Biopython/C2/Introduction-to-Biopython/Assamese

From Script | Spoken-Tutorial
Revision as of 11:18, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Introduction to Biopython এৰ টিউটোৰিয়েলত আপোনাক স্বাগতমম।
00:05 ইয়াতে মই শিকিম, Biopython এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য সম্পর্কে,
00:10 লিনাক্স অপাৰেটিং সিস্টেমত ডাউনলোড আৰু সংস্থাপনৰ তথ্য
00:15 আৰু Biopython টুলস ব্যবহাৰ কৰি প্ৰোটিন ক্ৰমত DNA ক্ৰমৰ ট্রান্সলেশন।
00:22 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ নিম্ন সম্পর্কে জানিব লাগিব-
00:25 অস্নাতকৰ বায়োকেমিস্ট্ৰি বা বায়োইনফৰমেটিক্স।
00:29 আৰু মৌলিক Python প্ৰোগ্ৰামিং।
00:31 প্ৰদত্ত লিঙ্কত Python টিউটোৰিয়েল চাওক।
00:35 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু OS সংস্কৰণ 12.04
00:41 Python সংস্কৰণ 2.7.3
00:44 Ipython সংস্কৰণ 0.12.1 আৰু
00:48 Biopython সংস্কৰণ 1.58.
00:51 Biopython হৈছে কম্পিউটেশনেল বায়োলজিৰ বাবে মডিউলৰ সংগ্ৰহ।
00:57 এইটোৱে বায়োইনফৰম্যাটিক্সৰ বাবে প্ৰয়োজনীয় সবতচে মৌলিক কামবোৰ কৰিবলৈ পাৰে।
01:03 Biopython টুল্স নিম্ন কামত ব্যবহৃত হয়:
01:05 Parsing অর্থাৎ বিভিন্ন ফাইল ফৰম্যাট যেনে FASTA, Genbank ইত্যাদি পৰা তথ্য এক্সট্র্যাক্ট কৰা।
01:14 ডাটাবেস ওয়েবসাইট যেনে NCBI, ExPASY ইত্যাদি পৰা তথ্য ডাউনলোড কৰা।
01:22 বায়োইন ফৰম্যাটিক এলগৰিদম যেনে BLAST ৰান কৰা।
01:26 ইয়াত সাধাৰণ অপাৰেশনবোৰ ক্ৰমত কৰাৰ টুল্স আছে।
01:31 উদাহৰণস্বৰুপে - কমপ্লিমেন্টস, ট্রান্সক্ৰিপশন, ট্রান্সলেশন ইত্যাদি পাবলৈ।
01:38 এলাইনমেন্টৰ সৈতে ডিলিং কৰিবলৈ কোড।
01:40 আৰু কামবোৰ বেলেগ বেলেগ প্ৰক্ৰিয়াত ভাগ কৰাৰ কোড।
01:46 ডাউনলোড সম্পর্কিত তথ্য:
01:48 Biopython প্যাকেজ, Python বিতৰণৰ অংশ নহয়; এইটোক বেলেগভাবে ডাউনলোড কৰা প্ৰয়োজন।
01:54 বিস্তাৰিত তথ্যৰ বাবে নিম্নলিখিত লিঙ্কত যাওক।
01:59 Linux সিস্টেমত সংস্থাপনৰ বাবে:
02:02 Synaptic Package Manager দ্বাৰা Python, Ipython আৰু Biopython সংস্থাপন কৰক।
02:08 পূর্বে দৰকাৰী সফ্টওয়্যাৰ নিজেই সংস্থাপিত হব।
02:13 গ্রাফিক আউটপুট আৰু প্লটৰ বাবে অতিৰিক্ত প্যাকেজ সংস্থাপন কৰা আবশ্যক।
02:18 Ctrl, Alt আৰু T কী একসৈতে টিপি টার্মিনেল খুলক।
02:24 মই সিস্টেমত Python, Ipython আৰু Biopython আগেই সংস্থাপিত কৰিছো।
02:30 Ipython ইন্টাৰপ্ৰেটাৰ আৰম্ভ কৰিবলৈ লিখক ipython আৰু এন্টাৰ টিপক।
02:35 স্ক্ৰীনত IPython প্ৰম্পট দেখায়।
02:38 Biopython এৰ সংস্থাপন ছেক কৰিবলৈ প্ৰম্পটত লিখক: import Bio, এন্টাৰ টিপক।
02:48 আপোনি কোনো এৰৰ ম্যাসেজ নাপালে তাৰ মানে Biopython সংস্থাপিত হৈ গৈছে।
02:54 মই মনত কৰাই দিয়ো, Python ল্যাঙ্গুয়েজ কেস সেন্সিটিভ হয়।
02:59 কীওয়ার্ড, ভ্যাৰিয়েবল বা ফাংশন লেখাৰ সময়ত সতর্ক থাকিব।
03:04 উদাহৰণস্বৰুপে, উপৰোক্ত লাইনত import তাৰ i সৰু হাতৰ অাখৰত আৰু Bio তাৰ B ডাঙৰ হাতৰ অাখৰত আছে।
03:12 ইয়াতে মই DNA ক্ৰমক ট্রান্সলেশন কৰিবলৈ Biopython মডিউল ব্যবহাৰ কৰিম।
03:19 ইয়াতে নিম্ন ধাপবোৰ জড়িত থাকে।
03:22 প্ৰথমে, কোডিং DNA strand এৰ বাবে sequence object বনাও।
03:27 ইয়াৰ পিছত কোডিং DNA স্ট্রান্ডক mRNA লৈ  ট্রান্সক্ৰিপশন কৰা।
03:32 শেষত, mRNA ইয়াক প্ৰোটিন ক্ৰমত ট্রান্সলেশন।
03:37 উদাহৰণস্বৰুপে মই এই স্লাইডত দেখোৱা কোডিং DNA স্ট্র্যান্ড ব্যবহাৰ কৰিম।
03:42 এইটোৱে সৰু প্ৰোটিন ক্ৰমৰ বাবে কোড বনায়।
03:46 প্ৰথমে উপৰোক্ত কোডিং DNA স্ট্র্যান্ডৰ বাবে এটা sequence object বনাব লাগিব।
03:52 টার্মিনেলত উভতি আহক।
03:55 এটা sequence object বনাবলৈ, Bio প্যাকেজৰ পৰা Seq মডিউল ইম্পোর্ট কৰক।
04:02 Seq মডিউলে sequence objectক সংৰক্ষণ আৰু প্ৰক্ৰিয়াৰ পদ্ধতি দিয়ে।
04:08 প্ৰম্পটত লিখক: from Bio dot Seq import Seq আৰু Enter টিপক।
04:17 ইয়াৰ পিছত, sequence object বনোৱাৰ সময়ত অাখৰবোৰ স্ট্র্যান্ডত স্পষ্টৰুপে উল্লেখ কৰক
04:24 অর্থাৎ উল্লিখিত কৰিব লাগিব যে, অাখৰৰ ক্ৰম নিউক্লিয়টাইড বা এমিনো এসিডৰ বাবে কোড কৰে কি নকৰে।
04:32 এইটো কৰিবলৈ, Alphabet প্যাকেজৰ পৰা IUPAC মডিউল ব্যবহাৰ কৰিম।
04:38 প্ৰম্পটত লিখক: from Bio dot Alphabet import IUPAC, এন্টাৰ টিপক।
04:48 মই Seq আৰু IUPAC মডিউল লোড কৰিবলৈ import আৰু from স্টেটমেন্ট ব্যবহাৰ কৰিছো।
04:56 sequence object ক cdna নামৰ ভ্যাৰিয়েবলত সংৰক্ষণ কৰক।
05:01 সাধাৰণ স্ট্ৰি্ং এৰ মতে প্ৰম্পটত লিখক: cdna equal to Seq.
