LibreOffice-Suite-Writer/C2/Inserting-pictures-and-objects/Assamese
From Script | Spoken-Tutorial
Resources for recording Inserting Pictures and Formatting Features
| Time | Narration |
| 00:00 | Libre office Writer-অত ছবি যোগ কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম |
| 00:06 | এই প্ৰশিক্ষণত আমি তলত দিয়াখিনি শিকিম— |
| 00:09 | এখন ইমেজ ফাইল এটা ডকুমেণ্টত কেনেকৈ সুমুৱাই |
| 00:12 | ৰাইটাৰলৈ টেবুল কেনেকৈ অনা হয়. |
| 00:15 | Writer-লৈ hyperlinks কেনেকৈ অনা হয়. |
| 00:18 | আমি ইয়াত আমাৰ operating system হিচাপে Ubuntu Linux 10.04 আৰু LibreOffice suite version 3.34 ব্যৱহাৰ কৰিছোঁ |
| 00:29 | LibreOffice Writer-অত এটা ইমেজ ফাইল কেনেকৈ অনা হয়, সেইটো শিকি আমি আৰম্ভ কৰিম |
| 00:36 | আমি resume.odt ফাইলটো খোলো আহক |
| 00:39 | ডকুমেণ্টখনত এখন ইমেজ আনিবৰ কাৰণে প্ৰথমতে “resume.odt” ডকুমেণ্টখনত ক্লিক কৰক. |
| 00:47 | এতিয়া মেনুবাৰত থকা Insert-অত ক্লিক কৰক। তাৰ পিছত Picture আৰু শেষত From File অপশ্যনত ক্লিক কৰক |
| 00:56 | আপুনি “Insert Picture” নামৰ দায়লগ বাকচটো ওলোৱা দেখিব |
| 01:00 | যদি আপোনাৰ চিষ্টেমত ছবি ৰাখি থোৱা আছে, তেন্তে “Location”-অৰ খালী ঠাইখিনিত নামটো লিখি দি ছবি বাছি ল’ব পাৰে |
| 01:09 | যিহেতু আমাৰ তেনেকুৱা ৰাখি থোৱা ছবি নাই, সেই কাৰণে আমি স্বয়ংক্ৰিয়ভাৱে যিবোৰ বিকল্প দিয়া আছে, তাৰ পৰা এখন ছবি আনি ল’ম |
| 01:16 | এতিয়া দায়লগ বাকচটোৰ বাওঁফালে থকা “Picture”–অত ক্লিক কৰক |
| 01:21 | এতিয়া ছবিবোৰৰ এখনত ক্লিক কৰক আৰু শেষত “Open” অপশ্যনত ক্লিক কৰক। |
| 01:28 | আপুনি দেখা পাব যে এখন ছবি আপোনাৰ Document খনলৈ আহিছে |
| 01:32 | আপুনি নিজৰ মতে ছবিখনৰ আকৃতি সলনি কৰি ল’ব পাৰে আৰু ইয়াক সোঁফালৰ ওপৰৰ চুকটোলৈ লৈ যাব পাৰে. |
| 01:38 | এতিয়া প্ৰথমে ছবিখনত ক্লিক কৰক। আপুনি দেখিব যে ছবিখনৰ কাষে কাষে ৰঙীন হৈ গৈছে। |
| 01:44 | যিকোনো এটা কাষত কাৰ্চৰডাল থওক আৰু মাউচৰ বাওঁফালৰ বুটামটোত হেচি দিয়ক।. |
| 01:50 | কাৰ্চৰডাল টানি লৈ ছবিখনৰ আকৃতি নিজৰ মতে দি লওক। পুনৰ আকৃতি দিয়াৰ পাছত ছবিখনত ক্লিক কৰক আৰু সেইখনক editor-অৰ ওপৰৰ সোঁফালৰ চুকটোলৈ টানি নিয়ক |
| 02:01 | ছবি অনাৰ অন্য জনপ্ৰিয় সুবিধাবোৰ হৈ: ক্লিপব’ৰ্ডৰ পৰা অনা, স্কেনাৰৰ পৰা অনা বা গেলাৰীৰ পৰা অনা। |
| 02:09 | ইয়াৰ পিছত আমি Writer-অত টেবুল কেনেকৈ আনে শিকিম. |
| 02:13 | Writer-অত টেবুলে ব্যৱহাৰকাৰীক তথ্যপাতিবোৰ তালিকা আকাৰে থোৱাৰ সুবিধা কৰি দিয়ে। |
| 02:21 | আপোনাৰ ডকুমেণ্টলৈ টেবুল এখন আনিবলৈ হয় আপুনি টুলবাৰত থকা ‘Table’ আইকনটোত ক্লিক কৰি টেবুলখনৰ আকাৰটো বাছি ল’ব পাৰে বা মেনুবাৰত থকা “Insert” বিকল্পটোৰ দ্বাৰাও সেইটো কৰিব পাৰে |
| 02:36 | তেন্তে “Education Details” শিৰোনামৰ তলত এখন টেবুল আনিবৰ কাৰণে আপুনি শিৰোনামটোৰ তলত কাৰ্চৰডাল থওক. |
| 02:44 | এতিয়া মেনুবাৰত থকা “Insert”–অত ক্লিক কৰক আৰু তাৰ পাছত “Tables” বিকল্পটোত ক্লিক কৰক |
| 02:51 | এইটোৱে কেইবাটাও খালী ঠাই থকা এটা দায়লগ বাকচ আনিব। |
| 02:55 | “Name”-অৰ খালী ঠাইখিনিত আমি টেবুলখনৰ নামটো “Resume Table” বুলি লিখি দিওঁ। |
| 03:01 | “Size” শিৰোনামটোৰ তলত “columns”-অৰ সংখ্যা “2” বুলি ৰাখি থওঁ. |
| 03:06 | “Rows”-অৰ খালী ঠাইখিনিৰ ওপৰমুৱা কাঁড় চিনডালত ক্লিক কৰক আৰু “Rows”-অৰ সংখ্যা “4” লৈ বৃদ্ধি কৰক. |
| 03:11 | এইদৰে আপুনি columns আৰু rows-অৰ ঠাইত থকা ওপৰমুৱা আৰু তলমুৱা কাড় চিন কেইডাল ব্যৱহাৰ কৰি টেবুলখনৰ আকৃতিটো ডাঙৰ কৰিবও পাৰে বা সৰু কৰিবও পাৰে. |
| 03:21 | এতিয়া দায়লগ বাকচটোৰ “Auto Format”-অত ক্লিক কৰক. |
| 03:25 | এইটোৱে এটা নতুন দায়লগ বাকচ খুলিব, য’ৰ পৰা আপুনি আনিব বিচৰা টেবুলখনৰ গঠনটো কেনেকুৱা লাগে, সেইটো বাছি ল’ব পাৰে. |
| 03:33 | “Writer”-এ গঠন বাছি ল’বৰ বাবে কেইবাটাও বিকল্প দিয়ে। আমি “Format”-অৰ তলত “None”- বিকল্পত ক্লিক কৰিম আৰু তাৰ পাছত “OK”-ত ক্লিক কৰিম. |
| 03:43 | “OK”-ত আকৌ ক্লিক কৰিম। |
| 03:45 | আপুনি দেখা পাব যে শিৰোনামটোৰ তলত দুটা স্তম্ভ আৰু চাৰিটা শাৰী থকা এখন টেবুল আহিছে. |
| 03:53 | আমি এতিয়া টেবুলখনত তালিকা আকাৰে যিকোনো তথ্য লিখিব পাৰিম. |
| 03:58 | উদাহৰণ হিচাপে, টেবুলখনৰ প্ৰথম শাৰী আৰু প্ৰথম স্তম্ভত থকা বাকচটোত ক্লিক কৰক. |
| 04:04 | আমি ইয়াত Secondary School Examination বুলি লিখিম. |
| 04:08 | এতিয়া লগতে থকা চেলটোত ক্লিক কৰক আৰু “93%” লিখক। এতিয়া দেখিম যে ৰমেশে মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত শতকৰা ৯৩ পাইছে. |
| 04:20 | একেদৰে, আমি টেবুলখনত আৰু অলপ শিক্ষামূলক তথ্য লিখিম. |
| 04:25 | Secondary School Examination বুলি লিখি থোৱা চেলটোৰ তলতে থকা চেলটোত ক্লিক কৰক. |
| 04:31 | আমি ইয়াত Higher Secondary School Examination বুলি লিখিম আৰু লগৰ চেলটোত “88%” লিখিম |
| 04:41 | পাছৰ চেলটোলৈ যাবৰ কাৰণে তৃতীয় শাৰীৰ প্ৰথম চেলটোত ক্লিক কৰক। চেলৰ পৰা চেললৈ যাবলৈ “TAB” key-টোও টিপিব পাৰে. |
| 04:52 | এতিয়া TAB-টো হেঁচি দিয়ক আৰু “Graduation” লিখক। লগতে থকা চেলটোত নম্বৰ “75%” লিখক। অন্তিম শাৰীৰ প্ৰথম চেলত ক্লিক কৰক, “Post Graduation” লিখক আৰু কাষৰ চেলত 70% লিখক |
| 05:01 | শেষত আমি অন্তিম শাৰীটোৰ প্ৰথম চেলটোত শিৰোনাম “Post Graduation” লিখিলো আৰু লগতে থকা চেলটোত প্ৰাপ্ত সাফল্য “70%” লিখিলো. |
| 05:12 | এতিয়া আমি দেখিলো যে resume-অত টেবুলখনে শৈক্ষিক তথ্যখিনি দাঙি ধৰিছে. |
| 05:18 | আমি টেবুলখনৰ অন্তিম চেলটোত কাৰ্চৰডাল থওঁ আহকচোন. |
| 05:24 | এতিয়া, আপুনি যদি টেবুলখনৰ অন্তিম চেলটোৰ তলত আৰু এটা শাৰী আনিব বিচাৰৰে, তেনেহ’লে কী-বৰ্ডৰ “TAB”-কীটো হেঁচি দিয়ক |
| 05:33 | আপুনি দেখা পাব যে এটা নতুন শাৰী আহিছে. |
| 05:37 | টেবুলখনৰ বাওঁফালে আমি ডিগ্ৰী পোৱা হিচাপে “Phd” লিখিম আৰু সোঁফালে নম্বৰ হিচাপে “65%” লিখিম. |
| 05:49 | তেনেহ’লে আমি দেখিলো যে, যেতিয়া কাৰ্চৰ-ডাল অন্তিমটো চেলত থোৱা হয়, তেতিয়া এটা শাৰীৰ তলত অন্য এটা নতুন শাৰী আনিবলৈ “TAB”-কীটোৰ দৰকাৰ হয়. |
| 06:00 | TAB আৰু Shift+TAB ব্যৱহাৰ কৰি আমি টেবুলখনৰ ভিতৰত দিশ সালসলনি কৰিব পাৰোঁ. |
| 06:07 | টেবুলৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে— “Optimal Column Width” বিকল্পটো, যিয়ে চেলত থকা তথ্যৰ আকাৰ অনুযায়ী স্তম্ভৰ প্ৰস্থ আপোনা-আপুনি নিৰূপন কৰে. |
| 06:18 | টেবুলখনৰ দ্বিতীয় স্তম্ভত এই বৈশিষ্টটো প্ৰয়োগ কৰিবৰ কাৰণে প্ৰথমে দ্বিতীয় স্তম্ভটোৰ যিকোনো এঠাইত কাৰ্চৰডাল থওক আৰু ক্লিক কৰক. |
| 06:30 | গতিকে আমি অন্তিম চেলটোৰ “65%” লিখি থোৱাৰ পাছতে কাৰ্চৰডাল থওঁ আহকs. |
| 06:35 | এতিয়া মেনুবাৰত থকা Table মেনুত ক্লিক কৰক আৰু “Autofit” বিকল্পটোলৈ যাওক . |
| 06:42 | পৰ্দাত যিখন মেনু ওলাইছে, সেইখনৰ “Optional Column Width” বিকল্পটোত ক্লিক কৰক. |
| 06:49 | আপুনি দেখা পাব, স্তম্ভটোৰ চেলবোৰত থকা তথ্য অনুযায়ী স্তম্ভটোৰ প্ৰস্থ আপোনা-আপুনি নিৰূপিত হৈছে. |
| 06:58 | আমি একেদৰে এখন টেবুলৰ যিকোনো স্তম্ভতে এনে কৰিব পাৰোঁ. |
| 07:02 | আপুনি আপোনাৰ টেবুলখনৰ কাৰণে যিকোনো ধৰণৰ সীমা দি ল’ব পাৰে। সীমাবিহীনৰ পৰা আৰম্ভ কৰি সকলো ভিতৰুৱা আৰু বাহিৰা সীমা দিব পাৰিব. |
| 07:15 | তাৰ বাবে, মেনুত থকা Table টেবটো বাছনি কৰক আৰু উপযুক্ত বিকল্পটো বাছিবলৈ Table Properties Option, Orders টেব বাছনি কৰক. |
| 07:25 | ইয়াৰ পাছত আমি hyperlinks কেনেকৈ সৃষ্টি কৰে চাম. |
| 07:30 | Hyperlinks অনুসৰণ কৰাটোৱে hypertext-খিনি নেভিগেট কৰা বা ব্ৰাউজ কৰাকে বুজায়. |
| 07:35 | তথ্য এটাৰ hyperlink-এ যি সংকেত বা নিৰ্দেশ দিয়ে, সেইটো পঢ়োঁতাজনে প্ৰত্যক্ষভাবে অনুসৰণ কৰিব পাৰে বা আপোনা-আপুনি অনুসৰিত হয়. |
| 07:43 | Hyperlink-এ এখন সম্পূৰ্ণ তথ্যলৈ আঙুলিয়ায় বা তথ্যখনৰ ভিতৰৰ নিৰ্দিষ্ট উপাদানলৈ আঙুলিয়ায়. |
| 07:49 | Hyperlink-অৰ ফাইল প্ৰস্তুত কৰাৰ আগতে আমি hyperlink হ’ব পৰা ফাইল এটা প্ৰস্তুত কৰিম. |
| 07:56 | তাৰবাবে টুলবাৰৰ New Icon-অত ক্লিক কৰিম. |
| 08:00 | এটা নতুন তথ্যসূচীৰ লেখ খুলিব।
এতিয়া আমি এই নতুন তথ্যসূচীখনত অভিৰুচিৰ কাৰণে নতুন টেবুল প্ৰস্তুত কৰিম. |
| 08:06 | তাৰবাবে আমি শিৰোনামটো Hobbies বুলি লিখিম. |
| 08:09 | এতিয়া enter-কী হেঁচি দিয়ক. |
| 08:11 | এতিয়া কেইটামান অভিৰুচি, যেনে— Listening to music, Playing table tennis আৰু Painting,— এটাৰ তলত আনটো লিখক. |
| 08:20 | Let us save this file. |
| 08:24 | টুলবাৰৰ Save আইকনটোত “Name” বুলি থকা ঠাইখিনিত ফাইলটোৰ নামটো Hobby বুলি লিখক. |
| 08:30 | এতিয়া তলৰ শাৰীৰ “Save in Folder”-অত ক্লিক কৰক আৰু লগতে Desktop বিকল্পটোত ক্লিক কৰক। এতিয়া Save বুটামটোত ক্লিক কৰক. |
| 08:40 | এনেকৈ ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিব পৰা যায়. |
| 08:43 | এতিয়া আমি এই ফাইলটো বন্ধ কৰোঁ। এতিয়া resume.odt-ত এই ফাইলটোৰ এটা hyperlink প্ৰস্তুত কৰোঁ আহক, যিটোৰ দ্বাৰা ফাইলটোৰ তথ্য খুলিব পৰা যাব . |
| 08:53 | শৈক্ষিক তথ্য থকা টেবুলখনৰ তলতে শিৰোনামটো “Hobbies” বুলি লিখিম. |
| 09:00 | এই “Hobbies” বুলি লিখা কথাখিনি hyperlink কৰিবলৈ প্ৰথমে “Hobbies”-অত কাৰ্চৰডাল টানি লিখাখিনি বাছনি কৰক. |
| 09:09 | এতিয়া মেনুবাৰৰ Insert Menu-ত ক্লিক কৰক আৰু তাৰ পাছত Hyperlink বিকল্পটোত ক্লিক কৰক. |
| 09:15 | এটা দায়লগ বাকচ ওলাই আহে, য’ত Internet, Mails, News, Documents আৰু New Documents-অৰ দৰে বিকল্প আছে. |
| 09:24 | যিহেতু hyperlink-অৰ কাৰণে আমি এটা লেখ তথ্যসূচী প্ৰস্তুত কৰিব লাগে, আমি Document-অত ক্লিক কৰিব লাগিব |
| 09:30 | এতিয়া Path field-অৰ Open File বুটামটোত ক্লিক কৰক. |
| 09:36 | আগতে প্ৰস্তুত কৰি থোৱা নতুন তথ্যসূচী সুমুৱাবলৈ এতিয়া দায়লগ বাকচৰ Desktop বিকল্পটোত ক্লিক কৰক. |
| 09:44 | এতিয়া hobby.odt ফাইলটোত ক্লিক কৰক আৰু তাৰ পাছত Open বুটামটোত ক্লিক কৰক. |
| 09:52 | আপুনি Path field-অৰ ভিতৰত সুমুৱাই ৰখা ফাইলটোলৈ যাওক। তাত Path টো দেখা পাব |
| 09:57 | এতিয়া Apply Field-অত ক্লিক কৰক আৰু তাৰ পাছত Close বুটামটোত ক্লিক কৰক. |
| 10:02 | আপুনি দেখা পাব যে “Hobbies” বুলি লিখা কথাখিনি নীলা ৰঙৰ হৈছে. Hence the text is now a hyperlink. |
| 10:11 | এতিয়া Hobbies শিৰোনামটোত কাৰ্চৰডাল থওক আৰু Control+P-ৰ লগতে মাউচৰ বাওঁফালৰ বুটামটো একেলগে হেঁচি দিয়ক . |
| 10:19 | আপুনি দেখিব Hobbies থকা ফাইলটো খোল খাইছে।. |
| 10:23 | একেদৰে আপুনি ছবি আৰু ৱেবচাইটৰ কাৰণেও hyperlink কৰিব পাৰে. |
| 10:30 | ইয়াতে LiberOffice Writer-অৰ প্ৰথম প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে. |
| 10:35 | চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো: |
| 10:37 | Image file এটা ডকুমেণ্ট এখনলৈ কেনেকৈ আনে. |
| 10:39 | Writer-অত টেবুল কেনেকৈ আনে |
| 10:42 | Writer-অত hyperlink কেনেকৈ কৰে. |
| 10:48 | বিস্তাৰিত নিৰ্দেশাৱলী |
| 10:50 | Practice.odt ফাইলটো খোলক |
| 10:53 | ফাইলটোত এখন ছবি সুমুৱাওক. |
| 10:57 | তিনিটা শাৰী আৰু দুটা স্তম্ভৰ এখন টেবুল আনক. |
| 11:01 | Make a hyperlink to open “www.google.com” website when you click on the image in the file. |
| 11:11 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক. কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 11:17 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |
| 11:22 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |
| 11:27 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 11:31 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org এই ঠিকনাত লিখক |
| 11:37 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ. |
| 11:41 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
| 11:50 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
| 12:00 | এই শিক্ষণ সহায়িকা আগবঢ়ালে ----------------এ.(Name of the translator and narrator)
মই মৌচুমি মেধি চাইন অফ কৰিচু. যোগদানৰ বাবে ধন্যবাদ, নমস্কাৰ. |