Difference between revisions of "LibreOffice-Suite-Math/C2/Introduction/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 |Time ||Narration |- |00:02 ||লিবাৰ অফিচ মেথৰ কথিত টিউটৰিয়েললৈ স্বাগতম| |- |00:06 ||এই …')
 
 
Line 352: Line 352:
  
 
|-
 
|-
|09:58
+
|09:48
 
||অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ|
 
||অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ|
  
 
|-
 
|-
 
|}
 
|}

Latest revision as of 11:23, 1 October 2014

Time Narration
00:02 লিবাৰ অফিচ মেথৰ কথিত টিউটৰিয়েললৈ স্বাগতম|
00:06 এই টিউটৰিয়েলত, আমি সামৰিম লিবাৰ অফিচ মেথৰ পৰিচয় আৰু ফৰ্মূলা এডিটৰ|
00:12 আমি নিম্নোল্লেখিত বিষয়সমূহ শিকিব পাৰিম:
00:15 লিবাৰ অফিচ মেথ কি?
00:18 ফৰ্মূলা এডিটৰৰ সহায়ত মেথ ব্যৱহাৰ কৰিবলৈ ছিষ্টেমৰ প্ৰয়োজনীয়তা
00:23 এটা সাধাৰণ ফৰ্মূলা লিখিব
00:26 লিবাৰ অফিচ মেথ কি?
00:29 লিবাৰ অফিচ মেথ হ’ল গাণিতিক ফৰ্মূলাসমূহ সৃষ্টি আৰু এডিট কৰিবলৈ সজাঁ এটা ছফ্টৱেৰ এপ্লিকেশ্বন|
00:39 ই লিবাৰ অফিচ চুইটৰ গোটত সন্নিবিষ্ট আৰু গতিকেই ই অপেন চ’ৰ্ছ, বিনামূলীয়া, আৰু মুক্ত বিতৰণ ক্ষম|
00:47 মেথৰ ব্যৱহাৰত সৃষ্টি কৰা ফৰ্মূলা আৰু সমিকৰণসমূহ স্বয়ংসম্পূৰ্ণ|
00:53 বা ইহঁতক লিবাৰ অফিচ চুইটৰ অন্য ডকুমেন্টসমূহত ব্যৱহাৰ কৰিব পৰা যায়|
00:58 ফৰ্মূলাসমূহক ৰাইটাৰ বা কেল্কৰ ডকুমেন্টত সংলগ্ন কৰিব পাৰি|
01:05 ফৰ্মূলাৰ কিছুমান উদাহৰণ হ’ল ভগ্নাংশ, ইন্টিগ্ৰেলসমূহ, সমীকৰণসমূহ, আৰু মেট্ৰিক্সসমূহ|
01:13 মেথ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ছিষ্টেম অৰ্হতা চোৱাঁ যাওঁক|
01:17 উইন্ড’জৰ বাবে, মাইক্ৰ’ছফ্ট উইন্ড’জ 2000 (Service Pack 4 বা অধিক), XP, Vista বা উইন্ড’জ 7;
01:28 পেন্টিয়াম-compatible PC, 256 Mb RAM (512 Mb RAM recommended);
01:36 উবুন্টু লিনাক্সৰ বাবে: লিনাক্স কাৰনেল সংস্কৰণ 2.6.18 বা অধিক; পেন্টিয়াম-compatible PC, 512 Mb RAM recommended
01:51 ছিষ্টেম অৰ্হতাৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ, লিবাৰ অফিচ ৱেব চাইট পৰিদৰ্শন কৰক|
01:58 আপুনি যদি আগতেই লিবাৰ অফিচ চুইট ইনষ্টল কৰি থৈছে, তেন্তে আপুনি লিবাৰ অফিচ চুইটৰ প্ৰগ্ৰামসমূহৰ মাজত মেথ বিছাৰি পাব|
02:06 আপুনি যদি লিবাৰ অফিচ ইনষ্টল কৰা নাই, তেন্তে আপুনি তাক অফিছিয়েল ৱেব চাইটৰ পৰা ডাওনল’ড কৰিব পাৰে|
02:14 লিনাক্সত ইয়াক আপুনি চেনেপ্তিক পেকেজ মেনেজাৰৰ পৰা ইনশ্টল কৰিব পাৰে|
02:18 মই লিবাৰ অফিচৰ সংস্কৰণ 3.3.3 ইনষ্টল কৰিছোঁ|
02:24 ঠিক আছে, আমি তেন্তে আৰম্ভ কৰোঁ আৰু মেথ এপ্লিকেশ্বন অপেন কৰোঁ|
02:28 উইন্ড’জত ষ্টাৰ্ট মেনুলৈ যাওঁক| অল প্ৰগ্ৰামত ক্লিক কৰক, তাৰ পিছত লিবাৰ অফিচ চুইট আৰু তাৰ পিছত লিবাৰ অফিচ মেথ
02:39 লিবাৰ অফিচ ৰাইটাৰ ডকুমেন্টৰ ভিতৰৰ পৰা আমি ইয়াক আহ্বাণ কৰিব পাৰোঁ|
02:46 এতিয়া নতুন ডকুমেন্ট এটা খুলিবলৈ লিবাৰ অফিচ ৰাইটাৰত ক্লিক কৰা যাওঁক|
02:53 এতিয়া, ৰাইটাৰ উইন্ড’ত, মেথক আহ্বান কৰা হওঁক|
02:57 মেইন মেনু বাৰৰ পৰা ইনচাৰ্ট মেনুত আৰু তাৰ পিছত তলৰ পালে থকা অৱজেক্টত ক্লিক কৰা যাওঁক আৰু তাৰ পিছত ফৰ্মূলাত ক্লিক কৰক|
03:09 এতিয়া আমি ৰাইটাৰ উইন্ড’ত তিনিখন ক্ষেত্ৰ দেখিবলৈ পাম|
03:14 প্ৰথমখন হ’ল ৰাইটাৰ ক্ষেত্ৰ যিখন আটাইতকৈ উপৰত|
03:18 ইয়াত, সৰু গেৰুৱা বাকচটোলৈ মন কৰক|
03:22 ইয়াতেই আমি লিখা সমীকৰণ বা ফৰ্মূলাসমূহ গাণিতিক ৰূপত দৃশ্যায়িত হ’ব|
03:30 দ্বিতীয়খন হ’ল তলত থকা ফৰ্মূলা এডিটৰ ক্ষেত্ৰ|
03:37 ইয়াত আমি বিশেষ মাৰ্ক আপ লেঙ্গুৱেইজত গাণিতিক ফৰ্মূলাসমূহ টাইপ কৰিব পাৰিম|
03:44 আৰু তৃতীয়খন হ’ল সোঁফালে উপঙি তকা এলিমেন্ট উইন্ড’|
03:50 আপুনি যদি এলিমেন্ট উইন্ড’খন দেখা নেপায়, আমি তাক ভিউ মেনুৰ পৰা এলিমেন্ট বাচনি কৰি এক্সেচ্ কৰিব পাৰোঁ|
04:01 এই উইন্ড’খনে আমাক বিভিন্ন গাণিতিক সংকেত আৰু অভিব্যক্তিৰ যোগান ধৰে|
04:08 যদি আমি ৰাইটাৰ ক্ষেত্ৰত থকা গেৰুৱা বক্সটোৰ বাহিৰত ক্লিক কৰোঁ, মেথ উইন্ড’খন অদৃশ্য হৈ পৰিব|
04:17 মেথ ফৰ্মূলা এডিটৰ আৰু এলিমেন্ট উইন্ড’খন পুনৰাই আনিবলৈ গেৰুৱা বক্সটোত ডাবুল ক্লিক কৰক|
04:24 ঠিক আছে, এতিয়া 4 x 3 সমান হ’ল 12ৰ এই সৰল পূৰণৰ ফৰ্মূলাটো লিখা হওঁক|
04:37 এতিয়া এলিমেন্ট উইন্ড’ত, চিহ্নবোৰৰ কেটেগ’ৰি আছে উপৰত আৰু চিহ্নসমূহ আছে তলত|
04:46 এতিয়া উপৰৰ বাওঁ ফালে থকা আইকনটোত এবাৰ ক্লিক কৰা হওঁক, টুল টিপ আইকনটোৱে ইয়াত কৈছে ইউনেৰি বা বাইনেৰি অপাৰেটৰ|
04:57 আৰু তলত, আমি দেখিবলৈ পাম সৰল গাণিতিক অপাৰেটৰসমূহ যেনে যোগ, বিয়োগ, পূৰণ আৰু হৰণ|
05:08 ধৰা হওঁক দ্বিতীয় ৰ’ত আমি পূৰণ নিৰ্ণায়ক “ এ ইণ্টু বি”ত ক্লিক কৰিম|
05:17 এতিয়া ফৰ্মূলা এডিটৰ উইন্ড’খনলৈ মন কৰক|
05:20 ই “টাইম” শব্দটোৱে পৃথক কৰা দুটা প্লেচ হ’ল্ডাৰ প্ৰদৰ্শন কৰিছে|
05:27 আকৌ উপৰত থকা ৰাইটাৰ গেৰুৱা বক্সটোত, মন কৰা দুটা বৰ্গক পূৰণ চিহ্নৰে পৃথক কৰিছে|
05:37 ফৰ্মূলা এডিটৰত থকা প্ৰথম প্লেচ্ হ’ল্ডাৰটোক ডাবুল ক্লিক কৰি হাইলাইট কৰা হওঁক আৰু তাৰ পিছত 4 টাইপ কৰা হওঁক|
05:46 ইয়াৰ পিছত, দ্বিতীয় প্লেচ হ’ল্ডাৰটো হাইলাইট কৰা হোঁক আৰু ফৰ্মূলা এডিটৰ উইন্ড’ত 3 টাইপ কৰক|
05:54 মন কৰিব যে ৰাইটাৰ গেৰুৱা বক্সটো স্বয়ংক্ৰিয় ভাবে ৰিফ্ৰেচ হৈছে আৰু “ 4 into 3” দৃশ্যায়িত কৰিছে|
06:03 আমি উপৰত থকা ভিউ মেনুত ক্লিক কৰি পাৰোঁ আৰু আপডেটতো বাছি লব পাৰোঁ|
06:10 বা আমি কি-বৰ্ড ছৰ্টকাট F9 ব্যৱহাৰ কৰিও উইন্ড’ ৰিফ্ৰেচ কৰিব পাৰোঁ|
06:16 ইয়াৰ পিছত ফৰ্মূলাটো সম্পূৰ্ণ কৰা হওঁক আৰু তাৰ সৈতে “is equal to 12” যোগ কৰা হওঁক|
06:24 ইয়াৰ কাৰণে, এলিমেন্ট উইন্ড’ৰ কেটেগ’ৰি বিভাগৰ “ৰিলেশ্বন” বোলা দ্বিতীয়তো আইকনত ক্লিক কৰা হওঁক|
06:35 ইয়াৰ বিভিন্ন ৰেলেশ্বন এলিমেন্ট সমূহলৈ মন কৰক|
06:38 ইয়াৰ প্ৰথমটো ছিলেক্ট কৰা হওঁক: “a is equal to b”
06:44 আৰু আমি প্ৰথমটো প্লেচ হ’ল্ডাৰ ডিলিট কৰিম আৰু দ্বিতীয় প্লেচ হ’ল্ডাৰটোত 12 টাইপ কৰিম|
06:53 আৰু সেয়া হ’ল ৰাইটাৰ ক্ষেত্ৰত আমাৰ প্ৰথমটো সৰল ফৰ্মূলা| ‘4 times 3 is equal to 12’.
07:01 এতিয়া আমি শিকিলো কেনেদৰে এলিমেন্ট উইন্ড’ ব্যৱহাৰ কৰি অতি সহজ উপায়েৰে এটা ফৰ্মূলা লিখিব পাৰি|
07:09 আমি ফৰ্মূলা এডিটৰ উইন্ড’ত ৰাইট ক্লিক কৰি আৰু ইয়াত চিহ্ন সমূহ বাছনি কৰিও ফৰ্মূলা এটা লিখিব পাৰোঁ|
07:19 কন্টেক্সট মেনুত এলিমেন্ট উইন্ড’ৰ দৰে একেই কেটেগ’ৰিৰ চিহ্ন সমূহ দৃশ্যায়িত হয়|
07:26 যিকোনো কেটেগৰি এটা বাচনি কৰিলে ইয়াত উপলবদ্ধ চিহ্ন সমূহ প্ৰদৰ্শিত কৰে|
07:33 ফৰ্মূলা অন্তৰ্ভুক্ত কৰাৰ তৃতীয় এটা উপায় আছে|
07:37 আমি পুন:পতিয়াকৈ ফৰ্মূলা এডিটৰ উইন্ড’ত ফৰ্মূলা এটা লিখিব পাৰোঁ|
07:42 ইয়াত আমি গাণিতিক এপ্লিকেশ্বন বুজাতকৈ বিশেষ মাৰ্ক আপ লেঙ্গুৱেইজহে ব্যৱহাৰ কৰিম|
07:50 আমি ইতিমধ্যে মাৰ্ক আপ লেঙ্গুৱেইজৰ এটা সৰল উদাহৰণ দেখিলো|
07:56 4 times 3 equals 12’.
07:59 ইয়াত “টাইমচ্” শব্দটোলৈ মন কৰক|
08:03 একেদৰেই 4 divided by 4 equals 1, মাৰ্ক আপ হ’ব : 4 over 4 equals 1’.
08:15 এতিয়া যিহেতু আমি শেষ কৰিলো, ইয়াত আপোনালোকৰ বাবে এটা অনুশিলনী আছে:
08:20 ৰাইটাৰ উইন্ড’ত, নিম্নোল্লেখিত ফৰমূলাসমূহ লিখা
08:24 4 divided by 4 = 1
08:29 আপোনাৰ ফৰ্মূলাটোৰ মাজত খালি স্থান ভৰাবলৈ “নিউ লাইন” মাৰ্ক আপ ব্যৱহাৰ কৰক|
08:37 A Boolean AND b
08:40 4 is greater than 3
08:43 x is approximately equal to y.
08:47 আৰু 4 is not equal to 3
08:51 ইয়াৰ লগে লগে লিবাৰ অফিচ মেথ পৰিচয় আৰু ফৰ্মূলা এডিটৰ টিউটৰিয়েলৰ সমাপ্তি ঘটিল|
08:59 সাৰাংক্ষিত ৰূপত, আমি নিম্নোল্লেখিত বিষয়সমূহ শিকিলো:
09:03 লিবাৰ অফিচ মেথ কি?
09:06 মেথ ব্যৱহাৰৰ বাবে ছিষ্টেমৰ প্ৰয়োজনীয়ত আৰু অৰ্হতাসমূহ |
09:10 ফৰ্মূলা এডিটৰৰ ব্যৱহাৰ
09:13 এটা সৰল ফৰ্মূলা লিখিব
09:16 স্পকেন টিউটৰিয়েল প্ৰজেক্ট হ’ল টক টু অ টিচাৰ প্ৰজেক্টৰ অংশ, ICT, MHRD, Government of India জড়িয়তে National Mission on Education দ্বাৰা সমৰ্থিত|
09:28 এই প্ৰজেক্টৰ সমন্বয় ৰক্ষা কৰিছে http://spoken-tutorial.org.
09:33 এই বিষয়ক অধিক তথ্য উল্লেখিত লিংকটোত উপলবদ্ধ http://spoken-tutorial.org/NMEICT-Intro.
09:39 এই স্ক্ৰিপ্টখন যুগুতাই উলিয়াইছে
09:48 অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ|

Contributors and Content Editors

Gaurav, Udaya