Health-and-Nutrition/C2/Importance-of-Protein/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
| 00:08 | আমাৰ শৰীৰত প্ৰ’টিনৰ ভূমিকা |
| 00:11 | ইয়াৰ অভাৱৰ প্ৰভাৱসমূহ |
| 00:15 | বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে প্ৰয়োজনীয়তা |
| 00:18 | খাদ্যৰ উৎসসমূহ |
| 00:21 | প্ৰ’টিন হৈছে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এটা দৰকাৰি পুষ্টিকৰ পদাৰ্থ |
| 00:27 | ই গঠিত হয় ২২ টা এমিন’ এচিদৰে |
| 00:31 | ২২ টাৰ ভিতৰত, ৯ টা এমিন’ এচিদ প্ৰয়োজনীয় |
| 00:36 | এইবোৰ আমাৰ শৰীৰে নবনাই, গতিকে সিহতক খাদ্যৰ দ্বাৰা ল’ব লাগে |
| 00:43 | বাকীথকা ১৩ টা শৰীৰে বনাই |
| 00:47 | মই এমিন’ এচিদৰ বিষয়ে বিতংকৈ ক’ম |
| 00:51 | এমিন’ এচিদ হৈছে জৈবিক মৌল যি একত্ৰিত হৈ প্ৰটিন বনায় |
| 00:58 | লাইচিন, লিউচিন, হিষ্টিদিন, মিথিঅ’নিন, ট্ৰিপট’ফেন হৈছে কিছু এমিন’ এচিদ |
| 01:09 | প্ৰ’টিন বিভক্ত হৈছে দুটা প্ৰকাৰত |
| 01:12 | সিহত হৈছে সম্পূৰ্ণ প্ৰ’টিন আৰু অসম্পূৰ্ণ প্ৰ’টিন |
| 01:18 | সিহত দুটাৰ মাজৰ পাৰ্থক্যটো হৈছে খাদ্যত অৱস্থিত এমিন’ এচিদৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি |
| 01:27 | সম্পূৰ্ণ প্ৰ’টিন হৈছে সেইবোৰ য’ত সকলো ৯ টা প্ৰয়োজনীয় এমিন’ এচিদ থাকে |
| 01:34 | সকলো আমিষ খাদ্যই হৈছে সম্পূৰ্ণ প্ৰ’টিন |
| 01:39 | উদাহৰণস্বৰূপে: চিকেন, |
| 01:41 | ডিম, |
| 01:43 | মাছ আৰু মাংস |
| 01:46 | একেদৰে, গাখীৰ আৰু গাখীৰৰ বস্তুসমূহো সম্পূৰ্ণ প্ৰ’টিনৰ এটা উৎস |
| 01:53 | অসম্পূৰ্ণ প্ৰ’টিনত অপৰ্যাপ্ত পৰিমাণে এটা বা অধিক দৰকাৰি এমিন’ এচিদ থাকে |
| 02:02 | সকলো নিৰামিষ খাদ্য হৈছে অসম্পূৰ্ণ প্ৰ’টিন |
| 02:06 | উদাহৰণস্বৰূপে: ডালি, |
| 02:09 | খাদ্যশস্য, বাদাম |
| 02:12 | আৰু গুটিসমূহ |
| 02:14 | এই সকলোৰে ভিতৰত, চয়বিন হৈছে প্ৰ’টিনৰ আটাইতকৈ উৎকৃষ্ট নিৰামিষ উৎস |
| 02:21 | প্ৰ’টিনৰ লাভসমূহ হৈছে মাংশপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু চোৱাচিতা কৰা |
| 02:30 | ই লগতে তেজৰ শৰ্কৰা লেভেলক নিয়ন্ট্ৰণ কৰে |
| 02:33 | আৰু এটা শক্তিশালী প্ৰতিৰোধ ক্ষমতা গঢ়ে |
| 02:37 | প্ৰ’টিন প্ৰচুৰকৈ থকা খাদ্যই আমাৰ ভোক কমাই আৰু বহু সময়ৰ বাবে সন্তুষ্টি দিয়ে |
| 02:43 | ই লগতে ওজন বাহাল ৰখাত সহায় কৰে |
| 02:47 | হজম কৰোৱা আৰু টক্সিনচ ভঙাটো হৈছে আন দুটা ফাংচন |
| 02:54 | ই লগতে মগজুলৈ আৰু মগজুৰ পৰা সংকেত অনা-নিয়া কৰাত সহায় কৰে |
| 03:00 | শৰীৰত পুষ্টিকৰ পদাৰ্থ কঢ়িয়াওঁতে আৰু জমা ৰাখিবলৈওঁ প্ৰ’টিন দৰকাৰ হয় |
| 03:06 | আহক এতিয়া প্ৰ’টিনৰ অভাৱ হোৱাৰ সংকেত আৰু লক্ষণসমূহ বুজো |
| 03:13 | প্ৰ’টিনৰ অভাৱ হোৱাৰ এটা সংকেত হৈছে ভ্ৰুণৰ অৱৰূদ্ধ বিকাশ |
| 03:20 | শিশুৰ অভাৱ হ’লে ওৱেচতিং আৰু ষ্টানতিং হ’ব পাৰে |
| 03:26 | ইয়াৰ ফলত শৰীৰৰ ওজন কম হয় |
| 03:30 | তেনে ক্ষেত্ৰত, শিশুৰ বিভিন্ন ধৰণৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে |
| 03:37 | বৃদ্ধি কম হোৱাৰ বাবে, শিশু এটাৰ মগজুৰ বিকাশ প্ৰভাৱিত হ’ব পাৰে |
| 03:43 | দীঘলীয়া সময়ত, কমকৈ বৃদ্ধি হোৱা শিশুৰ মধুমেহ হোৱাৰ আশংকা থাকে |
| 03:51 | সিহত ডাঙৰ হ’লে উচ্চ ৰক্তচাপ হ’ব পাৰে |
| 03:56 | প্ৰাপ্তবয়স্কৰ, প্ৰ’টিনৰ অভাৱ হ’লে মাংসপেশী দুৰ্বল হয় |
| 04:02 | তেওঁলোকে অনুভৱ কৰিব পাৰে ভাগৰূৱা, |
| 04:05 | দুৰ্বল আৰু সহজে সংক্ৰমণ হয় |
| 04:09 | ছাল কোচখোৱা আৰু চুলি সৰা হৈছে আন উদাহৰণ |
| 04:15 | বিভিন্ন বয়সৰ গ্ৰোপচৰ বাবে দৈনিক ভিন্ন প্ৰয়োজন হয় |
| 04:20 | এই টিউট’ৰিয়েলত পৰামৰ্শ দিয়া প্ৰ’টিনৰ প্ৰয়োজনীয়তা ফিল্দত নিৰীক্ষণ কৰাৰ অনুসৰি হৈছে |
| 04:28 | ০ ৰ পৰা ১২ মাহ বয়সৰ শিশুৰ বাবে ই হৈছে ১ ৰ পৰা ২ গ্ৰাম প্ৰতি কেজি শৰীৰৰ ওজন অনুসৰি |
| 04:36 | ১৬ গ্ৰাম প্ৰ’টিন লাগে ১ ৰ পৰা ৩ বছৰ বয়সৰ শিশুৰ বাবে |
| 04:43 | ২০ গ্ৰাম লাগে ৪ ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ বাবে |
| 04:48 | ২৯ গ্ৰাম পৰামৰ্শ দিয়া হয় ৭ ৰ পৰা ৯ বছৰ বয়সৰ শিশুৰ বাবে |
| 04:55 | ৪০ গ্ৰাম লাগে ১০ ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ বাবে |
| 05:00 | ৫২ ৰ পৰা ৬২ গ্ৰাম লাগে কিশোৰৰ বাবে |
| 05:06 | গৰ্ভৱতী মহিলাৰ বাবে, ই হৈছে ৭৮ গ্ৰাম |
| 05:11 | স্তনপান কৰোৱা মাকৰ বাবে, ৬৮ ৰ পৰা ৭৪ গ্ৰামৰ পৰামৰ্শ দিয়া হয় |
| 05:18 | প্ৰাপ্তবয়স্কৰ বাবে, প্ৰ’টিনৰ প্ৰয়োজনীয়তা লগতে তেওঁলোকৰ শাৰিৰীক গতিবিধিৰ ওপৰতো নিৰ্ভৰ কৰে |
| 05:25 | গতিবিধি শ্ৰেণীবিভক্ত হৈছে সাধাৰণ, |
| 05:30 | মধ্যম আৰু উচ্চ |
| 05:33 | সাধাৰণ গতিবিধিত অন্তৰ্ভুক্ত হৈছে টিচিংগ, |
| 05:36 | টেইল’ৰিংগ, |
| 05:38 | দাতা এনট্ৰি |
| 05:40 | আৰু কল চেন্টাৰ জবচ |
| 05:44 | মেজত কামকৰা লোকসকলো সাধাৰণ গতিবিধিৰ ভিতৰত পৰে |
| 05:50 | মধ্যম গতিবিধিত অন্তৰ্ভুক্ত হয় এগ্ৰিকালচাৰ লেবাৰ, |
| 05:55 | ঘৰূৱা সহায়ক, মেচন |
| 05:58 | আৰু দ্ৰাইভাৰ |
| 06:00 | উচ্চ গতিবিধিত অন্তৰ্ভুক্ত হয় শিল ভঙা লোক, |
| 06:04 | গছ কটা লোক, দৌৰবিদ |
| 06:07 | আৰু খনীত কামকৰা লোক |
| 06:10 | সাধাৰণ শ্ৰমিকক লাগে ১ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি |
| 06:18 | আদৰ্শ শৰীৰৰ ওজন হৈছে স্বাস্থ্যবান লোক এজনৰ থাকিবলগা ওজন |
| 06:24 | মধ্যম শ্ৰমিকক লাগে ১.২ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি |
| 06:32 | উচ্চ শ্ৰমিকক লাগে ১.৫ গ্ৰাম প্ৰ’টিন প্ৰতি কেজি আদৰ্শ শৰীৰৰ ওজন অনুসৰি |
| 06:40 | আহক ইয়াক উদাহৰণ এটাৰ সৈতে বুজো |
| 06:44 | এগৰাকী ৫৫ কিল’গ্ৰামৰ মধ্যম শ্ৰম কৰা মহিলাক ৬৬ গ্ৰাম প্ৰ’টিন লাগিব |
| 06:53 | যদি একেগৰাকী মহিলাই অত্যাধিক শ্ৰম কৰে তেন্তে তেওঁক ৮২ গ্ৰাম লাগিব |
| 07:00 | আপোনাৰ দৈনিক আহাৰত প্ৰ’টিন প্ৰচুৰকৈ থকা খাদ্য খাব লাগে |
| 07:06 | তেনে খাদ্যসমূহ ৬ মাহ বয়সৰ পৰাই দিব লাগে |
| 07:11 | আহক কিছু খাদ্যৰ উৎসত থকা প্ৰ’টিনৰ পৰিমাণক এবাৰ চাওঁ |
| 07:17 | এটা ডিমত প্ৰায় ৭ গ্ৰাম প্ৰ’টিন থাকে |
| 07:22 | ১০০ গ্ৰাম হাড় নথকা চিকেনত প্ৰায় ১৯ গ্ৰাম প্ৰ’টিন থাকে |
| 07:29 | একেদৰে, ১০০ গ্ৰাম মাছত প্ৰায় ২০ গ্ৰাম প্ৰ’টিন থাকে |
| 07:36 | ২৫০ মিলিলিটাৰ গৰূৰ গাখীৰত প্ৰায় ৮ গ্ৰাম থাকে |
| 07:43 | ২৫০ মিলিলিটাৰ গৰূৰ গাখীৰৰ পৰা বনোৱা দৈতো প্ৰায় ৮ গ্ৰাম থাকে |
| 07:51 | গৰূৰ গাখীৰৰ পৰা বনোৱা ৪৫ গ্ৰাম পনীৰত প্ৰায় ৮ গ্ৰাম প্ৰ’টিন থাকে |
| 07:59 | ২০ গ্ৰাম বাদাম আৰু গুটিত প্ৰায় ৪ গ্ৰাম থাকে |
| 08:05 | আপেখিকভাবে ১১ গ্ৰাম প্ৰ’টিন পোৱা যায় ৩০ গ্ৰাম কেচা চয়বিনচত |
| 08:14 | ৫ গ্ৰাম প্ৰ’টিন পোৱা যায় ৩০ গ্ৰাম আন কেচা বিনচত |
| 08:22 | ৩০ গ্ৰাম নৰন্ধা ডালিত প্ৰায় ৪ গ্ৰাম প্ৰ’টিন থাকে |
| 08:30 | ৩০ গ্ৰাম কেচা চাউলত প্ৰায় ২ গ্ৰাম থাকে |
| 08:36 | ৩০ গ্ৰাম কেচা ফক্সটেইল মিলেতত প্ৰায় ৪ গ্ৰাম প্ৰ’টিন থাকে |
| 08:43 | ৩০ গ্ৰাম ঘেঁহুৰ আটাৰে বনোৱা ৰূটি এখনত প্ৰায় ৩ গ্ৰাম প্ৰ’টিন থাকে |
| 08:52 | জোৱাৰ আৰু পাৰ্ল মিলেতৰ ৰূটিতো প্ৰায় ৩ গ্ৰাম প্ৰ’টিন থাকে |
| 08:59 | ৪ গ্ৰাম প্ৰ’টিন থাকে এখন মিচি ৰূটিত |
| 09:06 | মিচি ৰূটি বনোৱা হয় সমান পৰিমাণৰ বুটৰ বেচন আৰু ঘেঁহুৰ আটা লৈ |
| 09:13 | আমিষ খাদ্যৰ পৰা পোৱা প্ৰ’টিন বেছিকৈ শোষিত হয় নিৰামিষ খাদ্যৰ তুলনাত |
| 09:21 | ইয়াৰ কাৰণ হৈছে আমিষ খাদ্যত সম্পূৰ্ণ প্ৰ’টিন থাকে |
| 09:27 | সম্পূৰ্ণ প্ৰ’টিনত সকলোখিনি প্ৰয়োজনীয় এমিন’ এচিদচ থাকে |
| 09:33 | সেইবাবে, আমিষ খাদ্যত প্ৰ’টিনৰ গুণাগুণ উন্নত হয় নিৰামিষ খাদ্যতকৈ |
| 09:40 | প্ৰ’টিনৰ গুণাগুণক চোৱা হয় DIAAS পদ্ধতিৰে |
| 09:48 | DIAAS হৈছে Digestible indispensable এমিন’ এচিদ স্ক’ৰ |
| 09:56 | ই হৈছে এটা অনুপাত খাদ্যত থকা হজম হ’ব পৰা এমিন’ এচিদ আৰু প্ৰয়োজনীয় এমিন’ এচিদৰ মাজৰ |
| 10:05 | স্ক’ৰ দিয়া হয় ০ ৰ পৰা ১ লৈ |
| 10:10 | ১ হৈছে উচ্চতম আৰু ০ হৈছে নিম্নতমৰ বাবে |
| 10:16 | আহক কিছু খাদ্যৰ আইতেমৰ বাবে হজম হ’ব পৰা স্ক’ৰ চাওঁ |
| 10:22 | ডিমৰ হজম হ’ব পৰা স্ক’ৰ হৈছে ১.১৮ |
| 10:27 | গাখীৰৰ হৈছে ১.৩২ |
| 10:31 | মটৰমাহৰ হৈছে ০.৬৪ |
| 10:35 | য’ত কাবুলী বুটৰ হৈছে ০.৬৬ |
| 10:41 | ৰন্ধা চাউলৰ হৈছে ০.৫৯ |
| 10:46 | ঘেঁহুৰ হৈছে ০.৪৩ |
| 10:50 | ভজা চীনাবাদামৰ লগতে স্ক’ৰ হৈছে ০.৪৩ |
| 10:56 | আগতে আলোচনা কৰাৰ দৰে, নিৰামিষ উৎসসমূহ হৈছে অসম্পূৰ্ণ প্ৰ’টিন |
| 11:02 | খাদ্যশস্যত লাইচিন কম থাকে আৰু ডালিত মিথিঅ’নাইন কম থাকে |
| 11:08 | সিহতক একেলগে খালে এমিন’ এচিদৰ অপৰ্যাপ্ততাক ৰোধ কৰিব |
| 11:14 | খাদ্যশস্য আৰু ডালিক মিলালে প্ৰ’টিনৰ গুণমাণতা উন্নত হয় |
| 11:20 | ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন |
| 11:25 | বিভিন্ন খাদ্যৰ গ্ৰোপচক ভিন্ন সংমিশ্ৰণত খাবলৈ পৰামৰ্শ দিয়া হয় |
| 11:31 | খাদ্যৰ গ্ৰোপচক একত্ৰিত কৰিলে বিভিন্ন প্ৰয়োজনীয় এমিন’ এচিদ পোৱাত সহায় হয় |
| 11:38 | ডালি আৰু খাদ্যশস্যক গাখীৰৰ বস্তুৰ সৈতে একত্ৰিত কৰিলে প্ৰ’টিনৰ গুণমাণতা উন্নত হয় |
| 11:46 | খাদ্যশস্য আৰু ডালিত নথকা এমিন’ এচিদক গাখীৰৰ বস্তুৱে পৰিপূৰ কৰে |
| 11:54 | আহক এই সংমিশ্ৰণৰে প্ৰস্তুত কৰা কিছু খাদ্যৰ আইতেমচ চাওঁ |
| 12:00 | মিলেত খিচৰি ৰাইতাৰ সৈতে, |
| 12:03 | কাৰি চাউল, আৰু পনীৰ পৰাথা হৈছে কিছু উদাহৰণ |
| 12:08 | থালিপিথ দৈৰ সৈতে আৰু |
| 12:11 | ৰাজমাহ চাউল দৈৰ সৈতে হৈছে আন উদাহৰণ |
| 12:16 | খাদ্যশস্য বা মিলেতক আমিষ খাদ্যৰ সৈতে সংযুক্ত কৰিলেওঁ প্ৰ’টিনৰ গুণমাণতা উন্নত হয় |
| 12:24 | মই আপোনাক কিছু বিধি ক’ম যাক এই সংমিশ্ৰণ ব্যৱ্হাৰ কৰি প্ৰস্তুত কৰিব পাৰি |
| 12:30 | তাত সংলগ্ন হয় মিলেত চিকেন পোলাওঁ, |
| 12:34 | ডিমৰ দ’চা আৰু |
| 12:36 | চিকেন মিলেত ৰুটি পকোৱা |
| 12:39 | ডিম চাউল, |
| 12:41 | মাংস ভৰোৱা পৰাথা, |
| 12:43 | ৰাগী বল আৰু চিকেন কাৰি হৈছে আন উদাহৰণ |
| 12:49 | এই সংমিশ্ৰণৰ ওপৰিও, আমি আন খাদ্যৰ গ্ৰোপচো সংযুক্ত কৰিব পাৰো |
| 12:55 | দৈ চাউল, |
| 12:57 | শাক পনীৰৰ কাৰি, |
| 12:59 | নাৰিকল দৈৰ চাটনি হৈছে কিছু উদাহৰণ |
| 13:04 | কাৰিসমূহত বাদাম আৰু গুটিৰ পেষ্ট ব্যৱ্হাৰ কৰিলেওঁ প্ৰ’টিনৰ গুণমাণতা উন্নত হয় |
| 13:11 | এই খাদ্যৰ আইতেমচক আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰক ভাল স্বাস্থ্যৰ বাবে |
| 13:16 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |