LibreOffice-Suite-Writer/C2/Introduction-to-LibreOffice-Writer/Assamese

From Script | Spoken-Tutorial
Revision as of 16:22, 11 July 2014 by Gaurav (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Introduction to Writer

Time Narration
00:01 LibreOffice Writer সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। এই শিক্ষণত আমি শিকিম:

Writer-ৰ পৰিচয়।

00:10 ৰাইটাৰৰ বিভিন্ন টুল বাৰ
00:13 কেনেকৈ এটা নতুন ডকুমেণ্ট আৰু আগৰে পৰা থকা ডকুমেণ্ট খুলিব পাৰি
00:17 কেনেকৈ এটা ডকুমেণ্ট চেভ কৰিব পাৰি আৰু
00:20 কেনেকৈ ৰাইটাৰত এটা ডকুমেণ্ট বন্ধ কৰিব পাৰি।
00:22 LibreOffice Writer হৈছে LibreOffice Suite-অৰ শব্দ লেখন অংগ।
00:27 ই Microsoft Office Suite-অৰ Microsoft Word-অৰ সমপৰ্যায়ৰ।
00:33 ই এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ চফট্‌ৱেৰ, গতিকে ইয়াক কোনো ধৰণৰ বাধা-নিষেধ নোহোৱাকৈ ভগাব, উন্নীতকৰণ আৰু বিতৰণ কৰিব পাৰি।
00:41 ভাগবিতৰণ কৰাৰ বাবে মুকলি হোৱাৰ বাবে ইয়াক কোনো ধৰণৰ লাইচেন্স মাচুল নিদিয়াকৈ ভাগবিতৰণ কৰিব পাৰি।
00:47 LibreOffice suite-ৰ সৈতে কাম কৰিবলৈ আপুনি হয় Microsoft Windows 2000 আৰু ইয়াৰ ওপৰৰ সংস্কৰণ, যেনে MS Windows XP বা MS Windows 7 অথবা GNU/Linux আপোনাৰ অপাৰেটিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিব পাৰে।
01:04 ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ।
01:16 যদি আপোনাৰ LibreOffice Suite ইনষ্টল হৈ থকা নাই, তেনেহ’লে Synaptic Package Manager ব্যৱহাৰ কৰি ৰাইটাৰ ইনষ্টল কৰিব পাৰি।
01:24 Synaptic Package Manager সম্পৰ্কে অধিক তথ্যৰ বাবে Ubuntu Linux শিক্ষণ সহায়িকা চাওক আৰু এই ৱেবচাইটত থকা নিৰ্দেশনা অনুযায়ী LibreOffice Suite ডাউনলোড কৰক।
01:37 সবিশেষ নিৰ্দেশনা LibreOffice Suite সম্পৰ্কীয় প্ৰথম শিক্ষণ সহায়িকাত পোৱা যাব।
01:43 মনত ৰাখিব, ইনষ্টল কৰাৰ সময়ত ৰাইটাৰ ইনষ্টল কৰিবৰ বাবে Complete অপশ্যন ব্যৱহাৰ কৰিব।
01:50 যদি ইতিমধ্যে আপুনি LibreOffice Suite ইনষ্টল কৰিছে,
01:54 আপোনাৰ স্ক্ৰীনৰ ওপৰৰ বাওঁফালৰ কোণত থকা Applications অপশ্যনত ক্লিক কৰিলে LibreOffice Writer পাব
02:02 আৰু তাৰপিছত Office-অত আৰু তাৰ পিছত LibreOffice অপশ্যনত ক্লিক কৰি।
02:08 LibreOffice-অৰ বিভিন্ন উপাদানৰ সৈতে এটা নতুন ডায়লগ বাকচ খোল খায়।
02:13 Suite-টোৰ শব্দ লেখন উপাদান LibreOffice Writer পাবলৈ Text Document অপশ্যনত ক্লিক কৰক
02:23 ইয়ে ৰাইটাৰৰ প্ৰধান উইণ্ডত এখন খালী ডকুমেণ্ট খুলি দিব।
02:28 ৰাইটাৰ উইণ্ডৰ বহুতো টুল বাৰ আছে, যেনে টাইটেল বাৰ,
02:33 মেনু বাৰ, ষ্টেণ্ডাৰ্ড টুলবাৰ,
02:36 ফৰমেটিং বাৰ আৰু ষ্টেটাচ বাৰ, য’ত সঘনাই ব্যৱহৃত অপশ্যনবিলাক থাকে। শিক্ষণ আগবঢ়াৰ লগে লগে এইবোৰৰ বিষয়ে আমি শিকি যাম।
02:47 এতিয়া, ৰাইটাৰত কেনেকৈ এটা নতুন ডকুমেণ্ট খুলিব পাৰি এই বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰোঁ।
02:53 ষ্টেণ্ডাৰ্ড টুলবাৰত থকা New আইকনত ক্লিক কৰি আপুনি এটা নতুন ডকুমেণ্ট খুলিব পাৰে
03:00 অথবা মেনুবাৰত থকা File অপশ্যনত ক্লিক কৰি
03:05 আৰু তাৰপিছত New অপশ্যনত ক্লিক কৰি আৰু শেষত Text document অপশ্যনত ক্লিক কৰি।
03:12 দুয়োটা ক্ষেত্ৰতে এখন নতুন ৰাইটাৰ উইণ্ড খোল খোৱা দেখিবলৈ পাব।
03:17 এতিয়া এডিটৰ এলেকাত কিছু কথা টাইপ কৰক।
03:21 ধৰা হওক, আমি টাইপ কৰিম— RESUME।
03:24 লিখা হোৱাৰ পিছত ইয়াক ভৱিষ্যৎ ব্যৱহাৰৰ বাবে চেভ কৰি থোৱা উচিত।
03:29 ফাইলটো চেভ কৰিবৰ বাবে মেনুবাৰত থকা File-অত ক্লিক কৰক
03:33 আৰু তাৰপিছত Save As অপশ্যনত ক্লিক কৰক।
03:36 স্ক্ৰীনত এটা ডায়লগ বাকচ ওলায় য’ত আপুনি Name-অৰ ঘৰত আপোনাৰ ফাইলৰ নাম ভৰাব লাগে।
03:44 গতিকে ফাইলৰ নাম হিচাপে resume ভৰাওক।
03:48 Name ঘৰৰ তলত Save in folder
03:53 ঘৰ আছে, য’ত আপুনি ফাইলটো চেভ কৰিব বিচৰা ফল্ডাৰৰ নামটো ভৰাব লাগে।
03:58 Save in folder ঘৰত থকা তলমুৱা কাঁড়ত ক্লিক কৰি Desktop অপশ্যনত ক্লিক কৰক।
04:02 মেনুখনত ফল্ডাৰৰ এখন তালিকা দেখা পাব, য’ত আপুনি আপোনাৰ ফাইলটো চেভ কৰিব পাৰে।
04:08 এতিয়া আমি Desktop অপশ্যনত ক্লিক কৰোঁ। ফাইলটো desktop-অত চেভ হ’ব।
04:14 আপুনি Browse for other folders-অতো ক্লিক কৰিব পাৰে
04:18 আৰু আপোনৰ ফাইলটো চেভ কৰিব বিচৰা ফল্ডাৰ নিৰ্বাচন কৰিব পাৰে।
04:23 এতিয়া ডায়লগ বাকচৰ File type অপশ্যনত ক্লিক কৰক।
04:27 ইয়ে আপোনৰ ফাইলটো চেভ কৰিব পৰা ফাইল টাইপ অপশ্যন অথবা ফাইলৰ এক্সটেনশ্যন দেখুৱাব।
4:34 LibreOffice Writer-অৰ পূৰ্বনিৰ্ধাৰিত ফাইল টাইপ হৈছে ODF Text Document, যিয়ে dot odt এক্সটেনশ্যন দিয়ে।
04:45 ODT-এ ৱৰ্ড ডকুমেণ্টৰ বাবে সকলোৱে গ্ৰহণ কৰা মুক্ত মানদণ্ড Open Document Format অথবা ODF format-অক সূচায়।
04:56 ইয়াক Open standards in e-Governance-অৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতিয়েও মানি লৈছে।
05:04 LibreOffice Writer-অত খুলিব পৰা dot odt text document হিচাপে চেভ কৰাৰ উপৰি
05:11 আপুনি ইয়াক MS Office Word প্ৰগ্ৰামত খুলিব পৰাকৈ dot doc আৰু dot docx ফৰমেট হিচাপেও চেভ কৰিব পাৰে।
05:23 অন্য এটা জনপ্ৰিয় ফাইল এক্সটেনশ্যন হৈছে dot rtf। ই Rich Text Format-অক সূচায়।
05:33 এতিয়া ODF Text Document অপশ্যনত ক্লিক কৰক।
05:37 আপুনি File type অপশ্যনৰ কাষত ফাইল টাইপ ODF Text Document আৰু ব্ৰেকেটৰ ভিতৰত dot odt প্ৰদৰ্শিত হোৱা দেখা পাব।
05:48 এতিয়া Save বুটামত ক্লিক কৰক।
05:50 ইয়ে আপোনাক ৰাইটাৰ উইণ্ডলৈ ওভটাই লৈ যাব আৰু টাইটেল বাৰত আপোনাৰ পছন্দৰ ফাইলনেম আৰু এক্সটেনশ্যন দেখা পাব।
05:58 এতিয়া ৰাইটাৰ উইণ্ডত এটা টেক্সট ডকুমেণ্ট লিখিবলৈ আপুনি সাজু হ’ল।
06:03 ওপৰত আলোচনা কৰা ফৰমেটবোৰৰ বাহিৰে ৰাইটাৰ ডকুমেণ্ট ৱেব পেজ ফৰমেট dot html হিচাপেও চেভ কৰিব পাৰি।
06:13 আগতে ব্যাখ্যা কৰা ধৰণে একে নিয়মেৰে ইয়াক কৰিব পাৰি।
06:17 মেনুবাৰৰ File অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত Save As অপশ্যনত ক্লিক কৰক।
06:24 এতিয়া File Type অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত HTML Document and within braces Open Office dot org Writer অপশ্যনত ক্লিক কৰক।
06:35 এইটো অপশ্যনে ডকুমেণ্টক dot html এক্সটেনশ্যন দিয়ে।
06:40 Save বুটামত ক্লিক কৰক।
06:42 এতিয়া ডায়লগ বাকচৰ Ask when not saving in ODF format অপশ্যনত শুদ্ধ চিন দিয়ক।
06:50 শেষত Keep Current Format অপশ্যনত ক্লিক কৰক।
06:55 ডকুমেণ্টটো dot html এক্সটেনশ্যনেৰে চেভ হোৱা দেখিবলৈ পাব।
07:00 ষ্টেণ্ডাৰ্ড টুলবাৰত Export Directly as PDF অপশ্যনত ক্লিক কৰি ডকুমেণ্টটো PDF ফৰমেটলৈও নিব পাৰি।
07:10 আগতে কোৱা ধৰণে, আপুনি চেভ কৰিব বিচৰা ঠাই নিৰ্বাচন কৰক।
07:15 ইয়াৰ উপৰি, মেনুবাৰৰ File অপশ্যনত ক্লিক কৰি Export as pdf কৰিও ইয়াক কৰিব পাৰি।
07:24 ওলাই অহা ডায়লগ বাকচটোৰ Export-অত ক্লিক কৰক আৰু তাৰপিছত Save বুটামত ক্লিক কৰক।
07:32 এটা pdf ফাইল তৈয়াৰ হ’ব।
07:35 এতিয়া প্ৰথমে File-অত আৰু তাৰপিছত Close-অত ক্লিক কৰি এই ডকুমেণ্টটো বন্ধ কৰোঁ।
07:40 ইয়াৰ পিছত আমি LibreOffice Writer-অত আগৰে পৰা থকা এটা ডকুমেণ্ট কেনেকৈ খোলে, সেয়া শিকিম।
07:47 Resume.odt ডকুমেণ্টটো খোলো আহক।
07:51 আগৰে পৰা থকা এটা ডকুমেণ্ট খুলিবলৈ প্ৰথমে ওপৰত থকা মেনুবাৰৰ File মেনুত ক্লিক কৰক আৰু তাৰ পিছত Open অপশ্যনত ক্লিক কৰক।
08:00 দেখা পাব যে স্ক্ৰীনত এটা ডায়লগ বাকচ ওলাই আহিছে।
08:04 আপুনি ডকুমেণ্টটো য’ত চেভ কৰিছিল, সেই ফল্ডাৰটো ইয়াত বিচাৰক।
08:08 ইয়াৰ বাবে ডায়লগ বাকচটোৰ ওপৰৰ বাওঁ কোণত থকা সৰু পেঞ্চিল বুটামটোত ক্লিক কৰক।
08:14 ইয়াত আছে Type a file Name.
08:16 এইটোৱে Location Bar ঘৰ এটা মুকলি কৰে।
08:19 আপুনি বিচৰা ফাইলৰ নামটো ইয়াত টাইপ কৰক।
08:24 গতিকে আমি ফাইলৰ নামটো লিখিম— resume।
08:27 এতিয়া resume এটা ফাইল নাম হিচাপে দেখুওৱা প্ৰদৰ্শিত তালিকাখনৰ পৰা আমি resume dot odt নিৰ্বাচন কৰিম।
08:34 এতিয়া Open বুটামত ক্লিক কৰক।
08:37 দেখা পাব যে resume.odt ফাইলটো খোল খাইছে।
08:41 ইয়াৰ পৰিৱৰ্তে, ওপৰৰ টুলবাৰৰ Open আইকনত ক্লিক কৰি আৰু পৰৱৰ্তী কামখিনি ওপৰত কৈ অহা একে ধৰণে কৰি আগৰে পৰা থকা ফাইল খুলিব পাৰি।
08:52 আপুনি Writer-অত Microsoft Word-এ ব্যৱহাৰ কৰা dot doc আৰু dot docx এক্সটেনশ্যনযুক্ত ফাইলো খুলিব পাৰে।
09:03 ইয়াৰ পিছত, এটা ফাইল কেনেকৈ সালসলনি কৰিব পাৰি আৰু একেটা ফাইলনেমত চেভ কৰিব পাৰি, সেয়া দেখা পাব।
09:10 প্ৰথমে মাউচৰ বাওঁ ক্লিকৰ সহায়ত RESUME বুলি লিখা কথাখিনিৰ কাষত ক্লিক কৰি ওপৰেৰে ড্ৰেগিং কৰি কথাখিনি চিলেক্ট কৰক।
09:17 ইয়ে কথাখিনি চিলেক্ট কৰি জিলিকাই তুলিব। এতিয়া মাউচৰ বাওঁ বুটাম এৰি দিয়ক।
09:24 কথাখিনি এতিয়াও জিলিকি থাকিব।
09:26 এতিয়া ষ্টেণ্ডাৰ্ড টুলবাৰত থকা Bold আইকনত ক্লিক কৰক। কথাখিনি ডাঠ হৈ পৰিল।
09:33 কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইন কৰিবলৈ টুলবাৰৰ Centered আইকনত ক্লিক কৰক।
09:41 দেখা পাব যে কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইনড হৈ পৰিছে।
09:45 এতিয়া আমি কথাখিনিৰ ফণ্টৰ আকাৰ ডাঙৰ কৰিম।
09:48 ইয়াৰ কাৰণে, টুলবাৰৰ Font Size ঘৰত থকা তলমুৱা কাঁডত ক্লিক কৰক।
09:53 ড্ৰপ-ডাউন মেনুখনত আমি 14-অত ক্লিক কৰোঁ।
09:57 দেখা গ’ল, কথাখিনিৰ ফণ্টৰ আকাৰ 14-অলৈ বৃদ্ধি পাইছে।
10:01 এতিয়া Font Name ঘৰৰ তুলমুৱা কাঁড়ত ক্লিক কৰক আৰু ফণ্ট নাম হিচাপে UnDotum নিৰ্বাচন কৰক।
10:09 টুলবাৰৰ Save আইকনত ক্লিক কৰক।
10:13 গতিকে দেখা পালে যে ফাইলটোত সালসলনি কৰা সত্ত্বেও একেটা নামতে চেভ হৈছে।
10:21 আপোনৰ ফাইলটো চেভ কৰাৰ পিছত যেতিয়া ইয়াক বন্ধ কৰিব বিচাৰে,
10:25 মেনুবাৰত থকা File মেনুত ক্লিক কৰি Close অপশ্যনত ক্লিক কৰক। ইয়ে আপোনৰ ফাইলটো বন্ধ কৰিব।
10:33 এইখিনিতে আমাৰ LibreOffice Writer-অৰ কথন শিক্ষণ সমাপ্ত হৈছে। চমুকৈ, আমি শিকিলো:
10:43 ৰাইটাৰৰ পৰিচয়। ৰাইটাৰৰ বিভিন্ন টুলবাৰৰ বিষয়ে।
10:45 ৰাইটাৰত এটা নতুন ডকুমেণ্ট আৰু আগৰে পৰা থকা ডকুমেণ্ট কেনেকৈ খুলিব পাৰি। ৰাইটাৰত এটা ডকুমেণ্ট কেনেকৈ চেভ কৰিব পাৰি।
10:52 ৰাইটাৰত এটা ডকুমেণ্ট কেনেকৈ বন্ধ কৰিব পাৰি।
10:55 বিস্তৃত কাম: ৰাইটাৰত এটা নতুন ডকুমেণ্ট খোলক।
11:01 Practice.odt নাম দি ইয়াক চেভ কৰক।
11:05 এই কথাখিনি লিখক— This is my first assignment।
11:13 ফণ্টৰ আকাৰ 16-লৈ বৃদ্ধি কৰক।
11:18 তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:24 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:29 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:38 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:45 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:48 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
11:56 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:07 এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Gaurav, Mousumi