে কৰিম
08:38 এতিয়া মই মোৰ পেন-দ্ৰাইভটো মেচিনত usb slot এটাত ভৰাইছো । পেন-দ্ৰাইভ ফ’ল্দাৰ স্বয়ংক্ৰিয়ভাবে খুলিছে
08:47 যদি ই নুখুলে, আমি ইয়াক ল’ঞ্চাৰৰ পৰা এক্সেচ কৰিব পাৰো
08:52 ল’ঞ্চাৰত পেন-দ্ৰাইভ আইকনটো বিচাৰক
08:56 যদি আমি ইয়াত ক্লিক কৰো, ই পেন-দ্ৰাইভত উপলদ্ধ ফাইলচ আৰু ফ’ল্দাৰচ দেখুৱায়
09:02 এতিয়া মই big buck bunny.ogv চিনেমা ফাইলটো প্লে কৰিবলৈ বাচিম
09:08 এইটো মোৰ ফাইলটো । মই ইয়াত দুবাৰ-ক্লিক কৰিম খুলিবলৈ
09:14 ই দিফল্টভাবে ভিদিঅ’চ ত খুলে
09:17 আহক চিনেমা প্লে কৰাক বন্ধ কৰো
09:20 এতিয়া আহক Ctrl, Windows আৰু D কীচ টিপো দেস্কট’পলৈ যাবলৈ
09:26 এতিয়া আহক এই দেস্কট’পত অন্য কিছু দৰকাৰী বস্তু চাওঁ
09:31 মন কৰিব ফ’ল্দাৰ আইকন ল’ঞ্চাৰত অৱস্থিত । ইয়াত ক্লিক কৰো
09:37 হ’ম ফ’ল্দাৰ খুলিছে
09:39 উবুন্তো লিনাক্সত প্ৰতিটো ইউজাৰৰ এটা বিশিষ্ট হ’ম ফ’ল্দাৰ থাকে
09:44 আমি ক’ব পাৰো যে হ’ম ফ’ল্দাৰ হৈছে আমাৰ ঘৰ, য’ত আমি আমাৰ ফাইলচ আৰু ফ’ল্দাৰচ জমা ৰাখিব পাৰো । আমি অনুমতি নিদিয়ালেকে, আনে তাক চাব নোৱাৰে
09:56 ফাইল পাৰমিচনচৰ বিষয়ে অধিক তথ্য লিনাক্স স্প’কেন টিউট’ৰিয়েল চিৰিজত উপলদ্ধ
10:03 আহক ঘূৰি যাওঁ । আমাৰ হ’ম ফ’ল্দাৰত, আমি অন্য ফ’ল্দাৰচ দেখিব পাৰো যেনে দেস্কট’প, দ’কোমেন্তচ, দাউনল’দচ, ইত্যাদি
10:14 লিনাক্সত প্ৰতিটো বস্তু হৈছে এটা ফাইল । আহক দেস্কট’প ফ’ল্দাৰ খুলো ইয়াত দুবাৰ-ক্লিক কৰি
10:21 ইয়াত, আমি দেখিছো একেটা ফাইল "hello.txt" যি আমি টেকস্ত এদিতৰৰ পৰা ছেভ কৰিছিলো
10:28 গতিকে এই ফ’ল্দাৰটো আৰু দেস্কট’প একেই হয়
10:32 মই এতিয়া এই ফ’ল্দাৰটো বন্ধ কৰো । এয়াই সকলো এই টিউট’ৰিয়েলৰ বাবে । আহক মূলভাব চাওঁ
10:39 এই টিউট’ৰিয়েলটোত আমি শিকিলো, উবুন্তো দেস্কট’প, ল’ঞ্চাৰ আৰু ইয়াত উপলদ্ধ কিছু আইকনচৰ বিষয়ে
10:49 কিছু কমন এপ্লিকেচনচ যেনে কেলকুলেতৰ, টেকস্ত এদিতৰ, টাৰ্মিনেল, ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ, ভিদিঅ’চ আৰু LibreOffice Suite উপাদানসমূহ আৰু হ’ম ফ’ল্দাৰ
11:04 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:12 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:25 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
11:30 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
11:40 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে । অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
11:50 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
11:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:11 এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9