Health-and-Nutrition/C2/Vitamin-C-rich-uncooked-recipes/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | ভিটামিন C প্ৰচুৰকৈ থকা নৰন্ধা বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটো হৈছে কিছু ভিটামিন C প্ৰচুৰকৈ থকা বিধিসমূহক প্ৰস্তুত কৰাৰ বিষয়ে |
| 00:14 | ভিটামিন C হৈছে এটা পানীত দ্ৰৱণীয় ভিটামিন |
| 00:18 | ই এটা অতিশয় গুৰূত্বপূৰ্ণ ভূমিকা লয় শৰীৰৰ বহুতো ফাংচনত |
| 00:23 | ইয়াক লাগে ঘাঁ শুকাবলৈ |
| 00:26 | আৰু স্বাস্থ্যবান ছালৰ বাবে |
| 00:29 | ই সহায় কৰে সংক্ৰমণ আৰু আন ৰোগসমূহৰ সৈতে যুজিবলৈ |
| 00:35 | ভিটামিন C এ লগতে শৰীৰত আইৰন ৰ শোষণক বৃদ্ধি কৰে |
| 00:41 | ভিটামিন C ৰ অভাৱৰ ফলত হ’ব পাৰে স্কাৰভি, |
| 00:45 | অৱসাদ, নিম্ন ৰোগ প্ৰতিৰোধ ক্ষমতা, ইত্যাদি |
| 00:50 | গতিকে, আমাৰ দৈনিক আহাৰত পৰ্যাপ্ত পৰিমাণে ভিটামিন C প্ৰচুৰকৈ থকা খাদ্য খোৱাটো দৰকাৰ |
| 00:57 | ভিটামিন C থাকে সৰহসংখ্যক ফলমুল |
| 01:01 | আৰু শাক-পাচলিত |
| 01:04 | টেঙাযাতীয় ফলমুল আৰু গুচবেৰি হৈছে ভিটামিন C ৰ উৎকৃষ্ট উৎস |
| 01:10 | তথাপি, ই অতি সহজে ধ্বংস হয় তাপৰ দ্বাৰা |
| 01:15 | অধিক লাভৰ বাবে, ভিটামিন C প্ৰচুৰকৈ থকা খাদ্য কেঁচাকৈ খোৱা ভাল |
| 01:21 | এই টিউট’ৰিয়েলত, মই আপোনাক ভিটামিন C প্ৰচুৰকৈ থকা কিছু নৰন্ধা বিধি শিকাম |
| 01:28 | ৰন্ধা ভিটামিন C প্ৰচুৰকৈ থকা বিধিসমূহক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হ’ব |
| 01:33 | আমি চাবলগীয়া প্ৰথম বিধিটো হৈছে মধুৰিয়ামৰ চাটনি |
| 01:37 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 01:41 | ৫০ গ্ৰাম বা এফাল মধুৰিয়াম |
| 01:45 | আধা কাপ বা এমুঠি ধোৱা ধনীয়াপাত |
| 01:49 | ৩ টা সেউজীয়া জলকীয়া |
| 01:51 | ১ চামোচ জীৰা |
| 01:54 | নেমু এফাল, নিমখ সোৱাদ অনুসৰি |
| 01:58 | পদ্ধতি: মধুৰিয়ামটো সৰু সৰু টুকুৰা কৰি লওঁক |
| 02:03 | সকলোখিনি সামগ্ৰীকে মিক্সাৰত খুন্দি লওঁক নেমুপানীৰ সৈতে একেলগে |
| 02:08 | আপুনি অলপ পানী দিব পাৰে কোমল পেষ্ট এটা বনাবলৈ |
| 02:13 | মধুৰিয়ামৰ চাটনি তৈয়াৰ হ’ল |
| 02:16 | এই চাটনিৰ ১/৪ কাপত প্ৰায় ১১০ মিলিগ্ৰাম ভিটামিন C থাকে |
| 02:23 | এই চাটনি লগতে ভিটামিন C প্ৰচুৰকৈ থকা আন ফলমুলৰেও বনাব পাৰি |
| 02:28 | উদাহৰণস্বৰূপে: গুচবেৰি, |
| 02:31 | কেঁচা আম, জামুক, |
| 02:33 | কেঁচা অমিতা, ইত্যাদি |
| 02:36 | আমাৰ দ্বিতীয় বিধিটো হৈছে কেঁচা আম আৰু চীনাবাদামৰ চালাদ |
| 02:41 | ইয়াৰ বাবে, আপোনাক লাগিব: |
| 02:43 | ৫০ গ্ৰাম বা এটা সৰু কেঁচা আম |
| 02:47 | গুচবেৰি এটা |
| 02:50 | বিলাহী এটা, ১/৪ কাপ বা এমুঠি ভজা চীনাবাদাম |
| 02:55 | আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত |
| 02:59 | নেমু এটা |
| 03:00 | সেউজীয়া জলকীয়া এটা |
| 03:02 | নিমখ আপোনাৰ সোৱাদ অনুসৰি |
| 03:05 | পদ্ধতি: |
| 03:07 | কেঁচা আমটো ধোৱক, বাকলি গুচাওঁক আৰু গুটি উলিয়াওঁক |
| 03:11 | শেষত কেঁচা আম, গুচবেৰি আৰু বিলাহীক কাটি লওঁক |
| 03:16 | বাতি এটাত, কাটিলোৱা কেঁচা আম, গুচবেৰি আৰু বিলাহীক লওঁক |
| 03:23 | চীনাবাদাম, সেউজীয়া জলকীয়া দিয়ক |
| 03:26 | আৰু নিমখ |
| 03:29 | ইয়াত নেমু এটা চেপি দিয়ক আৰু ভালকৈ মিহলাওঁক |
| 03:33 | কেঁচা আম আৰু চীনাবাদামৰ চালাদ তৈয়াৰ হ’ল |
| 03:36 | এই চালাদৰ এবাতিয়ে প্ৰায় ৭৭ মিলিগ্ৰাম ভিটামিন C দিয়ে |
| 03:44 | আমাৰ পাছৰ বিধিটো হৈছে মিথি পাতৰ পুলিৰ চালাদ |
| 03:48 | ইয়াৰ বাবে, আপোনাক লাগিব: |
| 03:50 | ৭৫ গ্ৰাম বা ৩-৪ মুঠা মিথি পাতৰ পুলি |
| 03:54 | ১ চামোচ সতেজ নাৰিকল |
| 03:57 | ১ চামোচ সৰু হালধীয়া মগুডালি |
| 04:01 | এফাল বিলাহী, এটা সেউজীয়া জলকীয়া |
| 04:04 | এফাল নেমু |
| 04:06 | আপোনাক লগতে লাগিব নিমখ সোৱাদ অনুসৰি |
| 04:08 | পদ্ধতি: সৰু হালধীয়া মগুডালিক পানীত ৰাতিটোৰ বাবে ভিজাই ৰাখক |
| 04:14 | মিথি পাতৰ পুলিৰ শিপাৰ পৰা ১ ইঞ্চি কাটক আৰু পেলাই দিয়ক |
| 04:19 | মিথি পাতখিনি ভালকৈ ধোৱক |
| 04:22 | সিহতক চাফা কাপোৰ এখনত থওঁক |
| 04:25 | ই পাতখিনিৰ পৰা সকলো অতিৰিক্ত পানীক শুহিব |
| 04:29 | পাতখিনি কাটক আৰু বাতি এটাত থওঁক |
| 04:33 | কাটিলোৱা বিলাহী আৰু সেউজীয়া জলকীয়া দিয়ক |
| 04:37 | তেতিয়া কাটিলোৱা নাৰিকল আৰু ভজা সৰু হালধীয়া মগুডালি দিয়ক |
| 04:42 | ইয়াত নিমখ আৰু নেমুপানী দিয়্ক |
| 04:46 | ইয়াক স্থূলভাবে ভাঙক খুন্দনা এটা ব্যৱ্হাৰ কৰি আৰু মোহাৰক |
| 04:50 | মিথি পাতৰ পুলিৰ চালাদ তৈয়াৰ হ’ল |
| 04:53 | এই চালাদৰ এবাতিয়ে প্ৰায় ৭০ মিলিগ্ৰাম ভিটামিন C দিয়ে |
| 04:59 | আমাৰ পাছৰ বিধি হৈছে গুচবেৰি আচাৰ |
| 05:02 | ইয়াক প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
| 05:05 | এটা গুচবেৰি, ২-৩ টা সেউজীয়া জলকীয়া |
| 05:09 | আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত |
| 05:13 | ১ বা ২ ফুটা নহৰূ |
| 05:15 | নিমখ সোৱাদ অনুসৰি |
| 05:17 | পদ্ধতি: গুচবেৰিৰ গুটি উলিয়াওঁক আৰু কাটি লওঁক |
| 05:22 | জলকীয়া আৰু ধনীয়া পাতকো কাটি লওঁক |
| 05:24 | নিমখ দিয়ক |
| 05:26 | সকলোখিনি সামগ্ৰীকে খুন্দনা এটাত স্থূলভাবে ভাঙক আৰু মোহাৰক |
| 05:30 | গুচবেৰি আচাৰ তৈয়াৰ হ’ল |
| 05:33 | ইয়াক আপোনাৰ আহাৰৰ সৈতে এদিনত এবাৰ বা দুবাৰ ল’ব পাৰি |
| 05:38 | এই আচাৰৰ ২ চামোচত প্ৰায় ৮৮ মিলিগ্ৰাম ভিটামিন C থাকে |
| 05:44 | আমাৰ অন্তিম বিধিটোলৈ যাওঁ যি হৈছে বন্ধাকবিৰ চালাদ |
| 05:48 | এই চালাদ প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
| 05:50 | ১০০ গ্ৰাম বা ১/৪ ভাগ বন্ধাকবি |
| 05:53 | এফাল বিলাহী |
| 05:55 | আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত |
| 05:59 | সেউজীয়া জলকীয়া এটা |
| 06:01 | নেমু এটা |
| 06:03 | ১ চামোচ ভজা আৰু ভাঙিলোৱা চীনাবাদাম |
| 06:07 | আপোনাক লগতে লাগিব আধা চামোচ শুকান আমৰ পাউদাৰ |
| 06:10 | আৰু নিমখ সোৱাদ অনুসৰি |
| 06:14 | পদ্ধতি: বন্ধাকবিটো ভালকৈ টুকুৰা কৰি বা কাটি লওঁক |
| 06:18 | বিলাহীটোওঁ কাটি লওঁক |
| 06:20 | কাটিলোৱা বন্ধাকবি, বিলাহী, ধনীয়া পাত আৰু সেউজীয়া জলকীয়াক বাতি এটাত লওঁক |
| 06:28 | পাছত, ভজা আৰু ভাঙিলোৱা চীনাবাদামখিনি দিয়্ক |
| 06:32 | এতিয়া, নিমখ আৰু শুকান আমৰ পাউদাৰ দিয়্ক |
| 06:36 | সকলোখিনিক ভালকৈ মিহলাওঁক |
| 06:38 | ওপৰত নেমু এটা চেপি দিয়্ক |
| 06:40 | বন্ধাকবিৰ চালাদ তৈয়াৰ হ’ল |
| 06:43 | এই চালাদৰ এবাতিয়ে প্ৰায় ৬০ মিলিগ্ৰাম ভিটামিন C দিব |
| 06:48 | এই সকলো বিধিসমূহত ভাল পৰিমাণে ভিটামিন C থাকে |
| 06:53 | ভিটামিন C প্ৰচুৰকৈ থকা খাদ্যক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰিবলৈ চেষ্টা কৰক ভাল স্বাস্থ্যৰ বাবে |
| 06:58 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |