GIMP/C2/Selective-Sharpening/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:21 নমস্কাৰ দৰ্শক সকল. Meet The GIMP-ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:26 আজি মই চিলেক্‌টিভ শ্বাৰ্পেনিং সম্পৰ্কত শিকাব বিচাৰিছোঁ।
00:31 কেমেৰাৰে গ্ৰহণ কৰা ডিজিটেল ছবিবিলাক শ্বাৰ্প কৰিব লগা হয়, যিহেতু সেইবিলাক খুব দৃষ্টিনন্দন (crisp) হৈ নাথাকে, বিশেষকৈ যেতিয়া আপুনি raw ছবি গ্ৰহণ কৰে আৰু কেমেৰাৰ প্ৰচেচৰক ছবি শ্বাৰ্প কৰিবলৈ দিয়া নাথাকে।
00:48 কিন্তু যেতিয়া আপুনি GIMP ব্যৱহাৰ কৰি নিজে এইটো কৰে, তেতিয়া আপুনি শ্বাৰ্পেনিং নিজে নিয়ন্ত্ৰণ কৰিব পাৰে। আজিৰ টিউটৰিয়েলত এয়া কেনেকৈ কৰা হয়, সেয়া মই দেখুৱাম।
01:02 ইয়াত থকা এই ছবিখন মন কৰক।
01:06 এই ছবিখনৰ পিছফালে (প্ৰেক্ষাপট/ background) থকা ৱায়াৰ নেটখন বৃহৎ আনশ্বাৰ্প এলেকা হৈ আছে আৰু ইয়াত থকা ফুলপাহ কিছু পৰিমাণে শ্বাৰ্প হৈ আছে।
01:17 মই ফুলপাহ আৰু অলপ বেছি শ্বাৰ্প কৰিব বিচাৰোঁ আৰু পিছফালটো যেনেকৈ আছে, তেনেকৈয়ে ৰাখিব বিচাৰোঁ।
01:25 কিন্তু তাৰ আগতে, মই কিয় পিছফালটো শ্বাৰ্প কৰিব নিবিচাৰোঁ, সেইটো দেখুৱাই ল’ব বিচাৰোঁ।
01:31 এইখিনি বৰ্তমান আনশ্বাৰ্প হৈ আছে আৰু সামান্য শ্বাৰ্প কৰিলে একো ক্ষতি নহয়
01:37 গতিকে মই টুলবাৰত থকা ফিল্টাৰচ্‌-ত ক্লিক কৰি শ্বাৰ্পেন টুল বাছনি কৰিম আৰু শ্বাৰ্পনেছ শ্লাইডাৰখন ওপৰলৈ টানি নিম আৰু আপুনি দেখা পাব যে ছবিৰ পিছফালটোৰ মৌলিকতা (originality) নষ্ট হৈ গৈছে।
01:52 কিন্তু যদি আপুনি ইয়ালৈ লক্ষ্য কৰে আৰু মই শ্বাৰ্পেন টুলটো ইয়াত ধৰোঁ, আৰু যেতিয়া মই শ্লাইডাৰডাল একেবাৰে সৰ্বোচ্চ মানটোলৈ লৈ যাওঁ, তেতিয়া ছবিখন নাইকিয়া হৈ পৰে।
02:03 গতিকে আনশ্বাৰ্পড এলেকা বা ৰং ভৰি থকা আৰু কোনো ধৰণৰ ডিটেইলচ নথকা এলেকা শ্বাৰ্প কৰিলে ছবিখন নষ্ট হৈ যায়। এইটো হোৱাৰ কাৰণ হ’ল ছবিখনৰ শ্বাৰ্প কৰিব নলগীয়া ৰংবোৰো শ্বাৰ্প হৈ যায়।
02:21 গতিকে মই বাছনি কৰি কৰা চিলেক্টিভ শ্বাৰ্পেনিঙৰ পদ্ধতিৰ বিষয়ে ক’ম, যিটোৱে ছবিখন নষ্ট কৰি নেপেলায়।
02:29 চিলেক্টিভ শ্বাৰ্পেনিং কৰিবলৈ মই লেয়াৰ ব্যৱহাৰ কৰিম।
02:35 এইবাৰ মই সাধাৰণভাৱে বেকগ্ৰাউণ্ড লেয়াৰৰ এটা প্ৰতিলিপি কৰিম আৰু ইয়াক শ্বাৰ্পেন বুলি নাম দিম।
02:43 এতিয়া মই শ্বাৰ্পেন লেয়াৰত এটা লেয়াৰ মাস্ক যোগ দিম আৰু লেয়াৰ মাস্ক হিচাপে লেয়াৰটোৰ গ্ৰে স্কেল কপিটো বাছনি কৰিম আৰু এড অপশ্যনত ক্লিক কৰিম। আপুনি দেখা পাইছে যে কোনো পৰিৱৰ্তন হোৱা নাই, কাৰণ লেয়াৰ মোড নৰ্মেল হৈ আছে।
03:07 কিন্তু যেতিয়া মই আচল বেকগ্ৰাউণ্ড লেয়াৰটো বাছনিমুক্ত কৰিম, তেতিয়া আপুনি দেখা পাব যে ছবিখনৰ কেৱল উজ্জ্বল অংশখিনিহে দৃশ্যমান হৈ আছে।
03:19 আৰু যদি আপোনাৰ মনত আছে, লেয়াৰ মাস্কৰ বগাই উজ্জ্বল অংশ উন্মুক্ত কৰে আৰু ক’লাই লুকুৱায় আৰু ইয়াত আপুনি ইয়াত দেখা পাইছে যে লেয়াৰ মাস্কৰ বেছিভাগেই ডাঠ ৰঙৰ, গতিকে সেইবিলাক লুকাই আছে আৰু উজ্জ্বলখিনি দৃশ্যমান হৈ আছে।
03:36 এতিয়া, যেতিয়া মই লেয়াৰ মাস্কটোত শ্বাৰ্পেনিং এলগ’ৰিথিম ব্যৱহাৰ কৰিম, কেৱল ফুলপাহহে শ্বাৰ্পেণ্ড হ’ব।
03:43 আৰু মই পাতৰ অংশখিনিও শ্বাৰ্পেন কৰিব বিচাৰোঁ।
03:48 আৰু শ্বাৰ্পেন কৰা ছবিখনৰ ফুলপাহত মই বগা অংশটো থকা নিবিচাৰোঁ, মই কেৱল ফাইন ডিটেইলছ্‌হে বিচাৰোঁ।
03:57 সেয়া কৰিবৰ কাৰণে মই দ্বিতীয়টো ফিল্টাৰ অৰ্থাৎ Edge Detect ব্যৱহাৰ কৰিম।
04:04 এইটো হৈছে সেই অলগৰিথিম, যিটোৱে ছবিৰ মাজৰ উজ্জ্বল আৰু অনুজ্জ্বল (dull) অংশ বিচৰাত সহায় কৰে আৰু সেইবিলাকত বগা লাইন তৈয়াৰ কৰি উন্নত কৰি তোলে।
04:20 আপুনি এই বিকল্পবিলাক (options) সেইবিলাক যিদৰে আছে, সেইদৰেই এৰি দিব পাৰে; কাৰণ এই এলগৰিথিমবিলাকৰ মাজত খুব বেছি পাৰ্থক্য নাই। কিন্তু মই পৰিমাণৰ মানটো 4-লৈ বঢ়াই দিম আৰু পিভিউটো লক্ষ্য কৰিম।
04:41 আপুনি প্ৰেক্ষাপটত দেখা পাব যে ইয়াত কম পৰিমাণেহে নক্সা (structure) আছে আৰু উজ্জ্বল অংশটোত ডাঠ আকাৰৰ বগা লাইন আছে।
04:54 মই অ’কেত ক্লিক কৰিম আৰু ছবিখনত এলগৰিথিম প্ৰয়োগ হোৱালৈ বাট চাম।
05:06 ই কাম কৰিলে আৰু এতিয়া প্ৰতিটো প্ৰান্ত (edge)ৰ এখন বগা পেইণ্টিং পোৱা গৈছে।
05:15 1 টিপি মই ছবিখন জুম কৰিম আৰু আপুনি দেখা পাব যে ইয়াৰ প্ৰত্যেকটো উজ্জ্বল অংশতে এতিয়া একোটা বগা বৰ্ডাৰ আৰু বগা লাইন আছে আৰু বাকী সকলো অংশ প্ৰায় ক’লা হৈ আছে।
05:43 যেতিয়া মই লেয়াৰ মাস্ক আৰু বেকগ্ৰাউণ্ড লেয়াৰ চুইছ অফ কৰিম, তেতিয়া আপুনি কেৱল ফুলপাহৰ প্ৰান্তীয় (edge) অংশ অৰ্থাৎ উজ্জ্বল অংশহে দৃশ্যমান হৈ থকা দেখা পাব।
05:57 এতিয়া মই বেকগ্ৰাউণ্ডৰ ৰং আৰু ফুলপাহৰ ৰঙত প্ৰভাৱ নেপেলোৱাকৈ ফুলপাহৰ প্ৰান্তীয় অংশ শ্বাৰ্প কৰিব পাৰোঁ।
06:08 কিন্তু ই বোকাময় বেকগ্ৰাউণ্ডত উজ্জ্বল ৰেখাৰ নিচিনা এটা আচৰিত এফেক্ট দিব।
06:20 আৰু ইয়াক নোহোৱা কৰিবলৈ এই লেয়াৰটোত ব্লাৰ নামৰ আন এটা ফিল্টাৰ ব্যৱহাৰ কৰিম।
06:28 মই লেয়াৰ মাস্ক বাছনি কৰিম আৰু বগা লাইন কিছু পৰিমাণে নোহোৱা কৰিবলৈ Gaussian blur ব্যৱহাৰ কৰিম আৰু আনুভূমিক ব্লাৰ ৰেডিয়াছৰ পৰিমাণ কিছু বৃদ্ধি কৰিম, ধৰা হওক ৮লৈকে বৃদ্ধি কৰিম আৰু অ’কেত ক্লিক কৰিম।
06:46 ফিল্টাৰটো সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰক আৰু এতিয়া আপুনি দেখা পাইছে যে ফুলপাহৰ প্ৰান্তটো কিছু পৰিমাণে মিহি হৈ পৰিছে। মই ভাবোঁ যে ছবিখনত আৰু অলপ কনট্ৰাষ্টৰ প্ৰয়োজন আছে।
06:59 গতিকে মই কাৰ্ভ টুল বাছনি কৰি কাৰ্ভবোৰ পাবৰ বাবে ছবিখনত ক্লিক কৰিম আৰু কাৰ্ভডাল অলপ তললৈ টানি দিম যাতে ডাঠ অংশবোৰ অধিক ডাঠ হয় আৰু উজ্জ্বল অংশবোৰ অধিক উজ্জ্বল হোৱাকৈ টানি দিম যাতে বগা অংশবোৰ অধিক বগা হৈ পৰে।
07:15 অ’কেত ক্লিক কৰক আৰু এতিয়া আমি ডাঠ বগা লাইন কিছুমান পাম য’ত শ্বাৰ্পেনিঙৰ প্ৰয়োজন আছে আৰু ক’লা অংশ পাম য’ত শ্বাৰ্পেনিঙৰ প্ৰয়োজন নাই।
07:30 মই ক’লা অংশত কাম কৰিব পাৰোঁ কিন্তু ই কোনো ধৰণৰ এফেক্ট নেদেখুৱায়।
07:37 এতিয়া মই ইয়াত লেয়াৰ মাস্ক নিষ্ক্ৰিয় কৰিম আৰু গোটেই ছবিখন চাবৰ বাবে Shift + Ctrl + E টিপিম।
07:47 এতিয়া আপুনি গম পালে যে গোটেইখন ছবি চাবৰ বাবে Shift + Ctrl + E টিপিব লাগে।
07:51 যেতিয়া মই মূল বেকগ্ৰাউণ্ড লেয়াৰ নিষ্ক্ৰিয় কৰোঁ, তেতিয়া ছবিখনত প্ৰায় একোৱেই দেখা নাযায়।
07:57 যেতিয়া বগা লেয়াৰ ফিল টাইপৰে এটা নতুন লেয়াৰ যোগ কৰা হয় আৰু অ’কে প্ৰেছ কৰা হয়, তেতিয়া কি ঘটিব মই ব্যাখ্যা কৰিব বিচাৰিছোঁ।
08.06 এতিয়া আপুনি শ্বাৰ্পেন কৰিব লগীয়া এলেকাবোৰ দেখা পাইছে।
08:10 এতিয়া এই ছবিখন শ্বাৰ্পেন কৰা যাওক। মই টুল বাৰৰ ফিল্টাৰচত ক্লিক কৰিম আৰু Enhance and select sharpen বাছনি কৰিম।
08:25 ফুলপাহৰ য’ত শ্বাৰ্পেনিং কৰিব লাগিব তালৈ যাওক আৰু লক্ষ্য কৰক যে শ্বাৰ্পেন লেয়াৰ চিলেক্ট হৈ আছে, যিহেতু বগা লেয়াৰত একো শ্বাৰ্পেন কৰিবলগীয়া নাই।
08:37 গতিকে শ্বাৰ্পেন লেয়াৰ বাছনি কৰক, তাৰ পাছত ফিল্টাৰ আৰু ৰি-শ্ব’ শ্বাৰ্পেন আৰু ইয়াত আপুনি ফুলপাহ দেখা পাব আৰু এতিয়া মই এটা ভাল শ্বাৰ্পেন্ড ছবি পোৱালৈকে শ্বাৰ্পনেছ শ্লাইডাৰডাল ওপৰলৈ টানি দিম।
08:55 আৰু তাৰ পাছত অ’কে প্ৰেছ কৰক আৰু এলগৰিথিমটোৱে কাম কৰালৈকে অপেক্ষা কৰক।
09:01 ই কাম কৰিলে।
09:04 আৰু এতিয়া আপুনি দেখা পাব যে লাইনবিলাকত অধিক স্পষ্টতা আহিছে।
09:09 এতিয়া এই বগা লেয়াৰটো ছুইশ্ব অফ কৰা যাওক আৰু গোটেই ছবিখন চোৱা যাওক।
09:16 শ্বাৰ্পেন লেয়াৰটো ছুইশ্ব অফ কৰক, কিন্তু এই পৰিমাণৰ বিবৰ্ধনত (magnification) সাল-সলনিবোৰ দেখা পোৱা হোৱা নাই।
09:23 গতিকে ছবিখন মই জুম কৰিম।
09:27 মই ভাবোঁ যে এফেক্টটো আপুনি ভালকৈ দেখা পাইছে।
09:31 যেতিয়া মই শ্বাৰ্পেন লেয়াৰটো অন কৰো তেতিয়া আপুনি শ্বাৰ্পেণ্ড ছবিখন দেখা পায় আৰু যেতিয়া ইয়াক অফ কৰোঁ, তেতিয়া ছবিখন শ্বাৰ্পেণ্ড নোহোৱা হৈ পৰে।
09:40 অপেচিটি শ্লাইডাৰৰ সহায়ত এফেক্টৰ পৰিমাণ মই নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
09:47 এতিয়া মই বেকগ্ৰাউণ্ডটো পৰীক্ষা কৰিম আৰু আপুনি দেখা পাইছে যে মই ইয়াৰ কোনো ক্ষতি কৰা নাই।
09:54 এতিয়া মই কিছু ফাইন টিউনিং কৰিম।
10:10 আৰু মই ছবিখনত বেছিকৈ শ্বাৰ্পেণ্ড হোৱা আৰু ভালকৈ শ্বাৰ্পেণ্ড নোহোৱা এলেকা বিচাৰিম।
10:20 ফুলপাহ আৰু বেকগ্ৰাউণ্ডৰ সীমাটো খুব ভালকৈ শ্বাৰ্পেণ্ড হৈছে আৰু ইয়াত কোনো অতিৰিক্ত এফেক্ট নাই।
10:30 কিন্তু যেতিয়া মই ফুলপাহৰ ভিতৰটো চাওঁ, এই অংশটো অলপ কৃত্ৰিম যেন দেখা গৈছে আৰু এই অংশটো নিশ্চিতভাৱে বেছি শ্বাৰ্পেণ্ড হৈছে।
10:41 আৰু এই ফুলৰ চুপহিটো ভালকৈ শ্বাৰ্প হোৱা নাই, কাৰণ এজ্ ডিটেক্ট এলগৰিথিমে ইয়াত কোনো প্ৰান্ত (edge) বিচাৰি নাপালে।
10:52 কিন্তু ইয়াত যিহেতু কিছুমান প্ৰান্ত আছে, গতিকে এই অংশটো মই লেভেলচ্ টুল বা কাৰ্ভচ্ টুলৰ সহায়ত কিছু পৰিমাণে উন্নত কৰাটো উচিত হ’ব।
11:06 শ্বাৰ্পেনিং আপোনাৰ কাৰ্য তালিকাৰ একেবাৰে শেষৰ কাম হ’ব লাগে।
11:11 ঠিক আছে, সেই সম্পৰ্কে মই পাছত ক’ম।
11:16 এতিয়া মই এই অংশটোৰ শ্বাৰ্পনেছ কিছু পৰিমাণে কম কৰিম।
11:21 এয়া কৰা সহজ, মাত্ৰ নিশ্চিত কৰক যে আপুনি শ্বাৰ্পেন লেয়াৰটো বাছনি কৰিছে। ব্ৰাছ টুল লওক।
11:30 কোমল প্ৰান্তৰ এটা ব্ৰাছ বাছনি কৰক আৰু স্কেল শ্লাইডাৰ টানি এই কামটোৰ বাবে উপযুক্ত হোৱাকৈ ব্ৰাছডাল ডাঙৰ কৰি লওক। এতিয়া ক’লা ৰং বাছনি কৰক, কাৰণ আপুনি জানে যে ক’লাই লুকুৱায় আৰু বগাই মুকলি কৰে।
11:53 ব্ৰাছডালৰ অপেচিটি শ্লাইডাৰ টানক, যাতে ই ধৰক ২০% হয়।
12:03 যেতিয়া মই ব্ৰাছডাল চলাওঁ আৰু পেইণ্টিং কৰিবলৈ আৰম্ভ কৰোঁ, লক্ষ্য কৰক যে শ্বাৰ্পেনিং কমি গৈছে।
12:14 ইয়াত আচলতে কি ঘটিছে সেইটো মই আপোনাক লেয়াৰ মাস্কৰ সহায়ত দেখুৱাব পাৰোঁ।
12:21 মই লেয়াৰ মাস্ক অন কৰিম আৰু যেতিয়া মই বগা অংশৰ ওপৰত পেইণ্ট কৰোঁ, ই অধিক ডাঠ হৈ পৰে।
12:36 কিন্তু যেতিয়া মই লেয়াৰ মাস্ক অফ কৰোঁ, তেতিয়া মই ছবিখন দেখা পাওঁ আৰু মোৰ কামৰ ফলাফলো দেখা পাওঁ।
12:47 মই বিতংকৈ পাছত চাম।
12:52 এতিয়া মই এই অংশত অধিক শ্বাৰ্পেনিং কৰিব লাগিব।
12:58 মই এইমাত্ৰ ‘x’ কীৰ সহায়ত কালাৰ্ছ ছুইশ্ব কৰিলো আৰু পেইণ্টিং কৰিবলৈ আৰম্ভ কৰিলো।
13:06 লক্ষ্য কৰক যে এই অংশটো অধিক শ্বাৰ্প আৰু ডাঠ হৈ পৰিছে।
13:13 মই ভাবোঁ যে এয়া যথেষ্ট ভাল হৈছে আৰু মোৰ কাম পৰীক্ষা কৰিবলৈ মই লেয়াৰ মাস্ক ছুইশ্ব অন কৰিম। মই পেইণ্ট কৰা বগা অংশটো আপুনি চাব পাৰে আৰু দেখিছে যে মই অলপ বেছিকৈ কৰি পেলালো।
13:31 গতিকে মই লেয়াৰলৈ উভতি যাম আৰু X কী প্ৰেছ কৰি ৰং সলনি কৰিম আৰু মই কৰাখিনি পুনৰাই কৰিম।
13:43 আমি ইয়াত লেয়াৰত কাম কৰি আছোঁ, গতিকে ডাটা হেৰোৱাৰ কোনো আশংকা নাই।
13:51 মই এতিয়া নষ্ট কৰিব পৰা একমাত্ৰ বস্তুটো হৈছে ফিল্টাৰটোৱে তৈয়াৰ কৰা এজ ডাটা।
14:00 কিন্তু ইয়াক সহজেই পুনৰ তৈয়াৰ কৰিব পৰা যায়।
14:03 এতিয়া মই শ্বাৰ্পেনিং কৰিব লগা ফুলপাহৰ কাষটোলৈ জুম কৰিলো।
14:12 আৰু আপুনি দেখা পাইছে যে ইয়াত কাষটো শ্বাৰ্পেণ্ড হৈ আছে।
14:18 শ্বাৰ্পেনিঙে এই দুটা ৰঙৰ সীমাত গোমা (dark) আৰু উজ্জ্বল অংশৰ মাজত উজ্জ্বল আৰু গোমা লাইন পোৱাত সহায় কৰে।
14:30 গোমা অংশৰ কাষটো অধিক গোমা আৰু উজ্জ্বল অংশৰ কাষটো অধিক উজ্জ্বল।
14:37 মাস্ক ব্যৱহাৰ কৰি আপুনি এফেক্টটো যি যি এলেকাত দৰকাৰ তাত ৰাখিব পাৰে।
14:50 শ্বাৰ্পেনিং সম্পৰ্কত অধিক তথ্যসমৃদ্ধ সমলৰ বিষয়ে জনাব বিচাৰিছোঁ।
14:56 Chris Markwa-ৰ ব্ৰডকাষ্ট চাইট top floor.(dot)com-অলৈ যাওক আৰু তাৰ বাওঁফালে কোনোবা এঠাইত এটা ফটোশ্বপ এলেকা দেখা পাব।
15:12 তাত ফটোশ্বপ সম্পৰ্কীয় ভালেমান ব্ৰডকাষ্ট আছে যিবিলাক জিম্পৰ বাবেও প্ৰায় সমানে প্ৰযোজ্য।
15:44 আৰু তাত এই টিউটৰিয়েলত আলোচনা কৰা শ্বাৰ্পেনিং এফেক্ট সম্পৰ্কেও আলোচনা আছে।
15:52 আনশ্বাৰ্প মাস্ক আৰু বলয় (halos) কেনেকৈ নোহোৱা কৰিব পাৰে সেই বিষয়েও তেওঁ আলোচনা কৰিছে।
16:00 ছবি শ্বাৰ্প কৰাৰ বিভিন্ন কৌশলো তেওঁ দেখুৱাইছে।
16:05 কিন্তু মই দেখুওৱা কৌশলটো তেওঁৰ চাইটত নাই।
16:12 যি কি নহওক, এই চাইটত কিবা শিকিবলগীয়া বিষয় ৰৈ গৈছে যদি লক্ষ্য কৰক।
16:23 এই সপ্তাহৰ বাবে ইমানেই। মন্তব্য দিব খুজিলে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক: info@meetthegimp.org
16:35 অধিক তথ্য http://meetthegimp.org–অত উপলব্ধ।
16:40 মই আপোনাৰ পৰা শুনিবলৈ পালে ভাল পাম।
16:43 আপুনি কি ভাল পালে, কোনখিনি অধিক ভাল কৰাৰ অৱকাশ থাকিল আৰু ভৱিষ্যতে কি পাবলৈ আশা কৰে সেই বিষয়ে জনাওক।
16:51 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বাবে এই পাঠটি আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু আই আই টি বম্বেৰ পৰা মই মৌচূমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।

Contributors and Content Editors

Mousumi