Difference between revisions of "LibreOffice-Suite-Writer/C4/Headers-Footers-and-notes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| VISUAL CUE
+
|| '''Time'''
|| NARRATION
+
|| '''Narration'''
  
 
|-
 
|-

Latest revision as of 15:01, 17 July 2014

Time Narration
00:00 LibreOffice Writer-অৰ হেডাৰ, ফুটাৰ আৰু এণ্ড নোটচৰ কথন প্ৰশিক্ষণলৈ স্বাগতম
00:07 এই প্ৰশিক্ষণত আমি শিকিম:
00:09 কেনেকৈ ডকুমেণ্টলৈ হেডাৰ আনিব পাৰি
00:12 কেনেকৈ ডকুমেণ্টলৈ ফুটাৰ আনিব পাৰি
00:15 কেনেকৈ প্ৰথম পৃষ্ঠাৰ পৰা হেডাৰ আঁতৰ কৰিব পাৰি
00:19 কেনেকৈ ফুটনোট আৰু এণ্ডনোট ডকুমেণ্টলৈ আনিব পাৰি
00:24 ইয়াত আমি Ubuntu Linux 10.04-অত LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ
00:33 আপোনাক ডকুমেণ্ট এখনত পৃষ্ঠা নম্বৰ দিবলৈ LibreOffice Writer-এ সুবিধা দিয়ে
00:38 এতিয়া আমি আমাৰ resume.odt ফাইলটো খুলিব লাগিব
00:42 ফুটাৰত পৃষ্ঠা নম্বৰ দিবলৈ আমি প্ৰথমতে পৃষ্ঠাটোত ক্লিক কৰিব লাগিব, যিটোত আমি ফুটাৰ আনিব বিচাৰো
00:49 সেইকাৰণে, আহক আমি ডকুমেণ্টখনৰ পৃষ্ঠাটোত ক্লিক কৰোঁ
00:51 এতিয়া মেনুবাৰৰ ইনচাৰ্ট অপশ্যনটোত ক্লিক কৰক আৰু তাৰপিছত ফুটাৰ অপশ্যনটোত ক্লিক কৰক.
00:58 তাৰ পিছত ডিফল্ট অপশ্যনটোত ক্লিক কৰক.
01:01 আমি এতিয়া দেখিম যে পৃষ্ঠাটোৰ তলত এটা ফুটাৰ আহিছে.
01:06 ফুটাৰত পৃষ্ঠা নম্বৰটো দেখুৱাবলৈ আমি প্ৰথমতে ইনচাৰ্ট অপশ্যনটোত ক্লিক কৰিম.
01;12 তাৰ পিছত ফিল্ডচ অপশ্যনটোত ক্লিক কৰিম.
01:15 বিভিন্ন ফুটাৰ অপশ্যনবোৰ ইয়াত দেখিবলৈ পাব.
01:19 ডকুমেণ্টত পৃষ্ঠা নম্বৰটো আনিবলৈ পেজ নাম্বাৰত ক্লিক কৰক.
01:24 লগে লগে আমি ফুটাৰত 1 নম্বৰটো দেখিম.
01:29 বিভিন্ন ধৰণৰ নমুনাৰ পৃষ্ঠা নম্বৰ দিবলৈ পেজ নাম্বাৰত দুবাৰ ক্লিক কৰিব লাগিব.
01:35 আমি এতিয়া পৰ্দাত Edit Fields: Document ডায়লগ বাকচটো প্ৰদৰ্শিত হোৱা দেখা পাইছোঁ.
01:41 ফৰমেট অপশ্যনটোৰ তলত আপুনি ABC in uppercase, abc in lower case, Arabic 123 আদিৰ নিচিনা কিছুমান আখৰ আৰু বহুত কিছুমান দেখা পাইছে.
01:53 ইয়াত আপুনি পৃষ্ঠা নাম্বাৰিঙৰ নমুনাৰ কাৰণে যিটো পছন্দ কৰে ল’ব পাৰে.
01:58 আমি ৰোমান i, ii, iii অপশ্যনটো বাছি ল’ম আৰু তাৰ পাছত অ’কে বুটামত ক্লিক কৰিম.
02:05 আপুনি পৃষ্ঠাটোৰ নাম্বাৰিঙৰ আখৰটো সলনি হোৱা দেখিবলৈ পাব.
02:09 একেদৰে আমি ডকুমেণ্টখনত হেডাৰো আনিব পাৰোঁ.
02:13 যিটো পৃষ্ঠাত হেডাৰ আনিব বিচাৰে, প্ৰথমতে সেই পৃষ্ঠাটোত ক্লিক কৰক.
02:17 এতিয়া ইনচাৰ্ট মেনুত ক্লিক কৰক আৰু তাৰ পিছত হেডাৰ অপশ্যনটোত ক্লিক কৰক.
02;23 ডিফল্ট অপশ্যনটোত ক্লিক কৰক.
02:26 পৃষ্ঠাটোৰ ওপৰ অংশত হেডাৰ অহা দেখা পাব
02:30 হেডাৰত তাৰিখটো দিবলৈ ইনচাৰ্টত ক্লিক কৰক আৰু তাৰ পিছত ফিল্ডচ্ অপশ্যনটোত ক্লিক কৰক.
02:37 দৃষ্টিগোচৰ হোৱা কাষৰ মেনুখনৰ Date অপশ্যনটোত ক্লিক কৰক.
02:42 হেডাৰত তাৰিখটো দেখা পোৱা গৈছে.
02:45 Date-অত ডবল ক্লিক কৰিলে তাৰিখটো প্ৰদৰ্শন কৰিব পৰা সকলো সম্ভাৱ্য ধৰণ ওলাব.
02:51 ইয়াত আমি 31 Dec, 1999-টো বাছি ল’ম আৰু অ’কেত ক্লিক কৰিম.
02:58 এতিয়া মেনুবাৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত পেজ প্ৰিভিউ অপশ্যনটোত ক্লিক কৰক.
03:05 আহক আমি এই ডকুমেণ্টখন 50% জুম কৰোঁ.
03:09 এনেকৈ আমি পৃষ্ঠাটোৰ ওপৰ অংশত তাৰিখ আৰু তলৰ অংশত পৃষ্ঠা নম্বৰটো চাব পাৰিম.
03:15 ডকুমেণ্টখনৰ সকলো পৃষ্ঠাতে এইটো হৈ যাব.
03:19 পুনৰ আচল ডকুমেণ্টখনলৈ যাবলৈ ‘ক্ল’জ প্ৰিভিউ’ বুটামটোত ক্লিক কৰক.
03:25 আপুনি হেডাৰ আৰু ফুটাৰৰ আকৃতি অনুযায়ী লিখাখিনিৰ মাজত খালী ঠাই দেখা পাব.
03:30 বা এডাল সীমাৰেখা হেডাৰ বা ফুটাৰত দিব পাৰে.
03:34 মেনুবাৰৰ ফৰমেট অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত ‘পেজ’ত ক্লিক কৰক.
03:40 এতিয়া ডায়লগ বাকচৰ ফুটাৰ টেবটো বাছি লওক.
03:43 খালী ঠাই ৰাখিব বিচৰা বিকল্পটো ঠিক কৰি লওক, যিটো আপুনি বাওঁপিনৰ মাৰ্জিনৰ মান ১ চেম্টিমিটাৰলৈ দি নিৰূপন কৰিব পাৰে.
03:52 ফুটাৰত এডাল সীমাৰেখা বা ছাঁ (shadow) দিবলৈ প্ৰথমতে More অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পিছত ফুটাৰৰ ভিতৰত দিব বিচৰা অপশ্যনটোৰ মান নিৰূপন কৰক.
04:03 উদাহৰণ স্বৰূপে, ফুটাৰৰ ছাঁৰ ষ্টাইল ‘ওপৰৰ সোঁফালে’ দিবলৈ ‘Cast shadow to top right’ আইকনটোত ক্লিক কৰিব লাগিব.
04;10 'Shadow Style' অপশ্যনৰ ‘Position’ টেবত উপলব্ধ বিভিন্ন ধৰণৰ আইকনবোৰ দৃশ্যমান হ’ব.
04:18 আপুনি সীমাৰেখা বা ছাঁৰ বাবে ৰং পছন্দ কৰি ল’ব পাৰে.
04:23 ডায়লগ বাকচত উপলব্ধ হোৱা প্ৰতিটো অপশ্যনৰ বিষয়ে অধিক জানিবলৈ এইখিনি ভালকৈ সন্ধান কৰক.
04:28 এতিয়া অ’কেত ক্লিক কৰক.
04:30 আকৌ অ’কেত ক্লিক কৰক আৰু আমি ফুটাৰত কি প্ৰভাৱ পৰিছে, সেয়া দেখা পাম.
04:36 আগলৈ আগবঢ়াৰ আগতে আমি আমাৰ ডকুমেণ্টত আন এটা পৃষ্ঠা যোগ কৰোঁ আহক.
04:41 Insert >>Manual Break-অত ক্লিক কৰি Page Break অপশ্যনটো বাছি লওক.
04:47 তাৰ পিছত অ’কেত ক্লিক কৰক
04:50 লক্ষ্য কৰক যে পৃষ্ঠা নম্বৰটো ২ বুলি প্ৰদৰ্শিত হৈছে
04:54 আপুনি যদি ডকুমেণ্টৰ প্ৰথম পৃষ্ঠাত ফুটাৰ দিব নিবিচাৰে, তেনেহ’লে কাৰ্চৰডাল প্ৰথম পৃষ্ঠাত থওক.
05:01 তাৰ পিছত মেনুবাৰৰ ‘Format’-অত ক্লিক কৰক আৰু ‘Styles and Formatting’ অপশ্যনটোত ক্লিক কৰক.
05:08 এতিয়া ওলাই অহা ডায়লগ বাকচৰ চাৰি নম্বৰ আইকনটো, যিটোৱে পেজ ষ্টাইল সূচায়, তাত ক্লিক কৰক.
05:16 তাৰ পিছত ‘First Page’ অপশ্যনটোত ক্লিক কৰক.
05:20 ‘New’ অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পিছত ‘Organiser’ টেবটোত ক্লিক কৰক.
05:25 ‘Name’ ঘৰত আমি বিচৰা ধৰণে নতুন ষ্টাইলৰ নামটো লিখি দিব পাৰোঁ.
05:30 সেইকাৰণে ইয়াত আমি New First Page বুলি নামটো লিখিম.
05:35 পৰৱৰ্তী ষ্টইলটো ‘Default’ হিচাপে ৰাখক.
05:38 এতিয়া ডায়লগ বাকচৰ ‘Footer’ টেবত ক্লিক কৰক.
05:42 ‘Footer on’ চ্ছেক বাকচটো আনচ্ছেক কৰক, যদিহে ডিফল্ট হিচাপে আলচ্ছেকড্‌ হৈ থকা নাই.
05:48 শেষত অ’কে বুটামত ক্লিক কৰক.
05:51 এতিয়া ডায়লগ বাকচৰ Styles আৰু Formatting-অলৈ ঘূৰি যাওঁ.
05:55 Page Styles অপশ্যনৰ তলত ‘New First Page’ ষ্টাইলটো অহা লক্ষ্য কৰক.
06:01 এতিয়া ‘New First Page’-অত দুবাৰ ক্লিক কৰক.
06:04 প্ৰথম পৃষ্ঠাৰ বাহিৰে ডকুমেণ্টটোৰ সকলো পৃষ্ঠাত ফুটাৰ অহা দেখা পাইছে.
06:11 একেদৰে আপুনি উপলব্ধ সকলো ডিফল্ট ষ্টাইলৰ সালসলনি কৰিব পাৰে আৰু ডকুমেণ্টৰ সকলো পৃষ্ঠাতে সেইবোৰ প্ৰয়োগ কৰিব পাৰে.
06:19 এতিয়া ডায়লগ বাকচটো বন্ধ কৰি দিয়ক.
06:22 এতিয়া LibreOffice Writer-অৰ ফুটনোট আৰু এণ্ডনোটৰ বিষয়ে শিকিম.
06:27 বিশেষ সংকেত বা নিৰ্দেশ প্ৰদৰ্শন কৰা ফুটনোট পৃষ্ঠাৰ তলত আহে
06:31 ডকুমেণ্টৰ শেষত এণ্ডনোট দিয়া হয়.
06:35 এতিয়া কাৰ্চৰডাল থকা ঠাইখিনিত নোটটোৰ কাৰণে খালী ঠাই ৰখা হৈছে.
06:40 আপুনি স্বয়ংক্ৰিয় নম্বাৰিং বা নিজাববীয়া প্ৰতীকৰ যিকোনো এটা নিৰূপন কৰিব পাৰে.
06:45 এই অপশ্যনলৈ আহিবৰ বাবে প্ৰথমতে মেনুবাৰৰ ‘Insert’ অপশ্যনত ক্লিক কৰক.
06:51 তাৰ পিছত ‘Footnote/Endnote’ অপশ্যনত ক্লিক কৰক.
06:55 দেখা পাইছে যে পৰ্দাত Numbering and Type শিৰোনামৰ এটা ডায়লগ বাকচ আহিছে”.
07:02 তাত ‘automatic’, ‘character’, ‘footnote’ আৰু ‘endnote’ নামৰ চ্ছেকবক্স আছে.
07:08 ফুটনোট আৰু এণ্ডনোটৰ কাৰণে ব্যৱহাৰ কৰিব বিচৰা নাম্বাৰিঙৰ প্ৰকাৰটো বাছি ল’বলৈ Numbering-এ সুবিধা দিয়ে.
07:15 ফুটনোট বা এণ্ডনোটলৈ যিটো আপুনি আনে, স্বয়ংক্ৰিয় অপশ্যনটোৱে নিজা নিজা ক্ৰমিক নম্বৰবোৰ হস্তান্তৰিত কৰি যায়.
07:24 এই ডায়লগ বাকচটো বন্ধ কৰোঁ আহক.
07:26 Settings-টো স্বয়ংক্ৰিয় নাম্বাৰিঙৰ বাবে সলনি কৰিবলৈ মেনুবাৰৰ‘Tools’ অপশ্যনটোত ক্লিক কৰক
07:33 আৰু তাৰপিছত ‘Footnotes/Endnotes’-অত ক্লিক কৰক
07:37 Autonumbering আৰু Style-অৰ কাৰণে আপুনি এটা স্বয়ংক্ৰিয় চেটিঙৰ বিকল্প পাব.
07:42 এই অপশ্যনবোৰৰ পৰা আপোনাৰ প্ৰয়োজন অনুসৰি বাছি লওক আৰু তাৰ পিছত অ’কে বুটামটোত ক্লিক কৰক.
07:49 এতিয়া Insert আৰু Footnote/Endnote অপশ্যনটোলৈ উভতি যাওঁ.
07:54 Character অপশ্যনটো ফুটনোটৰ কাৰণে কেৰেক্টাৰ বা চিহ্ন এটা বাছি ল’বলৈ ব্যৱহাৰ কৰা হয়.
08:00 এইটো এটা আখৰ বা সংখ্যাও হ’ব পাৰে.
08:03 এটা বিশেষ কেৰেক্টাৰ বাছি ল’বলৈ Character ফিল্ডৰ তলত থকা বুটামটোত ক্লিক কৰক.
08:09 আপুনি আনিব বিচৰা যিকোনো এটা বিশেষ কেৰেক্টাৰত এতিয়া ক্লিক কৰক আৰু তাৰ পিছত অ’কে বুটামত ক্লিক কৰক .
08:17 আমাৰ নিৰ্বাচনটো নিৰ্দিষ্টকৈ দেখুৱাবলৈ ‘Type’ শিৰোনামৰ তলত থকা ফুটনোট বা এণ্ডনোটৰ যিকোনো এটাত ক্লিক কৰক.
08:24 সেইকাৰণে আমি নাম্বাৰিঙৰ তলত থকা ‘automatic’ আৰু type-অৰ তলত থকা ‘footnote’-টো নিৰ্বাচন কৰিব লাগিব
08:29 এতিয়া অ’কে বুটামত ক্লিক কৰক.
08:32 আপুনি দেখিব যে default numerical value-ৰ সৈতে পৃষ্ঠাটোৰ তলত ফুটনোট ফিল্ড এটা আহিছে.
08:39 ফুটনোট পিল্ডত ‘This is the end of first page’ লিখিব পাৰে
08:45 আৰু তাৰপিছত কিব’ৰ্ডৰ এণ্টাৰ বুটামটো টিপি দিয়ক.
08:48 লিখাখিনিৰ সৈতে আৱশ্যকীয় ফুটনোটটো পৃষ্ঠাৰ তলত অহা দেখিবলৈ পাব.
08:55 একেদৰে আপুনি ডকুমেণ্টখনৰ তলত অহা এণ্ডনোট এটা আনিব পাৰে.
09:00 ইয়াতে আমাৰ LibreOffice Writer-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
09:04 সংক্ষেপে, আমি শিকিলো:
09:06 কেনেকৈ ডকুমেণ্টত হেডাৰ অনা হয়
09:09 কেনেকৈ ডকুমেণ্টত ফুটাৰ অনা হয়
09:12 কেনেকৈ প্ৰথম পৃষ্ঠাৰ পৰা হেডাৰ আঁতৰ কৰা হয়.
09:15 কেনেকৈ ডকুমেণ্টত ফুটনোট আৰু এণ্ডনোট দিয়া হয়
09:19 বিস্তাৰিত নিৰ্দেশাৱলী
09:22 ‘practice.odt.’ ফাইলটো খোলক
09:25 ডকুমেণ্টত হেডাৰ আৰু ফুটাৰ যোগ দিয়ক.
09:28 হেডাৰত ‘author’ নামটো আনক.
09:31 ফুটাৰলৈ page count-টো আনক.
09:35 য’ত পৃষ্ঠাটো শেষ হৈছে, তাত এণ্ডনোটৰ আৰম্ভণি যোগ কৰক.
09:39 ডকুমেণ্টৰ প্ৰথম পৃষ্ঠাৰ পৰা হেডাৰ আঁতৰ কৰক.
09:43 *তলৰ সংযোগত থকা ভিডিঅ’টো চাওক
09:46 *কথন প্ৰশিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:49 *যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
09:54 কথন প্ৰশিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:56 *কথন প্ৰশিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
10;00 *অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
10:04 *অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক
10:10 *কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
10;15 *ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
10:22 *এই মিশ্যন সম্পৰ্কত অধিক তথ্য
10:25 * spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
10:33 * এই শিক্ষন সহায়িকা আগবঢ়ালে মৌচম শৰ্মায়ে. মই মৌচুমি মেধি চাইন অফ কৰিচু, ধন্য়বাদ

Contributors and Content Editors

Gaurav, Mousumi