GIMP/C2/The-Curves-Tool/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:25 Meet The GIMP ৰ স্পোকেন টিউতোৰিয়েললৈ স্বাগতম জনাইছো।
00:33 এতিয়া আজিৰ তিউতৰিয়েলতোৰ সৈতে আৰম্ভ কৰা যাওক ।
00:35 এইতো কাৰ্ভৰ বিষয়ে হয় ।
00:37 প্ৰ্থমতে মোক তুল বক্সত কাৰ্ভ তুলডাল সক্ৰিয় কৰি লবলৈ দিয়ক আৰু তাৰ পাছত ছবিখনত ক্লিক কৰক ।
00:44 আপোনালোকে দেখিছে যে কাৰ্ভ তুলত এটা হিষ্টোগ্ৰাম আছে আৰু ইয়াত ধূষৰ বৰনৰ মাপনিৰ সৈতে দুডাল দণ্ড আছে ।
00:58 তাৰ পাছত কাৰ্ভতুলত কিছুমান বাটাম নিৰ্বাচন কৰিবলৈ আছে যেনে প্ৰিভিউ,চেভ,অপেন অন্যান্য।
01:06 কিন্তু এতিয়াৰ কাৰনে আমি কাৰ্ভ তুলৰ ধুষৰ বৰনৰ মাপনিৰ ওপৰত মনজোগ দিম ।
01:11 ইয়াত এই দণ্ডই মূল ছবিখনৰ বিভিন্ন ৰঙৰ পৰিসৰ দেখাইছে ।
01:20 আৰু এই দণ্ডত আমি কিছুমান পিক্সেল পাইছো যিবোৰ আচলতে গাঢ় আৰু কিছুমান পিক্সেল পাইছো যিবোৰ আচলতে উজ্জ্বল আৰু মধ্যস্ততাত গাঢ়ৰ পৰা পাতললৈ পিক্সেল কিছুমান আছে ।
01:33 ইয়াত এই পথালি দণ্ডদাল ২৫৬ টা বিভিন্ন আভাসী ৰঙেৰে গঠিত হৈ আছে
01:39 এই দণ্ডত প্ৰাৰম্ভিক বিন্দুতো শুন্য হয় যিটো হৈছে ক’লা বৰনৰ আৰু অন্তিম বিন্দুতো ২৫৫ হয় যিটো হৈছে ব’গা বৰনৰ ।
01:49 আৰু উদাহৰন স্বৰূপে এইটো ইয়াত ১৮৪ ধুসৰ বৰনৰ হয় ।
01:53 এই ছবিখনে বহুত ৰং গঠন কৰিছে আৰু মই আপোনালোকক ইয়াত বিভিন্ন ধৰনৰ ৰং চেনেল পৰিবৰ্তন কৰি দেখাব পাৰো ।
02:01 কালাৰ চেনেলত ৰঙা ৰঙটো নিৰ্বাচন কৰা যাওক আৰু আপোনালোকে ছবিখনত ৰঙা ৰঙৰ আভাস দেখা পাইছে ।
02:07 তেনেধৰনেৰে আপোনালোকে এইটো সেউজীয়া আৰু নীলা ৰঙলৈ পৰিবৰ্তন কৰিব পাৰে স্ব স্ব ৰঙৰ আভাস পাবলৈ ।
02:14 আৰু এই ছবিখনত এইটো বেছি আচৰিত নহয় যে সেউজীয়া চেনেলটো প্ৰ্ভাৱশালী চেনেল হয় যাৰ ভিতৰত যথেষ্ঠ পৰিমান আছে ।
02:24 এতিয়া ৰিচেট চেনেলত ক্লিক কৰক ।
02:27 হিষ্টোগ্ৰামৰ কাৰ্ভদাল প্ৰত্যক বৰ্নপ্ৰভাবৰ বাহিৰেও পিক্সেলতোৰ গননা হয় যিটোৰ উজ্জ্ব্লতা আছে ।
02:38 আৰু আমাৰ ইয়াত এটা ঠাই আছে য’ত প্ৰায় একে নম্বৰৰ পিক্সেল এই মূৰৰ আৰু দণ্ডদালত এই মূৰৰ সৈতে আছে ।
02:49 হিষ্টোগ্ৰামতোয়ে দেখাইছে যে ইয়াত এইতো সকলোতকৈ উচ্চ ৰঙৰ পৰিসৰ ।
02:56 যেতিয়া কাৰ্ভ তুল সক্ৰিয় হৈ থাকিব আপোনালোকে ছবিখনৰ ভিতৰত যাওক আৰু মাউচৰ কাৰ্চাৰদাল সৰু দ্ৰ্পাৰলৈ পৰিবৰ্তন হব, মই যেতিয়া ইয়াত ক্লিক কৰিম, হিষ্টোগ্ৰামত থকা ৰেখাদাল সেই বিন্দুলৈ স্থানান্তৰিত হব ।
03:10 আপোনালোকে ছবিখনৰ ভিতৰত ক্লিক কৰিব পাৰে আৰু চাৰিওফালে কোনতো বৰ্নপ্ৰ্ভাব ছবিখনৰ ক’ত আছে জানিবলৈ ঘূৰিব পাৰে ।
03:18 এতিয়া আমি ইয়াত পথালি দণ্ড আগুৰিছো।
03:22 আৰু ইয়াত এইতো উৎপাদন কাৰ্য হয় ।
03:26 আৰু ইয়াতো ২৫৬ টা বিভিন্ন পৰিমান আছে আৰু সেইবোৰে ছবিখন গঠন কৰিছে ।
03:33 পথালি দণ্ডই সেই তথ্য অন্তৰ্ভূক্ত কৰে যিটো কাৰ্ভৰ ভিতৰত ৰখা হয় আৰু লম্বীয় দণ্ডই তথ্য অন্তৰ্ভূক্ত কৰে যিটো বাহিৰত ৰখা হয় ।
03:44 এই মধ্য ৰেখাই যিয়ে গ্ৰাফ অতিক্ৰম কৰিছে অনুবাদিত ক্ৰিয়া –কলাপ হয়।
03:53 মই যেতিয়া মাজৰ ধুসৰ বৰনৰ পৰা অনুবাদিত কাৰ্ভলৈ ওপৰলৈ যাম আৰু তাৰ পাছত মই বাওফালত যেতিয়া লম্বীয় দণ্ডলৈ যাম মই আকৌ মাজৰ ধূসৰ বৰন স্পৰ্শ কৰিম ।
04:04 মই এই কাৰ্ভদাল মই বিচৰা ধৰনে তানিব পাৰো আৰু মই যেতিয়া ইয়াক তলৰ পিনে তানি আনো আপোনালোকে দেখা পাব যে ছবিখন গাঢ় হবলৈ ধৰিছে ।
04:13 আৰু এতিয়া মই যেতিয়া মাজৰ ধূসৰ বৰনৰ পৰা কাৰ্ভলৈ ওপৰলৈ যাও আৰু পাচত বাওফাললৈ যাও,মই গাঢ় ধূসৰ বৰনত নামি পৰো ।
04:23 আপোনালোকে ইয়াত দেখা পাইছে যে তলৰ দণ্ডদাল ইয়াৰ আচল মুলধন হয় আৰু লম্বীয় দণ্ড কাৰ্ভ তুলৰ ফলাফল হয় ।
04:34 মই এই কাৰ্ভ বিভিন্ন ধৰনেৰে পৰিবৰ্তন কৰিব পাৰো,যাৰ প্ৰায় কোনো সীমাবদ্ধতা নাই ।
04:43 এটা সীমাবদ্ধতা হৈছে যে মই কাৰ্ভদাল পিচফাললৈ তানিব নোৱাৰো আৰু মই সেইটো কৰিলে সেই মূহুৰ্তত কাৰ্ভ তুলৰ বিন্দুটো হেৰাবলগীয়া হয় ।
04:53 কিন্তু মই যদি ছবিখনত কোনো উজ্জ্ব্ল পিক্সেল চাব নিবিচাৰো ,গতিকে মই আটাইবোৰ বিন্দু তললৈ তানি আনিম আৰু তাৰ পাছত ছবিখন প্ৰায় ক’লা হব ।
05:10 মাত্ৰ এই বিন্দুতো ইয়াত ওপৰলৈ তানি আনক আৰু আপোনালোকে ইয়াত কিছুমান উজ্জ্ব্ল বস্তু পাব ।
05:17 আপোনালোকে বছৰ আগত ফেচনত থকা ছবিবোৰৰ দৰে নপোৱালৈকে আপোনালোকে কাৰ্ভতুলৰ সৈতে খেলিব পাৰে।
05:28 ৰিচেত বাটানত ক্লিক কৰি আমি কাৰ্ভদাল পূনৰ আৰম্ভ কৰিব পাৰো আৰু আচল কাৰ্ভদাল পাব পাৰো ।
05:34 কাৰ্ভ তুলত কিছুমান আৰু বাটান আছে যেনে লিনিয়াৰ মোদ আৰু লোগাৰিথিমিক মোদ।
05:42 লোগাৰিথমিক মোদত আপোনালোকে সৰু পৰিমান ওপৰৰ পিনে উঠি থকা পাব ।
05:49 ইয়াত লিনিয়াৰ মোদত এই ৰেখাৰ দুটা পৰিমান আছে ইয়াত এই লাইনটোৰ পৰা ।
05:56 ল’গাৰিথিমিক মোদত এই ৰেখাদাল ১,এইদাল ১০,এইদাল ১০০ আৰু এইদাল ১০০০ হব পাৰে ।
06:06 প্ৰ্ত্যক পদক্ষেপে আপোনালোকক ১০ গুন বেছি পৰিমান দিব আৰু ইয়াৰ সৈতে আপোনালোকে সৰু পিক্সেলবোৰ দেখা পাব যিবোৰ লিনিয়াৰ মোদত লুকাই আছে ।
06:17 আপোনালোকে এইটো এই কোনত দেখা পাব,যদি ২৫০ তকৈ বেচি পৰিমান থকা পিক্সেলবোৰ থাকে আপোনালোকে কব নোৱাৰিব ।
06:27 কিন্তু ল’গাৰিথিমিকত,আপোনালোকে দেখিছে যে আমাৰ সম্পূৰ্ন পৰিসৰৰ তকৈও বেচি ছবিখনৰ পিক্সেলবোৰ আছে।
06:40 তাৰ পাছত ইয়াত এটা কাৰ্ভ তাইপ নামেৰে চুইছ আছে, এতিয়ালৈকে মই ইয়াত তুলাতো ৱ্যবহাৰ কৰিছো য’ত কাৰ্ভদালে বক্ৰপথ পাইছে আৰু মই যেতিয়া কাৰ্ভৰ ধৰন পৰিবৰ্তন কৰিম মই দৰাচলতে কাৰ্ভদালহে ৰং কৰিছো আৰু সচাকৈয়ে হাহী উঠা বস্তু কিছুমান পাম যিবোৰ মই এতিয়ালৈকে কেতিয়াও ৱ্যবহাৰ কৰা নাই ।
07:12 তাৰ পাছত চেভ আৰু অপেন দাইল’গ বাটান আছে ।
07:17 আপোনালোকে যেতিয়া কাৰ্ভ পৰিবৰ্তন কৰা শেষ কৰিলে অপোনালোকে ইয়াক ভৱিষ্যতৰ ৱ্যবহাৰৰ বাবে সংৰক্ষন কৰিব পাৰে আৰু যেতিয়াই বিচাৰে তেতিয়া মনত কৰিব পাৰে ।
07:28 মই এজন মানুহক জানো যিয়ে বিয়াৰ ফোটো বহুত উঠাই আৰু তেওৰ বিশেষ উজ্জ্ব্ল বৰ্ন বিশিষ্ট কাৰ্ভ আছে যাৰ ব’গা ৰঙত বিৰাট ধূনীয়া স্বৰ আছে ব’গা ৰঙৰ সাজ-পোচাকলৈ গঠন দিবলৈ ।
07:42 মই এই ছবিখনত কাৰ্ভ তুল কেনেকৈ ৱ্যবহাৰ কৰিব লাগে ।
07:47 মই ছবিখনৰ অন্ধকাৰ অংশটো আৰু বেচি অন্ধকাৰ হোৱাতো বিচাৰো ।
07:52 মই মধ্য সীমা যেনেকৈ আছে তেনেকৈ ৰাখিব বিচাৰো আৰু মই উজ্জ্বল অংশটো আৰু বেছি উজ্জ্বল হোৱাতো বিচাৰো ।
08:00 আৰু এইতো কৰাৰ বাবে মই ভাবো মই ‘এচ’(‘S’) কাৰ্ভ ৱ্যবহাৰ কৰিম ।
08:06 মই মাত্ৰ কাৰ্ভদালৰ তলৰ অংশটো আৰু অলপ তললৈ তানি আনিম আৰু আপোনালোকে দেখিব যে অন্ধকাৰ অংশটো আৰু বেছি অন্ধকাৰ হৈছে আৰু মই উজ্জ্ব্ল অংশটোলৈ যাম আৰু কাৰ্ভদাল ওপৰলৈ থেলি দিম আৰু উজ্জ্ব্ল অংশটো আৰু বেছি উজ্জ্বল বনাম।
08:25 আপোনালোকে কাৰ্ভদাল আৰু বেছি উজ্জ্বলতাৰ বাবে অলপ ওপৰলৈ তানি আনিব পাৰে ।
08:39 মই যেতিয়া ওক( OK)ত ক্লিক কৰিলে কাৰ্ভৰ পৰিমান সংৰক্ষন হৈ যাব ।
08:44 আৰু মই যেতিয়া এই পদ্ধতিতো ইয়াত পূৰ্নাবৃত্তি কৰিম,আপোনালোকে দেখিব যে হিষ্ট’গ্ৰামতো পৰিবৰ্তন হৈ গৈছে ।
08:52 ইয়াৰ মাজত পিক্সেলৰ সৈতে কোনো পৰিমান নাই আৰু মই যেতিয়া ল’গাৰিথিমিক মোদত ক্লিক কৰিম,তাতো আপোনালোকে দেখিব যে কিছুমান পিক্সেলৰ বাবে কোনো পৰিমান নাই ।
09:04 আপোনালোকে কাৰ্ভতুল ৱ্যবহাৰ কৰাৰ প্ৰতিতো সময়তে,আপোনালোকে ছবিখনত কিছুমান পিক্সেল হেৰাইছে ।
09:12 গতিকে কাৰ্ভৰ ক্ৰিয়া তাৰ বিপৰিত কৰি যিটো হৈছে ইয়াত কাৰ্ভদাল ওপৰলৈ তানি আৰু ইয়াত তললৈ তানি নোহোৱা কৰিবলৈ চেষ্ঠা নকৰিব ।
09:24 ওক (OK)ত ক্লিক কৰক আৰু এতিয়া আপোনালোকে দেখা পাব যে এইতো বেয়াৰ পৰা বেয়ালৈ গৈছে আৰু আপোনালোকে ছবিখন ৰঙৰ থূপৰ সৈতে সমাপ্ত কৰিব ।
09:38 গতিকে কাৰ্ভতুলদাল মাত্ৰ এটা পৰিবৰ্তনৰ বাবে ৱ্যবহাৰ কৰক আৰু ইয়াক সাবধানে ৱ্যবহাৰ কৰক নহলে ছবিখনত পিক্সেলবোৰ হেৰাই সমাপ্ত কৰিব লাগিব আৰু আপোনালোকে এখন ছবি পাব য’ত ৰঙবোৰ থূপ হৈ থাকিব ।
09:56 মই ভাবো এই তিউতৰিয়েলতোৰ বাবে এইখিনিয়ে যথেষ্ঠ আছিল ।
10:01 আৰু মই আশা কৰিছো আপোনালোকক পৰৱৰ্তি তিউতৰিয়েলাত দেখা পাম বুলি ।
10:08 আপোনালোকে যদি মতামত পঠাব বিচাৰে,অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক আৰু মই আপোনালোকৰৰ পৰা শুনিবলৈ ভাল পাম গতিকে মোৰ ব্ল’গত মতামত এৰক ।
10:23 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi