Blender/C2/Installation-Process-for-Windows/Assamese

From Script | Spoken-Tutorial
Revision as of 11:46, 9 July 2015 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:04 ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ইয়াৰ সৈতে আৰম্ভ কৰা আৰু উইন্ডোজ অপাৰেটিং সিস্টেমত ব্লেন্ডাৰ সংস্থাপিত কৰা আৰু ৰান কৰাৰ সম্পর্কে।
00:21 এই টিউটোৰিয়েলৰ বাবে, আমি Windows XP অপাৰেটিং সিস্টেম ব্যবহাৰ কৰিছো।
00:28 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:37 আপোনাৰ ইন্টাৰনেট ব্রাউজাৰ খুলক। আমি ফায়াৰফক্স 3.09 ব্যবহাৰ কৰিছো। address বাৰত, লিখক www.blender.org আৰু Enter কী টিপক।
00:54 এইটোৱে আপোনাক ব্লেন্ডাৰৰ অফিসিয়েল ওয়েবসাইটলৈ লৈ যাব।
01:01 ব্লেন্ডাৰ হল বিনামূল্য আৰু ওপেন সোর্স।
01:05 ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব লগীয়া installer বা source কোড উপলব্ধ আছে।


01:10 ইয়াত পৃষ্ঠাৰ হেডাৰৰ তলৰ সোফালে Download Blender লিংক আছে।
01:15 ডাউনলোড পৃষ্ঠালৈ যোৱাৰ বাবে আমাৰ এই লিঙ্কত টিপিব।
01:22 যতনেকি আপোনি দেখিব পাৰিব, এইটো ব্লেন্ডাৰৰ নবীনতম ( latest) ভার্সন।
01:28 ইয়াত দুটা বিকল্প আছে - 32 bit বা 64 bit installer.
01:39 আপোনি মেশিনৰ প্রযোজ্য অনুযায়ী যি কোনো এটা ডাউনলোড কৰিব পাৰিব।
01:44 32-BIT আৰু 64-BIT সিস্টেম সম্পর্কে বুঝিবলৈ, Blender Hardware Requirements ইয়াত আমাৰ টিউটোৰিয়েল চাওক।
01:56 ওয়েবসাইটত ব্লেন্ডাৰ প্রোগ্রাম ফাইলৰ zipped archive ও প্রদান কৰে।
02:01 ব্লেন্ডাৰ ৰান কৰিবলৈ আবশ্যক সকলো ফাইল এই archive ত আছে।
02:06 আপোনি আপোনাৰ ফোল্ডাৰত, ফাইল unzip আৰু extract কৰিব লাগিব আৰু ব্লেন্ডাৰ এক্সিকিউটেবল ৰান কৰক।
02:15 আমি ব্যাখ্যা কৰো।
02:17 installer আৰু archive ইয়াৰ মাজত মূল পার্থক্য হল -
02:22 installerএ ব্লেন্ডাৰ এপ্লিকেশন ফাইলক C DRIVE Program Files ত ৰাখে আৰু start মেনুত এটা আইকন সেট কৰে।
02:31 ডিফল্টৰুপে, ডেস্কটপত এটা আইকন আৰু ব্লেন্ডাৰৰ সৈতে .blend ফাইল খোলে।
02:40 যত zip archive ত সকলো এপ্লিকেশন ফাইলস আৰু এক্সিকিউটেবল ব্লেন্ডাৰ ফাইল এটা একক ফোল্ডাৰত আছে।
02:48 যাক কম্পিউটাৰৰ যিকোনো ড্রাইভত কপি কৰা যাব পাৰে।
02:53 এতিয়া, আমি যদি মেশিনৰ বাবে archive ব্যবহাৰ কৰিব চাও, আমাক 32-Bit archive প্রয়োজন হব। .
03:02 32-Bit archive ইয়াৰ বাবে ডাউনলোড লিঙ্কত বাও ক্লিক কৰক আৰু ডাউনলোড আৰম্ভ কৰক।
03:09 যতনেকি মই আগতে কৈছো, আমাৰ ইন্টাৰনেট ব্রাউজাৰ হল Firefox 3.09.
03:16 ইয়াত প্রদর্শিত ডাউনলোডৰ ধাপবোৰ, অন্যান্য সকলো ইন্টাৰনেট ব্রাউজাৰৰ অনুৰুপ।
03:23 আপোনি ডাউনলোড হোৱা দেখিব পাৰিব।
03:26 সেইজীয়া উল্লম্ব strips ইয়াৰ সৈতে, এই অনুভূমিক ডাউনলোড বাৰে প্রদর্শন কৰে যে কিমান ডাউনলোড হৈ গৈছে।
03:44 ডাউনলোডৰ গতি আপোনাৰ ইন্টাৰনেট সংযোগৰ উপৰত নির্ভৰ কৰে।
03:48 এইটো সম্পন্ন নোহোৱালৈকে অপেক্ষা কৰক।
04:02 archive এক্সট্ৰেক্ট (extract) কৰিবলৈ, প্রথমে download ত সো ক্লিক কৰক।
04:08 Open containing folder ত বাও ক্লিক কৰক। zip ত বাও ডাবল ক্লিক কৰক।


04:16 এইটোৱে Winzip ৰ নিচিনা এটা archiver খোলিব, যি যিকোনো উইন্ডোজ মেশিনত ডিফল্টৰুপে সংস্থাপিত হয়।
04:24 EXTRACTত বাও ক্লিক কৰক, সূচীৰ পৰা আপোনাৰ ফোল্ডাৰ নির্বাচন কৰক।
04:32 মই My Documents লৈ extract কৰিছো। Extractত বাও ক্লিক কৰক।
04:40 সেউজীয়ে স্ট্রিপৰ সৈতে এই প্রগতি বাৰে প্রদর্শন কৰে, যে কিমান extraction হৈছে।
04:56 এতিয়া স্ক্রিনত extracted folder দেখিব পাৰিব।
05:00 ফোল্ডাৰ খুলিবলৈ বাও ডাবল ক্লিক কৰক। Blender executable ত বাও ডাবল ক্লিক কৰক।
05:08 উইন্ডোয়ে সতর্কতা প্রদান কৰে the publisher could not be verified.
05:14 ইয়াত চিন্তাৰ কোনো কথা নাই। Run বোতামত টিপক। আপোনি ঠিকেই গৈ আছে।
05:27 এতিয়া আপোনি যদি installer ব্যবহাৰ কৰিব বিচাৰে, তেনেহলে ব্লেন্ডাৰ ওয়েবসাইটলৈ উভতি যাওক।
05:35 পৃষ্ঠাৰ সকলোতচে উপৰত Download ত টিপক। এইটোৱে আমাক ডাউনলোড পৃষ্ঠালৈ উভতাই লৈ যায়।
05:44 ইয়াত, 32-Bit installer ৰ প্রয়োজন হয়।
05:48 সেয়ে আমি 32-Bit Installer ইয়াৰ বাবে ডাউনলোড লিঙ্কত বাও ক্লিক কৰো আৰু ডাউনলোড আৰম্ভ হয়।
06:03 প্রদর্শনৰ সৰলতাৰ বাবে, আমি ইতিমধ্যে আমাৰ মেশিনত ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা installer ডাউনলোড কৰিছো।
06:11 এতিয়া আমি আপোনাক সংস্থাপনৰ ধাপবোৰ কম। installer ত বাও ডাবল ক্লিক কৰক।
06:22 উইন্ডোয়ে সতর্কতা প্রদান কৰে the publisher could not be verified.
06:29 ইয়াত কোনো চিন্তাৰ কথা নাই। Run বোতামত টিপক।
06:35 Blender Setup Wizard এইৰকমে দেখাত হয়।
06:39 সংস্থাপন প্রক্রিয়াৰ পৰবর্তী ধাপলৈ যাবলৈ Next ত টিপক।
06:48 অধিকতৰ সফটওয়্যাৰত, ইনস্টলাৰে, License Agreement প্রদর্শন কৰে।
06:53 বাকি এগ্রিমেন্ট দেখিবলৈ page down ত প্ৰেচ কৰক।
07:07 আমি আপোনাক এইটো পড়াৰ পৰামর্শ দিয়ো।
07:11 ব্লেন্ডাৰ বিনামূল্য আৰু ওপেন সোর্স।
07:14 আপোনি ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ এই লাইসেন্স এগ্রিমেন্ট স্বীকাৰ কৰিব লাগিব।
07:21 আগলৈ যাবলৈ I agree বোতামত টিপক।


07:27 এই পৰবর্তী ধাপে সংস্থাপনৰ বাবে উপাদান নির্বাচন কৰাৰ অনুমতি দিয়ে।
07:32 ডিফল্টৰুপে নির্বাচিত সকলো উপাদান সংস্থাপিত কৰাৰ পৰামর্শ দিয়া হয়। সংস্থাপন আগোৱাবলৈ next বোতামত টিপক।
07:41 সেয়ে ইয়াত ব্লেন্ডাৰৰ বাবে সংস্থাপনৰ স্থান নির্বাচন কৰাৰ বিকল্প আছে।
07:48 ডিফল্টৰুপে প্রোগ্রাম ফাইল্স ফোল্ডাৰ নির্বাচিত আছে,
07:51 যি ব্লেন্ডাৰ সংস্থাপিত কৰাৰ এটা ভাল জাগা। সেয়ে আগোৱাই যাওক আৰু Install বোতামত টিপক।
08:04 সেউজীয়া স্ট্রিপৰ সৈতে এই প্রগতি বাৰে দেখায় যে, সংস্থাপন কিমান হৈছে।
08:10 সাধাৰণতে এইটো সম্পূর্ণ হবলৈ এক মিনিটতকৈও কম সময় লাগে।
08:33 এইটোৱে Blender Setup সমাপ্ত কৰে।
08:36 আপোনাৰ মেছিনত ব্লেন্ডাৰ সংস্থাপিত হৈ গৈছে।
08:39 Run Blender চেকবাক্স নির্বাচিত হৈ থাকিব দিয়ক।
08:42 Finish বোতামত টিপক।
08:45 ব্লেন্ডাৰ নিজেই ৰান হব।


08:52 ব্লেন্ডাৰ বাইনাৰি অৰিজিনাল এক্সট্রেকটেড (original extracted) ডিৰেক্টৰিত আছে।
08:57 ব্লেন্ডাৰ, অতিৰিক্ত নির্ভৰতা নোহোৱাকৈ বাক্সৰ বাহিৰত ৰান হব।
09:03 কোনো system library বা system preferences ৰুপান্তৰিত নহব।
09:10 সেয়ে এই টিউটোৰিয়েলত, আমাৰ উইন্ডোজ অপাৰেটিং সিস্টেমত ব্লেন্ডাৰ সংস্থাপিত কৰা শিকিছো।
09:19 এতিয়া ব্লেন্ডাৰ ওয়েবসাইটৰ পৰা ব্লেন্ডাৰ ডাউনলোড কৰি তাক সংস্থাপিত কৰক আৰু আপোনাৰ মেশিনত ব্লেন্ডাৰক ৰান কৰক।
09:28 এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
09:37 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্ক-ত প্রাপ্তিসাধ্য,
09:45 spoken-tutorial.org/NMEICT-Intro.
09:55 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
10:01 অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়ে।
10:06 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:13 মই অনামিকা মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো।
10:16 আমাৰ সৈতে যোগাযোগৰ বাবে ধন্যবাদ। বিদায় লৈছো।

Contributors and Content Editors

Anamika, Mousumi