Ruby/C2/Variables-in-Ruby/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | নমস্কাৰ দৰ্শক সকল. ৰুবী ৰ ভেৰিয়েব্লচৰ স্পৌকেন টিওটৰিয়েল লৈ স্ৱাগতম । |
00:06 | এই টিওটৰিয়েলত আমি শিকিম |
00:09 | ভেৰিয়েব্ল কি হয় ?ডায়নামিক টাইপীং |
00:13 | এটা ভেৰিয়েব্ল ডিক্লেয়াৰ কৰা |
00:15 | বিভিন্ন ধৰণৰ ভেৰিয়েব্ল কনভাৰ্ত কৰা |
00:18 | এটা ভেৰিয়েব্লৰ স্কৌপ কি হয় ? |
00:20 | বিভিন্ন ধৰণৰ ভেৰিয়েব্ল |
00:23 | আমি ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" আৰু ৰুবী 1.9.3 |
00:32 | এই টিওটৰিয়েল বুজিবলৈ, লিনাক্সত টাৰমিনেলৰ ব্যৱহাৰৰ ওপৰত জ্ঞান থকা উচিত । |
00:38 | Irb ৰ বিষয়ে জ্ঞান থকা উচিত । |
00:41 | প্রাসংগীক টিওটৰিয়েলৰ বাবে আমাৰ ""স্পৌকেন টিওটৰিয়েল"" ৱেবসাইট প্রত্যক্ষ কৰক । |
00:47 | ভেৰিয়েব্ল কি হয় বুজো আহক । |
00:50 | এটা ভেৰিয়েব্ল মান সংৰক্ষণত ব্যৱহাৰ হয় । |
00:54 | ভেৰিয়েব্ল সমূহ ৰেফাৰেন্চ হিচাপে কাৰ্য্য কৰে । |
00:58 | মন কৰিব যে ৰুবীৰ ভেৰিয়েব্ল সমূহ কেচ চেনচিতিভ হয় । |
01:04 | ভেৰিয়েব্লৰ নাম সমূহ অৰ্থপূৰ্ণ হ'ব লাগিব । |
01:07 | ভেৰিয়েব্লৰ নামত মাথো সৰু আখৰ, নম্বৰ,আনদাৰস্ক'ৰ থাকিব পাৰে । ঊদাহৰন হিচাপে: first_name |
01:20 | এতিয়া চাও আহক ডাইনামিক টাইপীং কি হয় |
01:23 | ৰুবী এটা ডাইনামিক ভাষা |
01:27 | অৰ্থাৎ, ভেৰিয়েব্ল এটা সৃষ্টি কৰোতে আপুনি ডাতাটাইপৰ বৰ্ণনা দিব নালাগে । |
01:34 | ভেৰিয়েব্ল এচাইনমেন্টৰ সময়ত ৰুবী ইনটাৰপ্ৰিটাৰে ডাতাটাইপ নিৰ্ণয় কৰে । |
01:39 | ৰুবীত ভেৰিয়েব্ল বৰ্ণনা কৰা বুজো আহক । |
01:45 | এবাৰত Ctrl, Alt আৰু T প্ৰেছ কৰি টাৰমিনেল খোলক । |
01:51 | আপুনাৰ স্ক্ৰীণত এখন টাৰমিনেল ৱিনদ'ৱ দেখা পাব । |
01:55 | এতিয়া, irb টাইপ কৰক । |
01:57 | এন্টাৰ প্ৰেছ কৰি ইনটাৰেক্টিভ ৰুবী খোলক । |
02:02 | এতিয়া, টাইপ কৰক var1=10 আৰু এন্টাৰ প্ৰেছ কৰক । |
02:09 | ইয়াত আমি var1 বুলি এটা ভেৰিয়েব্ল বৰ্ণনা কৰি 10 এচাইন কৰিছো । |
02:15 | ইনটাৰপ্ৰেটাৰে এল'ত কৰা ডাতাটাইপ ইন্তেযাৰ হয় নে নহয় পৰীক্ষা কৰো আহক । |
02:21 | টাইপ কৰক, var1 dot kind_(underscore)of (?)(প্ৰশ্নবোধক চিহ্ন) Integer(ইন্তেযাৰ) আৰু এন্টাৰ প্ৰেছ কৰক । |
02:37 | আমি আওতপুতত true বুলি পাম । |
02:39 | ৰুবীত ভেৰিয়েব্ল টাইপ ডাইনামিকেলী সলনি কৰিব পাৰি |
02:44 | এনে কৰিবলৈ, এটা নতুন মান এচাইন কৰিব |
02:47 | ভেৰিয়েব্ল var1ত এটা string মান এচাইন কৰো আহক |
02:53 | টাইপ কৰক var1=hello, ঊৰ্ধ কমাৰ অন্তৰ্গত আৰু এন্টাৰ প্ৰেছ কৰক । |
03:02 | এচাইন কৰা ভেৰিয়েব্লৰ টাইপ পৰীক্ষা কৰো আহক । |
03:06 | টাইপ কৰক var1 dot class |
03:12 | ক্লাছ মেঠদৰ সহায়ত আমি জানিব পাৰিম যে ই কোন ক্লাছৰ ভেৰিয়েব্ল হয়। এতিয়া এন্টাৰ প্ৰেছ কৰক । |
03:20 | আমি String আওতপুত পাম । |
03:23 | ৰুবীয়ে ভেৰিয়েব্লৰ টাইপ ইন্তেযাৰ ৰ পৰা ষ্ট্ৰীংলৈ সলনি কৰিছে । |
03:29 | এটা ভেৰিয়েব্লৰ মান বিভিন্ন টাইপলৈ সলনি কৰিবলৈ শিকো আহক । |
03:35 | স্লাইদ সমূহলৈ ঘূৰি যাও আহক । |
03:38 | ৰুবী ভেৰিয়েব্লৰ মান বিভিন্ন টাইপলৈ সলনি কৰিবলৈ ভেৰিয়েব্ল ক্লাছ সমূহৰ মেঠদ আছে । |
03:45 | এটা ভেৰিয়েব্ল ইন্তেযাৰ লৈ সলনি কৰিবলৈ to_i মেঠদ ব্যৱহাৰ কৰা হয় । |
03:51 | এটা ভেৰিয়েব্ল ফ্লটিং পইন্ট লৈ সলনি কৰিবলৈ to_f মেঠদ ব্যৱহাৰ কৰা হয় । |
03:57 | এটা ভেৰিয়েব্ল ষ্ট্ৰীংলৈ সলনি কৰিবলৈ to_s মেঠদ ব্যৱহাৰ কৰা হয় । |
04:03 | to_s মেঠদে নম্বৰৰ বেছ, আৰগ্যোমেন্ট হিচাপে লয় । |
04:08 | সাল-সলনি সমূহ এই নম্বৰৰ বেছৰ ওপৰতে নিৰ্ভৰ । |
04:12 | এতিয়া এই মেঠদ সমূহ চেষ্টা কৰি চাও আহক । |
04:15 | টাৰমিনেল লৈ যাওক । টাৰমিনেল খন প্ৰথমে ক্লিয়েৰ কৰি ল'ৱ । |
04:21 | Irb কনচ'ল ক্লিয়েৰ কৰিবলৈ Ctrl+ L প্ৰেছ কৰক । |
04:25 | এতিয়া টাইপ কৰক y=20 আৰু এন্টাৰ প্ৰেছ কৰক । |
04:32 | ইয়াত আমি y বুলি এটা ভেৰিয়েব্ল বৰ্ণনা কৰি ২০ ৰ মান এচাইন কৰিছো । |
04:39 | এতিয়া আমি to underscore f মেঠদ ব্যৱহাৰ কৰি yক ফ্লটিং পইন্ট মান লৈ সলনি কৰিম । |
04:47 | টাইপ কৰক y dot to underscore f আৰু এন্টাৰ প্ৰেছ কৰক । |
04:55 | আমি ফ্লটিং পইন্ট মান পাম । |
04:57 | এতিয়া টাইপ কৰক y dot to underscore s আৰু এন্টাৰ প্ৰেছ কৰক । |
05:06 | আওতপুতত ঊৰ্ধ কমাৰ অন্তৰ্গত ২০ পাম । |
05:10 | ভেৰিয়েব্ল y বাইনেৰী ফৰ্ম লৈ নিবৰ বাবে, to_s মেঠদত নম্বৰৰ বেছ 2 দিব লাগিব । |
05:18 | আপ এৰ' প্ৰেছ কৰিলে স্ক্ৰীণত আগৰ কমান্দ পাব । |
05:22 | টাইপ কৰক ব্ৰেকেট খোলাক, 2 ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ প্ৰেছ কৰক । |
05:29 | আমি বাইনেৰী ফৰ্মত আওতপুত পাম । |
05:33 | একেদৰে আপুনি y ভেৰিয়েব্ল অকটেল অথবা হেক্সাদেসিমেল ফৰ্ম লৈ সলনি কৰিব পাৰে । |
05:39 | নম্বৰৰ বেছ ৮ অথবা ১৬ লৈ সলনি কৰি. |
05:44 | স্লাইদ সমূহলৈ ঘূৰি যাও আহক । |
05:47 | variable scope কি হয় শিকো আহক । |
05:51 | স্কৌপৰ সহায়ত জানিব পাৰি, প্ৰগ্ৰেম এটাৰ কোনটো অংশত ভেৰিয়েব্ল একচেস কৰিব পাৰি। |
05:56 | ৰুবীত চাৰিটা ধৰণৰ ভেৰিয়েব্ল স্কৌপ আছে. |
06:00 | ল'কেল গ্ল'বেল |
06:02 | ইনষ্টেন্চ আৰু |
06:04 | ক্লাছ |
06:06 | ভেৰিয়েব্লৰ নামৰ আগত এটা বিশেষ কেৰেকটাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ভেৰিয়েব্ল বিৱৰণ কৰিব পাৰি |
06:14 | global ভেৰিয়েব্লক $ ৰে প্ৰতিনিধিত্ব কৰা হয় |
06:18 | সৰু আখৰ আৰু আনদাৰস্কৌৰে local ভেৰিয়েব্লক প্ৰতিনিধিত্ব কৰে |
06:25 | এটা instance ভেৰিয়েব্ল প্ৰতিনিধিত্ব কৰে @ চিহ্নৰে। |
06:29 | দুটা @@ চিহ্নয়ে এটা class ভেৰিয়েব্লক প্ৰতিনিধিত্ব কৰে |
06:33 | ডাঙৰ আখৰে এটা constant প্ৰতিনিধিত্ব কৰে |
06:37 | অন্য এটা টিওটৰিয়েলত আমি ইয়াৰ বিষয়ে বহলাই বুজিব চেষ্টা কৰিম । |
06:42 | ইয়াতে আমি এই স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্য্যায়ত উপনীত হ'লো । পৰ্য্যালোচনা কৰো আহক । |
06:48 | এই টিওটৰিয়েলত আমি শিকিলো |
06:51 | এটা ভেৰিয়েব্ল বৰ্ণনা কৰিবলৈ, ঊদাহৰন হিচাপে: var1=10 |
06:56 | ভেৰিয়েব্লৰ ধৰণ সলনি কৰিবলৈ, to_f, to_s মেঠদ ব্যৱহাৰ কৰি |
07:04 | বিভিন্ন ধৰণৰ ভেৰিয়েব্লৰ scope |
07:06 | কাৰ্য্য হিচাপে |
07:08 | এটা ভেৰিয়েব্ল বৰ্ণনা কৰি octal আৰু hexadecimal ফৰ্ম লৈ সলনি কৰিব |
07:14 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
07:17 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
07:20 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
07:24 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
07:27 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
07:30 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
07:34 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
07:41 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
07:45 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় । |
07:51 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
07:57 | এই পাঠটো অম্লান শইকীয়াৰ দ্ৱাৰা যোগদন কৰা হৈছে. মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো । ধণ্যবাদ । |