05:08 ক্ৰমক ডাবল উদ্ধৃতি আৰু বন্ধনীত ৰাখক।
05:13 আমি আমাৰ DNA ফ্ৰাগমেন্টৰ ক্ৰম জানো। সেয়ে আর্গুমেন্ট হিসাবে unambiguous DNA এলফাবেট অবজেক্ট লিখক।
05:21 আউটপুটৰ বাবে লিখক: cdna এন্টাৰ টিপক।
05:26 আউটপুটতো sequence object এৰ মতে DNA sequence দেখায়।
05:30 এতিয়া কোডিং DNA স্ট্র্যান্ডক সম্পর্কিত mRNA ইয়াত ট্রান্সক্ৰাইব কৰো।
05:35 মই Seq মডিউলৰ বিল্ট-ইন transcribe পদ্ধতি ব্যবহাৰ কৰিম।
05:39 নিম্নলিখিত কোড লিখক।
05:41 আউটপুটক ভ্যাৰিয়েবল mrna ত সংৰক্ষণ কৰক।
05:45 প্ৰম্পটত লিখক: mrna equal to cdna dot transcribe বন্ধনী খুলক আৰু বন্ধ কৰক, এন্টাৰ টিপক।
05:55 আউটপুটৰ বাবে লিখক: mrna এন্টাৰ টিপক।
06:01 আউটপুট চাওক। transcribe মেথডে DNA ক্ৰমত Thiamin ক Uracil দ্বাৰা সলায়।
06:09 ইয়াৰ পিছত এই mRNAক সংশ্লিষ্ট প্ৰোটিন ক্ৰমত ট্রান্সলেশন কৰিবলৈ, translate মেথড ব্যবহাৰ কৰক।
06:16 নিম্ন কোড লিখক: protein equal to mrna dot translate বন্ধনী খুলক আৰু বন্ধ কৰক। এন্টাৰ টিপক।
06:27 উল্লিখিত নহলে, translate মেথডে স্ট্যান্ডার্ড জেনেটিক কোড ব্যবহাৰ কৰি RNA বা DNA ক্ৰমক ট্রান্সলেট কৰে।
06:36 আউটপুটত এটা এমাইনো এসিড ক্ৰম দেখায়।
06:40 আউটপুটে ট্রান্সলেট কৰা ক্ৰমত stop codons এৰ উপস্থিতি সংক্ৰান্তৰ তথ্যও দেখায়।
06:47 প্ৰোটিন ক্ৰমৰ শেষত এস্টেৰিস্ক চাওক। এইটোৱে stop codon নির্দেশ কৰে.
06:53 উপৰৰ কোডত transcription এৰ বাবে কোডিং DNA স্ট্র্যান্ড ব্যবহাৰ কৰিছো।
06:59 Biopythonত, transcribe মেথডে কেবল কোডিং DNA স্ট্র্যান্ডত কাম কৰে।
07:04 যদিও, বাস্তবিক বায়োলজিক্যেল সিস্টেমত, ট্রান্সক্ৰিপশন প্ৰক্ৰিয়া টেমপ্লেট স্ট্র্যান্ড সহ আৰম্ভ হয়।
07:11 টেমপ্লেট স্ট্রান্ড দি আৰম্ভ কৰিলে, টার্মিনেলত দেখোৱা দৰে reverse complement মেথড ব্যবহাৰ কৰি এইটোক কোডিং স্ট্র্যান্ডত সলাওক।
07:20 কোডিং স্ট্র্যান্ডৰ বাবে উপৰৰ বাকি কোডবোৰ অনুসৰণ কৰক।
07:24 Biopython ত মেথড ব্যবহাৰ কৰি DNA ক্ৰমক প্ৰোটিন ক্ৰমত ট্রান্সলেট কৰিছো।
07:31 এই কোড দ্বাৰা যি কোনো আকাৰৰ DNA ক্ৰম প্ৰোটিন ক্ৰমত ট্রান্সলেট কৰা যাব পাৰে।
07:37 সংক্ষেপে, ইয়াতে মই শিকিছো :
07:41 Biopython এৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য।
07:43 Linux OS ত ডাউনলোড আৰু সংস্থাপনৰ তথ্য।
07:48 দিয়া DNA স্ট্র্যান্ডৰ বাবে sequence object বনোৱা।
07:52 DNA ক্ৰমক mRNA ত Transcription কৰা
07:56 mRNA ইয়াক প্ৰোটিন ক্ৰমত Translation কৰা
08:00 এতিয়া, অনুশীলনী-
08:02 দিয়া DNA ক্ৰমক প্ৰোটিন ক্ৰমলৈ ট্রান্সলেট কৰক।
08:06 আউটপুট চাওক।
08:08 প্ৰোটিন ক্ৰমত অভ্যন্তৰীণ stop codon আছে।
08:11 stop codon ফ্ৰেমত DNA প্ৰথম পর্যন্ত ট্রান্সলেট কৰক।
08:17 আপোনাৰ সম্পন্ন কামটোৰ নিম্ন কোড থকা উচিত।
08:20 মই translate() মেথডত to underscore stop আর্গুমেন্ট ব্যবহাৰ কৰিছো। আউটপুট লক্ষ্য কৰক।
08:27 stop codon নিজেই ট্রান্সলেট কৰা হোৱা নাই
08:31 stop চিহ্ন আপোনাৰ প্ৰোটিন ক্ৰমৰ শেষত অন্তর্ভুক্ত কৰা হোৱা নাই।
08:36 এই ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়।
08:39 আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকিলে এইটোক ডাউনলোড কৰি চাওক।
08:43 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালা আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে।
08:50 অধিক জানিবলৈ আমাক যোগাযোগ কৰক।
08:53 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
08:59 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য।
09:03 আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi