Git/C2/Overview-and-Installation-of-Git/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | গিতৰ অ’ভাৰভিউ আৰু ইনষ্টলেচনৰ (Overview and Installation of Git) স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System) গিত (Git) আৰু উবুন্তো লিনাক্স (Ubuntu Linux) আৰু উইণ্ড’চ (Windows) অপাৰেটিং চিষ্টেমত গিতৰ (Git) ইনষ্টলেচন |
00:17 | এই টিউট’ৰিয়েলটোৰ বাবে, আপোনাক এটা কাম কৰি থকা ইন্টাৰনেত (Internet) সংযোগ লাগিব |
00:22 | আপোনাৰ লগতে উবুন্তো লিনাক্স (Ubuntu Linux) বা উইণ্ড’চ (Windows) অপাৰেটিং চিষ্টেম থাকিব লাগিব |
00:28 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপুনি উল্লেখিত অপাৰেটিং চিষ্টেমসমূহৰ সৈতে পৰিচিত হ’ব লাগিব |
00:36 | প্ৰথমে, আহক আমি শিকো VCS অৰ্থাৎ ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System) কি হয় |
00:39 | ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System)টো এটা বেকআপ (backup) চিষ্টেমৰ দৰে হয় |
00:44 | ই দ’কোমেন্ত্চ, কম্পিউটাৰ প্ৰোগ্ৰামচ আৰু ওৱেব চাইতচৰ পৰিবৰ্ত্তনক নিয়ন্ত্ৰণ কৰে |
00:51 | আপুনি সময়ত যি কৰে ই তাৰ এটা ঐতিহাসিক ৰেকৰ্দ প্ৰদান কৰে |
00:55 | VCSক লগতে ৰিভিজন ক’নট্ৰ’ল (revision control), চৌৰ্চ ক’নট্ৰ’ল (source control) আৰু চৌৰ্চ ক’ড মেনেজমেন্ত(SCM) (Source Code Management) হিচাবে জনা যায় |
01:03 | VCSৰ কিছু উদাহৰণ হৈছে RCS, চাবভাৰ্চন (Subversion) আৰু বাজাৰ (Bazaar) |
01:11 | পাছত, আহক আমি গিতৰ (Git) সৈতে আৰম্ভ কৰো |
01:13 | গিত হৈছে এটা আবন্টিত ভাৰ্চন ক’নট্ৰ’ল চফটৱেৰ (version control software) |
01:16 | ই হৈছে এটা বিনামূলীয়া আৰু অ’পেন চৌৰ্চ চফটৱেৰ (open source software) |
01:19 | ই এটা ফাইল বা ফাইলচৰ সংহতিক কৰা পৰিবৰ্ত্তনৰ সবিশেষ ৰাখে |
01:24 | ই দেভেল’পাৰ্চক সমন্বিত সহযোগিতাৰে কাম কৰিবলৈ অনুমতি দিয়ে |
01:28 | ই প্ৰকল্পৰ ভাৰ্চনচ নিয়ন্ত্ৰণ আৰু জমা কৰে |
01:32 | ই প্ৰকল্পৰ অগ্ৰগতিৰ ইতিহাস অনুসৰণত সহায় কৰে |
01:37 | গিতৰ (Git) লক্ষণীয় বৈশিষ্ট্যসমূহ হৈছে: |
01:42 | আমি ঘূৰি যাব পাৰো আৰু আমাৰ কামৰ আগতীয়া ভাৰ্চনচ পুনৰউদ্ধাৰ কৰিব পাৰো |
01:47 | আমি সকলো পৰিবৰ্ত্তনৰ সম্পূৰ্ণ ইতিহাস চাব পাৰো |
01:52 | গিতে (Git) দিয়া পৰামৰ্শসমূহ ব্যৱ্হাৰ কৰি বিবাদ সহজে সাব্যস্ত কৰিব পাৰি |
01:58 | যদি দাতা হেৰাই, ইয়াক যিকোনো ক্লায়েন্ত ৰিপ’জিট’ৰিচৰ (client repositories) পৰা পুনৰ জমা কৰিব পাৰি |
02:05 | গিত (Git) ব্যৱ্হাৰ কৰিব পাৰে : * প্ৰোগ্ৰামাৰচ, ওৱেব দেভেল’পাৰচ, প্ৰজেক্ট মেনেজাৰচ, লিখক আৰু বহুলোকে |
02:14 | টেকস্ত ফাইলচ, চিতচ, দিজাইন ফাইলচ, দ্ৰইংচ ইত্যাদিৰ সৈতে কাম কৰা যিকোনো লোকে ভাৰ্চনচ অনুসৰণ কৰিবলৈ |
02:22 | এটা কাৰ্য্কলাপ বা প্ৰকল্পত সমন্বিত সহযোগিতাৰে কাম কৰা লোক |
02:28 | এতিয়া, আহক চাওঁ গিতে (Git) কেনেদৰে কাম কৰে |
02:31 | গিতে প্ৰকৃততে সম্পূৰ্ণ প্ৰকল্পৰ স্নেপচট (snapshot) এটা জমা কৰে |
02:36 | স্নেপচট (snapshot) টো সেই মূহুৰ্তত সকলো ফাইলৰ ফটো এখন লোৱাৰ দৰে সদৃশ |
02:42 | যদি কিছু ফাইলচৰ কোনো পৰিবৰ্ত্তন নহয়, গিতে সিহঁতক পুনৰ জমা নকৰে |
02:47 | ই সিহঁতক পূৰ্বৰ ভাৰ্চনলৈ সংযোজন কৰে |
02:50 | যদি অসফল হয়, দাতাটো স্নেপচট (snapshot) টোৰ পৰা পুনৰ জমা কৰা হয় |
02:56 | আহক মই এই অধ্যায়ত সামৰা কিছু বৈশিষ্ট্যৰ আভাস দেখুৱাও- |
03:01 | গিতৰ (Git) প্ৰধান কমান্ডচ (command) |
03:04 | গিত চেকআউত (git checkout) কমান্ড |
03:06 | গিতৰ (Git) পৰীক্ষা আৰু তুলনা |
03:09 | গিতত (Git) টেগিং (Tagging) |
03:11 | এই অধ্যায়ত, আমি লগতে শিকিম :
গিতত (Git) ব্ৰানচিং (Branching) ব্ৰানচ (branch) সমূহক নাইকীয়া আৰু মাৰজিং (Merging) কৰা আৰু ষ্টেচিং (Stashing) আৰু ক্লিনিং (Cleaning) |
03:22 | উবুন্তো লিনাক্সত (Ubuntu Linux) উবুন্তো চফটৱেৰ চেন্টাৰ ( Ubuntu Software Center) ব্যৱ্হাৰ কৰি গিত (Git) ইনষ্ট’ল কৰিব পাৰি |
03:27 | উবুন্তো চফটৱেৰ চেন্টাৰৰ (Ubuntu Software Center) সবিশেষৰ বাবে, এই ওৱেবচাইতত লিনাক্স টিউট’ৰিয়েলসমূহ ( "Linux" tutorials) চাওঁক |
03:35 | মই ইতিমধ্যে মোৰ চিষ্টেমত গিত (Git)ৰ ইনষ্ট’লেচন সম্পূৰ্ণ কৰিলো । এতিয়া, আহক আমি ইয়াক ভেৰিফাই কৰো |
03:42 | টাৰ্মিনেললৈ (terminal) যাওঁক আৰু লিখক : গিত স্পেছ হাইফেন হাইফেন ভাৰ্চন (git space hyphen hyphen version) আৰু এন্টাৰ (Enter) টিপক |
03:50 | আমি গিত (Git)ৰ ভাৰ্চন নাম্বাৰটো দৰ্শিত হোৱা দেখিছো |
03:53 | ই বুজায় যে গিত (Git) সফলভাবে ইনষ্ট’ল হ’ল |
03:57 | পাছত, আহক আমি Windows(উইন্দ’চ) OSত গিত (Git) ইনষ্ট’ল কৰিবলৈ শিকো |
04:01 | আপোনাৰ ওৱেব ব্ৰ’জাৰ খোলক আৰু www.git-scm.com লৈ যাওঁক |
04:09 | বাওঁফালে থকা দাউনল’দচ (Downloads) সংযোজনত টিপক |
04:13 | উইন্দ’চৰ (Windows) বাবে গিত (Git) দাউনল’দ কৰিবলৈ উইন্দ’চ (Windows) আইকনত টিপক |
04:17 | ছেভ এজ (Save As) দাইল’গ-বক্স আহিছে । ছেভ ফাইল (Save File) বুটামত টিপক |
04:22 | ইনষ্ট’লাৰ ফাইলটো (installer file) দিফল্ট দাউনল’দচ (Downloads) ফ’ল্দাৰত দাউনল’দ হ’ব |
04:26 | গিত (Git) ইনষ্ট’ল কৰিবলৈ "exe" ফাইলটোত দুবাৰ টিপক |
04:30 | অহা দাইল’গ-বক্সটোত, ৰানত ( Run ) আৰু তাৰপাছত ইয়েচত (Yes) টিপক |
04:35 | এতিয়া, নেকষ্টত (Next) টিপক । জেনেৰেল পাব্লিক লাইচেঞ্চ ("General Public License") পৃষ্টাটোত, নেকষ্টত (Next) টিপক |
04:41 | দিফল্ট ভাবে, গিত (Git) প্ৰোগ্ৰাম ফাইলচত (Programs files) ইনষ্ট’ল হয় । নেকষ্টত (Next) টিপক |
04:46 | আমি ইনষ্ট’ল কৰিবলৈ বিষয় বস্তু সমূহ নিৰ্বাচিত কৰিব পাৰো |
04:49 | এদিচ’নেল আইকনচ (Additional icons) চেকবক্সত টিপক |
04:52 | তাৰপাছত নেকষ্টত (Next) টিপক । পুনৰ নেকষ্টত (Next) টিপক |
04:57 | ইয়াত, আপুনি গিত (Git) কমান্ডচ ৰান কৰিবলৈ বিকল্পটো নিৰ্বাচিত কৰিব পাৰে |
05:00 | মই ইউজ গিত বেচ অনলি (Use Git Bash only) নিৰ্বাচিত কৰিম আৰু নেকষ্টত (Next) টিপিম |
05:04 | মই এই বিকল্পটো দিফল্ট হিচাবে ৰাখিম আৰু নেকষ্টত (Next) টিপিম |
05:09 | গিত (Git) ইনষ্ট’ল হৈছে । আপোনাৰ ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি ই কিছু মিনিট ল’ব পাৰে |
05:15 | ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ ফিনিচ (Finish) বুটামত টিপক |
05:19 | এতিয়া, স্বয়ংক্ৰিয় ভাবে গিত ৰিলিজ ন’টচ (Git Release Notes) খোল খাব । মই ইয়াক বন্ধ কৰো |
05:24 | আপুনি এটা চৰত-কাত (short-cut) আইকন গিত বেচ (Git Bash) দেখিব, দেক্সট’পত (Desktop) নিৰ্মান হোৱা । ইয়াক খুলিবলৈ দুবাৰ টিপক |
05:32 | অথবা, আপুনি টিপিব পাৰে ষ্টাৰ্ট মেনু >> অল প্ৰোগ্ৰামচ >> গিত( 'Start' menu >> All programs >> Git) আৰু তাৰপাছত গিত বেচত (Git Bash) টিপক |
05:41 | এতিয়া গিত বেচ (Git Bash) খোল খাব |
05:44 | ই গিতৰ (Git) ইনষ্ট’ল হৈ থকা ভাৰ্চন নাম্বাৰটো দেখুৱায় |
05:48 | গতিকে, আমি জানিলো যে গিত (Git) সফলভাবে ইনষ্ট’ল হ’ল |
05:51 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
05:55 | আহক মূলভাব চাওঁ ।
এই টিউট’ৰিয়েলটোত, আমি শিকিলো : ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System) গিত (Git) আৰু উবুন্তো লিনাক্স (Ubuntu Linux) আৰু উইণ্ড’চ (Windows) অপাৰেটিং চিষ্টেমত গিতৰ (Git) ইনষ্ট’লেচন |
06:10 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
06:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
06:29 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান । এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
06:41 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |