LaTeX/C3/Feedback-control-diagram/Assamese

From Script | Spoken-Tutorial
Revision as of 11:34, 27 December 2013 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Xfig/C2/Feedback-control-diagram


Time
Narration
0:00 এক্সফিগ ব্যবহাৰ কৰি ফিডবেক ডায়েগ্ৰাম সৃষ্টি কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম।
0:07 ব্লক ডায়েগ্ৰাম সৃষ্টিৰ কথন প্ৰশিক্ষণত, আমি ইয়াত দেখুওৱা ডায়েগ্ৰাম সৃষ্টি কৰিছিলো।
0:14 আমি ইয়াক ব্লকছ প্ৰশিক্ষণ হিচাপে উল্লেখ কৰিম।
0:18 বৰ্তমানৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি ব্লক প্ৰশিক্ষণত নিপুণতা লাভ কৰি লওক।
0:22 এই প্ৰশিক্ষণত, এই পৃষ্ঠাটোত দেওুওৱা ধৰণৰ ব্লক ডায়েগ্ৰাম কেনেকৈ প্ৰস্তুত কৰে, সেই বিষয়ে ব্যাখ্যা কৰিম।
0:31 মই Xfig version 3.2, patch level 5 ব্যৱহাৰ কৰিম।
0:37 আমি ব্লকচ প্ৰশিক্ষণত তৈয়াৰ কৰা block.fig-ৰে এই প্ৰশিক্ষণ আৰম্ভ কৰিম।
0:43 আমি Xfig-অলৈ যাওঁ ব’লক।
0:47 এতিয়া ফাইলটো বাছনি কৰোঁ আৰু খোলোঁ।
0:52 আমি এণ্ট্ৰি বাকচটোত “Block” লিখি এণ্টাৰ টিপি দিব পাৰোঁ বা block.fig-অত দুবাৰ ক্লিক কৰিও ইয়াক খুলিব পাৰোঁ।
1:04 File-অত 'চেভ এজ’ বিকল্পটো ব্যৱহাৰ কৰি আমাৰ এই ফিগাৰটোক ফিডবেক হিচাপে চেভ কৰিম।
1:24 আমি এতিয়া feedback.fig ফাইলটো পালো।
1:28 আমি ‘grids’-অত ক্লিক কৰি গ্ৰিড্‌বোৰ পাতি ল’ম।
1:34 কেনভাচখন ওপৰলৈ বা তললৈ নিবলৈ সোঁফালে থকা স্ক্ৰলবাৰডাল ব্যৱহাৰ কৰিব পাৰি।
1:41 প্ৰতিটো মাউচ-বাটনৰ ভূমিকা সোঁহাতৰ ওপৰফালে দেখুওৱা হৈছে।
1:46 এই ভূমিকা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব।
1:49 এই বিষয়ে বৰ্ণনা কৰিবলৈ মই মাউচটো থিয় স্ক্ৰলবাৰডাললৈ নিম।
1:55 বাওঁফালৰ বাটনটোৰ পাছতে থকা মন্তব্যটো লক্ষ্য কৰক।
1:59 মই এইটো দেখুৱাবৰ বাবে মাউচটো লৰচৰ কৰিব নোৱাৰোঁ। কাৰণ, যদি মই কাৰচৰডাল স্ক্ৰলবাৰৰ পৰা লৰচৰ কৰোঁ, তেনেহ’লে বাটনকেইটাৰ কাম সলনি হ’ব।
2:08 বাওঁ বাটনটোৱে কেনভাচখন ওপৰলৈ নিয়ে আৰু সোঁ বাটনটোৱে তললৈ নিয়ে।
2:17 বাওঁ আৰু সোঁ বাটন ক্লিক কৰাৰ পৰিৱৰ্তে আমি মাজৰ বাটনটো ক্লিক কৰি ধৰি ৰাখি কেনভাচখন ওপৰলৈ বা তললৈ নিব পাৰোঁ।
2:31 একেদৰেই, ওপৰত থকা স্ক্ৰলবাৰডাল ব্যৱহাৰ কৰি আপুনি কেনভাচখন সোঁফাললৈ বা বাওঁফাললৈ নিব পাৰে।
2:44 মই এতিয়া মাজৰ বাটনটো ক্লিক কৰি ধৰি ৰাখি কেনভাচখন মাজলৈ টানি অনাৰ দ্বাৰা বাকচটো মাজলৈ আনিম।
2:57 মই যেতিয়া মাউচটো এৰি দিম, বক্সটো মাজলৈ স্থানান্তৰিত হ’ব।
3:03 ব্লকটোৰ পৰা আৰম্ভ কৰি আমি ফিডবেকৰ ডায়েগ্ৰামটো প্ৰস্তুত কৰোঁ আহক।
3:08 এই বাকচটো কপি কৰোঁ আহক।
3:13 বাকচটোত ক্লিক কৰি বাছনি কৰক।
3:16 মাউচটো নতুন ঠাইখিনিলৈ নিয়ক আৰু ক্লিক কৰক।
3:27 এতিয়া আমি কিবা অলপ লিখোঁ আহক।
3:29 বাওঁফালৰ পেনেলত T-ৰে নিৰ্দেশিত টেক্সটবক্সটোত ক্লিক কৰক।
3:37 লেখাৰ আকাৰটো বাছি লওঁ আহক।
3:43 মাউচটো ভেলুবক্সলৈ নিয়ক আৰু 16 ভৰ্তি কৰক।
3:51 Set-অত ক্লিক কৰক।
3:53 এট্ৰিবিউটচ পেনেলত থকা Text Just বাটনটোত ক্লিক কৰোঁ আহক।
4:02 চেণ্টাৰ এলাইনমেণ্ট বাছনি কৰোঁ।
4:05 প্ৰথম বাকচটোৰ মাজত ক্লিক কৰোঁ।
4:11 দুখিত, মই সঠিক অৱস্থিতিটো বাছনি কৰা নাছিলো।
4:15 কাৰচৰডাল আঁতৰাই নিবলৈ মই এটা বেলেগ ঠাইত ক্লিক কৰিম।
4:19 তাৰপিছত মই সঠিক ঠাইত ক্লিক কৰিম।
4:27 এতিয়া আমি “Control” বুলি টাইপ কৰিম আৰু মাউচত ক্লিক কৰিম।
4:35 এতিয়া আমি কাঁড়চিনেৰে সৈতে আৰু কেইটামান শাৰী ভৰ্তি কৰিম।
4:40 এতিয়া polyline বাটনটো বাছক।
4:43 এতিয়া এট্ৰিবিউটচ পেনেলৰ পৰা Arrow Mode বাটনটো বাছনি কৰক আৰু দ্বিতীয় অপশ্যনটো নিৰ্বাচন কৰক।
4:53 এতিয়া Arrow Type বাটনটোত আৰু এডাল কাঁড়ৰ মূৰত ক্লিক কৰোঁ আহক।
5:00 য’ৰ পৰা লাইনডাল আমি আৰম্ভ হোৱা বিচাৰোঁ, সেই পইণ্টত ক্লিক কৰোঁ আহক।
5:08 য’ত আমি লাইনডাল শেষ হোৱা বিচাৰোঁ, সেই পইণ্টলৈ মাউচটো লৈ যাওঁ আহক।
5:14 এতিয়া আমি তাত মাউচৰ মাজৰ বাটনটোৰে ক্লিক কৰিম।
5:20 এডাল কাঁড়েৰে সৈতে এডাল লাইন তৈয়াৰ হ’ল।
5:25 মই এটা বৃত্ত দিব বিচাৰোঁ।
5:27 বাওঁফালৰ পেনেলত থকা circle on the left বাছনি কৰোঁ আহক।
5:33 আমি এইটো প্ৰথম বাকচটোৰ বাওঁফালে স্থাপন কৰিম।
5:37 মাউচত ক্লিক কৰক। মই মাউচটো টানি নিয়াৰ লগে লগে বৃত্তটো ডাঙৰ হ’বলৈ ধৰে।
5:47 সঠিক আকাৰ পোৱাৰ লগে লগে মাউচ বাটন এৰি দিম।
5:54 অস্‌, মই বিচৰাতকৈ বৃত্তটো ডাঙৰ হ’ল।
5:57 ওপৰত থকা edit বাটন ব্যৱহাৰ কৰি মই এই কাৰ্যটো নোহোৱা কৰিব পাৰোঁ।
6:02 বাওঁফালৰ পেনেলত থকা Delete বাটন ব্যৱহাৰ কৰি আমি এই বস্তুটো মচি পেলাবও পাৰোঁ।
6:10 এতিয়া সেইটো কৰোঁ আহক।
6:14 Cross hairs-অৰ সৈতে এটা জঁকা ওলাই আহিব।
6:18 সকলোবোৰ বস্তুৰ সকলো ‘কি পইণ্ট’ও ওলাব।
6:22 বৃত্তটো নিৰ্দেশ কৰা কি পইণ্টলৈ ক্ৰছ-হেয়াৰটো লৈ যাওক আৰু ক্লিক কৰক।
6:32 ভুল বস্তু মচ খাই গলেও চিন্তা কৰাৰ প্ৰয়োজন নাই।
6:35 আপুনি এইটো নোহোৱা কৰিব পাৰে। edit বাটনত ক্লিক কৰক, ধৰি ৰাখক, Undo-লৈ যাওক আৰু মাউচ বাটন এৰি দিয়ক।
6:44 যদি কিছু বস্তু ওচৰা-ওচৰিকৈ থাকে, সেইবিলাক বাছনি কৰোঁতে আপোনাৰ অসুবিধা হ’ব পাৰে।
6:49 এই সমস্যা আপুনি zoom ব্যৱস্থাৰ দ্বাৰা দূৰ কৰিব পাৰে।
6:55 ওপৰৰ বাওঁফালে থকা View বাটনত ক্লিক কৰক, ধৰি ৰাখক আৰু zoom বিকল্পবোৰৰ পৰা এটা নিৰ্বাচন কৰক।
7:00 মই Zoom to fit the canvas নিৰ্বাচন কৰিম।
7:04 এতিয়া বস্তুবোৰ চিনাক্ত কৰিবলৈ সহজ হৈ পৰিল।
7:08 এতিয়া মই বৃত্তটো ডিলিট কৰিম।
7:12 এতিয়া আনজুম কৰিম।
7:20 স্ক্ৰল বাটন ব্যৱহাৰ কৰি ডায়েগ্ৰামটো মাজলৈ লৈ যাম।
7:35 মই delete প্ৰতীকটো সক্ৰিয় হৈ থকাটো নিবিচাৰোঁ, কিয়নো ভুলতে মই কিবা মচি পেলাব পাৰোঁ।
7:41 অন্য যিকোনো এটা বাটন নিৰ্বাচন কৰি মই এইটো সলনি কৰিব পাৰোঁ।
7:44 এতিয়া বাওঁফালৰ বৃত্তটো বাছনি কৰোঁ।
7:47 বৃত্তটো আকৌ আকোঁ
8:00 এই লাইনডালৰ পৰা অন্য এডাল লাইন মই আঁকিব বিচাৰোঁ।
8:04 ইয়াৰ কাৰণে, প্ৰথমে লাইনডালত এটা ডট দিম।
8:07 বাওঁফালৰ পেনেলত থকা library-ত ক্লিক কৰক।
8:11 Library-টো কিতাপৰ এটা থাকেৰে বুজুওৱা হৈছে।
8:15 এখন ডায়লগ উইণ্ড’ খোল খায়।
8:17 Library-ৰ পিছতে দেখা যায়— None Loaded।
8:20 ক্লিক কৰি ধৰি থাকোঁ আহক।
8:22 উপলব্ধ সকলোবোৰ library-ৰ এখন তালিকা ওলাই আহে।
8:25 Logic library-লৈ মাউচ লৈ যাওক আৰু তাত মাউচ এৰি দিয়ক।
8:31 দুবাৰ ক্লিক কৰি small dot-টো বাছনি কৰিম।
8:36 ডায়লগ উইণ্ড’ বন্ধ হৈ যাব।
8:38 আমি বাছনি কৰা সৰু ডটৰ সৈতে এটা cross hairs দেখিবলৈ পাইছোঁ।
8:42 ক্লিক কৰি ডটটো লাইনডালত থওঁ আহক।
8:51 কাৰচৰ আৰু সৰু ডটটো আকৌ এবাৰ ওলাব আৰু আমি যে ইয়াক অন্য কোনো ঠাইতো থ’ব পাৰোঁ, সেই বিষয়ে পৰামৰ্শ দিব।
8:57 আমি অন্য কোনো ঠাইতে ডটটো থ’ব নিবিচাৰোঁ।
9:00 গতিকে মাউচৰ সোঁফালৰ বাটনটো টিপি ইয়াক বন্ধ কৰোঁ আহক।
9:05 সোঁফালৰ বাটনে ‘আনডু’ কাৰ্য কৰে।
9:08 এই ক্ষেত্ৰত, ডট নিৰ্বাচন কৰাটো নোহোৱা হৈ গ’ল।
9:10 ডটটোৰ পৰা বৃত্তটোলৈ এডাল লাইন আকোঁ আহক।
9:15 Polyline বাছনি কৰোঁ আহক।
9:18 লক্ষ্য কৰক যে আগতে বাছনি কৰা arrow mode আৰু arrow type ই মনত ৰাখিছে।
9:24 Xfig-এ এটা চেচনৰ ভিতৰত পেৰামিটাৰ ভেলুসমূহ মনত ৰাখে।
9:28 ডটটোত ক্লিক কৰক।
9:34 মাউচটো তললৈ নিয়ক আৰু ক্লিক কৰক।
9:41 এতিয়া বৃত্তটোৰ তল পোৱালৈকে মাউচটো বাওঁফালে ঘূৰাই নিয়ক। ক্লিক কৰক।
9:47 বৃত্তটোলৈ মাউচ লৈ যাওক আৰু এতিয়া মাউচৰ মাজৰ বাটনটোত ক্লিক কৰক।
9:54 কপি কৰাৰ জৰিয়তে বৃত্তটোৰ বাওঁফালে অন্য এডাল লাইন আকোঁ আহক।
10:08 এতিয়া Xfig-অৰ ওপৰৰ বাওঁকোণত থকা File বাটন ব্যৱহাৰ কৰি আৰু Save বাছনি কৰি এই ফিগাৰটো চেভ কৰোঁ আহক।
10:19 এতিয়া ফাইলটো এক্সপৰ্ট কৰোঁ আহক।
10:22 File বাটনত পুনৰ ক্লিক কৰোঁ আৰু Export বাছনি কৰোঁ।
10:30 Language বাছনি কৰি PDF নিৰ্বাচন কৰোঁ।
10:36 আমি feedback.pdf নামৰ ফাইলটো পালো।
10:43 Open feedback.pdf কমাণ্ড ব্যৱহাৰ কৰি এই ফাইলটো খোলো আহক।
10:56 এতিয়া আমি বিচৰা ব্লক ডায়েগ্ৰামটো পালো।
11:00 আমি আমাৰ লক্ষ্য পূৰণ কৰিলো।
11:04 আপোনাৰ বাবে কৰণীয় কাৰ্য আছে—
11:08 বেলেগ বেলেগ ধৰণৰ অবজেক্টেৰে ব্লকবোৰ সলনি কৰক।
11:13 Operations, such as, rotate আৰু flip প্ৰয়োগ কৰাৰ চেষ্টা কৰক।
11:19 এডিটৰত feedback.fig ফাইলটো চাওক আৰু বিভিন্ন উপাদানবোৰ চিনাক্ত কৰক।
11:25 Library ব্যৱহাৰ কৰি সম্পূৰ্ণ বেলেগ ব্লক ডায়েগ্ৰাম তৈয়াৰ কৰক।
11:32 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
11:44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ৱেবচাইটত পোৱা যাব।
11:53 আমি আপোনাৰ সহযোগিতা আৰু লগতে পৰামৰ্শ কামনা কৰিছোঁ।
11:57 এয়া আছিল কান্নন মৌদগল্য। যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Gaurav, Mousumi, Nancyvarkey