Health-and-Nutrition/C2/Vitamin-C-rich-uncooked-recipes/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | ভিটামিন C প্ৰচুৰকৈ থকা নৰন্ধা বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটো হৈছে কিছু ভিটামিন C প্ৰচুৰকৈ থকা বিধিসমূহক প্ৰস্তুত কৰাৰ বিষয়ে |
00:14 | ভিটামিন C হৈছে এটা পানীত দ্ৰৱণীয় ভিটামিন |
00:18 | ই এটা অতিশয় গুৰূত্বপূৰ্ণ ভূমিকা লয় শৰীৰৰ বহুতো ফাংচনত |
00:23 | ইয়াক লাগে ঘাঁ শুকাবলৈ |
00:26 | আৰু স্বাস্থ্যবান ছালৰ বাবে |
00:29 | ই সহায় কৰে সংক্ৰমণ আৰু আন ৰোগসমূহৰ সৈতে যুজিবলৈ |
00:35 | ভিটামিন C এ লগতে শৰীৰত আইৰন ৰ শোষণক বৃদ্ধি কৰে |
00:41 | ভিটামিন C ৰ অভাৱৰ ফলত হ’ব পাৰে স্কাৰভি, |
00:45 | অৱসাদ, নিম্ন ৰোগ প্ৰতিৰোধ ক্ষমতা, ইত্যাদি |
00:50 | গতিকে, আমাৰ দৈনিক আহাৰত পৰ্যাপ্ত পৰিমাণে ভিটামিন C প্ৰচুৰকৈ থকা খাদ্য খোৱাটো দৰকাৰ |
00:57 | ভিটামিন C থাকে সৰহসংখ্যক ফলমুল |
01:01 | আৰু শাক-পাচলিত |
01:04 | টেঙাযাতীয় ফলমুল আৰু গুচবেৰি হৈছে ভিটামিন C ৰ উৎকৃষ্ট উৎস |
01:10 | তথাপি, ই অতি সহজে ধ্বংস হয় তাপৰ দ্বাৰা |
01:15 | অধিক লাভৰ বাবে, ভিটামিন C প্ৰচুৰকৈ থকা খাদ্য কেঁচাকৈ খোৱা ভাল |
01:21 | এই টিউট’ৰিয়েলত, মই আপোনাক ভিটামিন C প্ৰচুৰকৈ থকা কিছু নৰন্ধা বিধি শিকাম |
01:28 | ৰন্ধা ভিটামিন C প্ৰচুৰকৈ থকা বিধিসমূহক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হ’ব |
01:33 | আমি চাবলগীয়া প্ৰথম বিধিটো হৈছে মধুৰিয়ামৰ চাটনি |
01:37 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
01:41 | ৫০ গ্ৰাম বা এফাল মধুৰিয়াম |
01:45 | আধা কাপ বা এমুঠি ধোৱা ধনীয়াপাত |
01:49 | ৩ টা সেউজীয়া জলকীয়া |
01:51 | ১ চামোচ জীৰা |
01:54 | নেমু এফাল, নিমখ সোৱাদ অনুসৰি |
01:58 | পদ্ধতি: মধুৰিয়ামটো সৰু সৰু টুকুৰা কৰি লওঁক |
02:03 | সকলোখিনি সামগ্ৰীকে মিক্সাৰত খুন্দি লওঁক নেমুপানীৰ সৈতে একেলগে |
02:08 | আপুনি অলপ পানী দিব পাৰে কোমল পেষ্ট এটা বনাবলৈ |
02:13 | মধুৰিয়ামৰ চাটনি তৈয়াৰ হ’ল |
02:16 | এই চাটনিৰ ১/৪ কাপত প্ৰায় ১১০ মিলিগ্ৰাম ভিটামিন C থাকে |
02:23 | এই চাটনি লগতে ভিটামিন C প্ৰচুৰকৈ থকা আন ফলমুলৰেও বনাব পাৰি |
02:28 | উদাহৰণস্বৰূপে: গুচবেৰি, |
02:31 | কেঁচা আম, জামুক, |
02:33 | কেঁচা অমিতা, ইত্যাদি |
02:36 | আমাৰ দ্বিতীয় বিধিটো হৈছে কেঁচা আম আৰু চীনাবাদামৰ চালাদ |
02:41 | ইয়াৰ বাবে, আপোনাক লাগিব: |
02:43 | ৫০ গ্ৰাম বা এটা সৰু কেঁচা আম |
02:47 | গুচবেৰি এটা |
02:50 | বিলাহী এটা, ১/৪ কাপ বা এমুঠি ভজা চীনাবাদাম |
02:55 | আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত |
02:59 | নেমু এটা |
03:00 | সেউজীয়া জলকীয়া এটা |
03:02 | নিমখ আপোনাৰ সোৱাদ অনুসৰি |
03:05 | পদ্ধতি: |
03:07 | কেঁচা আমটো ধোৱক, বাকলি গুচাওঁক আৰু গুটি উলিয়াওঁক |
03:11 | শেষত কেঁচা আম, গুচবেৰি আৰু বিলাহীক কাটি লওঁক |
03:16 | বাতি এটাত, কাটিলোৱা কেঁচা আম, গুচবেৰি আৰু বিলাহীক লওঁক |
03:23 | চীনাবাদাম, সেউজীয়া জলকীয়া দিয়ক |
03:26 | আৰু নিমখ |
03:29 | ইয়াত নেমু এটা চেপি দিয়ক আৰু ভালকৈ মিহলাওঁক |
03:33 | কেঁচা আম আৰু চীনাবাদামৰ চালাদ তৈয়াৰ হ’ল |
03:36 | এই চালাদৰ এবাতিয়ে প্ৰায় ৭৭ মিলিগ্ৰাম ভিটামিন C দিয়ে |
03:44 | আমাৰ পাছৰ বিধিটো হৈছে মিথি পাতৰ পুলিৰ চালাদ |
03:48 | ইয়াৰ বাবে, আপোনাক লাগিব: |
03:50 | ৭৫ গ্ৰাম বা ৩-৪ মুঠা মিথি পাতৰ পুলি |
03:54 | ১ চামোচ সতেজ নাৰিকল |
03:57 | ১ চামোচ সৰু হালধীয়া মগুডালি |
04:01 | এফাল বিলাহী, এটা সেউজীয়া জলকীয়া |
04:04 | এফাল নেমু |
04:06 | আপোনাক লগতে লাগিব নিমখ সোৱাদ অনুসৰি |
04:08 | পদ্ধতি: সৰু হালধীয়া মগুডালিক পানীত ৰাতিটোৰ বাবে ভিজাই ৰাখক |
04:14 | মিথি পাতৰ পুলিৰ শিপাৰ পৰা ১ ইঞ্চি কাটক আৰু পেলাই দিয়ক |
04:19 | মিথি পাতখিনি ভালকৈ ধোৱক |
04:22 | সিহতক চাফা কাপোৰ এখনত থওঁক |
04:25 | ই পাতখিনিৰ পৰা সকলো অতিৰিক্ত পানীক শুহিব |
04:29 | পাতখিনি কাটক আৰু বাতি এটাত থওঁক |
04:33 | কাটিলোৱা বিলাহী আৰু সেউজীয়া জলকীয়া দিয়ক |
04:37 | তেতিয়া কাটিলোৱা নাৰিকল আৰু ভজা সৰু হালধীয়া মগুডালি দিয়ক |
04:42 | ইয়াত নিমখ আৰু নেমুপানী দিয়্ক |
04:46 | ইয়াক স্থূলভাবে ভাঙক খুন্দনা এটা ব্যৱ্হাৰ কৰি আৰু মোহাৰক |
04:50 | মিথি পাতৰ পুলিৰ চালাদ তৈয়াৰ হ’ল |
04:53 | এই চালাদৰ এবাতিয়ে প্ৰায় ৭০ মিলিগ্ৰাম ভিটামিন C দিয়ে |
04:59 | আমাৰ পাছৰ বিধি হৈছে গুচবেৰি আচাৰ |
05:02 | ইয়াক প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
05:05 | এটা গুচবেৰি, ২-৩ টা সেউজীয়া জলকীয়া |
05:09 | আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত |
05:13 | ১ বা ২ ফুটা নহৰূ |
05:15 | নিমখ সোৱাদ অনুসৰি |
05:17 | পদ্ধতি: গুচবেৰিৰ গুটি উলিয়াওঁক আৰু কাটি লওঁক |
05:22 | জলকীয়া আৰু ধনীয়া পাতকো কাটি লওঁক |
05:24 | নিমখ দিয়ক |
05:26 | সকলোখিনি সামগ্ৰীকে খুন্দনা এটাত স্থূলভাবে ভাঙক আৰু মোহাৰক |
05:30 | গুচবেৰি আচাৰ তৈয়াৰ হ’ল |
05:33 | ইয়াক আপোনাৰ আহাৰৰ সৈতে এদিনত এবাৰ বা দুবাৰ ল’ব পাৰি |
05:38 | এই আচাৰৰ ২ চামোচত প্ৰায় ৮৮ মিলিগ্ৰাম ভিটামিন C থাকে |
05:44 | আমাৰ অন্তিম বিধিটোলৈ যাওঁ যি হৈছে বন্ধাকবিৰ চালাদ |
05:48 | এই চালাদ প্ৰস্তুত কৰিবলৈ, আপোনাক লাগিব: |
05:50 | ১০০ গ্ৰাম বা ১/৪ ভাগ বন্ধাকবি |
05:53 | এফাল বিলাহী |
05:55 | আধা কাপ বা এমুঠি ধোৱা ধনীয়া পাত |
05:59 | সেউজীয়া জলকীয়া এটা |
06:01 | নেমু এটা |
06:03 | ১ চামোচ ভজা আৰু ভাঙিলোৱা চীনাবাদাম |
06:07 | আপোনাক লগতে লাগিব আধা চামোচ শুকান আমৰ পাউদাৰ |
06:10 | আৰু নিমখ সোৱাদ অনুসৰি |
06:14 | পদ্ধতি: বন্ধাকবিটো ভালকৈ টুকুৰা কৰি বা কাটি লওঁক |
06:18 | বিলাহীটোওঁ কাটি লওঁক |
06:20 | কাটিলোৱা বন্ধাকবি, বিলাহী, ধনীয়া পাত আৰু সেউজীয়া জলকীয়াক বাতি এটাত লওঁক |
06:28 | পাছত, ভজা আৰু ভাঙিলোৱা চীনাবাদামখিনি দিয়্ক |
06:32 | এতিয়া, নিমখ আৰু শুকান আমৰ পাউদাৰ দিয়্ক |
06:36 | সকলোখিনিক ভালকৈ মিহলাওঁক |
06:38 | ওপৰত নেমু এটা চেপি দিয়্ক |
06:40 | বন্ধাকবিৰ চালাদ তৈয়াৰ হ’ল |
06:43 | এই চালাদৰ এবাতিয়ে প্ৰায় ৬০ মিলিগ্ৰাম ভিটামিন C দিব |
06:48 | এই সকলো বিধিসমূহত ভাল পৰিমাণে ভিটামিন C থাকে |
06:53 | ভিটামিন C প্ৰচুৰকৈ থকা খাদ্যক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰিবলৈ চেষ্টা কৰক ভাল স্বাস্থ্যৰ বাবে |
06:58 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |