Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese
From Script | Spoken-Tutorial
Revision as of 11:43, 25 September 2013 by Sakinashaikh (Talk | contribs)
Time | Narration |
---|---|
00.00 | টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
|
00.04 | এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব। |
00.10 | আপুনি টাইপ কৰিব শিকিব -
|
00.12 | নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
|
00.19 | আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
|
00.25 | টাক্স টাইপিং কি?
|
00.27 | টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
|
00.30 | ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
|
00.38 | আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
|
00.41 | আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
|
00.46 | টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
|
00.54 | এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
|
01.02 | আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
|
01.07 | Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক।
|
01.16 | টাক্স টাইপিং খোলো আহক।
|
01.19 | প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
|
01.26 | Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
|
01.34 | লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
|
01.39 | টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
|
01.42 | টাক্স চাইপিঙৰ Window খোল খাব।
|
01.46 | টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
|
01.50 | Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।
|
01.56 | Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
|
02.01 | Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
|
02.13 | Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
|
02.16 | অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
|
02.20 | Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
|
02.23 | অনুশীলন সমূহ থকা Window খন খোল খাব।
|
02.26 | প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
|
02.30 | basic_lesson_01.xml ত ক্লিক কৰক।
|
02.35 | ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
|
02.41 | অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
|
02.45 | কী-বোৰ্ড থকা window খন খোল খাব।
|
02.48 | আমি a আখৰটো টাইপ কৰিব শিকো।
|
02.52 | অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
|
02.56 | টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
|
03.01 | ‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
|
03.07 | আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
|
03.10 | এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
|
03.13 | এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
|
03.19 | aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
|
03.27 | কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
|
03.35 | টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
|
03.39 | কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
|
03.51 | কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
|
03.58 | টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
|
04.02 | কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
|
04.10 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
|
04.14 | কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
|
04.21 | ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
|
04.27 | বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
|
04.34 | উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
|
04.39 | ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
|
04.44 | কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।
|
04.52 | এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
|
05.00 | লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
|
05.10 | এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
|
05.14 | এই ছৱিখন চাওক।
|
05.16 | ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
|
05.21 | কনিষ্ঠ আঙুলি,
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু বৃষ্ঠাঙ্গুল
|
05.27 | কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
|
05.32 | লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
|
05.35 | অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
|
05.38 | মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
|
05.41 | তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
|
05.44 | এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
|
05.49 | লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
|
05.54 | অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
|
05.56 | মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
|
06.00 | তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
|
06.03 | সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
|
06.08 | হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
|
06.14 | বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
|
06.19 | অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
|
06.23 | এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
|
06.29 | এটিয়া টাইপিং আৰম্ভ কৰো আহক।
|
06.32 | আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
|
06.39 | এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
|
06.42 | এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
|
06.47 | ‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
|
06.53 | ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
|
06.59 | আৰু কেইটামান আখৰ টাউপ কৰো আহক।
|
07.02 | এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
|
07.07 | বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
|
07.13 | Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
|
07.17 | Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
|
07.21 | CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
|
07.26 | WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
|
07.31 | Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
|
07.34 | Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
|
07.40 | main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
|
07.45 | আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
|
07.47 | প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
|
07.52 | নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
|
07.59 | টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
|
08.03 | এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
|
08.11 | অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
|
08.13 | basic_lesson_02.xml আৰম্ভ কৰক।
|
08.19 | এই পাঠটো অনুশীলন কৰক।
|
08.21 | পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
|
08.26 | এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
|
08.30 | http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
|
08.33 | ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
|
08.36 | ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
|
08.41 | কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
|
08.43 | কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
|
08.46 | online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
|
08.50 | অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
|
08.56 | কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
|
09.00 | National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
|
09.08 | এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
|
09.19 | এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ। |