LibreOffice-Suite-Writer/C4/Headers-Footers-and-notes/Assamese
From Script | Spoken-Tutorial
VISUAL CUE | NARRATION |
00:00 | LibreOffice Writer-অৰ হেডাৰ, ফুটাৰ আৰু এণ্ড নোটচৰ কথন প্ৰশিক্ষণলৈ স্বাগতম |
00:07 | এই প্ৰশিক্ষণত আমি শিকিম: |
00:09 | কেনেকৈ ডকুমেণ্টলৈ হেডাৰ আনিব পাৰি |
00:12 | কেনেকৈ ডকুমেণ্টলৈ ফুটাৰ আনিব পাৰি
|
00:15 | কেনেকৈ প্ৰথম পৃষ্ঠাৰ পৰা হেডাৰ আঁতৰ কৰিব পাৰি |
00:19 | কেনেকৈ ফুটনোট আৰু এণ্ডনোট ডকুমেণ্টলৈ আনিব পাৰি |
00:24 | ইয়াত আমি Ubuntu Linux 10.04-অত LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ
|
00:33 | আপোনাক ডকুমেণ্ট এখনত পৃষ্ঠা নম্বৰ দিবলৈ LibreOffice Writer-এ সুবিধা দিয়ে |
00:38 | এতিয়া আমি আমাৰ resume.odt ফাইলটো খুলিব লাগিব |
00:42 | ফুটাৰত পৃষ্ঠা নম্বৰ দিবলৈ আমি প্ৰথমতে পৃষ্ঠাটোত ক্লিক কৰিব লাগিব, যিটোত আমি ফুটাৰ আনিব বিচাৰো |
00:49 | সেইকাৰণে, আহক আমি ডকুমেণ্টখনৰ পৃষ্ঠাটোত ক্লিক কৰোঁ
|
00:51 | এতিয়া মেনুবাৰৰ ইনচাৰ্ট অপশ্যনটোত ক্লিক কৰক আৰু তাৰপিছত ফুটাৰ অপশ্যনটোত ক্লিক কৰক. |
00:58 | তাৰ পিছত ডিফল্ট অপশ্যনটোত ক্লিক কৰক. |
01:01 | আমি এতিয়া দেখিম যে পৃষ্ঠাটোৰ তলত এটা ফুটাৰ আহিছে. |
01:06 | ফুটাৰত পৃষ্ঠা নম্বৰটো দেখুৱাবলৈ আমি প্ৰথমতে ইনচাৰ্ট অপশ্যনটোত ক্লিক কৰিম. |
01;12 | তাৰ পিছত ফিল্ডচ অপশ্যনটোত ক্লিক কৰিম. |
01:15 | বিভিন্ন ফুটাৰ অপশ্যনবোৰ ইয়াত দেখিবলৈ পাব. |
01;19 | ডকুমেণ্টত পৃষ্ঠা নম্বৰটো আনিবলৈ পেজ নাম্বাৰত ক্লিক কৰক.
|
01:24 | লগে লগে আমি ফুটাৰত 1 নম্বৰটো দেখিম. |
01:29 | বিভিন্ন ধৰণৰ নমুনাৰ পৃষ্ঠা নম্বৰ দিবলৈ পেজ নাম্বাৰত দুবাৰ ক্লিক কৰিব লাগিব. |
01:35 | আমি এতিয়া পৰ্দাত Edit Fields: Document ডায়লগ বাকচটো প্ৰদৰ্শিত হোৱা দেখা পাইছোঁ. |
01:41 | ফৰমেট অপশ্যনটোৰ তলত আপুনি ABC in uppercase, abc in lower case, Arabic 123 আদিৰ নিচিনা কিছুমান আখৰ আৰু বহুত কিছুমান দেখা পাইছে. |
01:53 | ইয়াত আপুনি পৃষ্ঠা নাম্বাৰিঙৰ নমুনাৰ কাৰণে যিটো পছন্দ কৰে ল’ব পাৰে. |
01:58 | আমি ৰোমান I, ii, iii অপশ্যনটো বাছি ল’ম আৰু তাৰ পাছত অ’কে বুটামত ক্লিক কৰিম. |
02:05 | আপুনি পৃষ্ঠাটোৰ নাম্বাৰিঙৰ আখৰটো সলনি হোৱা দেখিবলৈ পাব.
|
02:09 | একেদৰে আমি ডকুমেণ্টখনত হেডাৰো আনিব পাৰোঁ. |
02:13 | যিটো পৃষ্ঠাত হেডাৰ আনিব বিচাৰে, প্ৰথমতে সেই পৃষ্ঠাটোত ক্লিক কৰক. |
02:17 | এতিয়া ইনচাৰ্ট মেনুত ক্লিক কৰক আৰু তাৰ পিছত হেডাৰ অপশ্যনটোত ক্লিক কৰক. |
02;23 | ডিফল্ট অপশ্যনটোত ক্লিক কৰক. |
02:26 | পৃষ্ঠাটোৰ ওপৰ অংশত হেডাৰ অহা দেখা পাব |
02:30 | হেডাৰত তাৰিখটো দিবলৈ ইনচাৰ্টত ক্লিক কৰক আৰু তাৰ পিছত ফিল্ডচ্ অপশ্যনটোত ক্লিক কৰক. |
02:37 | দৃষ্টিগোচৰ হোৱা কাষৰ মেনুখনৰ Date অপশ্যনটোত ক্লিক কৰক. |
02:42 | হেডাৰত তাৰিখটো দেখা পোৱা গৈছে. |
02:45 | Date-অত ডবল ক্লিক কৰিলে তাৰিখটো প্ৰদৰ্শন কৰিব পৰা সকলো সম্ভাৱ্য ধৰণ ওলাব. |
02:51 | ইয়াত আমি 31 Dec, 1999-টো বাছি ল’ম আৰু অ’কেত ক্লিক কৰিম. |
02:58 | এতিয়া মেনুবাৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত পেজ প্ৰিভিউ অপশ্যনটোত ক্লিক কৰক. |
03:05 | আহক আমি এই ডকুমেণ্টখন ৫0% জুম কৰোঁ. |
03:09 | এনেকৈ আমি পৃষ্ঠাটোৰ ওপৰ অংশত তাৰিখ আৰু তলৰ অংশত পৃষ্ঠা নম্বৰটো চাব পাৰিম. |
03:15 | ডকুমেণ্টখনৰ সকলো পৃষ্ঠাতে এইটো হৈ যাব. |
03:19 | পুনৰ আচল ডকুমেণ্টখনলৈ যাবলৈ ‘ক্ল’জ প্ৰিভিউ’ বুটামটোত ক্লিক কৰক. |
03:25 | আপুনি হেডাৰ আৰু ফুটাৰৰ আকৃতি অনুযায়ী লিখাখিনিৰ মাজত খালী ঠাই দেখা পাব. |
03:30 | বা এডাল সীমাৰেখা হেডাৰ বা ফুটাৰত দিব পাৰে. |
03:34 | মেনুবাৰৰ ফৰমেট অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত ‘পেজ’ত ক্লিক কৰক. |
03:40 | এতিয়া ডায়লগ বাকচৰ ফুটাৰ টেবটো বাছি লওক. |
03:43 | খালী ঠাই ৰাখিব বিচৰা বিকল্পটো ঠিক কৰি লওক, যিটো আপুনি বাওঁপিনৰ মাৰ্জিনৰ মান ১ চেম্টিমিটাৰলৈ দি নিৰূপন কৰিব পাৰে. |
03:52 | ফুটাৰত এডাল সীমাৰেখা বা ছাঁ (shadow) দিবলৈ প্ৰথমতে More অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পিছত ফুটাৰৰ ভিতৰত দিব বিচৰা অপশ্যনটোৰ মান নিৰূপন কৰক. |
04:03 | উদাহৰণ স্বৰূপে, ফুটাৰৰ ছাঁৰ ষ্টাইল ‘ওপৰৰ সোঁফালে’ দিবলৈ ‘cast shadow to top right’ আইকনটোত ক্লিক কৰিব লাগিব. |
04;10 | Shadow Style অপশ্যনৰ ‘Position’ টেবত উপলব্ধ বিভিন্ন ধৰণৰ আইকনবোৰ দৃশ্যমান হ’ব. |
04:18 | আপুনি সীমাৰেখা বা ছাঁৰ বাবে ৰং পছন্দ কৰি ল’ব পাৰে. |
04:23 | ডায়লগ বাকচত উপলব্ধ হোৱা প্ৰতিটো অপশ্যনৰ বিষয়ে অধিক জানিবলৈ এইখিনি ভালকৈ সন্ধান কৰক. |
04:28 | এতিয়া অ’কেত ক্লিক কৰক. |
04:30 | আকৌ অ’কেত ক্লিক কৰক আৰু আমি ফুটাৰত কি প্ৰভাৱ পৰিছে, সেয়া দেখা পাম. |
04;36 | আগলৈ আগবঢ়াৰ আগতে আমি আমাৰ ডকুমেণ্টত আন এটা পৃষ্ঠা যোগ কৰোঁ আহক. |
04:41 | Insert >>Manual Break-অত ক্লিক কৰি Page Break অপশ্যনটো বাছি লওক. |
04:47 | তাৰ পিছত অ’কেত ক্লিক কৰক
|
04:50 | লক্ষ্য কৰক যে পৃষ্ঠা নম্বৰটো ২ বুলি প্ৰদৰ্শিত হৈছে |
04:54 | আপুনি যদি ডকুমেণ্টৰ প্ৰথম পৃষ্ঠাত ফুটাৰ দিব নিবিচাৰে, তেনেহ’লে কাৰ্চৰডাল প্ৰথম পৃষ্ঠাত থওক. |
05:01 | তাৰ পিছত মেনুবাৰৰ ‘Format’-অত ক্লিক কৰক আৰু ‘Styles and Formatting’ অপশ্যনটোত ক্লিক কৰক. |
05:08 | এতিয়া ওলাই অহা ডায়লগ বাকচৰ চাৰি নম্বৰ আইকনটো, যিটোৱে পেজ ষ্টাইল সূচায়, তাত ক্লিক কৰক. |
05:16 | তাৰ পিছত ‘First Page’ অপশ্যনটোত ক্লিক কৰক. |
05:20 | ‘New’ অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পিছত ‘Organiser’ টেবটোত ক্লিক কৰক. |
05:25 | ‘Name’ ঘৰত আমি বিচৰা ধৰণে নতুন ষ্টাইলৰ নামটো লিখি দিব পাৰোঁ. |
04:30 | সেইকাৰণে ইয়াত আমি New First Page বুলি নামটো লিখিম. |
05:35 | পৰৱৰ্তী ষ্টইলটো ‘Default’ হিচাপে ৰাখক. |
05:38 | এতিয়া ডায়লগ বাকচৰ ‘Footer’ টেবত ক্লিক কৰক. |
05:42 | ‘Footer on’ চ্ছেক বাকচটো আনচ্ছেক কৰক, যদিহে ডিফল্ট হিচাপে আলচ্ছেকড্ হৈ থকা নাই. |
05:48 | শেষত অ’কে বুটামত ক্লিক কৰক. |
05:51 | এতিয়া ডায়লগ বাকচৰ Styles আৰু Formatting-অলৈ ঘূৰি যাওঁ. |
05:55 | Page Styles অপশ্যনৰ তলত ‘New First Page’ ষ্টাইলটো অহা লক্ষ্য কৰক. |
06:01 | এতিয়া ‘New First Page’-অত দুবাৰ ক্লিক কৰক. |
06:04 | প্ৰথম পৃষ্ঠাৰ বাহিৰে ডকুমেণ্টটোৰ সকলো পৃষ্ঠাত ফুটাৰ অহা দেখা পাইছে. |
06:11 | একেদৰে আপুনি উপলব্ধ সকলো ডিফল্ট ষ্টাইলৰ সালসলনি কৰিব পাৰে আৰু ডকুমেণ্টৰ সকলো পৃষ্ঠাতে সেইবোৰ প্ৰয়োগ কৰিব পাৰে. |
06:19 | এতিয়া ডায়লগ বাকচটো বন্ধ কৰি দিয়ক. |
06:22 | এতিয়া LibreOffice Writer-অৰ ফুটনোট আৰু এণ্ডনোটৰ বিষয়ে শিকিম. |
06:27 | বিশেষ সংকেত বা নিৰ্দেশ প্ৰদৰ্শন কৰা ফুটনোট পৃষ্ঠাৰ তলত আহে |
06:31 | ডকুমেণ্টৰ শেষত এণ্ডনোট দিয়া হয়. |
06:35 | এতিয়া কাৰ্চৰডাল থকা ঠাইখিনিত নোটটোৰ কাৰণে খালী ঠাই ৰখা হৈছে. |
06:40 | আপুনি স্বয়ংক্ৰিয় নম্বাৰিং বা নিজাববীয়া প্ৰতীকৰ যিকোনো এটা নিৰূপন কৰিব পাৰে. |
06:45 | এই অপশ্যনলৈ আহিবৰ বাবে প্ৰথমতে মেনুবাৰৰ ‘Insert’ অপশ্যনত ক্লিক কৰক. |
06:51 | তাৰ পিছত ‘Footnote/Endnote’ অপশ্যনত ক্লিক কৰক. |
06:55 | দেখা পাইছে যে পৰ্দাত Numbering and Type শিৰোনামৰ এটা ডায়লগ বাকচ আহিছে”. |
07:02 | তাত ‘automatic’, ‘character’, ‘footnote’ আৰু ‘endnote’ নামৰ চ্ছেকবক্স আছে. |
07:08 | ফুটনোট আৰু এণ্ডনোটৰ কাৰণে ব্যৱহাৰ কৰিব বিচৰা নাম্বাৰিঙৰ প্ৰকাৰটো বাছি ল’বলৈ Numbering-এ সুবিধা দিয়ে. |
07:15 | ফুটনোট বা এণ্ডনোটলৈ যিটো আপুনি আনে, স্বয়ংক্ৰিয় অপশ্যনটোৱে নিজা নিজা ক্ৰমিক নম্বৰবোৰ হস্তান্তৰিত কৰি যায়. |
07:24 | এই ডায়লগ বাকচটো বন্ধ কৰোঁ আহক. |
07:26 | Settings-টো স্বয়ংক্ৰিয় নাম্বাৰিঙৰ বাবে সলনি কৰিবলৈ মেনুবাৰৰ‘Tools’ অপশ্যনটোত ক্লিক কৰক |
07:33 | আৰু তাৰপিছত ‘Footnotes/Endnotes’-অত ক্লিক কৰক |
07:37 | Autonumbering আৰু Style-অৰ কাৰণে আপুনি এটা স্বয়ংক্ৰিয় চেটিঙৰ বিকল্প পাব. |
07:42 | এই অপশ্যনবোৰৰ পৰা আপোনাৰ প্ৰয়োজন অনুসৰি বাছি লওক আৰু তাৰ পিছত অ’কে বুটামটোত ক্লিক কৰক. |
07:49 | এতিয়া Insert আৰু Footnote/Endnote অপশ্যনটোলৈ উভতি যাওঁ. |
07:54 | Character অপশ্যনটো ফুটনোটৰ কাৰণে কেৰেক্টাৰ বা চিহ্ন এটা বাছি ল’বলৈ ব্যৱহাৰ কৰা হয়. |
08:00 | এইটো এটা আখৰ বা সংখ্যাও হ’ব পাৰে. |
08:03 | এটা বিশেষ কেৰেক্টাৰ বাছি ল’বলৈ Character ফিল্ডৰ তলত থকা বুটামটোত ক্লিক কৰক. |
08:09 | আপুনি আনিব বিচৰা যিকোনো এটা বিশেষ কেৰেক্টাৰত এতিয়া ক্লিক কৰক আৰু তাৰ পিছত অ’কে বুটামত ক্লিক কৰক . |
08:17 | আমাৰ নিৰ্বাচনটো নিৰ্দিষ্টকৈ দেখুৱাবলৈ ‘Type’ শিৰোনামৰ তলত থকা ফুটনোট বা এণ্ডনোটৰ যিকোনো এটাত ক্লিক কৰক. |
08:24 | সেইকাৰণে আমি নাম্বাৰিঙৰ তলত থকা ‘automatic’ আৰু type-অৰ তলত থকা ‘footnote’-টো নিৰ্বাচন কৰিব লাগিব |
08:29 | এতিয়া অ’কে বুটামত ক্লিক কৰক. |
08:32 | আপুনি দেখিব যে default numerical value-ৰ সৈতে পৃষ্ঠাটোৰ তলত ফুটনোট ফিল্ড এটা আহিছে. |
08:39 | ফুটনোট পিল্ডত ‘This is the end of first page’ লিখিব পাৰে |
08:45 | আৰু তাৰপিছত কিব’ৰ্ডৰ এণ্টাৰ বুটামটো টিপি দিয়ক. |
08:48 | লিখাখিনিৰ সৈতে আৱশ্যকীয় ফুটনোটটো পৃষ্ঠাৰ তলত অহা দেখিবলৈ পাব. |
08:55 | একেদৰে আপুনি ডকুমেণ্টখনৰ তলত অহা এণ্ডনোট এটা আনিব পাৰে. |
09:00 | ইয়াতে আমাৰ LibreOffice Writer-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ |
09:04 | সংক্ষেপে, আমি শিকিলো:
|
09:06 | কেনেকৈ ডকুমেণ্টত হেডাৰ অনা হয়
|
09:09 | কেনেকৈ ডকুমেণ্টত ফুটাৰ অনা হয়
|
09:12 | কেনেকৈ প্ৰথম পৃষ্ঠাৰ পৰা হেডাৰ আঁতৰ কৰা হয়. |
09:15 | কেনেকৈ ডকুমেণ্টত ফুটনোট আৰু এণ্ডনোট দিয়া হয়
|
09:19 | বিস্তাৰিত নিৰ্দেশাৱলী |
09:22 | ‘practice.odt.’ ফাইলটো খোলক
|
09:25 | ডকুমেণ্টত হেডাৰ আৰু ফুটাৰ যোগ দিয়ক. |
09:28 | হেডাৰত ‘author’ নামটো আনক. |
09:31 | ফুটাৰলৈ page count-টো আনক. |
09:35 | য’ত পৃষ্ঠাটো শেষ হৈছে, তাত এণ্ডনোটৰ আৰম্ভণি যোগ কৰক. |
09:39 | ডকুমেণ্টৰ প্ৰথম পৃষ্ঠাৰ পৰা হেডাৰ আঁতৰ কৰক. |
09:43 | *তলৰ সংযোগত থকা ভিডিঅ’টো চাওক |
09:46 | *কথন প্ৰশিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:49 | *যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |
09:54 | কথন প্ৰশিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09:56 | *কথন প্ৰশিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |
10;00 | *অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
10:04 | *অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক
|
10:10 | *কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
10;15 | *ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
10:22 | *এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
10:25 | * spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
10:33 | * আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.
মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |