LibreOffice-Suite-Base/C4/Database-Maintenance/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:04 | এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয় |
| 00:19 | ডাটাবেছ মেইনটেনান্স |
| 00:21 | ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব |
| 00:31 | ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম |
| 00:41 | বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক |
| 00:48 | এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল |
| 00:55 | আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো |
| 01:03 | পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল |
| 01:11 | গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো |
| 01:16 | ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো |
| 01:21 | আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো |
| 01:28 | এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো |
| 01:39 | টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব |
| 01:47 | অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ |
| 01:54 | উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ |
| 02:08 | ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি |
| 02:19 | নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ |
| 02:28 | একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব |
| 02:39 | আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব |
| 02:45 | উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক |
| 02:53 | ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে |
| 02:58 | এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব |
| 03:09 | ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে— |
| 03:15 | ALTER TABLE Members ADD Address TEXT, ADD City TEXT |
| 03:22 | অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে |
| 03:30 | এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব |
| 03:36 | টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক |
| 03:47 | স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক |
| 03:52 | ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক |
| 03:59 | কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয় |
| 04:08 | ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে |
| 04:17 | আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে |
| 04:26 | কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে |
| 04:36 | কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ |
| 04:45 | এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে |
| 04:53 | একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ |
| 05:00 | কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে |
| 05:04 | আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায় |
| 05:11 | সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে |
| 05:24 | ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে |
| 05:35 | বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে |
| 05:42 | ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম |
| 05:49 | লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো |
| 06:01 | আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক— |
| 06:07 | CHECKPOINT DEFRAG |
| 06:10 | এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায় |
| 06:19 | ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে |
| 06:27 | আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ |
| 06:33 | SHUTDOWN COMPACT. |
| 06:36 | এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে |
| 06:43 | ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক |
| 06:54 | শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে |
| 07:02 | আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে— |
| 07:06 | কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন |
| 07:14 | লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে |
| 07:20 | কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা |
| 07:26 | বেকআপ লোৱাটো খুবেই সৰল |
| 07:30 | আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে |
| 07:34 | আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে |
| 07:47 | গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক |
| 07:57 | আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক |
| 08:08 | এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা |
| 08:17 | ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে |
| 08:24 | আমি কিমান সঘনাই বেকআপ ল’ব লাগে? |
| 08:28 | এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে |
| 08:37 | ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ |
| 08:42 | আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ |
| 08:49 | ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ |
| 08:58 | এইখিনিতে এটা এচাইনমেণ্ট: |
| 09:00 | এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক |
| 09:08 | দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক |
| 09:13 | মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক |
| 09:23 | তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক |
| 09:27 | শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক |
| 09:38 | এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে |
| 09:45 | সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ: |
| 09:48 | ডাটাবেছ মেইনটেইন কৰা হয় |
| 09:50 | ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয় |
| 09:54 | ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় |
| 09:56 | আৰু বেকআপ লোৱা হয় |
| 09:58 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
| 10:03 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে |
| 10:10 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে |
| 10:15 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব |
| 10:20 | এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ |