LaTeX-Old-Version/C2/MikTeX-Updates/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | সম্ভাষণ জনাইছোঁ। এটা LaTex ডিষ্ট্ৰিবিউচন MikTeX কেনেকৈ আপডেট কৰা হয় আৰু কেনেকৈ হেৰাই যোৱা পেকেজ যোগ দিয়া হয়, সেই সম্পৰ্কীয় প্ৰশিক্ষণলৈ স্বাগতম। |
00:10 | ডেস্কটপত আপুনি texnic center-টো দেখা পাইছে। যদি আপুনি texnic center ইনষ্টল কৰিব নাজানে, তেনেহ’লে অনুগ্ৰহ কৰি উইণ্ডজত LaTeX ইনষ্টল আৰু চলোৱা সম্পৰ্কীয় মোৰ কথন প্ৰশিক্ষণটো চাওক। |
00:22 | ইয়াত উইণ্ডজত MikTeX ইনষ্টল কৰাৰ বিষয়ে আছে। এতিয়ালৈকে মই তৈয়াৰ কৰা সকলোবোৰ কথন প্ৰশিক্ষণৰ ভিতৰত, |
00:30 | ৰেকৰ্ড কৰা এই প্ৰশিক্ষণৰ দৈৰ্ঘ্য মই কম্পিউটাৰৰ লগত খৰচ কৰা প্ৰকৃত সময়ৰ সৈতে সমান। |
00:37 | যি কি নহওক, এতিয়াৰ প্ৰশিক্ষণটোত নেটৱৰ্ক প্ৰয়োজন হোৱা বৰ্ণনা আছে। |
00:43 | কিছুমান ডাউনলোডৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব, বিশেষকৈ যদি বেণ্ডৱিডথ কম হয়। |
00:48 | গতিকে দৰকাৰ হ’লে, প্ৰশিক্ষণটো সাময়িকভাৱে স্থগিত ৰাখিম। |
00:55 | Beamer class ব্যৱহাৰ কৰা এটা ফাইল আপুনি চাব পাৰে। এইটো ইয়াত চাব পাৰে। |
01:02 | যদি আপুনি Beamer-অৰ বিষয়ে নাজানে, তেনেহ’লে Beamer সম্পৰ্কীয় মই প্ৰস্তুত কৰা কথন প্ৰশিক্ষণটো আপুনি চাব পাৰে। |
01:09 | এতিয়া Control আৰু F7 কি দুটা একেলগে হেঁচি ফাইলটো মই compile কৰিম। |
01:23 | MikTeX-এ জনাইছে যে Beamer-টো হেৰাইছে। |
01:27 | এই সমস্যা কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে মই ব্যাখ্যা কৰিম। প্ৰথম কামটো হৈছে MikTeX আপডেট কৰা। |
01:34 | মই দেখুওৱা ধৰণে এইটো দুই প্ৰকাৰে কৰিব পাৰে। Start-অত টিপক, Programs-অলৈ যাওক। |
01:47 | MikTeX আপডেট কৰাৰ দুটা বিকল্প আছে; এটা হৈছে পোনপটীয়াকৈ আপডেট কৰা আৰু আনটো হৈছে পেকেজবোৰ ব্ৰাউজিঙৰ জৰিয়তে। |
01:57 | এজনে আপডেটলৈ যাব পাৰে আৰু এজনে ব্যৱহাৰ কৰিব পাৰে— এজনে বাছনি কৰিব পাৰে, উদাহৰণ স্বৰূপে এটা ৰিম’ট পেকেজ ৰেপজিটৰী। |
02:12 | মই সাধাৰণতে inria ব্যৱহাৰ কৰোঁ, আচলতে শেষৰ বাৰো মই এইটো ব্যৱহাৰ কৰিছিলো, গতিকে ইয়াক এক অপশ্যন হিচাপে দিছে। |
02:19 | যি কি নহওক, আৰম্ভণিতে আপুনি কেৱল এই দুটা বাটনহে দেখা পাব। |
02:22 | একেবাৰে ওচৰৰ পেকেজ ৰেপজিটৰী ব্যৱহাৰ কৰক আৰু অন্যটোৰ বাবে মোক এটা দূৰৰ পেকেজ ৰেপজিটৰী বাছিবলৈ দিয়ক। |
02:28 | এইটো চেষ্টা কৰিছোঁ বুলি ধৰি লৈ, তাৰ আগতে আমি কানেক্সন ছেটিঙ সজাবও লাগিব। |
02:34 | কানেক্সন ছেটিং প্ৰথমতে সজাই ল’ব লাগিব। গতিকে আমি এটা proxy server. Address. Port ব্যৱহাৰ কৰিম। |
02:44 | ই প্ৰমাণীকৰণ বিচাৰে, সেয়েহে মই ইয়াতে ক্লিক কৰিম। গতিকে এতিয়া যদি মই এইটো বাছনি কৰোঁ, তেনেহ’লে ই নাম আৰু পাছৱৰ্ড বিচাৰিব। |
02:58 | গতিকে মই তথ্যখিনি ভৰালো। ঠিক আছে। উদাহৰণৰ বাবে মই মোৰ ইচ্ছানুযায়ী যিকোনো ব্যৱহাৰ কৰিব পাৰোঁ, এয়া ইতিমধ্যেই নিৰ্বাচিত হৈ আছে। |
03:19 | গতিকে মই এয়া নিৰ্বাচন কৰিম। এতিয়া আপডেট প্ৰক্ৰিয়াই কিছু সময় ল’ব, কিয়নো ই গোটেই পেকেজ-তথ্যখিনি ডাউনলোড কৰিব লাগিব। |
03:33 | সেইকাৰণে মই এই ৰেকৰ্ডিংটো কিছু সময়ৰ বাবে স্থগিত ৰাখিম। প্ৰায় পাঁচ মিনিটমানৰ পিছত ই উভতি আহি ক’ব যে এতিয়া কোনো আপডেট নাই, কাৰণ মই ইয়াক অলপতে আপডেট কৰিলো। |
03:47 | অন্যথা ই পেকেজবিলাকৰ এখন তালিকা দিব আৰু পেকেজবিলাক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব। |
03:56 | মই যেতিয়া প্ৰথমবাৰ কৰিছিলো, মই দেখিছিলো যে সকলোবোৰ পেকেজ তালিকাভুক্ত হৈ আছিল, নিৰ্বাচিত হৈ আছিল; তেতিয়া মই মাত্ৰ গৈ সকলোবোৰ আপডেট কৰিবলৈ কওঁ। |
04:05 | আপুনি প্ৰতিদিনেই আপডেট কৰাৰ প্ৰয়োজন নাই। মাজে মাজে কৰিলেই হ’ব। |
04:11 | ঠিক আছে। এতিয়া উভতি যাওঁ ব’লক। মই আৰু এবাৰ উভতি যাব পাৰোঁ। |
04:22 | এতিয়া, CD/DVD বিতৰণৰ দ্বাৰা বা আপোনাৰ লগত যদি লোকেল পেকেজ ৰেপজিটৰী আছে, তাৰ দ্বাৰা আপডেট কৰাও অৱশ্যেই সম্ভৱ। |
04:34 | আপুনি সেইটোও ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, এতিয়া মোক এইটো বাতিল কৰিবলৈ দিয়ক। |
04:41 | Beamer কেনেকৈ যোগ কৰা হয়, সেইটো আমি এতিয়াও ব্যাখ্যা কৰা নাই।আপডেটৰ দ্বাৰা আমি আমাৰ MikTeX বিতৰণটো শেহতীয়া কৰি তুলিলো। |
04:53 | MikTeX প্ৰগ্ৰামলৈ যাওঁ ব’লক। |
05:03 | তাৰ পেকেজবোৰ ব্ৰাউজ কৰক। এইটোৱেও অকণমান সময় ল’ব, লোড হ’বৰ বাবে কেইচেকেণ্ডমানৰ প্ৰয়োজন হ’ব। |
05:17 | ই সকলোবোৰ জ্ঞাত পেকেজ আৰু কেতিয়া পেকেজ কৰা হৈছিল তাৰ এখন তালিকা দিয়ে। |
05:23 | এই কলমটো অতিশয় দৰকাৰী, ই আপোনাৰ চিষ্টেমত এই পেকেজটো উপলব্ধ হয় নে নহয় জনায়। |
05:31 | গতিকে, এতিয়া তললৈ যাওঁ আৰু Beamer উপলব্ধ হয় নে নহয় চাওঁ। আপুনি দেখিব যে Beamer— এই কলমটো খালী হৈ আছে— আৰু আমাক Beamer নাই বুলি জনাইছে। |
05:44 | ঠিক আছে, এই বিষয়ত আগবঢ়াৰ আগতে, প্ৰথমতে আমি ‘task’, ‘update wizard’-অলৈ যাওঁ ব’লক, আমি অলপ আগতে দেখা পৃষ্ঠাটোৰ নিচিনা এটা পৃষ্ঠা দেখা পাম। |
06:01 | আপুনি একেটা কামকে কৰিব পাৰে, আপুনি কানেক্সনটো সজাব পাৰে। এইটো খাতাং কৰি লওক যে আপোনাৰ কানেক্সন, আপোনাৰ প্ৰক্সী— সকলোবোৰ ঠিকে আছে; আৰু তাৰপিছত আপুনি ভালপোৱা পেকেজটো বাছনি কৰি আগবাঢ়ক। |
06:13 | যিহেতু আমি এতিয়া আপডেট কৰিব নিবিচাৰোঁ, গতিকে আমি এইটো অনুসৰণ নকৰোঁ। আপুনি মনত ৰাখিব লাগিব যে কিছুমান দূৰৱৰ্তী চাইট ডাউন হৈ থাকিব পাৰে। |
06:26 | প্ৰকৃতভাৱে কাম কৰালৈকে আৰু আপুনি এইবোৰৰ লগত সহজ হৈ পৰালৈকে সাধাৰণভাৱে এইবোৰৰ কিছুমান আপুনি চেষ্টা কৰি থাকিব লাগিব। |
06:34 | যেতিয়া আপুনি সহজ হৈ পৰিব, আপুনি এইবোৰ সঘনাই ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, এইটো বাতিল কৰোঁ। |
06:40 | এই মুহূৰ্তত আমি কি কৰিব বিচাৰোঁ, আমি বিচাৰোঁ, এইটো বাছনি কৰিবলৈ দিয়ক। মই এইটো বাছনি কৰাৰ লগে লগে ই সক্ৰিয় হ’ল। |
06:50 | এতিয়া যদি মই কওঁ ইনষ্টল কৰক, ই ক’ব যে এই ইনষ্টলেচনটো আপডেট হ’ব, এটা পেকেজ ইনষ্টল হ’ব। |
07:01 | আমি সেইটোকে কৰোঁ আহক। ঠিক আছে, ই আহি কয় যে প্ৰক্সী অথেণ্টিকেশ্যন দৰকাৰ। এইটো বন্ধ কৰা যাওক। |
07:11 | আমি কৰিব লাগিব— মই ভাবিছোঁ যে এইটো ৰিফ্ৰেচ হৈ আছে, ই অকণমান সময় ল’ব— আমি কি কৰিব লাগিব, আমি ৰেপজিটৰীলৈ যাব লাগিব, পেকেজ ৰেপজিটৰী সলনি কৰিব লাগিব। |
07:30 | আমি কানেক্সন চেটিং আকৌ এবাৰ কৰিব লাগিব, এইটো ইতিমধ্যে ইয়াতে আছে। ঠিক আছে। এইটোৱেও পাছৱৰ্ড বিচাৰে। |
07:42 | গতিকে এইটো দিওঁ আহক। দেখা গৈছে যে inaria ইতিমধ্যে নিৰ্বাচিত হৈ আছে। ইয়াৰ সৈতে মই সমাপ্ত কৰোঁ। |
08:04 | কেইমিনিটমানৰ পিছত, মই এই এৰৰ মেচেজটো পাইছোঁ যে কিছু বস্তু আপডেট কৰিব নোৱাৰি, ই কোনো প্ৰভাৱ নেপেলায়। |
08:10 | গতিকে আমি কৰিম কি, দেখা যাওক ইয়াক কিবা প্ৰকাৰে ইনষ্টল কৰিব পাৰি নে নাই। Beamer-অলৈ যাওঁ ব’লক, এইটো ইয়াত আছে। |
08:23 | Beamer ডাউনলোড কৰিলে। গতিকে ইয়াক এতিয়া বন্ধ কৰিব পাৰোঁ। |
08:45 | এতিয়া পৰীক্ষা কৰোঁ আহক, উদাহৰণ স্বৰূপে, এইটোৱে পৃষ্ঠাটো আপডেট কৰি আছে। |
08:55 | আপডেট হৈ থাকিবলৈ দিয়ক, সেই সময়তে ইয়ালৈ আহক আৰু F7 ব্যৱহাৰ কৰি ইয়াক compile কৰিবলৈ চেষ্টা কৰক। |
09:05 | পূৰণাটোৰ সৈতে আমি কি কৰিছিলো, সেই বিষয়ে মই নিশ্চিত নহয়। মই ভাবোঁ যে এইটো আমি বাতিল কৰিব লাগিব। গতিকে শেহতীয়া compilation-অৰ এইটোৱেই ফলাফল। |
09:22 | ঠিক আছে, মোক এইটো পৰিষ্কাৰ কৰিবলৈ দিয়ক, আহক এইটো বন্ধ কৰোঁ আৰু F7 টিপি দিওঁ। |
09:34 | আগতে আমি Beamer পোৱা হোৱা নাই বুলি এটা অভিযোগ পাইছিলো; এতিয়া এইটোৱে কৈছে যে কিবা অলপ উপলব্ধ নহয়। |
09:41 | ই আৰু Beamer সম্পৰ্কীয় অভিযোগ নিদিয়ে— যদি আপুনি তললৈ যায় আৰু Beamer নীৰিক্ষণ কৰে। |
09:54 | Beamer-অলৈ স্ক্ৰল ডাউন কৰি যাওক, দেখিব যে এইটো ৫ নৱেম্বৰ তাৰিখে ইনষ্টল হৈছিল। ঠিক আছে, এতিয়া আমি কৰিম কি? এই অভিযোগটো চোৱা যাওক। |
10:13 | আৰু আচলতে ই পোনপটীয়াকৈ ইনষ্টল কৰাৰ এটা বিকল্প দিয়ে, গতিকে এইটো কৰাৰ বাবে আমাৰ দুটা উপায় আছে। |
10:17 | এটা হৈছে এইটো ইয়াত ইনষ্টল কৰা আৰু অন্যটো হৈছে ইয়াৰ জৰিয়তে যোৱা। এইটো কৰিবলৈ চেষ্টা কৰিলে কি ঘটে চোৱা যাওক। |
10:24 | ই অথেণ্টিকেশ্যন বিচাৰে। |
10:35 | আগৰ কৌশলটোত অৰ্থাৎ এইটোৰ মাজেদি যেতিয়া আমি গৈছিলো, ই কপি কৰা আদি দেখুৱাইছিল, কিন্তু এইবাৰ সেইটো ঘটা নাই, সকলোবোৰ বেকগ্ৰাউণ্ডত ঘটিছে। |
10:45 | গতিকে কিছুসময় অপেক্ষা কৰা যাওক। |
10:48 | ঠিক আছে, এইটো ডাউনলোড হ’ল আৰু এতিয়া ই কৈছে যে xcolor.sty-টো পোৱা হোৱা নাই। এইটো ইনষ্টল কৰিব লাগিব নেকি? |
10:55 | আমি আগবাঢ়িবলৈ ক’ম। আৰু ই বেকগ্ৰাউণ্ডত ইনষ্টল হৈ থাকিব। ঠিক আছে, এতিয়া ই কৈছে যে translator পোৱা হোৱা নাই, ইয়াকো একে দৰে ইনষ্টল হ’বলৈ দিয়া যাওক। |
11:10 | কেইবামিনিটৰ পিছতো একো ওলোৱা দেখা নগ’ল। গতিকে ইয়ালৈ যোৱা যাওক আৰু বৰ্তমানৰ স্থিতিটো কি চোৱা যাওক। |
11:22 | ইয়াত এটা পুনৰ-স্থাপনা কৰ যাওক। আৰু তাৰপিছত চাম আমি ইনষ্টল কৰিব বিচৰা পেকেজটো ইতিমধ্যেই ইনষ্টল হৈ আছে নেকি। |
11:29 | আমি দেখিছোঁ যে Beamer ইতিমধ্যেই ইয়াত আছে। এতিয়া আমি অন্যান্য বিষয়বোৰ অৰ্থাৎ pgfcode, xcolor আৰু translator চাব লাগিব। |
11:59 | আপুনি দেখিছে যে pgf আজি ইনষ্টল হৈছে, তাৰপিছত আমি translator-অত চাম, translator-ও ইনষ্টল হৈ আছে। |
12:17 | আনটো হৈছে xcolor, সেইটোও পৰীক্ষা কৰা যাওক, এইটোও ইনষ্টল হৈ আছে। গতিকে দেখা গ’ল যে আমাৰ সকলোবোৰ পেকেজ আছে। এতিয়া compile কৰোঁ আহক, control আৰু F7 টিপি দিয়ক। |
12:40 | ঠিক আছে, এইটো ঠিকে গৈছে যেন লাগিছে। এতিয়া আমি কৰিম কি, এইটো বন্ধ কৰিম। আমাৰ আৰু এইটোৰ প্ৰয়োজন নাই। |
12:48 | মই তৈয়াৰ কৰি থোৱা ফাইলটো খুলিম, এইটো LaTeX ফাইলবোৰৰ মাজত আছে। আৰু ফাইলটোক কোৱা হয় MikTeX update dot tex। |
13:03 | এতিয়া মই MikTeX update dot pdf ফাইলটো বিচাৰিম। মই বিচৰা ফাইলটো এইটো। মই এইটো এতিয়া Sumatra-ত খুলিম। |
13:21 | গতিকে আমি ইয়াত। মই এইটো অকণমান সৰু কৰিম। ইয়াক ইয়ালৈ নিওঁ। যেতিয়া ইয়াক ডাঙৰ কৰে, কি ঘটে চাওক। |
13:42 | এইটো বন্ধ কৰোঁ। অৱশ্যেই আপুনি এই তাৰিখটো ৪ নৱেম্বৰ দেখিছে, মই এইটো কালিও কৰিবলৈ চেষ্টা কৰিছিলো যদিও ই কালি কাম কৰা নাছিল। |
13:54 | গতিকে মই এতিয়া কৰিম কি, ইয়াক ৫ নৱেম্বৰলৈ সলনি কৰিম। চেভ কৰিম। control আৰু F7 টিপিম। বঢ়িয়া, ই আপডেট হ’ল। তললৈ যোৱা যাওক। |
14:14 | এতিয়া এই কথন প্ৰশিক্ষণ সম্পৰ্কীয় কৃতজ্ঞতা স্বীকাৰ। এই প্ৰশিক্ষণ তৈয়াৰ কৰিবলৈ পৃষ্ঠপোষকতা আগবঢ়াইছে National Mission on Education through ICT-এ। |
14:24 | এই মিশ্যনৰ ৱেবচাইট হৈছে— sakshat.ac.in। এই কথন প্ৰশিক্ষণ সম্পৰ্কত মই আপোনাৰ পৰা মতামত kannan@iitb.ac.in ঠিকনাত পালে ভাল পাম। |
14:35 | ভৱিষ্যতে আমি spoken-tutorial.org ৱেবচাইটৰ জৰিয়তে কথন শিক্ষণ কাৰ্যাৱলী পৰিচালনা কৰিম বুলি পৰিকল্পনা কৰিছোঁ। |
14:42 | মই আঙুলিয়াই দিব খোজোঁ যে বহুকেইটা আপডেট, ইণ্ডিভিজুৱেল পেকেজৰ ইনষ্টলেশ্যনে বহুতো সময় নলয়। |
14:51 | মাত্ৰ কেইটামান মিনিট হ’ব পাৰে, কিন্তু প্ৰাৰম্ভিক আপডেটে বহু সময় ল’ব পাৰে। |
14:56 | উদাহৰণ স্বৰূপে, মই ইয়াত MikTeX 2.7 ব্যৱহাৰ কৰিছোঁ আৰু যদি ইয়াক মই প্ৰথম বাৰৰ বাবে আপডেট কৰিব খোজোঁ, ই প্ৰায় ২0 মিনিট, আনকি আধা ঘণ্টা সময়ো ল’ব পাৰে। |
15:08 | এইটো আপুনি MikTeX-অৰ কোনটো সংস্কৰণ ব্যৱহাৰ কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াক আপডেট কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়, প্ৰাৰম্ভিক অৱস্থাত কিছু চেষ্টাৰো প্ৰয়োজন হয়। |
15:17 | তাৰ পিছত, যদি আপোনাৰ reasonable network আছে, তেনেহ’লে ইণ্ডিভিজুৱেল পেকেজবোৰে বেছি সময় নলয়। |
15:24 | ইয়াতে আমাৰ এই প্ৰশিক্ষণৰ সামৰণি পৰিছে। যোগদান কৰাৰ বাবে ধন্যবাদ। |