BOSS-Linux/C2/Working-with-Linux-Process/Assamese

From Script | Spoken-Tutorial
Revision as of 17:32, 7 January 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Working-with-Linux-Process/English-Assamese-timed


Time
Narration
00:00 লিনাক্স প্ৰচেচত কাম কৰা সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম।
00:05 মই লিনাক্স অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰিছোঁ।
00:09 ধৰি লৈছোঁ যে আপুনি লিনাক্স অপাৰেটিং চিষ্টেমত কেনেকৈ আৰম্ভণি কৰিব পাৰে সেই বিষয়ে জানে আৰু লগতে কমাণ্ড সম্পৰ্কীয় কিছু প্ৰাথমিক ধাৰণা আপোনাৰ আছে।
00:16 যদি আপুনি আগ্ৰহী, তেনেহ’লে এই বিষয়ে অন্য এটা কথন প্ৰশিক্ষণ এই ৱেবচাইটত আছে:
00:28 মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ। অন্য ধৰণে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলোবোৰ কমাণ্ড সৰুফলা আখৰত অৰ্থাৎ ল’ৱাৰ কেচত ৰখা হৈছে।
00:38 প্ৰচেচ কি, এই বিষয়ে জনাবলৈ মই অকণমান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ।
00:42

লিনাক্সত চালিত হোৱা যিকোনোৱেই হৈছে একোটা প্ৰচেচ।

00:46

চালিত হোৱা আৰু আমাৰ কমাণ্ড গ্ৰহণ কৰা shell হৈছে এটা প্ৰচেচ।

00:51 টাৰমিনেলত আমি টাইপ কৰা কমাণ্ডবোৰ যেতিয়া চালিত হয়, তেতিয়া সেইবোৰ হয় প্ৰচেচ।
00:56 আপুনি চাই থকা প্ৰশিক্ষণৰ এই ভিডিঅ’টো হৈছে এটা প্ৰচেচ।
01:00 আপুনি কথন প্ৰশিক্ষণৰ ৱেবচাইটটো খোলা ব্ৰাউজাৰটো হৈছে এটা প্ৰচেচ।
01:05 চলি থকা shell scripts-বোৰ হৈছে প্ৰচেচ আৰু এনেকুৱা বহুতো উদাহৰণ আছে।
01:11 কাৰ্যকৰী কৰা এটা প্ৰগ্ৰেম অৰ্থাৎ যিটো প্ৰগ্ৰাম চলি আছে, তাক প্ৰচেচ বুলি ক’ব পৰা যায়।
01:17 প্ৰচেচবোৰ আমাৰ দৰে একেই। সেইবিলাকৰ জন্ম হয়, মৰে। সেইবিলাকৰ পিতৃ-মাতৃ আৰু সন্তান থাকে।
01:28 প্ৰথমতে আহক, shell process-অৰ বিষয়ে শিকোঁ।
01:31 আমি লগিন কৰাৰ লগে লগে লিনাক্স কাৰনেলে shell process আৰম্ভ কৰে।
01:36 এই মুহূৰ্তত ইমানেই জনাটো যথেষ্ট যে লিনাক্স কাৰনেলেই হৈছে লিনাক্স অপাৰেটিং চিচটেমৰ প্ৰধান অংগ।
01:43 লিনাক্সক চলিবলৈ সক্ষম কৰোৱা আটাইতকৈ দৰকাৰী উপাদানবোৰ ইয়াতে থাকে। shell-এ অন্যান্য ইউজাৰ কমাণ্ড প্ৰচেচবোৰ তৈয়াৰ কৰে বা জন্ম দিয়ে।
01:53 আহক, আমি এটা টাৰমিনেল খোলো।
01:57 টাৰমিনেলত এটা ডলাৰ চিহ্নৰ ৰূপত আমি কমাণ্ড প্ৰম্পট্‌ দেখিবলৈ পাওঁ।
02:03 Shell process-ৰ এইটোৱেই হ’ল কাম।
02:07 এতিয়া, আহক আমি যিকোনো এটা কমাণ্ড টাইপ কৰোঁ, ধৰক— “date” আৰু এণ্টাৰ টিপি দিওঁ।
02:13 লগে লগেই shell process-এ date নামৰ এটা প্ৰচেচ তৈয়াৰ কৰিব।
02:18 এতিয়া, যিহেতু শ্বেল প্ৰচেচে ডেট প্ৰচেচক জন্ম দিলে, সেয়েহে আমি ক’ব পাৰোঁ যে শ্বেল প্ৰচেচ হৈছে ডেট প্ৰচেচৰ পিতৃ আৰু ডেট প্ৰচেচ হৈছে শ্বেল প্ৰচেচৰ সন্তান।
02:30 ডেট প্ৰচেচে এবাৰ চিষ্টেমৰ তাৰিখ আৰু সময় দেখুওৱাৰ পিছতে ই মৰি যায়।
02:40 এটা শ্বেলে অন্য এটা শ্বেল প্ৰচেচৰ জন্ম দিবও পাৰে। প্ৰচেচ জন্ম দিয়া বা তৈয়াৰ কৰাক spawning a process বুলিও কোৱা হয়।
02:50 আন এটা শ্বেল প্ৰচেচ spawn কৰিবৰ বাবে, টাৰমিনেললৈ যাওক আৰু “sh” টাইপ কৰি এণ্টাৰ টিপক।
03:00 আমি টাৰমিনেলত এটা নতুন প্ৰম্পট্ ওলাই অহা দেখিবলৈ পাম। এতিয়া আমাৰ প্ৰথমৰ শ্বেলটো— ইয়াক shell 1 বুলি নামকৰণ কৰি লওঁ, ই এটা সন্তান শ্বেল বা sub shell-অৰ জন্ম দিব। আহক, ইয়াক shell 2 বুলি নামকৰণ কৰোঁ।
03:13 এতিয়া আপুনি নতুন কমাণ্ড প্ৰম্পটতো কমাণ্ড চলাব পাৰে। আহক এই নতুন কমাণ্ড প্ৰম্পটত ls কমাণ্ডটো চলাওঁ।
03:20 কমাণ্ড প্ৰম্পটত টাইপ কৰক— ls আৰু এণ্টাৰ টিপি দিয়ক। আমি ফাইল আৰু ডাইৰেক্টৰীৰ এখন তালিকা দেখিবলৈ পাওঁ।
03:32 ls নামেৰে এটা নতুন প্ৰচেচ তৈয়াৰ হ’ল।
03:35 ইয়াত, shell 2 হৈছে ls-অৰ পিতৃ আৰু shell 1 হৈছে ls-অৰ বৃদ্ধপিতৃ। ls হৈছে shell 2-ৰ সন্তান আৰু shell 2 হৈছে shell 1-ৰ সন্তান।
03:56 Shell 2-ক ধ্বংস কৰিবলৈ নতুন প্ৰম্পটত টাইপ কৰক— exit আৰু এণ্টাৰ টিপি দিয়ক।
04:04 ইয়ে shell 2-ক ধ্বংস কৰিব আৰু আমি আমাৰ প্ৰথমৰ কমাণ্ড প্ৰম্পটটো ঘূৰাই পাম।
04:12 আমাৰ আৰু প্ৰচেচৰ মাজৰ তুলনা চলাই থাকিলে পাওঁ, আমি জানো যে আমাৰ প্ৰত্যেকৰে এনেকুৱা কিছুমান বৈশিষ্ট্য আছে যিবোৰে আমাৰ পৰিচয় দাঙি ধৰে। এই বৈশিষ্ট্যবোৰ হ’ব পাৰে আমাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্মৰ তাৰিখ, পেন কাৰ্ডৰ নম্বৰ আদি।
04:26 একেদৰে প্ৰচেচবোৰৰো কিছুমান বৈশিষ্ট্য থাকে, যেনে— PID (Process ID), PPID (Parent Process ID), Start time আদি।
04:38 বেছিভাগ বৈশিষ্ট্য কাৰনেলে এখন প্ৰচেচ টেবুলত প্ৰতিপালন কৰে।
04:43 PID নামৰ এটা একক পূৰ্ণসংখ্যাই প্ৰত্যেকটো প্ৰচেচক এককভাৱে চিনাক্ত কৰে। প্ৰচেচ এটা জন্ম হোৱাৰ লগে লগে কাৰনেলে PID আৱণ্টন কৰে।
04:51 যেতিয়া পিতৃ প্ৰচেচে এটা নতুন প্ৰচেচ, ধৰা হওক P1, উৎপন্ন কৰে, তেতিয়া তাক P1 প্ৰচেচৰ PPID বুলি কোৱা হয়।
05:00 প্ৰম্পটত বৰ্তমানৰ শ্বেলটোৰ PID চাবৰ বাবে টাইপ কৰক— “echo space dollar dollar” আৰু এণ্টাৰ টিপি দিয়ক।
05:11 এটা সংখ্যা প্ৰদৰ্শিত হ’ব। এইটোৱেই হৈছে বৰ্তমানৰ শ্বেলটোৰ PID।
05:23 প্ৰচেচৰ বিষয়ে কথা পাতোঁতে এটা কমাণ্ড আমি বহুলভাৱে ব্যৱহাৰ কৰিম, সেইটো হৈছে ps কমাণ্ড।
05:29 ps বা process status কমাণ্ডে চিষ্টেমত চলি থকা প্ৰচেচটো প্ৰদৰ্শন কৰে।
05:34 কোনো ধৰণৰ বিকল্প নোহোৱাকৈ এই কমাণ্ডটো চলালে কি ঘটিব সেয়া চাওঁ আহক।
05:40 কমাণ্ড প্ৰম্পটত টাইপ কৰক ps আৰু এণ্টাৰ টিপি দিয়ক।
05:47 এই ধৰণে সাধাৰণতে আমি প্ৰগামটো চলাই থকা ব্যৱহাৰকাৰীৰ অধীন সকলোবোৰ প্ৰচেচৰ তালিকা এখন দেখা পাওঁ।
05:54 প্ৰচেচৰ নামটো আপুনি CMD হেডিঙৰ তলত চাব পাৰে।
05:58 এইটোৰ বাহিৰে, আপুনি PID, TTY বা প্ৰচেচটো চলি থকা console চাব পাৰে TIME-অৰ জৰিয়তে।
06:06 সেইটো হৈছে মুঠ প্ৰচেচৰ সময় যিটো প্ৰচেচ আৰম্ভ হোৱৰ পৰা ব্যৱহৃত হৈছে।
06:12 মোৰ মেচিনত দুটা প্ৰচেচ প্ৰদৰ্শিত হৈছে।
06:16 এটা হৈছে bash, অৰ্থাৎ আমি ব্যৱহাৰ কৰি থকা শ্বেল প্ৰচেচটো। অন্যটো হৈছে ps প্ৰচেচ নিজেই।
06:25 মন কৰিবলগীয়া আন এটা দৰকাৰী কথা হৈছে যে শ্বেল প্ৰচেচৰ PID, echo space dollar dollar কমাণ্ডে প্ৰদৰ্শন কৰাটোৰ সৈতে একে।
06:35 যদি আমি এটা subshell উৎপন্ন কৰোঁ, কি হ’ব চাও আহক। টাৰমিনেলত sh টাইপ কৰি এণ্টাৰ টিপক।
06:42 নতুন লাইনত অহা নতুন প্ৰম্পটত ps টাইপ কৰি এণ্টাৰ টিপক।
06:51 এতিয়া তালিকাখনত আমি তিনিটা প্ৰচেচ দেখা পাম। sh প্ৰচেচটো যোগ হৈ গৈছে।
06:57 ইয়াত আকৌ লক্ষ্য কৰক যে bash প্ৰচেচৰ PID আগৰটোৰ দৰে একে।
07:05 পৰৱৰ্তী পৰ্যায়ত আমি দেখিম যে ps-অৰ বহুতো অপশ্যন আছে। আমি প্ৰথমে দেখিম যে প্ৰথম অপশ্যনে তালিকাভুক্ত প্ৰচেচৰ বহুতো বৈশিষ্ট্য প্ৰদৰ্শন কৰে।
07:13 এতিয়া প্ৰম্পটত “ps space minus f” টাইপ কৰি এণ্টাৰ টিপক। আগৰ বাৰত কৰাৰ দৰে ই আকৌ তিনিটা প্ৰচেচক তালিকাভুক্ত কৰিব।
07:28 Bash, sh and ps -f.
07:31 একমাত্ৰ পাৰ্থক্যটো হৈছে এতিয়া বেছি বৈশিষ্ট্য তালিকাভুক্ত হৈছে।
07:36 UID-এ প্ৰচেচ আৰম্ভ কৰা ব্যৱহাৰকাৰীৰ ইউজাৰনেমটো দিয়ে। ইয়াৰ উপৰি ই PPID অৰ্থাৎ এই প্ৰচেচটো তৈয়াৰ কৰা পিতৃ-প্ৰচেচৰ PID প্ৰদৰ্শন কৰে।
07:47 উদাহৰণ স্বৰূপে, চাওক যে bash প্ৰচেচ হৈছে sh প্ৰচেচৰ পিতৃ, গতিকে bash-অৰ PID আৰু sh-অৰ PPID একে।
08:00 একেদৰে, যিহেতু sh প্ৰচেচ হৈছে ps প্ৰচেচৰ পিতৃ, গতিকে sh প্ৰচেচৰ PID আৰু ps –f প্ৰচেচৰ PPID একে।
08:17 C-এ প্ৰচেচৰৰ ব্যৱহাৰক সূচায়। বৰ্তমান এইটো হৈছে প্ৰচেচটোৰ জীৱনকালত প্ৰচেচৰৰ শতাংশ ব্যৱহাৰৰ integer value।
08:26 এই ক্ষেত্ৰত ব্যৱহাৰ নধৰ্তব্য হোৱা বাবে ই 0 প্ৰদৰ্শন কৰিব।
08:32 STIME ফিল্ডে প্ৰচেচটো আৰম্ভ হোৱা সময়টো দিয়ে। ps চলোৱাৰ সময়ত আমি বাকীখিনি দেখি আহিছোঁৱেই।
08:42 প্ৰছেচ দুই প্ৰকাৰৰ৷ প্ৰথমবিধ হৈছে ইউজাৰ প্ৰচেচ৷ এইবোৰ ব্যৱহাৰকাৰীয়ে আৰম্ভ কৰে৷
08:49 উদাহৰণ স্বৰূপে, ps-অৰ কথা ক’ব পাৰো বা এই কাৰণত টাৰমিনেলত আমি চলোৱা অন্য কমাণ্ডবোৰ।
08:54 দ্বিতীয়বিধ হৈছে চিষ্টেম প্ৰচেচ। সেইবোৰ চিষ্টেম আৰম্ভ কৰাৰ সময়ত বা ব্যৱহাৰকাৰীয়ে লগিন কৰাৰ সময়ত চিষ্টেমে আৰম্ভ কৰে।
09:05 চিচটেম প্ৰচেচৰ এটা উদাহৰণ bash হ’ব পাৰে।
09:09 কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ— চিষ্টেম প্ৰচেচ আৰু লগতে ইউজাৰ প্ৰচেচ চাব বিচাৰিব পাৰোঁ।
09:17 তেতিয়া আমি minus e বা minus capital A আপশ্যন ব্যৱহাৰ কৰোঁ৷
09:23 টাৰমিনেললৈ যাওক আৰু প্ৰম্পটত টাইপ কৰক— “ps space minus e” আৰু এণ্টাৰ টিপি দিয়ক।
09:32 আমি প্ৰচেচৰ এখন বহুত ডাঙৰ তালিকা দেখিবলৈ পাও৷
09:35 বহুপৃষ্ঠাযুক্ত প্ৰদৰ্শন পাবৰ বা প্ৰম্পটত টাইপ কৰক—
09:40 “ps space minus e space vertical bar space more” আৰু এণ্টাৰ টিপি দিয়ক।
09:52 আমি আগতে দেখাৰ দৰে, যদি বহুতো প্ৰচেচ তালিকাভুক্ত কৰিবলগা হয় আৰু সেয়া এখন উইণ্ডত নাটে, তেনেহ’লে more অপশ্যন আহে।
09:58 এণ্টাৰ টিপি আমি প্ৰচেচৰ তালিকাখন স্ক্ৰল কৰি চাব পাৰোঁ।
10:03 তালিকাৰ প্ৰথমটো প্ৰচেচ আমোদজনক। ইয়াক init প্ৰচেচ বুলি কোৱা হয়।
10:09 ইয়াৰ পৰাই প্ৰায় সকলোবোৰ প্ৰচেচ উৎপন্ন হয়
10:12 ইয়াৰ এটা 1 বিশিষ্ট PID আছে৷
10:16 প্ৰম্পটলৈ ঘূৰি যাবলৈ q টিপক।
10:24 গতিকে এই প্ৰশিক্ষণত আমি প্ৰচেচ, শ্বেল প্ৰচেচ, প্ৰচেচৰ উৎপাদন, প্ৰচেচৰ বৈশিষ্ট্য আৰু বিভিন্ন প্ৰকাৰৰ প্ৰচেচৰ বিষয়ে শিকিলো।
10:37 আমি ps কমাণ্ডৰ ব্যৱহাৰো শিকিলো। ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি মাৰিব বিচাৰিছোঁ।
10:45 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
10:55 এই সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ৱেবচাইটত পোৱা যাব।
11:07 আৰু এয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ  পৰা।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi