Health-and-Nutrition/C2/Importance-of-Folate/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | ফ’লেতৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:09 | আমাৰ শৰীৰত ফ’লেতৰ ভূমিকা |
00:12 | ফ’লেতৰ অভাৱৰ প্ৰভাৱসমূহ |
00:15 | বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে ফ’লেতৰ প্ৰয়োজনীয়তা |
00:20 | ভিটামিন B9 হৈছে এটা দৰকাৰী পানীত দ্ৰবীভূত হোৱা B ভিটামিন |
00:25 | ইয়াৰ দুটা ফৰ্ম আছে: ফ’লেত আৰু ফ’লিক এচিদ |
00:30 | ফ’লেত হৈছে স্বাভাবিক ফৰ্ম আৰু খাদ্যত ইয়াক প্ৰাকৃতিকভাবে পোৱা যায় |
00:35 | ফ’লেত লগতে আমাৰ অন্ত্ৰত বেক্টেৰিয়াই উৎপন্ন কৰে |
00:41 | য’ত, ফ’লিক এচিদ হৈছে চিনথেটিক ফৰ্ম |
00:45 | ইয়াক পোৱা যায় ৰাসায়নিকভাবে বনোৱা খাদ্যত বা দৰবত |
00:51 | ফ’লেত আমাৰ শৰীৰত সহজে শোষিত হয় ফ’লিক এচিদৰ তুলনাত |
00:58 | আমি এতিয়া চাম আমাৰ শৰীৰত ফ’লেতৰ ভূমিকা আৰু |
01:02 | ইয়াৰ অভাৱৰ প্ৰভাৱক |
01:05 | ফ’লেত দৰকাৰ হয় আমাৰ শৰীৰত বিভিন্ন ফাংচনৰ বাবে |
01:09 | আমাৰ শৰীৰত ই লাগে বৃদ্ধি, মেৰামতি, ভাগ-বতৰা আৰু নতুন কোষৰ গঠণৰ বাবে |
01:18 | ফ’লেতে হ’ম’চিষ্টিন লেভেলচ কমোৱাত সহায় কৰে |
01:23 | হ’ম’চিষ্টিন হৈছে এক প্ৰকাৰৰ এমিন’ এচিদ যি প্ৰ’টিন বনোৱাত ব্যৱহৃত হয় |
01:29 | উচ্চ হ’ম’চিষ্টিন লেভেলে জ্ঞানাত্মক ফাংচনক বেয়া কৰে |
01:34 | ই লগতে হৃদযন্ত্ৰৰ ৰক্ত নলীকাসমূহকো ধ্বংস কৰে |
01:39 | ই হৃদযন্ত্ৰৰ ৰোগৰ বিপদক বৃদ্ধি কৰে |
01:43 | সেইবাবে, ফ’লেতে হৃদযন্ত্ৰৰ আৰু জ্ঞানাত্মক ফাংচনৰ চোৱাচিতাত সহায় কৰে |
01:48 | ই লগতে দৰকাৰ হয় এটা সুস্থ গৰ্ভধাৰণৰ বাবে |
01:51 | আৰু নিউৰেল টিউব বন্ধ হ’বৰ বাবে |
01:55 | নিউৰেল টিউব বিকশিত হৈ শিশুটোৰ মগজু আৰু ৰাজহাড় হয়গৈ |
02:01 | নিউৰেল টিউব বন্ধ হোৱাত অসমৰ্থ হ’লে নিউৰেল টিউবৰ ত্ৰুটি হ’ব পাৰে |
02:07 | নিউৰেল টিউবৰ ত্ৰুটি হৈছে মগজু আৰু ৰাজহাড়ৰ জন্মগত ত্ৰুটি |
02:13 | দুটা অতিকৈ কমন নিউৰেল টিউবৰ ত্ৰুটি হৈছে এনেনচিফালি আৰু স্পিনা বিফিদা |
02:20 | এনেনচিফালি ত, শিশু এটাৰ মগজু আৰু কংকালৰ অংশসমূহ সঠিককৈ গঠিত নহয় |
02:27 | স্পিনা বিফিদা ত, শিশুটোৰ ৰাজহাড় সঠিককৈ বিকশিত নহয় |
02:33 | সেইবাবে, শিশুটোৰ শাৰিৰীক অক্ষমতা থাকিব পাৰে |
02:38 | ইয়াৰ ফলত ভৰিৰ মাংসপেশীৰ দূৰ্বলতা আৰু পাৰালাইচিচ হ’ব পাৰে |
02:43 | বেকা ৰাজহাড় আৰু প্ৰস্ৰাৱ স্থলীৰ নিয়ন্ট্ৰণ হেৰোৱাটো হৈছে আন লক্ষণ |
02:49 | আহাৰ খোৱাত আৰু গিলাত অসুবিধা হোৱাটোওঁ কমন |
02:55 | সিহতৰ লগতে শিকোতে আৰু মনোযোগ দিওতেওঁ অসুবিধা হ’ব পাৰে |
03:00 | নিউৰেল টিউব বন্ধ হোৱা গৰ্ভধাৰণৰ ২৮ দিনৰ ভিতৰত হয় |
03:06 | এই সময়লৈকে, মহিলাগৰাকীয়ে হয়তু নাজানিব পাৰে যে তেওঁ গৰ্ভবতী হয় |
03:12 | যেতিয়া তেওঁ জানে, তেতিয়ালৈ এই ত্ৰুটিসমূহ প্ৰতিহত কৰিবলৈ বহু দেৰি হৈ যায় |
03:18 | সকলো মহিলাই, বিশেষকৈ গৰ্ভধাৰণৰ বয়্সৰ সকলে পৰ্যাপ্ত পৰিমাণে ফ’লেত থকা খাদ্য খাব লাগে |
03:25 | ফ’লেতৰ সৈতে, আন পুষ্টিকৰ পদাৰ্থসমূহো দৰকাৰ হয় নিউৰেল টিউবৰ ত্ৰুটিসমূহ প্ৰতিহত কৰিবলৈ |
03:32 | উদাহৰণস্বৰূপে: ভিটামিন B12 আৰু ক’লিন |
03:39 | গৰ্ভধাৰণৰ সময়ত, ফ’লেতৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই |
03:45 | এই সময়ত অপৰ্যাপ্ত পৰিমাণে ল’লে ফ’লেতৰ অভাৱে দেখা দিয়ে |
03:51 | শৰীৰৰ দ্বাৰা ফ’লেতৰ কম শোষণ হ’লেওঁ অভাৱে দেখা দিয়ে |
03:58 | আনকি অত্যাধিক মদ্যপান কৰিলেওঁ একেটা হয় |
04:03 | ভিটামিন B12 ৰ অভাৱেওঁ অপোনপটীয়াকৈ ফ’লেতৰ অভাৱ কৰে |
04:09 | আনকি যদি ফ’লেত আমাৰ শৰীৰত থাকে, ই ফাংচন প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ব |
04:16 | ইয়াৰ কাৰণ হৈছে ভিটামিন B12 ৰ প্ৰয়োজন হয় ফ’লেতক ইয়াৰ এক্তিভ ফৰ্মত পৰিবৰ্তন কৰিবলৈ |
04:24 | সেইবাবে, ফ’লেতৰ সৈতে পৰ্যাপ্ত পৰিমাণে ভিটামিন B12 খোৱাটো দৰকাৰ |
04:31 | ডিম, চিকেন, মাংস আৰু গাখীৰৰ বস্তুসমূহ হৈছে ভিটামিন B12 ৰ ভাল উৎস |
04:39 | চেলফিচ, লিভাৰ, হাৰ্ত, কিডনী, মগজু হৈছে আন উদাহৰণসমূহ |
04:47 | জেনেতিক এনিমিয়া থকা লোকৰ ফ’লেতৰ অভাৱ হোৱাৰ আশংকা থাকে |
04:54 | জেনেতিক এনিমিয়াৰ উদাহৰণ হৈছে চিকল চেল এনিমিয়া |
04:58 | আৰু থাইলেচেমিয়া |
05:01 | এই অৱস্থাত, ৰঙা ৰক্তকোষসমূহ গঠণ কৰিব পৰাতকৈ দ্ৰুতগতিত ধ্বংস হয় |
05:08 | সেইবাবে, এই অৱস্থাত পৰ্যাপ্ত পৰিমাণে ফ’লেত খোৱাটো উচিত |
05:14 | অনুগ্ৰহ কৰি যিকোনো দৰব খোৱাৰ আগতে আপোনাৰ ডক্তৰৰ পৰামৰ্শ লওঁক |
05:19 | পাছত, আহক ফ’লেতৰ অভাৱ হোৱাৰ লক্ষণসমূহ চাওঁ |
05:24 | এই লক্ষণসমূহ পুৰূষ আৰু মহিলা উভয়তে দেখা যায় |
05:29 | কিছু আগতীয়া সংকেত হৈছে জিভা আৰু ওঠৰ বেদনা আৰু ৰঙা পৰা |
05:35 | আন লক্ষণসমূহ হৈছে অৱ্সাদ, |
05:38 | বিৰক্তি, টোপনী কমা |
05:41 | আৰু বিষন্নতা |
05:43 | মুখ বা পেটত আলচাৰো লগতে হ’ব পাৰে |
05:47 | দীঘলীয়া সময়ৰ বাবে অভাৱ হ’লে স্মৃতিশক্তি আৰু মনোযোগক কমাব পাৰে |
05:53 | গৰ্ভৱতী মহিলাৰ ফ’লেতৰ অভাৱ হ’লে শিশুৰ ওপৰত বেয়া প্ৰভাৱ পৰে |
05:59 | উদাহৰণস্বৰূপে: নিউৰেল টিউবৰ ত্ৰুটি আৰু |
06:03 | ক্লেফ্ত লিপ আৰু পেলেত শিশুসমূহত |
06:07 | ক্লেফত হৈছে এটা গেপ বা ফটা ওপৰৰ ওঠ বা মুখৰ ওপৰত |
06:13 | ই হয় যেতিয়া ভ্ৰুণৰ বিকাশৰ সময়ত কলাসমূহ একেলগে একত্ৰিত নহয় |
06:20 | ফ’লেত বা ভিটামিন B12 ৰ অভাৱৰ বাবে মেক্ৰ’চাইতিক এনিমিয়া হয় |
06:27 | মই বৰ্ণনা কৰিম ই কেনেকৈ হয় |
06:30 | এই দুয়োটাই পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন হয় স্বাভাৱিক কোষৰ বৃদ্ধি আৰু বিকাশত |
06:36 | সিহতৰ অভাৱ হোৱাৰ ক্ষেত্ৰত, ৰঙা ৰক্ত কোষসমূহ পৰিপক্ক বা সঠিককৈ বিভক্ত নহয় |
06:43 | ইয়াৰ ফলত, ডাঙৰ অপৰিপক্ক ৰঙা ৰক্ত কোষৰ সৃষ্টি হয় যি কম সংখ্যক হয় |
06:51 | এইবোৰত অতিশয় কম হিম’গ্ল’বিন থাকে আৰু সেইবাবে ভালকৈ ফাংচন কৰিব নোৱাৰে |
06:59 | হিম’গ্ল’বিনে আন কলা আৰু কোষসমূহলৈ অক্সিজেন কহিয়াওঁতে সহায় কৰে |
07:06 | সেইবাবে, নিম্ন হিম’গ্ল’বিন লেভেলৰ বাবে এনিমিয়া হয় |
07:11 | আহক বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে প্ৰতিদিনে প্ৰয়োজন হোৱা ফ’লেতৰ পৰিমাণ চাওঁ |
07:18 | ১ ৰ পৰা ৩ বছৰ বয়সৰ শিশুক ৯০ মাইক্ৰ’গ্ৰাম লাগে |
07:24 | ৪ ৰ পৰা ৯ বছৰ বয়সৰ শিশুক ১১০ ৰ পৰা ১৪২ মাইক্ৰ’গ্ৰাম লাগে |
07:32 | ১০ ৰ পৰা ১৫ বছৰ বয়সৰ কিশোৰক ১৮০ ৰ পৰা ২০৪ মাইক্ৰ’গ্ৰাম লাগে |
07:42 | ১৬ বছৰতকৈ ডাঙৰ কিশোৰৰ বাবে ২০০ মাইক্ৰ’গ্ৰাম তকৈ অধিক লাগে প্ৰতিদিনে |
07:50 | প্ৰাপ্তবয়স্ক মহিলা আৰু পুৰূষৰ বাবে ২০০ ৰ পৰা ২৫০ মাইক্ৰ’গ্ৰাম লাগে |
07:58 | গৰ্ভৱতী মহিলাই প্ৰায় ৫০০ মাইক্ৰ’গ্ৰাম ল’ব লাগে |
08:02 | স্তনপান কৰোৱা মাকসকলে, ৩০০ মাইক্ৰ’গ্ৰাম ল’ব লাগে |
08:07 | জন্মৰ ত্ৰুটি থকা মহিলাৰ বাবে ফ’লেতৰ প্ৰয়োজনীয়্তা উচ্চ হয় |
08:15 | তেওঁলোকে ৫০০ মাইক্ৰ’গ্ৰাম ল’ব লাগে গৰ্ভধাৰণৰ আগতে আৰু গৰ্ভৱতী সময়ত |
08:22 | গৰ্ভধাৰণ কৰিব বিচৰা মহিলাই পৰ্যাপ্ত পৰিমাণে ফ’লেত ল’ব লাগে |
08:29 | ফ’লেতৰ প্ৰয়োজনীয়তাক পাব পাৰি আহাৰৰ পৰা |
08:33 | বিনচ হৈছে ফ’লেতৰ উৎকৃষ্ট উৎস |
08:36 | ৩০ গ্ৰাম বা আধা কাপ নৰন্ধা বিনচে প্ৰায় ৮০ ৰ পৰা ১২০ মাইক্ৰ’গ্ৰাম ফ’লেত দিয়ে |
08:46 | লাবিয়া মাহ, ৰাজমাহ, ম’থ বিনচ, চয়বিনচ হৈছে কিছু উদাহৰণ |
08:53 | আনকি বঙালী বুট, ফিল্দ বিনচ, হ’ৰ্চ গ্ৰাম, শুকান মটৰমাহো ভাল উৎস |
09:00 | সেউজীয়া পাতৰ শাকত ভাল পৰিমাণে ফ’লেত থাকে |
09:04 | উদাহৰণস্বৰূপে: শাক, অমৰান্থ পাত, কচু পাত, অগাথি পাত |
09:11 | ৫০ গ্ৰাম বা ১ কাপ নৰন্ধা শাকে প্ৰায় ৭০ মাইক্ৰ’গ্ৰাম ফ’লেত দিয়ে |
09:19 | ১ চামোচ ড্ৰামষ্টিক পাতৰ পাউদাৰে প্ৰায় ১০ মাইক্ৰ’গ্ৰাম ফ’লেত দিয়ে |
09:27 | ফ’লেত প্ৰচুৰকৈ থকা আন শাক-পাচলিসমূহ হৈছে কোমল ফিল্দ বিনচ, ফ্ৰেঞ্চ বিনচ আৰু বিতৰোত |
09:35 | আনকি ফুলকবি, ভেন্দি আৰু ড্ৰামষ্টিকত মধ্যম পৰিমাণৰ ফ’লেত থাকে |
09:43 | সূৰ্যমূখী ফুলৰ গুটি, সৰিয়হৰ গুটি আৰু নাইযাৰ গুটিত অলপ পৰিমাণৰ ফ’লেত থাকে |
09:50 | ১ চামোচ এই গুটিসমূহৰ পাউদাৰত প্ৰায় ১৫ ৰ পৰা ২০ মাইক্ৰ’গ্ৰাম ফ’লেত থাকে |
09:59 | আমিষ খাদ্যসমূহৰ ভিতৰত চিকেন লিভাৰ আৰু সকলো সাগৰৰ খাদ্যসমূহ হৈছে উৎকৃষ্ট উৎস |
10:06 | ৬০ গ্ৰামৰ চিকেন লিভাৰ এটাই প্ৰায় ৬০০ মাইক্ৰ’গ্ৰাম ফ’লেত দিব |
10:13 | ১০০ গ্ৰাম যিকোনো সাগৰৰ খাদ্যই ৭০০ মাইক্ৰ’গ্ৰাম তকৈ বেছি দিব |
10:20 | অনুগ্ৰহ কৰি মন কৰিব যে অতিমাত্ৰা গৰম আৰু পানীয়ে ফ’লেতৰ মানক কমায় |
10:26 | সেইবাবে, খাদ্যক অত্যাধিক ৰন্ধা আৰু পুনৰায় গৰম কৰাক ত্যাগ কৰক |
10:33 | শাক-পাচলিক উতলোৱাৰ পৰিবৰ্তে সিজাব বা ভাপত দিব পাৰি |
10:38 | ডালিক ৰন্ধাৰ আগতে সদায় ৰাতিটো ভিজাই ৰাখিব লাগে |
10:43 | অংকুৰিত কৰি ৰান্ধিলে হ’ল বিনচৰ পুষ্টিকৰ উপাদান বৃদ্ধি হয় |
10:49 | কিম্বন আৰু ভজাই লগতে ফ’লেতৰ শোষণক উন্নত কৰাত সহায় কৰিব |
10:56 | আমাৰ ভাল স্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ফ’লেত লোৱাটো অতিশয় দৰকাৰ |
11:01 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |