Health-and-Nutrition/C2/Storage-of-expressed-breastmilk/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | স্তনৰ পৰা বাহিৰ কৰা গাখীৰ জমা ৰখাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম- পাছত ব্যৱ্হাৰৰ বাবে স্তনৰ পৰা বাহিৰ কৰা গাখীৰ কেনেকৈ নিৰাপদভাবে জমা ৰখা হয় |
00:14 | আহক আৰম্ভ কৰো । স্তনৰ পৰা গাখীৰ বাহিৰ কৰাৰ বাবে শিশুটো আৰু মাকৰ বহুতো লাভ হয় |
00:22 | হাতেৰে স্তনৰ পৰা গাখীৰ বাহিৰ কৰাক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
00:29 | স্তনৰ পৰা বাহিৰ কৰা গাখীৰ ভালদৰে নিৰাপদভাবে জমা ৰাখিব লাগিব |
00:34 | তেনে কৰিলে, শিশুটোৰ বাবে ইয়াৰ উচ্চগুণ অটুত থাকিব |
00:39 | স্তনৰ গাখীৰ হেন্দল কৰাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুই ভালদৰে শুকোৱাই ল’ব লাগিব |
00:47 | স্তনৰ গাখীৰ জমা কৰিবলৈ, মাকে ষ্টিল বা গ্লাচৰ বহল মুখৰ পাত্ৰ ব্যৱ্হাৰ কৰিব লাগে যাক ঢাকি ৰাখিব পাৰি |
00:56 | যদিওঁ ষ্টিলৰ পাত্ৰ পৰামৰ্শ দিয়া হৈছে, আমি কিছুমান চিত্ৰত গ্লাচৰ পাত্ৰ ব্যৱ্হাৰ কৰিম |
01:03 | ই আমাক পাত্ৰৰ ভিতৰত থকা গাখীৰক স্পষ্টকৈ চোৱাত সহায় কৰিব |
01:09 | পাছত, মাকে বাচি লোৱা পাত্ৰকেইটা চাবোন আৰু পানীৰে ধুই ল’ব লাগিব |
01:14 | তাৰ পাছত, তেওঁ পাত্ৰকেইটা উতলা পানীত অতিকমেওঁ ১০ মিনিট ৰাখিব লাগিব |
01:21 | তেতিয়া, তেওঁ হয়তো পাত্ৰকেইটা বতাহত সম্পূৰ্ণকৈ শুকোৱাব লাগিব বা ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এখনেৰে মুচি শুকোৱাব লাগিব |
01:31 | পাত্ৰকেইটা কেতিয়াওঁ ব্যৱ্হাৰ কৰা কাপোৰ এখনেৰে মুচি শুকোৱাব নালাগে যেনে পাকঘৰত ব্যৱ্হাৰ কৰা কাপোৰ এখন |
01:40 | চাফা কৰা পাত্ৰটো সম্পূৰ্ণকৈ শুকোৱাৰ পাছত, তেওঁ বাহিৰ কৰা গাখীৰক পাত্ৰকেইটাত বাকিব লাগিব |
01:48 | মাকে মাত্ৰ এবাৰ খুৱাবলৈ প্ৰয়োজন হোৱা সমানৰ গাখীৰ জমা কৰিব লাগে বা প্ৰায় ৬০ৰ পৰা ৯০ মিলিলিটাৰ গাখীৰ প্ৰতিটো পাত্ৰত জমা কৰিব লাগে |
01:58 | যদি মাকে তেওঁৰ স্তনৰ গাখীৰক ফ্ৰিজ কৰিব বিচাৰে, তেওঁ পাত্ৰটোৰ ওপৰত এক ইঞ্চি খালিঠাই এৰিব লাগে । কাৰণ স্তনৰ গাখীৰ ঠাণ্ডা হ’লে প্ৰসাৰিত হয় |
02:12 | তেওঁ প্ৰতিটো পাত্ৰক গাখীৰ বাহিৰ কৰা তাৰিখ আৰু সময়ৰ সৈতে লেবেল কৰিব লাগে |
02:18 | তেতিয়া তেওঁ এই স্তনৰ গাখীৰৰে ভৰ্ত্তি পাত্ৰসমূহক সম্ভৱত শীতলতম ঠাইত জমা কৰিব লাগে |
02:25 | যদি তেওঁৰ এটা ফ্ৰিজ আছে, গাখীৰক তাত জমা কৰাটো উত্তম |
02:30 | তেওঁ স্তনৰ গাখীৰক ফ্ৰিজটোৰ একেবাৰে তলৰ খলপৰ পিছফালে জমা কৰিব লাগে । এইটো হৈছে ফ্ৰিজ এটাৰ আটাইতকৈ ঠাণ্ডা ঠাই |
02:40 | স্তনৰ গাখীৰক ফ্ৰিজ এটাৰ দুৱাৰত কেতিয়াওঁ জমা নকৰিব |
02:44 | জমা ৰখা ঠাইৰ উষ্ণতা যিমান কম হয়, সিমান বেছি সময়লৈকে জমা ৰাখিব পাৰি |
02:49 | চাফা অৱস্থাৰ ফ্ৰিজ এটাত স্তনৰ গাখীৰক ৭ দিনলৈকে জমা ৰাখিব পাৰি |
02:56 | ইয়াক ধাৰাবাহিকভাবে ঠাণ্ডা ৰাখিব লাগে |
02:59 | মনত ৰাখিব, ফ্ৰিজৰ দুৱাৰখন যিমানবাৰ খোলা হয়, উষ্ণতা সিমানেই বৃদ্ধি হ’ব |
03:07 | যদি জমা ৰখাৰ সময়ত কাৰেন্ত যোৱাৰ বাবে বা অন্য কাৰণত ফ্ৰিজৰ উষ্ণতা বৃদ্ধি হয় তেন্তে মাকে স্তনৰ গাখীৰক ৬ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰিব লাগে |
03:19 | যদি স্তনৰ গাখীৰক ৬ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰা নহয়, তেন্তে তেওঁ ইয়াক পেলাব লাগিব |
03:26 | যদি মাকৰ ফ্ৰিজ এটা নাই তেন্তে স্তনৰ গাখীৰক ৬ ঘন্টালৈকে জমা ৰাখিব পাৰে ঘৰৰ এটা নিৰাপদ, ঠাণ্ডা আৰু আন্ধাৰ ঠাইত |
03:39 | যদি কোঠাটো গৰম হয়, তেওঁ স্তনৰ গাখীৰক জমা ৰাখিব পাৰে ঠাণ্ডা পানীৰে ভৰ্ত্তি হৈ মাটিত থোৱা পাত্ৰ এটাৰ কাষত বা ঠাণ্ডা পানীৰে ভৰ্ত্তি হৈ থকা পাত্ৰ এটাত |
03:51 | বিশুদ্ধ স্তনৰ গাখীৰত সংক্ৰমণৰে যুজিব পৰা ক্ষমতা থাকে |
03:58 | সেইবাবে ই গৰুৰ গাখীৰতকৈ অধিক সময়লৈকে অদূষিত হৈ থাকিব পাৰে |
04:03 | বিশুদ্ধ স্তনৰ গাখীৰত জীবাণু অতিকমেওঁ ৬ ঘন্টালৈকে বৃদ্ধি হ’বলৈ আৰম্ভ নকৰে, আনকি এটা গৰম জলবায়ুত আৰু ফ্ৰিজৰ বাহিৰত |
04:15 | ফ্ৰিজৰ বাহিৰত স্তনৰ গাখীৰ জমা ৰখাৰ আন এটা পদ্ধতি হৈছে এটা ঠাণ্ডা বেগ বা বক্স অতি নিম্নতাপত হিমায়িত কৰা বৰফৰ পেকৰ সৈতে ব্যৱ্হাৰ কৰি, যি প্ৰতি ২৪ ঘন্টাত সলাব লাগে |
04:27 | গাখীৰক বৰফৰ পেকৰ পৰা বচাব লাগিব বা ইয়াক ফ্ৰিজ কৰিব পাৰি |
04:33 | ঠাণ্ডা বেগটো লগতে গাখীৰ কঢ়িয়াবলৈ ব্যৱ্হাৰ কৰিব পাৰি |
04:38 | যদি স্তনৰ গাখীৰক ৭ দিনতকৈ অধিক সময়ৰ বাবে জমা ৰাখিব লাগে, মাকে ইয়াক সম্ভৱত বাহিৰ কৰাৰ লগে লগেই ফ্ৰিজ কৰিব লাগে |
04:49 | ফ্ৰিজ এটাৰ ফ্ৰিজাৰত গোটাকৈ ঠাণ্ডা কৰা গাখীৰ ২ সপ্তাহলৈকে ভাল হৈ থাকে |
04:56 | পৃথক ফ্ৰিজাৰ এটাত জমা ৰখা গাখীৰ ৩ৰ পৰা ৬ মাহলৈকে ভাল হৈ থাকে |
05:04 | যেতিয়া এই আগতে ঠাণ্ডা কৰা স্তনৰ গাখীৰক অশীতলীকৰণ কৰা হয় ইয়াক ফ্ৰিজৰ একেবাৰৰ তলৰ খলপত ৰাতিটো ৰাখি, ইয়াক ২৪ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰিব লাগে |
05:17 | আৰু যেতিয়া ইয়াক ফ্ৰিজৰ বাহিৰত ৰাখি অশীতলীকৰণ কৰা হয়, ইয়াক ২ ঘন্টাৰ ভিতৰত ব্যৱ্হাৰ কৰিব লাগে |
05:25 | আন টিউট’ৰিয়েলচত, আমি বৰ্ণনা কৰিছো কেনেকৈ জমা ৰখা স্তনৰ গাখীৰক শিশুটোৱে খাবৰ উপযোগীকৈ তৈয়াৰ কৰিব লাগে |
05:32 | আৰু, বাহিৰ কৰা স্তনৰ গাখীৰ শিশুটোক কেনেকৈ খুৱাব লাগে |
05:37 | এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ |