Gedit-Text-Editor/C2/Common-Edit-Functions/Assamese

From Script | Spoken-Tutorial
Revision as of 11:25, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 gedit Text editor ত Common Edit Functions টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:08 ইয়াতে মই এডিটিং এৰ ফাংশনবোৰ শিকিম যাক আমি gedit ত প্ৰায়েই ব্যবহাৰ কৰিম।
00:15 মই কন্টেন্ট Cut, Copy আৰু Paste, কাম Undo আৰু Redo আৰু টেক্সট Search আৰু Replace কৰাও শিকিম।
00:25 মই ডকুমেন্ট প্রিন্ট কৰাও শিকিম।
00:29 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো।
00:39 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব।
00:44 gedit Text editor খুলো।
00:48 Students.txt ফাইল খুলো যাক মই আগেই বনাইছিলো।
00:55 এইটোক কৰিবলৈ টুলবাৰত থকা open নামৰ আইকনত ক্লিক কৰো।
01:01 এইটো হৈছে বিদ্যমান ফাইল খুলিবলৈ শর্টকাট আইকন।
01:06 Open Files ডায়লগ বাক্স দেখায়।
01:09 সোফালে Desktop ফোল্ডাৰ চয়ন কৰক।
01:12 Students.txt ফাইলটো চয়ন কৰক আৰু Open ত ক্লিক কৰক।
01:17 এতিয়া টেক্সট cut, copy আৰু paste কৰা শিকো।
01:22 প্ৰথমে মই টেক্সট চয়ন কৰো যাক মই cut বা copy কৰিব বিছাৰো।
01:27 মই এই ফাইল পৰা প্ৰথম তিনটা শিক্ষার্থীৰ বিবৰণক cut কৰিব বিছাৰো।
01:32 প্ৰথম তিনটা শিক্ষার্থীৰ বর্ণন চয়ন কৰিবলৈ, এই তিনটা ৰেখাৰ উপৰত কার্সাৰ ক্লিক আৰু ড্ৰেগ কৰক।
01:39 এতিয়া, টেক্সট চয়নিত হয়।
01:42 মই টুলবাৰত Cut আইকন ব্যবহাৰ কৰিব পাৰো। বা মেন মেনুৰ পৰা Edit আৰু Cut চয়ন কৰিব পাৰো।
01:51 নতুবা টেক্সট cut কৰিবলৈ Ctrl + X কীস একেসৈতে টিপিব পাৰি।
01:58 লক্ষ্য কৰক যে চয়নিত টেক্সটবোৰ ফাইলটোত অাৰু দৃশ্যমান নহয়।
02:03 কিন্তু দয়া কৰি মনত ৰাখিব যে টেক্সটবোৰ মোছা হোৱা নাই।
02:08 এইটো কম্পিউটাৰৰ মেমোৰীৰ অংশত সংৰক্ষণ হৈ গৈছে, যাক clipboard কোৱা হয়।
02:13 clipboardএ কনটেন্ট স্টোৰ কৰে যাক cut বা copy কৰা হয়।
02:18 কনটেন্ট সাময়িকভাবে সংৰক্ষণ কৰা হয় যেতিয়ালৈকে এইটোক পেস্ট বা অন্য কনটেন্ট copy কৰা নহয়।
02:25 gedit বন্ধ কৰিলে Clipboardৰ কনটেন্ট মেমোৰীৰ পৰা মুছি যায়।
02:31 gedit ত উভতি যাও।
02:34 এতিয়া এই টেক্সটক নতুন ডকুমেন্টত paste কৰক।
02:38 মেন মেনুৰ পৰা, File আৰু New ত ক্লিক কৰক।
02:42 gedit উইন্ডোত Untitled Document 1 নামৰ নতুন ডকুমেন্ট খোলে।
02:47 এতিয়া, মেন মেনুৰ পৰা, Edit আৰু Paste চয়ন কৰক।
02:53 নতুবা, টেক্সট পেস্ট কৰিবলৈ মই Ctrl + V কীস একেসৈতে টিপিব পাৰো।
03:00 বা টুলবাৰ পৰা Paste আইকন ব্যবহাৰ কৰিব পাৰে।
03:04 Student dot txtৰ পৰা টেক্সটবোৰ এই ডকুমেন্টত পেস্ট হৈছে।
03:11 Student.txt ট্যাবক চয়ন কৰক।
03:14 এতিয়া, অবশিষ্ট শিক্ষাথীৰ বর্ণন চয়ন কৰক আৰু ইয়াৰ এটা কপি বনাওক।
03:20 মেন মেনুৰ পৰা, Edit আৰু Copy চয়ন কৰক।
03:24 আমি কন্টেন্ট কপি কৰিবলৈ কীবোর্ত শর্টকাট Ctrl + C ব্যবহাৰ কৰিব পাৰো।
03:30 লক্ষ্য কৰক যে কপি কৰা টেক্সট এতিয়াও দৃশ্যমান হৈ আছে।
03:34 এই টেক্সট clipboard ও সঞ্চিত হয়।
03:38 Untitled Document 1 ট্যাব চয়ন কৰক।
03:42 তৃতীয় লাইনৰ পৰ কার্সাৰ ৰাখক আৰু Enter টিপক।
03:46 এতিয়া, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু Paste চয়ন কৰক।
03:52 কন্টেন্ট নির্দিষ্ট স্থানত পেস্ট হৈছে।
03:56 এইটো gedit ত কনটেন্ট cut, copy আৰু paste কৰাৰ এটা সহজ আৰু কার্যকৰ উপায় হয়।
04:04 ইয়াৰ পিছত Undo আৰু Redo বিকল্প চাম।
04:07 gedit Text editorএ ফাইলত কৰা পৰিবর্তনৰ বাবে Undo কৰাৰ অনুমতি দিয়ে।
04:13 মূলত, এইটোৱে ডকুমেন্টত অন্তিম পৰিবর্তনটো মুছি দিয়ে।
04:18 এইটো দৰকাৰী হয় যেতিয়া আপোনি কোনো ভুল কৰে আৰু এইটোক Undo কৰিব বিচাৰে।
04:23 Undo কৰিবলৈ শর্টকাট কীস Ctrl + Z আছে।
04:27 Undo এৰ বিপৰীত হল Redo.
04:31 Redo কমান্ডে Undo ক্ৰিয়াৰ বিপৰীত কৰে।
04:35 Redo এৰ বাবে শর্টকাট কীস Shift + Ctrl + Z আছে।
04:41 এতিয়া gedit Text editor ত যাওক।
04:44 সো ক্লিক কৰি Undo চয়ন কৰক।
04:47 টেক্সট যাক মই কপি আৰু পেস্ট কৰিছিলো, সেইটো দৃশ্যমান নহয়।
04:52 Copy-paste ক্ৰিয়াটো নহোৱা হল।
04:56 আৰু এবাৰ undo কৰক। এতিয়া, Ctrl + Z কীস একেসৈতে টিপক।
05:04 মই চাব পাৰো যে কার্সাৰটো তৃতীয় লাইনৰ শেষত উভতি যায়।
05।:09 আগৰ ক্ৰিয়াটো এতিয়া আৰু নাই
05:13 সো ক্লিক কৰি আৰু এবাৰ Undo চয়ন কৰক।
05:17 প্ৰথম তিনটা লাইন যাক মই পূর্বে পেস্ট কৰিছিলো সি আৰু দৃশ্যমান নহয়।
05:23 মই টুলবাৰ পৰাও Undo আইকনক ব্যবহাৰ কৰিব পাৰো।
05:28 এইভাবে আমাৰ দ্বাৰা কৰা সকলো ক্ৰিয়া undo কৰিব পাৰি।
05:34 মই কিভাবে টেক্সট পুনৰায় উভতি পাম?
05:38 সাধাৰণতে সো ক্লিক কৰি Redo চয়ন কৰক।
05:42 আৰু এবাৰ ক্ৰিয়াটো redo কৰো।
05:45 এই বাৰ Shift + Ctrl + Z কীস টিপক।
05:50 মই টুলবাৰ পৰাও Undo আইকনটো ব্যবহাৰ কৰিব পাৰো।
05:55 মই আৰু এবাৰ টেক্সট উভতি পালো।
05:57 মই দেখো যে Students.txt নামৰ ফাইল পৰা মাত্ৰ শিক্ষাথীৰ বর্ণনহে gedit উইন্ডোত কপি হৈছে।
06:06 ইয়াৰ পিছত, মই Search আৰু Replace বিকল্প চাম।
06:10 ফাইলত এটা নির্দিষ্ট শব্দ খোঁজা বেশ কঠিন হয়, যেতিয়া তাতে শ শ টেক্সটৰ লাইন থাকে।
06:17 সার্চ ফাংশনে, সম্পূর্ণ ডকুমেন্টত এটা শব্দ বা সকলো উদাহৰণ খোঁজাৰ অনুমতি দিয়ে।
06:24 gedit Text editor ত উভতি যাওক।
06:28 মই school.txt নামৰ ডকুমেন্ট খুলো যাক মই আগেই বনাইছিলো।
06:34 school.txt ফাইল এই টিউটোৰিয়েল সহ Codefile লিঙ্কত উপলব্ধ।
06:40 ডাউনলোড কৰি সেই টেক্সট ডকুমেন্ট ব্যবহাৰ কৰক।
06:44 এই ডকুমেন্টত, মই এটা নির্দিষ্ট শব্দ খুঁজিব বিছাৰো।
06:48 এইটো কৰিবলৈ, মেন মেনুৰ পৰা Search তাৰপিছত Find ত ক্লিক কৰক।
06:53 নতুবা, মই Ctrl + F কীস একেসৈতে টিপিব পাৰো।
06:58 বা টুলবাৰ পৰা Search for text আইকনক ব্যবহাৰ কৰিব পাৰি।
07:02 উইন্ডোৰ উপৰত সোফালে Find বাক্স খোলে।
07:07 Find বাক্সত, School শব্দ লিখক।
07:11 লক্ষ্য কৰক যে ডকুমেন্টত সকলো school শব্দ হালধীয়া ৰঙত লক্ষণীয় হৈছে।
07:18 প্ৰথম সঠিক school শব্দ বাদামী ৰঙত লক্ষণীয়।
07:24 এতিয়া Find বক্সক কার্সাৰ ৰাখক আৰু মাউসত সো ক্লিক কৰক।
07:29 প্ৰদর্শিত বিকল্পৰ তালিকাৰ পৰা, Match Case ত ক্লিক কৰক।
07:34 case বিকল্পত মাত্ৰ এটা শব্দ মিলিছে, যি হৈছে School শব্দত ডাঙৰহাতৰ S.
07:41

আকৌ এবাৰ Find বাক্সত কার্সাৰ ৰাখক আৰু মাউসত সো ক্লিক কৰক। Match Case বিকল্পক েআনচেক কৰক।

07:50 এতিয়া, মেন মেনু পৰা, Search আৰু Replace ত ক্লিক কৰক।
07:56 নতুবা, মই Ctrl + H কীস একেসৈতে টিপিব পাৰো। বা টুলবাৰ পৰা Search for and replace text আইকন ব্যবহাৰ কৰিব পাৰো।
08:08 Replace ডায়ালগ বাক্স দেখায়।
08:11 Search for ফীল্ডত, schools লিখক আৰু Enter টিপক।
08:17 Replace with বাক্সত, colleges টিপক। Match entire word only চেক বাক্স চেক কৰক।
08:26 মই চাব পাৰো যে, সকলো schools শব্দ হালধীয়া ৰঙত লক্ষণীয় হয়।
08:31 Replace বোতামত ক্লিক কৰক।
08:34 এইটোৱে প্ৰথমত schools ক colleges ত সলাব।
08:39 সকলো স্কুলস শব্দ কলেজত সলাবলৈ Replace All বোতামত ক্লিক কৰক।
08:46 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত ক্লিক কৰক।
08:50 gedit Text editorএ আমাক যি কোনো টাইপ কৰি বিছৰাত অনুমতি দিয়ে।
08:56 Find বাক্স খুলিবলৈ Ctrl আৰু F কীস একেসৈতে টিপক।
09:01 এতিয়া, Find বাক্সত, Students লেখা আৰম্ভ কৰক।
09:06 লক্ষ্য কৰক যে মই প্ৰথম S অাখৰ লিখাত কার্সাৰে ডকুমেন্টৰ সকলো S অাখৰক লক্ষণীয় কৰে।
09:14 শেষত, সম্পূর্ণ শব্দ Students লক্ষণীয় হয় যেতিয়া মই সম্পূর্ণ টাইপ কৰো।
09:20 ইয়াৰ পিছত চাও school.txt ফাইল কিভাবে প্রিন্ট কৰে।
09:25 মেনু বাৰ পৰা File আৰু তাৰপিছত Print চয়ন কৰক।
09:30 মই টুলবাৰত Print আইকনতও ক্লিক কৰিব পাৰো।
09:35 Print ডায়ালগ বাক্স দেখায়।
09:38 প্রিন্টাৰ মেশিনৰ সৈতে জুড়ি থাকিলে এইটো ইয়াত Printer details এৰ সূচীত দেখাব।
09:44 এই উইন্ডোত ট্যাব আৰু সিলেকশন ডিফল্ট কনফিগাৰেশন সেটিংস অনুযায়ী থাকিব।
09:50 আপোনাৰ ডকুমেন্ট প্রিন্ট কৰিবলৈ, তলত সোফালে Print বোতামত ক্লিক কৰক।
09:55 প্রিন্টাৰ কনফিগাৰেশন সঠিক হলে আপোনাৰ ডকুমেন্ট প্রিন্ট হব।
10:00 ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।সংক্ষেপে-
10:05 ইয়াতে মই শিকিছো-

Cut, Copy আৰু Paste, Undo আৰু Redo, Search আৰু Replace টেক্সট আৰু Print বিকল্প।

10:16 এটা অনুশীলনী আছে-
10:19 gedit ত School.txt ফাইল খুলক।
10:23 প্ৰথম প্যেৰাগ্ৰাফ কপি কৰক আৰু তাক নতুন ডকুমেন্টত পেস্ট কৰক।
10:27 নতুন ডকুমেন্ট SchoolNew.txt হিসাবে সংৰক্ষণ কৰক।
10:32 প্ৰথম লাইনত About School শীর্ষত লিখক। পৰিবর্তন Undo কৰক।
10:38 ফাইলৰ কন্টেন্টত পৰিবর্তন লক্ষ্য কৰক।
10:42 নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
10:49 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু সার্টিফিকেট দিয়ে।
10:54 অধিক তথ্যৰ বাবে, আমালৈ লিখক।
10:58 আপোনাৰ এই স্পোকেন টিউটোৰিয়েলত কোনো প্ৰশ্ন আছে? এই সাইটত যাওক।
11:03 মিনিট আৰু সেকেন্ড চয়ন কৰক যত প্ৰশ্ন আছে।
11:07 আপোনাৰ প্ৰশ্ন সংক্ষেপে ব্যাখ্যা কৰক। আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব।
11:13 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত।
11:20 এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ।
11:25 আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi