Difference between revisions of "LibreOffice-Suite-Writer/C2/Viewing-and-printing-a-text-document/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 310: Line 310:
  
 
|-
 
|-
||8:22
+
||08:22
 
||ইয়াৰ উপৰি আপুনি আপোনাৰ pdf ডকুমেণ্ট এটাও ছপাই ল’ব পাৰে.
 
||ইয়াৰ উপৰি আপুনি আপোনাৰ pdf ডকুমেণ্ট এটাও ছপাই ল’ব পাৰে.
  
Line 374: Line 374:
  
 
|-
 
|-
||9:49
+
||09:49
 
||তলৰ সংযোগত থকা ভিডিঅ’টো চাওক.
 
||তলৰ সংযোগত থকা ভিডিঅ’টো চাওক.
  
 
|-
 
|-
||9:52
+
||09:52
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.
  
 
|-
 
|-
||9:56
+
||09:56
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
 
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
  

Latest revision as of 15:00, 17 July 2014

Resources for recording Viewing and Printing Text Document

Time Narration
00:00 LibreOffice Writer-অৰ প্ৰিণ্টিং এণ্ড ভিৱিং ডকুমেণ্টচ সম্পৰ্কীয় কথন শিক্ষণলৈ আপোনাক স্বাগতম .
00:06 এই শিক্ষণত আমি শিকিম:
00:10 ডকুমেণ্ট কেনেকৈ চোৱা হয়.
00:12 ডকুমেণ্ট কেনেকৈ প্ৰিণ্ট কৰা হয়.
00:13 আমি ইয়াত উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice Suite Version 3.3.4 ব্যৱহাৰ কৰিছোঁ.
00:24 তেন্তে LibreOffice Writer-অৰ বিভিন্ন ভিৱিং অপশ্যনৰ বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰা যাওক.
00:31 ৰাইটাৰত সাধাৰণতে বহুলভাৱে ব্যৱহৃত দুই প্ৰকাৰৰ ভিৱিং অপশ্যন আছে.
00:36 সেইবোৰ হৈছে— “Print Layout” and “Web Layout”.
00:39 প্ৰিণ্ট লেআউটে লেখাখিনি কেনেকৈ, কি আকাৰে ছপা হৈ ওলাব, সেইটো প্ৰদৰ্শন কৰে.
00:45 আৰু ৱেব লেআউটে লেখা এটা ৱেব ব্ৰাউজাৰত যিদৰে ওলায়, সেই ধৰণে প্ৰদৰ্শন কৰে.
00:50 যেতিয়া আপুনি HTML ডকুমেণ্ট এটা তৈয়াৰ কৰিব খোজে, একেদৰে সেই ডকুমেণ্টটো সম্পূৰ্ণ স্ক্ৰীন ম’ডত মাজত সাল-সলনি কৰিবৰ বাবে চাব বিচাৰে তেতিয়া ই প্ৰয়োজনীয়.
01:00 Print Layout অপশ্যনলৈ যাবলৈ View অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত Print Layout অপশ্যনত ক্লিক কৰক.
01:08 Web Layout অপশ্যনলৈ যাবৰ বাবে মেনুবাৰত থকা View-ত ক্লিক কৰক আৰু তাৰ পিছত Web Layout-অত ক্লিক কৰক.
01:19 এই বিকল্পবোৰৰ বাহিৰেও, কোনো এজনে লেখাখিনি সম্পৰ্ণ স্ক্ৰীন ম’ডতো চাব পাৰে.
01:26 মেনুবাৰত থকা View অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত Full Screen-অত ক্লিক কৰক.
01:32 লেখাবোৰ সাল-সলনি কৰিবৰ কাৰণে, একেদৰে প্ৰজেক্টৰ এটা প্ৰদৰ্শন কাৰ্যকৰী কৰিবৰ বাবে সম্পূৰ্ণ স্ক্ৰীন ম’ডটো প্ৰয়োজনীয়.
01:39 সম্পূৰ্ণ স্ক্ৰীন ম’ডৰ পৰা ওলাই আহিবলৈ কিব’ৰ্ডৰ ESCAPE বুটামটো টিপিব লাগিব.
01:44 আমি দেখিম যে লেখাটোৱে সম্পূৰ্ণ স্ক্ৰীন ম’ডটো ত্যাগ কৰিছে.
01:49 এতিয়া View মেনুৰ Print Layout-অত ক্লিক কৰোঁ আহক.
01:53 আৰু আগবঢ়াৰ আগতে, আমি Insert>> Manual Break আৰু Page Break অপশ্যন ব্যৱহাৰ কৰি এটা নতুন পাঠ/ পৃষ্ঠা সংলগ্ন কৰি লওঁ আহক.
02:04 তাৰ পিছত OK-ত ক্লিক কৰক
02:06 আমি ইয়াৰ বিষয়ে অন্য এটা প্ৰশিক্ষণত আৰু বেছিকৈ শিকিম.
02:11 লেখাখিনি চোৱাৰ অন্য এটা বিকল্প হ’ল— “zoom”.
02:17 Menu বাৰত থকা “view”-ত ক্লিক কৰক আৰু তাৰ পিছত “zoom”-অত ক্লিক কৰক.
02:22 এতিয়া ‘zoom and view layout’ নামৰ এটা ডায়লগ বাকচ ওলাই অহা দেখিবলৈ পাব .
02:27 ইয়াৰ শিৰোনামকেইটা হ’ল— ‘zoom factor’ আৰু ‘view layout’.
02:34 ‘zoom factor’-এ বৰ্তমানৰ লেখাটো আৰু তাৰ পিছত তেনেকুৱা ধৰণৰ অন্য লেখাবোৰো কেনেকৈ প্ৰদৰ্শিত হ’ব সেইখিনি উপাদান নিৰ্ধাৰণ কৰে.
02:43 ইয়াৰ প্ৰয়োজনীয় বিকল্পবোৰ আমি এটা এটাকৈ আলোচনা কৰিম.
02:48 ‘Optimal’ অপশ্যনটোত ক্লিক কৰিলে লেখাটোৰ সৰ্বশ্ৰেষ্ঠ অৱয়বটো দেখা যাব.
02:55 ‘Fit width and height’ আকৃতিটোৱে লেখাখিনিক পৃষ্ঠাটোৰ সম্পূৰ্ণ প্ৰস্থ আৰু উচ্চতা অনুযায়ী প্ৰদৰ্শন কৰে.
03:05 কোনো এটা লেখাৰ সৰহ সংখ্যক পৃষ্ঠাৰ সাল-সলনিকৰণ আৰু প্ৰদৰ্শন ই অতি সহজ কৰি তোলে.
03:11 পিছৰটো বিকল্প হৈছে ‘Fit to width’। ই প্ৰস্থ অনুযায়ী পৃষ্ঠাটো প্ৰদৰ্শন কৰে.
03:17 পৃষ্ঠাটোৰ প্ৰকৃত অৱয়ৱটো 100% প্ৰদৰ্শনে দাঙি ধৰে.
03:23 তাৰ পিছতে আছে আটাইতকৈ প্ৰয়োজনীয় প্ৰদৰ্শিত বিকল্প— ‘variable’.
03:28 Variable-অত আপুনি লেখাটো যি হিচাপতে চাব বিচাৰে, সেই অনুপাতে ডাঙৰ-সৰু উপাদানবোৰ বহুৱাই ল’ব পাৰে.
03:35 উদাহৰণ স্বৰূপে, আমি ‘variable’-অৰ কাষত থকা ঠাইখিনিত 75% লিখিলো আৰু তাৰ পিছত ‘ok’-ত ক্লিক কৰিলো.
03:43 এইদৰে লেখাখিনি চাবৰ বাবে আৰু সাল-সলনি কৰিবৰ বাবে আপোনাৰ প্ৰয়োজন আৰু সুবিধা অনুসৰি সৰু-ডাঙৰ কৰা উপাদানবোৰ বহুৱাই ল’ব পাৰে.
03:51 ডায়লগ বাকচটোত থকা অন্য এটা বৈশিষ্ট্য হ’ল— ‘view layout’
03:56 ‘View layout’ বিকল্পটো মাত্ৰ লেখনিৰ বাবেহে.
03:59 এটা লেখা বিভিন্ন view layout সজ্জাত সৰু-ডাঙৰ কৰা ৰাশিবোৰ হ্ৰাস-বৃদ্ধি কৰিলে তাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে, সেইটো চাবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়.
04:07 ইয়াৰ অন্য কিছুমান বিকল্প ‘automatic’ আৰু ‘single page’ আছে, যিবোৰ পৃষ্ঠাবোৰ ক্ৰমান্বয়ে এটাৰ কাষত আনটো আৰু এটাৰ তলত আনটো প্ৰদৰ্শন কৰিবৰ কাৰণে ব্যৱহাৰ হয়.
04:18 উদাহৰণ স্বৰূপে, যদি আমি ‘zoom factor’ বিকল্পটো অন্তৰ্গত ‘fit width and height’ বিকল্পটো নিৰ্বাচন কৰোঁ, তাৰ পিছত ‘view layout’-অৰ অন্তৰ্গত ‘single page’-অত ক্লিক কৰোঁ আৰু অৱশেষত ‘ok’-ত ক্লিক কৰোঁ, তেতিয়া পৃষ্ঠাবোৰ এটাৰ তলত আনটোকৈ থকা দেখিবলৈ পাম.
04:36 এতিয়া ‘automatic’ অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত ‘ok’ বুটামত ক্লিক কৰক.
04:42 দেখা পাব যে পৃষ্ঠাবোৰ এটাৰ কাষত আনটোকৈ প্ৰদৰ্শিত হৈছে.
04:48 ৰাইটাৰৰ ষ্টেটাচবাৰত থকা নিয়ন্ত্ৰক তিনিটাইয়ো আমাৰ লেখাখিনি সৰু-ডাঙৰ তথা প্ৰদৰ্শিত অৱয়বকেইটা সাল-সলনি কৰিবলৈ অনুমতি দিয়ে.
04:56 View layout আইকনবোৰ বাওঁফালৰ পৰা সোঁফাললৈ এনে ধৰণৰ: ‘single column mode,’, ‘view mode with pages side by side’ আৰু ‘book mode’ with two pages as in an open book
05:11 আমি zoom slider-ডাল সোঁফালে টানি আনিও এটা পৃষ্ঠালৈ zoom কৰিব পাৰোঁ আৰু বাওঁফালে টানি আনি বহুতো পৃষ্ঠা চাব পাৰোঁ.
05:20 LibreOffice Writer-অত ‘printing’-অৰ বিষয়ে শিকাৰ আগতে ‘page preview’-ৰ বিষয়ে কিছু শিকোঁ আহক.
05:28 ‘File’-অত ক্লিক কৰি ‘page preview’-ত ক্লিক কৰক
05:32 যেতিয়া আপুনি বৰ্তমানৰ পৃষ্ঠাটো page preview ম’ডত ৰাখিব, তেতিয়া পেজ প্ৰিভিউ বাৰডাল ওলাব।.
05:38 এইটোৱে লেখাখিনি ছপা হ’লে কেনেকুৱা আকাৰত ওলাব, সেইটো সাধাৰণতে দেখুৱায়.
05:44 আপুনি আমাৰ ‘resume.odt’ ফাইলটোৰ অৱয়বটো চাব পাৰে
05:50 প্ৰিভিউ পেজটোৰ টুলবাৰত বিভিন্ন নিয়ন্ত্ৰক বিকল্প আছে.
05:55 তাত থকা বিকল্পবোৰ হ’ল— ‘zoom in’, ‘zoom out’, ‘next page’, ‘previous page’ আৰু ‘print’.
06:03 LibreOffice Writer-অত লেখাবোৰ কেনেকৈ প্ৰদৰ্শিত কৰে, লগতে পেজ প্ৰিভিউ শিকাৰ পিছত আমি এতিয়া LibreOffice Writer-অত ‘printer’-অৰ বৈশিষ্ট্যবোৰৰ বিষয়ে শিকিম.
06:15 সাধাৰণ ভাষাত প্ৰিণ্টাৰ হৈছে লেখাবোৰ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এটা আউটপুট ডিভাইচ.
06:21 আমি এতিয়া প্ৰিণ্টাৰৰ বিভিন্ন বিকল্পবোৰলৈ কেনেকৈ যাব পাৰি তাৰ বিষয়ে চাম.
06:26 ‘Tools’-অত ক্লিক কৰক, তাৰ পিছত ‘options’-অত ক্লিক কৰক
06:32 LibreOffice Writer-অৰ কাষত কাঁড়চিনডালত ক্লিক কৰক আৰু শেষত ‘print’-অত ক্লিক কৰক.
06:38 পৰ্দাত বিভিন্ন বিকল্পসহ এটা ডায়লগ বাকচ ওলাব, যিবোৰ আপুনি বাছিব লাগে.
06:43 তেন্তে আমি স্বয়ংক্ৰিয় বিকল্পখিনি ৰাখি ‘ok’-ত ক্লিক কৰিম.
06:49 এতিয়া গোটেই লেখাখিনি পোনপটীয়াকৈ ছপা কৰিবলৈ টুলবাৰত থকা ‘print File directory’ আইকনটোত ক্লিক কৰক
06:56 ইয়াক quick printing বুলি জনা যায় .
07:00 আপুনি ‘print’ অপশ্যনটোৰ স্বয়ংক্ৰিয় সজ্জাটো সলনি কৰি ছপাবলগীয়া লেখাটোৰ ওপৰত আৰু অধিক নিয়ন্ত্ৰণ কৰিব পাৰে.
07:07 মেনুবাৰত থকা ‘file’ মেনুত ক্লিক কৰি ‘print’-অত ক্লিক কৰক.
07:13 পৰ্দাত ‘print’ ডায়লগ বাকচটো ওলাব.
07:17 আমি ইয়াত General টেবৰ ‘generic printer’ অপশ্যনটো বাছি ল’ম.
07:22 ‘All pages’ অপশ্যনটো গোটেই লেখাটোৰ সকলো পৃষ্ঠা ছপাবৰ বাবে.
07:28 নিৰ্দিষ্ট পৰিসৰৰ মাজত ছপাব বিচাৰিলে ‘pages’ অপশ্যনটো বাছি লৈ তাত থকা খালী ঠাইখিনিত পৰিসৰটো দি দিব। যেনে, আমি ‘1-3’ লিখিলো। তেতিয়া ই গোটেই ডকুমেণ্টটোৰ প্পৰথম তিনিটা পৃষ্ঠাহে ছপা কৰিব.
07:44 যদি আপুনি ডকুমেণ্টটোৰ কেইবাটাও কপি ছপাব বিচাৰে, তেন্তে ‘number of copies’-অৰ খালী ঠাইখিনিত সংখ্যাটো বহুৱাই দিয়ক। ধৰক, আমি ইয়াত ‘2’ লিখিলো.
07:54 এতিয়া ডায়লগ বাকচটোৰ ‘options’ টেবত ক্লিক কৰোঁ আহক.
08:00 বিভিন্ন বিকল্প থকা এখন তালিকা পৰ্দাত ওলাব, য’ৰ পৰা আপুনি ডকুমেণ্টটো ছপাবৰ বাবে বাছনি কৰিব লাগে.
08:07 আমি “print in reverse page order” নামৰ এটা চ্ছেক বাকচ দেখিছোঁ
08:12 এই অপশ্যনটোৱে সৰহ সংখ্যক আউটপুট সংগ্ৰহ কৰাটো সহজ কৰি তোলে.
08:16 তেন্তে চ্ছেক বাকচৰ বিপৰীতে ক্লিক কৰক.
08:19 এতিয়া ‘print’ বুটামত ক্লিক কৰক .
08:22 ইয়াৰ উপৰি আপুনি আপোনাৰ pdf ডকুমেণ্ট এটাও ছপাই ল’ব পাৰে.
08:26 আমি ইতিমধ্যে কেনেকৈ এটা ‘dot odt’ লেখা ‘dot pdf’ লেখালৈ পৰিৱৰ্তন কৰে সেইটো দেখিছোঁ.
08:34 যিহেতু আমি ইতিমধ্যে ডেস্কটপত ‘pdf’ ফাইলটো সংৰক্ষণ কৰিছোঁ, আমি ফাইলটোত দুবাৰ ক্লিক কৰিম.
08:41 এতিয়া ‘file’-অত ক্লিক কৰক, তাৰ পিছত ‘print’-অত ক্লিক কৰক.
08:47 আমি স্বয়ংক্ৰিয় সজ্জাটো ৰাখি থওঁ আৰু ‘print preview’ বুটামত ক্লিক কৰোঁ .
08:52 আপুনি ফাইলটোৰ অৱয়বটো পৰ্দাত দেখিব .
08:56 এতিয়া পৃষ্ঠাটো ছপাবৰ কাৰণে প্ৰিভিউ পেজত থকা ‘print this document’ আইকনটোত ক্লিক কৰক.
09:04 ইয়াতে LibreOffice Writer-কথোপকথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে
09:09 সংক্ষেপে, আমি শিকিলো::
09:11 ডকুমেণ্ট কেনেকৈ চোৱা হয়.
09:13 ডকুমেণ্ট কেনেকৈ ছপা কৰা হয়.
09:16 বিস্তাৰিত নিৰ্দেশাৱলী
09:18 ৰাইটাৰত ‘This is LibreOffice Writer’ বুলি লিখক.
09:23 লেখাটোৰ সম্পূৰ্ণ অৱয়বটো পাবৰ কাৰণে ‘full screen’ বিকল্প ব্যৱহাৰ কৰক.
09:29 লেখাটোৰ ‘optimal’ আৰু ‘variable’ অৱয়ব পাবৰ কাৰণে zoom অপশ্যন ব্যৱহাৰ কৰক। ‘Variable’ ৰাশিটো 50% দিয়ক আৰু তাৰ পিছত লেখাটো চাওক
09:41 লেখাটোৰ পেজ প্ৰিভিউটো এবাৰ চাই লওক আৰু পৃষ্ঠাৰ সীমা থকাকৈ দুটা কপি ছপা কৰক.
09:49 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক.
09:52 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.
09:56 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
10:00 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
10:06 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
10:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken hyphen tutorial dot org এই ঠিকনাত লিখক
10:16 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
10:20 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
10:28 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
10:31 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
10:39 আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.

মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Gaurav, Mousumi