Linux-AWK/C2/Built-in-Variables-in-awk/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | awk বুইল্ট-ইন ভেৰিয়েবলচ আৰু awk স্ক্ৰিপ্তৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত আমি শিকিম বুইল্ট-ইন ভেৰিয়েবলচ, awk স্ক্ৰিপ্ত |
00:14 | আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম |
00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো |
00:30 | এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক |
00:40 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব |
00:47 | যদি নাই, তেন্তে অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক |
00:52 | প্ৰথমে, আহক awk ত কিছু বুইল্ট-ইন ভেৰিয়েবলচ চাওঁ |
00:57 | কেপিতেল RS এ ইনপুত ফাইল এটাত ৰেকৰ্দ চেপাৰেতৰক সূচায় । দিফল্টভাবে, ই নিউলাইন হয় |
01:07 | কেপিতেল FS এ ইনপুত ফাইল এটাত ফিল্দ চেপাৰেতৰক সূচায় |
01:13 | দিফল্টভাবে, FS ৰ ভেলু এটা হোৱাইতস্পেচ হয় |
01:18 | কেপিতেল ORS এ আউতপুত ৰেকৰ্দ চেপাৰেতৰক সূচায় । দিফল্টভাবে, ই নিউলাইন হয় |
01:27 | কেপিতেল OFS এ আউতপুত ফিল্দ চেপাৰেতৰক সূচায় । দিফল্টভাবে, ই হোৱাইতস্পেচ হয় |
01:36 | আহক ইয়াৰ প্ৰত্যেকৰে অৰ্থক বুজো |
01:40 | আহক এতিয়া awkdemo ফাইলটো এবাৰ চাওঁ |
01:44 | যেতিয়া আমি এই awkdemo ফাইলক awk কমান্দৰে প্ৰচেচ কৰো, ই আমাৰ ইনপুত ফাইল হয় |
01:51 | লক্ষ্য কৰিব সকলো ৰেকৰ্দচ এটা আনটোৰ পৰা এটা নিউলাইন কেৰেক্তাৰৰ দ্বাৰা পৃথক হয় |
01:58 | নিউলাইন হৈছে দিফল্ট ভেলু ৰেকৰ্দ চেপাৰেতৰ RS ভেৰিয়েবলৰ বাবে । গতিকে, অন্য কিবা কৰাৰ কোনো প্ৰয়োজন নাই |
02:08 | মন কৰিব সকলো ফিল্দচ পাইপ চিহ্নৰে পৃথক হৈছে । আমি awk ক ইয়াৰ বিষয়ে কেনেকৈ অৱ্গত কৰিম? আহক চাওঁ |
02:18 | দিফল্টভাবে, যিকোনো সংখ্যাৰ স্পেচ বা এটা টেবে ফিল্দচ পৃথক কৰে |
02:24 | আমি ইয়াক হাইফেন কেপিতেল F অপচনৰ সহায়ত ৰিচেত কৰিব পাৰো আমাৰ আগৰ টিউট’ৰিয়েলচত শিকাৰ দৰে |
02:33 | অন্যথা, আমি ইয়াক BEGIN চেকচনত FS ভেৰিয়েবল ব্যৱ্হাৰ কৰি ৰিচেত কৰিব পাৰো |
02:40 | আহক ইয়াক এটা উদাহৰণৰ দ্বাৰা কৰো । ধৰক, মই ষ্টুদেন্তৰ নামক বিচাৰি উলিয়াব বিচাৰিছো যোনে Rs.5000 তকৈ অধিক ষ্টাইপেন্দ পাইছে |
02:51 | CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক |
02:57 | cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে |
03:04 | ইয়াত দেখুৱা ধৰণে কমান্দটো লিখক |
03:08 | ইয়াত BEGIN চেকচনত, আমি FS ৰ ভেলুক এটা পাইপ চিহ্নৰে এচাইন কৰিছো । একেদৰে, আমি RS ভেৰিয়েবল ম’দিফাই কৰিব পাৰো |
03:19 | কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক |
03:23 | আউতপুতে ষ্টুদেন্তৰ তালিকাখন দেখুৱাই যোনে Rs.5000 তকৈ অধিক ষ্টাইপেন্দ পাইছে |
03:30 | ইয়াত নেম ফিল্দ আৰু ষ্টাইপেন্দ ফিল্দ এটা খালি স্পেচৰে পৃথক হৈছে |
03:36 | লগতে, সকলো ৰেকৰ্দচ এটা নিউলাইন কেৰেক্তাৰৰ দ্বাৰা পৃথক হৈছে |
03:42 | ধৰক আমি ক’লন আউতপুত ফিল্দ চেপাৰেতৰ হিচাবে আৰু দুডাল নিউলাইন আউতপুত ৰেকৰ্দ চেপাৰেতৰ হিচাবে বিচাৰো |
03:52 | আমি ইয়াক কেনেকৈ কৰিম? আহক চাওঁ |
03:55 | টাৰ্মিনেলত, আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক |
04:01 | ইয়াত দেখুৱা ধৰণে কমান্দটো ম’দিফাই কৰক আৰু তেতিয়া এন্টাৰ টিপক |
04:08 | আমি আউতপুতটো আশাকৰা ফৰ্মেতত পাওঁ |
04:12 | এতিয়া, ধৰক আমাৰ নতুন ইনপুত ফাইল হৈছে sample.txt |
04:18 | লক্ষ্য কৰক ইয়াত ফিল্দ চেপাৰেতৰ হৈছে নিউলাইন আৰু ৰেকৰ্দ চেপাৰেতৰ হৈছে দুডাল নিউলাইন |
04:27 | আমি এই ফাইলৰ পৰা কেনেকৈ ৰোল নং আৰু নামৰ তথ্য এক্সত্ৰেক্ত কৰিব পাৰো? |
04:32 | হয়, আপুনি সঠিক অনুমান কৰিছে । আমি FS আৰু RS ভেৰিয়েবল দুয়োটাকে ম’দিফাই কৰিব লাগিব |
04:39 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু ইয়াক এটা অনুশিলনী হিচাবে কৰক |
04:43 | পাছত, আহক অন্য বুইল্ট-ইন ভেৰিয়েবলচ চাওঁ |
04:47 | কেপিতেল NR এ awk ৰ দ্বাৰা প্ৰচেচ হোৱা নাম্বাৰ অফ ৰেকৰ্দচ দিয়ে |
04:53 | কেপিতেল NF এ বৰ্তমান ৰেকৰ্দত নাম্বাৰ অফ ফিল্দচ দিয়ে |
04:59 | আহক ইয়াৰ এটা উদাহৰণ চাওঁ । ধৰক, আমি ফাইলটোত অসম্পূৰ্ণ লাইনচ বিচাৰিব খুজিছো |
05:07 | ইয়াত, অসম্পূৰ্ণ লাইনে নৰ্মেল 6 ফিল্দচতকৈ কম থকাক বুজায় |
05:13 | টাৰ্মিনেললৈ যাওঁক । মই Ctrl আৰু L কীচ ব্যৱ্হাৰ কৰি টাৰ্মিনেল খালি কৰো |
05:20 | দেখুৱা ধৰণে কমান্দটো লিখক |
05:24 | যিহেতু ফিল্দচ পাইপ চিহ্নৰে পৃথক হৈছে, BEGIN চেকচনত FS ভেলুক পাইপ চিহ্নলৈ চেত কৰক |
05:33 | পাছত আমি লিখিলো NF নত ইকুৱেল তু 6 |
05:37 | ই চাই যে বৰ্তমান লাইনত ফিল্দচৰ নাম্বাৰ 6 ৰ সমান নহয় নেকি |
05:43 | যদি ট্ৰু, তেন্তে প্ৰিন্ট চেকচনে ৰেকৰ্দৰ লাইন নাম্বাৰ NR প্ৰিন্ট কৰিব, গোটেই লাইনটোৰ সৈতে $0 ৰে সূচীত কৰি । এন্টাৰ টিপক |
05:55 | আউতপুতত, আমি দেখিছো যে ৰেকৰ্দ নাম্বাৰ 16 হৈছে অসম্পূৰ্ণ ৰেকৰ্দ । ইয়াৰ মাত্ৰ 5 ফিল্দচ আছে 6 ৰ পৰিবৰ্তে |
06:05 | আহক আৰু এটা উদাহৰণ চাওঁ । কেনেকৈ আমি প্ৰতিটো ষ্টুদেন্তৰ বাবে প্ৰথম আৰু শেষৰ ফিল্দক প্ৰিন্ট কৰিব পাৰো তাত কিমান ফিল্দচ আছে নজনাকৈ? |
06:16 | ইয়াত দেখুৱা ধৰণে কমান্দটো টাৰ্মিনেলত লিখক |
06:21 | ইয়াত আমি হাইফেন কেপিতেল F অপচন ব্যৱ্হাৰ কৰিছো FS ভেৰিয়েবল চেত কৰাৰ পৰিবৰ্তে । এন্টাৰ টিপক |
06:30 | আমি ফাইলটোত প্ৰতিটো ৰেকৰ্দৰ বাবে মাত্ৰ প্ৰথম আৰু শেষৰ ফিল্দচ পাওঁ |
06:36 | আহক এতিয়া বেলেগ কিবাএটা চেষ্টা কৰো |
06:39 | ধৰক, ষ্টুদেন্তৰ ৰেকৰ্দচ বিভক্ত হৈ আছে দুটা ফাইলত demo1.txt, demo2.txt |
06:48 | আমি এই দুয়োটা ফাইলৰ পৰা প্ৰথম 3 লাইনচ প্ৰিন্ট কৰিব বিচাৰো । আমি ইয়াক কৰিব পাৰো NR ভেৰিয়েবল ব্যৱ্হাৰ কৰি |
06:57 | এইয়া হৈছে ফাইল দুটাৰ উপাদান |
07:02 | এতিয়া প্ৰতিটো ফাইলৰ পৰা প্ৰথম 3 লাইনচ দৰ্শিত কৰিবলৈ, টাৰ্মিনেলত নিম্ন কমান্দটো লিখক |
07:11 | এন্টাৰ টিপক |
07:13 | আউতপুতে মাত্ৰ demo1.txt ফাইলৰ প্ৰথম 3 লাইনচ দেখুৱায় |
07:20 | কেনেকৈ আমি দ্বিতীয় ফাইলটোৰ বাবেওঁ একেটা প্ৰিন্ট কৰিব পাৰো? |
07:24 | সমাধানটোৱে FNR ব্যৱ্হাৰ কৰে NR ৰ পৰিবৰ্তে । FNR হৈছে বৰ্তমান ফাইলত কাৰেন্ত ৰেকৰ্দ নাম্বাৰ |
07:34 | FNR নতুন ৰেকৰ্দ এটা পঢ়োতে প্ৰতিবাৰ ইনক্ৰিমেন্ত হয় |
07:39 | ই প্ৰতিবাৰ জিৰ’লৈ ৰিইনিচিয়েলাইজ হয় নতুন ইনপুত ফাইল এটা আৰম্ভ হ’লে |
07:46 | কিন্তু NR হৈছে প্ৰোগ্ৰামৰ এক্সিকিউচন আৰম্ভ হওঁতে awk এ প্ৰচেচ কৰা ইনপুত ৰেকৰ্দৰ নাম্বাৰ |
07:55 | ই নতুন ফাইল এটাৰ সৈতে জিৰ’লৈ ৰিচেত নহয় |
07:59 | টাৰ্মিনেললৈ যাওঁক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক |
08:06 | নিম্নদৰে আগৰ কমান্দটো ম’দিফাই কৰক । FNR লিখক NR ৰ পৰিবৰ্তে |
08:14 | প্ৰিন্ট চেকচনত, NR ৰ পাছত, লিখক FNR । এন্টাৰ টিপক |
08:21 | চাওঁক, আমি এতিয়া সঠিক আউতপুত পাওঁ । FNR জিৰ’লৈ চেত হৈছে নতুন ফাইলৰ সৈতে কিন্তু NR বাঢ়ি গৈ আছে |
08:31 | এতিয়া আহক কিছু অন্য বুইল্ট-ইন ভেৰিয়েবলচ চাওঁ । FILENAME ভেৰিয়েবলে ৰিদ কৰা ফাইলটোৰ নামটো দিয়ে |
08:40 | ARGC এ কমান্দ লাইনত দিয়া আৰগুমেন্তৰ নাম্বাৰক সূচীত কৰে |
08:46 | ARGV এ এটা আৰেক দৰ্শাই যি কমান্দ লাইন আৰগুমেন্তচ জমা কৰে |
08:52 | ENVIRON এ চেল এনভাইৰনমেন্ত ভেৰিয়েবলচৰ আৰেক আৰু সংগত ভেলুসমূহক সূচাই |
09:00 | যিহেতু ARGV আৰু ENVIRON এ awk ত আৰে ব্যৱ্হাৰ কৰে, আমি ইহতক সংগত টিউট’ৰিয়েলচত চাম |
09:09 | আহক এতিয়া ভেৰিয়েবল FILENAME এবাৰ চাওঁ । কেনেকৈ আমি বৰ্তমান প্ৰচেচ হোৱা ফাইলৰ নামটো প্ৰিন্ট কৰিম? |
09:18 | টাৰ্মিনেললৈ যাওঁক আৰু দেখুৱা ধৰণে কমান্দটো লিখক |
09:23 | ইয়াত আমি স্পেচক এটা ষ্ট্ৰিংগ যুক্ত কৰা অপাৰেতৰ হিচাবে ব্যৱ্হাৰ কৰিছো । কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক |
09:32 | আউতপুতে ইনপুত ফাইলনেম বহুবাৰ দেখুৱাই |
09:37 | ইয়াৰ কাৰণ হৈছে, এই কমান্দে awkdemo.txt ফাইলটোত প্ৰতিটো ৰৌৰ বাবে ফাইলনেমটো এবাৰ প্ৰিন্ট কৰে । আমি কেনেকৈ ইয়াক মাত্ৰ এবাৰ প্ৰিন্ট কৰিব পাৰো? |
09:48 | টাৰ্মিনেল খালি কৰক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক |
09:55 | ইয়াত দেখুৱা ধৰণে আগৰ কমান্দটো ম’দিফাই কৰক । এন্টাৰ টিপক |
10:02 | এতিয়া, আমি ফাইলনেমটো মাত্ৰ এবাৰ পাওঁ |
10:06 | awk ত কিছু অন্য বুইল্ট-ইন ভেৰিয়েবলচ আছে । সিহঁতৰ বিষয়ে অধিক জানিবলৈ ইন্টাৰনেত ব্ৰাউজ কৰক |
10:14 | ধৰক, আমি ষ্টুদেন্তক বিচাৰিব খুজিছো যি পাচ হৈছে আৰু Rs.8000 তকৈ অধিক ষ্টাইপেন্দ আছে |
10:22 | কমা ব্যৱ্হাৰ কৰক আউতপুত ফিল্দ চেপাৰেতৰ হিচাবে আৰু প্ৰিন্ট কৰক “The data is shown for file” আৰু ফাইলৰ নামটো ফুতাৰ চেকচনত । আমি ইয়াক কেনেকৈ কৰিম? |
10:36 | টাৰ্মিনেলত নিম্ন কমান্দ লিখক । এন্টাৰ টিপক |
10:43 | আমি দেখিছো যে মাত্ৰ এটা ষ্টুদেন্ত পাচ হৈছে আৰু Rs.8000 তকৈ অধিক ষ্টাইপেন্দ পাইছে আৰু ৰেকৰ্দ নাম্বাৰ হৈছে 2 |
10:53 | আমি লগতে আশাকৰা দৰে ফাইলৰ নামটো ফুতাৰত দেখিছো |
10:58 | আমি awk ব্যৱ্হাৰ কৰিব পাৰো আৰু অধিক জটিল কামৰ বাবে |
11:03 | তেনেক্ষেত্ৰত, প্ৰতিবাৰ টাৰ্মিনেলত কমান্দচ লিখিবলৈ অধিক অসুবিধা হয় |
11:09 | আমি তাৰ পৰিবৰ্তে awk প্ৰোগ্ৰামক এটা পৃথক ফাইলত লিখিব পাৰো |
11:14 | এক্সিকিউত কৰিবলৈ, সেই ফাইলত দত awk এক্সতেনচন থাকিব লাগিব |
11:19 | এক্সিকিউত কৰোতে, আমি মাত্ৰ এই awk প্ৰোগ্ৰাম ফাইলনেমক awk কমান্দৰ সৈতে সূচীত কৰিব পাৰো |
11:26 | তাক কৰিবলৈ, আমি হাইফেন সৰু f অপচন ব্যৱ্হাৰ কৰিব লাগিব । আহক উদাহৰণ এটা চাওঁ |
11:35 | মই ইতিমধ্যে awk প্ৰোগ্ৰাম এটা লিখিলো আৰু ইয়াক prog1 দত awk হিচাবে ছেভ কৰিলো |
11:42 | এই ক’দ লগতে ক’দ ফাইলচ লিংকতো উপলদ্ধ |
11:46 | টাৰ্মিনেললৈ যাওঁক । চাওঁক আমি শেষত এক্সিকিউত হোৱা কমান্দৰ একক উৰ্দ্ধকমাৰ ভিতৰত কি লিখিছিলো? |
11:55 | prog1.awk ফাইলৰ উপাদান হুবহু একে হয় |
12:00 | মাত্ৰ পাৰ্থক্যটো হৈছে awk ফাইলত, আমি একক উৰ্দ্ধকমাৰ ভিতৰত লিখা নাই |
12:07 | ফাইলটো এক্সিকিউত কৰিবলৈ, টাৰ্মিনেলত নিম্নখিনি লিখক- awk স্পেচ হাইফেন সৰু f স্পেচ prog1.awk স্পেচ awkdemo.txt আৰু এন্টাৰ টিপক |
12:24 | আমি হুবহু একেটা আউতপুত পাইছো আগতে দেখাৰ দৰে |
12:29 | গতিকে, এনেদৰে আপুনি awk প্ৰোগ্ৰামচ লিখিব পাৰে আৰু ইয়াক বহুবাৰ ব্যৱ্হাৰ কৰিব পাৰে |
12:35 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
12:40 | এই টিউট’ৰিয়েলটোত আমি শিকিলো- বুইল্ট-ইন ভেৰিয়েবলচ, awk স্ক্ৰিপ্ত বিভিন্ন উদাহৰণ ব্যৱ্হাৰ কৰি |
12:48 | এটা অনুশিলনী হিচাবে - awk স্ক্ৰিপ্ত এটা লিখক awkdemo.txt ফাইলত 5th লাইনৰ শেষৰ ফিল্দটো প্ৰিন্ট কৰিবলৈ |
12:58 | টাৰ্মিনেলত চিষ্টেম ফাইল /etc/passwd খোলক |
13:05 | তাত সকলো চেপাৰেতৰক চিনাক্ত কৰক |
13:09 | এতিয়া স্ক্ৰিপ্ত এটা লিখক 20th লাইনৰ পৰা ফাইলটো প্ৰচেচ কৰিবলৈ |
13:15 | লগতে, মাত্ৰ সেই লাইনচৰ বাবে য’ত 6 তকৈ অধিক ফিল্দচ আছে |
13:20 | আপুনি সেই নিৰ্দিষ্ট লাইনত লাইন নাম্বাৰ, সম্পূৰ্ণ লাইনটো আৰু ফিল্দচৰ কাউন্ট প্ৰিন্ট কৰিব লাগিব |
13:28 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
13:36 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
13:47 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
13:51 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
14:03 | স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |